অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নাৰ্জী ফুলৰ খেতিৰে উপাৰ্জন বঢ়াওকঃ

নাৰ্জী ফুলৰ খেতিৰে উপাৰ্জন বঢ়াওকঃ

অসমৰ জলবায়ুত কৰিব পৰা ফুলৰ ভিতৰত নাৰ্জী ফুল অন্যতম। এই ফুল অবিহনে এখন বাগিচা সম্পূৰ্ণ নোহোৱা যেন লাগে। সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানত নাৰ্জী ফুলৰ বহুল ব্যৱহাৰ পৰিলক্ষিত হোৱা দেখা যায়। এই ফুলৰ সুন্দৰতাৰ উপৰি যথেষ্ট ঔষধি গুণো আছে। এই ফুল সাধাৰণতে শীতকালত কৰা হয় যদিও গোটেই বছৰ অৰ্থাত্ ১২ মাহেই ইয়াৰ চাহিদা বজাৰত দেখিবলৈ পোৱা যায়। সেয়েহে অসম কৃষি বিশ্ববিদ্যালয়ত গ্ৰীষ্মকালীন নাৰ্জীফুলৰ ব্যৱসায়িক ভিত্তিত উত্পাদন কৰিবলৈ গৱেষণা চলি আছে।

বীজ সিঁচাৰ সময়ঃ নাৰ্জী ফুলৰ বীজ সিঁচাৰ সময় আগষ্ট-ছেপ্তেম্বৰ মাহ। পুলিবাৰীত পুলিবোৰ যেতিয়া ৫-৭ ছেঃ মিঃ (২-৩ ইঞ্চি) ওখ হ’ব তেতিয়া পুলিবোৰ বাগিচাৰ ভেটিত শাৰী শাৰীকৈ ৰোপণ কৰিব লাগে। ফ্ৰেণ্স নাৰ্জী (চাপৰ জাত) ফুল ১৫ ছেঃ মিঃৰ পৰা ৩০ ছেঃ মিঃ (৬-১২ ইঞ্চি) ব্যৱধানত আৰু ওখ জাতৰ নাৰ্জী (আফ্ৰিকান নাৰ্জী) ৬০ ছেঃ মিঃ (দুই ফুট) ব্যৱধানত ৰোপণ কৰিব লাগে।

সাৰ প্ৰয়োগঃ নাৰ্জী ফুলৰ বাবে গোবৰ বা পচন সাৰেই যথেষ্ট। পুলি ৰোপণ কৰাৰ আগতে মাটিত যথেষ্ট পৰিমাণে গোবৰ সাৰ প্ৰয়োগ কৰি ল’ব লাগে। কিন্তু ব্যৱসায়িক ভিত্তিত নাৰ্জী ফুলৰ খেতি কৰিলে বিঘাই প্ৰতি ২৮ কেজি ইউৰিয়া, ৮৩ কেজি একক ছুপাৰ ফছফেট আৰু ২২ কেজি মিউৰেট অব পটাছ সাৰ প্ৰয়োগ কৰি অধিক লাভৱান হ’ব পাৰি। উপৰিউক্ত সাৰৰ আধাভাগ ইউৰিয়া (১৪ কেজি), সম্পূৰ্ণভাগ একক ছুপাৰ ফছফেট আৰু পটাছ সাৰ মাটি প্ৰস্তুতকৰণৰ সময়ত আৰু বাকী আধাভাগ ইউৰিয়া (১৪ কেজি) পুলি ৰোৱাৰ এমাহ পাছত প্ৰয়োগ কৰিব লাগে। অথবা বিঘাই প্ৰতি ১৭ কেজি ইউৰিয়া, ২৮ কেজি ডি এ পি আৰু ২২ কেজি মিউৰেট অব পটাছ প্ৰয়োগ কৰিব লাগে।

পৰিচৰ্যাঃ নাৰ্জী ফুলৰ পুলিবোৰ ২০-২৫ ছেঃ মিঃ ওখ হ’লে বা গছত ফুল ফুলিবলৈ ধৰাৰ আগতে বাঁহৰ খুঁটি পুতি গছবোৰ বান্ধি দিব লাগে। গছৰ গুৰিৰ পৰা বন-বাতবোৰ আঁতৰাই নিয়মীয়াকৈ পানীৰ যোগান ধৰিব লাগে। এনেক্ষেত্ৰত ক’লা প্লাষ্টিকৰ আচ্ছাদন ব্যৱহাৰ কৰি সুফল পাব পাৰি। গছত ফুল ফুলাৰ সময়ত বা তাৰ পাছত বৰষুণ আহিলে পানী ওলাই যাব পৰাকৈ সৰু সৰু নলাৰ ব্যৱস্থা কৰিব লাগে।

শস্য চপোৱাঃ ফুলবোৰ দীৰ্ঘদিনলৈ সতেজ কৰি ৰাখিবলৈ হ’লে পুৱা বা গধূলি সময়ত ফুলবোৰ ছিঙিব লাগে। ফুল চপোৱাৰ এদিনৰ আগতে খেতিডৰাত পানী যোগান ধৰিলে ফুলবোৰ বহুদিনলৈ সতেজ হৈ থাকে। ফুলৰ উত্পাদন বঢ়াবলৈ নিয়মিতভাৱে ফুল ছিঙিব লাগে। ছিঙা ফুলবোৰ বাঁহৰ টুকুৰী বা মৰাপাটৰ বেগত ভৰাই বজাৰলৈ যোগান ধৰা হয়।

উৎস:অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 3/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate