অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আহোম স্বৰ্গদেউ সকলৰ ৰাজ অভিষেক উৎসৱ

আহোম স্বৰ্গদেউ সকলৰ ৰাজ অভিষেক উৎসৱ

আহোম স্বৰ্গদেউ ( টাই ভাষাত ''চাও ফা'' ) সকলৰ ৰাজ অভিষেক উৎসৱক কোৱা হয় 'শিঙৰি ঘৰত উঠা উৎসৱ' বুলি । এই 'শিঙৰি ঘৰত উঠা উৎসৱ' আহোম ৰাজ পৰিয়াল সমূহত পুৰণি কালৰে পৰাই চলি আহিছে ।
এই উৎসৱৰ বিষয়ে কোৱাৰ আগতে ৰাজ সিংহাসনত বহিবৰ বাবে ৰক্ষিত হৈ থকা কিছু নীতি-নীয়মৰ কথা কৈ লব লাগিব। 
পাঠক বন্ধু সকল, আপোনালোকে নিশ্চয় জানে যে আহোম শাসন ব্যৱস্থা আছিল মূলতঃ ৰাজতান্ত্ৰিক । ৰাজ সিংহাসনত বহিবৰ বাবে এজন কোঁৱৰ ৰাজ পৰিয়ালৰ হ'বই লাগিব । সাধাৰণতে এজন স্বৰ্গদেউ বা চাও ফাৰ মৃত্যুৰ পাছত তেওঁৰ বৰপুতেকে সিংহাসন আৰোহণ কৰাৰ নিয়ম । কেতিয়াবা অৱশ্যে ৰজাৰ দূৰসম্পৰ্কীয় কোনো কোঁৱৰো সিংহাসনত বহিব পাৰে ।
সিংহাসন আৰোহণ কৰাৰ ক্ষেত্ৰ্ত আন এক বিশেষ কথা এই যে সিংহাসনত বহিব লগা কোঁৱৰ জনৰ অংগত কোনো ক্ষত থাকিব নালাগিব ।
এইক্ষেত্ৰত ৰজাৰ চৰিত্ৰ আৰু ব্যক্তিত্বৰ ওপৰত ৰজাৰ ক্ষমতা আদি নিৰ্ভৰ কৰে ।

ৰাজ পাটত বহাৰ নীতি-নিয়ম আছিল দীঘলীয়া । ৰজা হ'ব লগা কোঁৱৰজনে প্ৰথমে হাতীত উঠি চৰাইদেউলৈ গৈ আহোম সকলৰ উপাস্য দেৱতা চোমদেউক পূজাদিয়াৰ নিয়ম ।
তাৰপাছত পুৰোহিত দেওধাই আৰু বাইলুং সকলে কোঁৱৰৰ গাত মন্ত্ৰ উচ্চাৰণ কৰি পানী ছটিয়াই ।
ইয়াৰ পাছত কোঁৱৰজনক এটা বিশেষ ভাবে সজাই ৰখা এটা চাং ঘৰলৈ (সোলোংঘৰ) নিয়া হয় । চাঙৰ তলত মানুহ আৰু বিভিন্ন জীৱ-জন্তু ৰাখি থোৱা হয় ।
পুৰোহিতে কোঁৱৰৰ গাত পুনৰ মন্ত্ৰ মাতি পানী ছটিয়াই আৰু সেই পানী চাঙৰ তলত থকা মানুহ আৰু বিভিন্ন জীৱ-জন্তুৰ গাত পৰে ।
ইয়াৰ পাছত স্বৰ্গদেউ হ'ব লগা কোঁৱৰজনে নতুন বস্ত্ৰ আৰু অলংকাৰ পিন্ধি কাঠেৰে নিৰ্মিত "শিঙৰি ঘৰ"ত উঠি ৰাজ সিংহাসনত বহে । দেওধাই আৰু বাইলুং সকলে ৰজাক মন্ত্ৰ মাতি আশীৰ্বাদ দিয়ে । 
ৰজাৰ নামত সোণ আৰু ৰূপৰ মোহৰ মৰা হয় আৰু ডা-ডাঙৰীয়া, পণ্ডিত সকলক উপহাৰ দিয়া হয় ।
'শিঙৰি ঘৰত উঠা উৎসৱ' ৰ জৰিয়তে ৰজাৰ গাত দেৱত্ব আৰোপ কৰা হয় ।

লিখক: ৰাজীৱ গোস্বামী

শেহতীয়া উন্নীতকৰণ: : 6/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate