অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কনকলতা, দুৰ্দান্ত সাহস আৰু ত্যাগৰ প্ৰতীক

কনকলতা, দুৰ্দান্ত সাহস আৰু ত্যাগৰ প্ৰতীক

জয়জয়তে সুদীৰ্ঘকালৰ স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা ভাৰতবর্ষৰ সকলো দেশভক্তলৈ আন্তৰিক শ্ৰদ্ধা নিবেদিলো। এয়া সকলোৰে জ্ঞাত যে ভাৰতবৰ্ষৰ অগণন শ্বহীদৰ সুদীৰ্ঘ সূচীত অসমৰ অনেক সু-সন্তানৰ নাম সোণালী আখৰেৰে লিখা হ’ল ভাৰত বুৰঞ্জীৰ পাতত। পিয়লি ফুকন, মণিৰাম দেৱান, কুশল কোঁৱৰ, মুকুন্দ কাকতি, কনকলতা, ভোগেশ্বৰী ফুকননী, চন্দ্ৰপ্ৰভা শইকীয়ানী-আৰু বহুতো দেশভক্ত বীৰ বীৰাংগনাৰ নাম সুৱঁৰিব লাগিব। এইসকল অসাধাৰণ ব্যক্তিৰ মাজত কনকলতাৰ নাম বিশেষভাৱে উল্লেখযোগ্য।কনকলতাৰ দুর্বাৰ সাহস ,মনোবল আৰু গভীৰ দেশপ্ৰেমৰ আদর্শই আজিও অসমবাসীৰ হৃদয়ত কনকলতাৰ নাম যুগমীয়া কৰি ৰাখিছে।

কনকলতাৰ জন্ম হৈছিল বিখ্যাত দোলা কাষৰীয়া বংশৰ ঘৰত। কনকলতাৰ জন্ম ১৯২৪ চনৰ ২২ ডিচেম্বৰত দৰং জিলাৰ গহপুৰ মৌজাৰ বৰঙাবাৰীত হয়। পিতৃৰ নাম আছিল কৃষ্ণকান্ত বৰুৱা আৰু মাতৃৰ নাম কনকেশ্বৰী বৰুৱা। ভায়েকৰ নাম ৰজনীকান্ত আৰু ভনীয়েকৰ নাম দেৱবালা। সৰুতে ঘাটমাউৰা হোৱা কনকলতাহঁত ককাদেউতা আৰু খুৰাকহঁতৰ তত্ত্বাৱধানত ডাঙৰ হৈছিল। কনকলতাৰ বৰ বেছি শিক্ষা দীক্ষা নাছিল। তৃতীয়মানলৈকে পঢ়ি স্কুলীয়া শিক্ষা সাং কৰে। ভূঁই ৰোৱা, তাঁত বোৱা, ৰন্ধা-বঢ়া আদি সকলো কামতে তেওঁ পাৰ্গত আছিল। কনকলতাৰ স্বভাৱ-চৰিত্ৰ আৰু মাত কথা বৰ শুৱলা আছিল। সেয়ে তেওঁ পৰিয়ালতে নহয় ওচৰ চুবুৰীয়াৰো প্ৰিয় পাত্ৰ আছিল। সেইসময়ত মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্ৰ ভাৰততে স্বাধীনতা আন্দোলন আৰম্ভ হৈছিল। সেই আন্দোলনৰ ঢৌয়ে কণমানি কনকাৰ হৃদয়তো দেশপ্ৰেমৰ ভাৱ জগাইছিল।

তেতিয়া ১৯৪২ চন। কনকলতা পাটগাভৰু। সেইটো বছৰৰে ৮ আগষ্টত বোম্বাইত বহা এখন সভাত গান্ধীজীয়ে ইংৰাজৰ ‘ভাৰত-ত্যাগ’ প্ৰস্তাৱ ঘোষণা কৰিলে। ফলত ৯ আগষ্টত গান্ধীজীকে ধৰি বহুতো বিখ্যাত কংগ্ৰেছী নেতাক চৰকাৰে গ্ৰেপ্তাৰ কৰিলে। দেশজুৰি আন্দোলনৰ জোৱাৰ উঠিল। জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো ধৰ্মৰ লোক একত্ৰিত হৈ ইংৰাজৰ বিৰুদ্ধে থিয় দিলে। ইংৰাজ চৰকাৰে আন্দোলনৰ নেতা আৰু অংশগ্ৰহণকাৰীসকলক গ্ৰেপ্তাৰ কৰিলে। মুঠতে এক বৃহৎ আন্দোলন।

অসমতো নেতৃস্থানীয় লোকসকল জেলত সোমাল। নিৰুপায় হৈ সাধাৰণ ৰাইজেই একোজন নতুন নেতাৰ অধীনত আন্দোলন চলোৱাৰ দায়িত্ব ল’লে। সেইসময়ত তেজপুৰত আন্দোলন চলাই নিয়াৰ দায়িত্ব লৈছিল জ্যোতিপ্ৰসাদ আগৰৱালাই। জিলাৰ হাজাৰ হাজাৰ মানুহে আন্দোলনত যোগ দিছিল। ইংৰাজে আন্দোলনকাৰীসকলৰ ওপৰত নানা অবৰ্ণনীয় অত্যাচাৰ চলালে, গ্ৰেপ্তাৰ কৰিলে। সেইসময়ত জিলাৰ কাছাৰী ঘৰ আৰু গাওঁ অঞ্চলত পুলিছ থানাবোৰ আছিল বৃটিছ ৰাজ শক্তিৰ কেন্দ্ৰস্বৰূপ। সেয়েহে তেজপুৰত জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত কাছাৰীঘৰ আৰু থানাত কংগ্ৰেছৰ পতাকা উত্তোলন কৰাৰ সিদ্ধান্ত লোৱা হ’ল। এই কামৰ বাবে ‘স্বেচ্ছাসেৱক বাহিনী’ গঠন কৰা হ’ল। সেই স্বেচ্ছাসেৱক বাহিনীৰ পৰাই ‘কৰিম বা মৰিম’ মন্ত্ৰৰে দীক্ষিত মৃত্যুবাহিনীও গঠন কৰা হ’ল। ওঠৰ বছৰীয়া কনকলতাই কাৰো বাধা নামানি সাহসেৰে মৃত্যুবাহিনীত যোগ দিলে। তেৱেঁই মৃত্যুবাহিনীৰ প্ৰথম নাৰী সদস্যা।

এলিজা তালুকদাৰ

শেহতীয়া উন্নীতকৰণ: : 4/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate