অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খাদ্যোপযোগী অয়ষ্টাৰ কাঠফুলাৰ খেতি

খাদ্যোপযোগী অয়ষ্টাৰ কাঠফুলাৰ খেতি

কাঠফুলাত যথেষ্ট পৰিমানৰ প্ৰটিন বা মাংসসাৰ, ভিটামিন আৰু আঁহীয়া পদাৰ্থৰে পূৰ্ণ হৈ থকাৰ লগতে ওষধি গুণযুক্ত হয়৷ সেয়েহে, কাঠফুলাক বগা পাচলি বা অস্থিহীন নিৰামিষ মাংস বুলিব পাৰি৷ মন কৰিবলগীয়া কথা এয়ে যে,- প্ৰকৃতিত থকা বিভিন্ন ভেঁকুৰৰ ভিতৰত কাঠফুলা হ’ল এক প্ৰকাৰৰ পুষ্টিকৰ ভেঁকুৰ৷ পৰিপুষ্টি তথা ওষধি গুণৰ ওপৰত ভিত্তি কৰি বৰ্তমান বিশ্বৰ প্ৰায় ১০০খন মান দেশত বছৰি ৫ নিযুত টন কাঠফুলা উৎপাদিত হয়, আৰু এই সংখ্যা বৃদ্ধি পাব লাগিছে৷ অয়ষ্টাৰ কাঠফুলাৰ বৈজ্ঞানিক নাম,- প্লুইৰ’টাচ প্ৰজাতি ৷ বাহ্যিক দৃষ্টিত এই কাঠফুলা দেখিবলৈ এবিধ সামুদ্ৰিক শামুকৰ খোলাৰ দৰে দৃশ্যমান হোৱাত, ইয়াক অয়ষ্টাৰ কাঠফুলা বোলা হয়৷ বৈজ্ঞানিক পদ্ধতিৰে প্ৰায় ২০ বিধ মান অয়ষ্টাৰ কাঠফুলাৰ খেতি কৰিব পাৰি৷ অয়ষ্টাৰ কাঠফুলা উৎপাদনৰ বাবে ১৫-৩০ ডিগ্ৰী ছেন্টিগ্ৰেড আৰু আপেক্ষিক আৰ্দ্ৰতা ৭০-৮০ শতাংশ হোৱা উচিত৷


এই খেতিৰ সুবিধসমূহ

অয়ষ্টাৰ কাঠফুলা খেতিৰ বহু কেইটা সুবিধা আছে, সেইসমূহ এনেধৰণৰ,-

(১) অসমৰ জলবায়ু কাঠফুলা খেতিৰ অনুকুল,

(২) অয়ষ্টাৰ কাঠফুলাৰ উৎপাদন পদ্ধতি যথেষ্ট সহজ আৰু কম মুলধনেৰে ইয়াৰ খেতি আৰম্ভ কৰিব পাৰি,

(৩) অয়ষ্টাৰ কাঠফুলা খেতিৰ সফলতা অত্যন্ত লাভজনক,

(৪) বেলেগ বেলেগ প্ৰজাতিৰ অয়ষ্টাৰ কাঠফুলাই বেলেগ বেলেগ উষ্ণতা সহ্য কৰিব পাৰে৷ ইয়াৰ ভিতৰত, প্লুইৰ’টাচ অষ্টিয়েটাচ(১২-২০ ডিগ্ৰী ছেন্টিগ্ৰেড), প্লুইৰ’টাচ এবেলনাচ (২২-২৮ ডিগ্ৰী ছেন্টিগ্ৰেড) আৰু প্লুইৰ’টাচ চাজৰকাজু (২৮-৩০ ডিগ্ৰী ছেন্টিগ্ৰেড ) আদি উল্লেখযোগ্য৷

(৫) এমাহত এক কিল'গ্ৰাম শুকান খেৰৰ পৰা প্ৰায় ৫০০-৭০০ গ্ৰাম সতেজ কাঠফুলা পাব পাৰি,

(৬) শস্যৰ পথাৰৰ অৱশিষ্ট লিগন’-চেলুলজিক পদাৰ্থক উচ্চ মান বিশিষ্ট প্ৰটিনলৈ কাঠফুলাই পৰিবৰ্তিত কৰিব পাৰে৷ এই প্ৰক্ৰিয়া পৰিবেশৰ দৃষ্টিকোনেৰে নিৰাপদ হোৱাৰ লগতে কাঠফুলা খেতিৰ বৰ্জনীয় খিনি পশুখাদ্য তথা ভুমি উৰ্বৰাকৰণৰ বাবে ব্যৱহাৰ হয় আৰু

(৭) শুকুৱাই এই কাঠফুলা বহুদিনলৈ সংৰক্ষণ কৰিব পাৰি৷

এইখিনিতে অয়ষ্টাৰ কাঠফুলাৰ খেতিৰ বাবে মন মেলা কৃষকৰ বাবে প্ৰথম আৰু গুৰুত্বপূৰ্ণ প্ৰয়োজনীয় সামগ্ৰী কেইবিধ হ’ল,- ড্ৰাম বা বহল কেৰাহী এটা, স্পন বা অয়ষ্টাৰ কাঠফুলাৰ বীজ, ৪০ ছেন্টিমিটাৰ x ৬০ ছেন্টিমিটাৰ জোখৰ পলিথিন বেগ, ১১ ফুট x ১২ ফুট x ১০ ফুট জোখৰ আন্ধাৰ কক্ষ এটা, ৩০ ফুট x ১৫ ফুট x ১২ ফুট জোখৰ উৎপাদন কক্ষ এটা, কাঁচি, বাল্টি আৰু মগএটা আৰু সৰু স্প্ৰেয়াৰ এটা ৷


অয়ষ্টাৰ কাঠফুলাৰ কৃষি পদ্ধতি


(১) চোকা দা বা কাঁচিৰে, সতেজ হালধীয়া শালিধানৰ খেৰ প্ৰায় ৫ ছেন্টিমিটাৰ জোখত কাটি লওক,

(২) কটা খেৰ খিনি ড্ৰামত পানী ভৰাই ৬-৮ ঘন্টালৈ তিয়াই ৰাখক,

(৩) পানীৰ পৰা খেৰখিনি টুকি কেৰাহীত প্ৰায় ৮৫ ডিগ্ৰী ছেন্টিগ্ৰেড উষ্ণতাৰ পানীত ৩০ মিনিটৰ বাবে উতলাওক,

(৪) উতলা পানীৰ পৰা খেৰ খিনি টুকি দ্বিতীয়ভাগ খেৰ সিজাবলৈ পুনৰ ব্যৱহাৰ কৰিব পাৰি, মন কৰিব যে,- ১ কিল'গ্ৰাম শুকান খেৰ সিজোৱাৰ পাছত ৩ কিল'গ্ৰাম হৈ পৰে; সিজোৰাৰ পাছত ঠান্ডা হ’বলৈ চাফা মজিয়াত মেলি দিয়ক,

(৫) অতিৰিক্ত পানীভাগ চেপি উলিয়াওক,

(৬) পলিথিন বেগটোত বায়ু চলাচল সুচল কৰিবলৈ সৰু সৰু ফুটা কৰক,

(৭) অয়ষ্টাৰ কাঠফুলাৰ বীজখিনি ফহফহিয়াকৈ ভাঙি লওক,

(৮) বেগত ৪-৫ ইঞ্চি ডাঠকৈ খেৰৰ প্ৰথম তৰপ দিয়ক,

(৯) তৰপৰ ওপৰত ৩০ গ্ৰাম বীজ সিঁচক,

(১০) আকৌ খেৰৰ তৰপ দি তাৰ ওপৰত ৩০ গ্ৰাম বীজ; পুনৰ খেৰৰ তৰপ দি এইবাৰ ৪০ গ্ৰাম বীজ চটিয়াই শেষৰ তৰপ খেৰ সুমুৱাই বেগৰ মুখখন বান্ধি দিয়ক,

(১১) এনেদৰে তৈয়াৰ কৰা বেগসমুহ ১৫-১৮ দিনলৈ আন্ধাৰ কক্ষত থৈ দিয়ক,

(১২) বগা কাঠফুলাৰ ভেঁকুৰে আবৰি ধৰা বেগবোৰ খুলি উৎপাদন কক্ষত ৰাখক,

(১৩) এসপ্তাহৰ পাছত পুৰঠ কাঠফুলা প্ৰথমবাৰৰ বাবে চিঙিব পৰা হয়,

(১৪) এসপ্তাহৰ অন্তৰে অন্তৰে দুবাৰ বা তিনিবাৰলৈকে কাঠফুলা খেতি চপাব পৰা যায়৷ 


ৰুদ্র নাৰায়ণ বৰকাকতি
পতংগতত্ব বিশেষজ্ঞ 
কৃষি বিজ্ঞান কেন্দ্র, গোলাঘাট
অসম কৃষি বিশ্ববিদ্যালয়

শেহতীয়া উন্নীতকৰণ: : 4/2/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate