নামতিমা (ধনশিৰি), জঙ্গতিমা বা ত্ৰৈৰঙ্গ (দৈয়াং) আৰু দিলশিৰি (কাকডোঙা) নদীৰ উপত্যকাতেই গোলাঘাট জিলাখন অৱস্থিত। এই গোলাঘাটৰ পুৰণি নাম আছিল ‘টোপোলা-চাপৰি’। এই নদী তিনিখনেই আছিল বহিঃৰাজ্যৰ লগত যোগাযোগৰ একমাত্ৰ পথ। এই জলপথেদি দৈয়াং-ধনশিৰিপৰীয়া একাংশ চুতীয়াই বেহা-বেপাৰৰ বাবে গৈ বৰ্তমানৰ ঝাৰখণ্ডৰ চুটনাগপুৰত বাস কৰিছিল। চুতীয়াসকলে বাস কৰা অনুসৰি চুটনাগৰৰ হয়। এই ঠাইৰ পুৰণি নাম আছিল চুতীয়ানগৰ (চুতীয়ানাগপুৰ)। মুখ বাগৰি হ’ল গৈ চুটনাগপুৰ। চীনা পৰিব্ৰাজক হিউ-য়েন-চাঙেও তেখেতৰ প্ৰতিবেদনত চুটনাগপুৰৰ কলা-সংস্কৃতি, খাদ্যাভাসৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ কৃষ্টি-সংস্কৃতিৰ লগত প্ৰায় মিল আছে বুলি উল্লেখ কৰিছে। সেইদৰে নৱম শতিকাৰ পৰ্বতীয়া তাম্ৰলিপি মতে উৰিষ্যাৰ পৰা গোলাঘাট জিলাৰ কাকডোঙা পর্যন্ত ‘উপৰিপট্টন’ নামে এখন স্বাধীন ৰাজ্য আছিল। তাৰ ৰজা আছিল ভগদত্তৰ ভাতৃ ব্ৰজদত্ত। চতুৰ্দশ শতিকাত ধনশিৰি নদীৰ নাম আছিল ডিমা (এই ডিমা নৈৰ পাৰতে থকা ঠাইখনেই হৈছে ডিমাপুৰ)। সেইসময়ত ধনিশিৰি উপত্যকাত ৰাজত্ব কৰিছিল কছাৰী ৰজা মহামাণিক্যফাই। ৰাজ্যৰ সীমা আছিল পূবে শিৱসাগৰৰ দিখৌ, পশ্চিমে নগাওঁৰ কলং, উত্তৰে ব্ৰহ্মপুত্ৰ আৰু দক্ষিণে নগাপাহাৰ। কিন্তু ১৪৯৩ চনৰ পৰা ১৪৯৭ চনলৈকে কছাৰী আৰু আহোমৰ মাজত যুদ্ধ লাগে। এই যুদ্ধত কছাৰী ৰজা পৰাভূত হোৱাত আহোমৰ ৰজা চুপিমফাই আহোমৰ ৰাজ্যৰ পৰিসৰ ধনশিৰি পৰ্যন্ত বৃদ্ধি কৰে। ১৫৩৬ খৃষ্টাব্দত আহোম ৰজা চুহুংমুঙৰ নিৰ্দেশত ফ্ৰাচেংম্যুং বুঢ়াগোহাঁইৰ নেতৃত্বত কছাৰী ৰজা ডেট চুং ৰ সৈতে শেষৰখন যুদ্ধত লিপ্ত হয় গোলাঘাটৰ হামদৈত। এই ‘হামদৈ’ শব্দটো বৰাহী শব্দৰ পৰা অহা। ‘হাম’ মানে হৈছে পথাৰ আৰু ‘দৈ’ মানে পানী। অৰ্থাৎ পানীৰ পথাৰ। ফ্ৰাচেংম্যুং বুঢ়াগোহাঁইৰ হাতত কছাৰী ৰজা ডেট চুং পৰাস্ত হোৱাত হামদৈতে কছাৰী হটি গৈ ডিমাপুৰ ৰয়। কছাৰী হটাৰ বাবে ঠাইখণ্ডৰ নাম হয় কছাৰীহটা আৰু পিছলৈ মুখ বাগৰি হয় গৈ ‘কছাৰীহাট’। ঠিক সেইদৰে কছাৰী মৰাৰ পৰাই নাম হয় ‘কাছমাৰী’। বিষ্ণুৰ বৰাহ অৱতাৰৰ উপাসকসকলক বৰাহী বুলি কোৱা হয়। প্ৰকৃততে এই বৰাহীসকল চুতীয়া সম্প্ৰদায়ৰে। দুবৰণি (প্ৰকৃততে দুবৰিয়নিহে, পিছলৈ হয় গৈ দুবৰণি) আছিল বৰাহী ৰাজ্যৰ ৰাজধানী। এই দুবৰিয়নিলৈ যোৱাৰ আগত বৰাহীসকলে বাস কৰিছিল ন’গ্ৰাত। এই ন’গ্ৰাই কছাৰীৰ ৰাজত্বত নেগুৰীয়া হৈ পৰৱর্তী সময়ত হয়গৈ নোগোৰা। বৰাহী ভাষাত ন’গ্ৰা শব্দৰ অর্থ হ’ল পুৰণি ঘৰ। ‘টাঙধানি’ আছিল বৰাহী ৰাজ্যৰ দক্ষিণ দিশৰ সীমা। বৰাহী ভাষাত ‘টাঙধানি’ শব্দৰ অর্থ হ’ল ‘শেষ প্ৰান্ত’ বা ‘গন্তব্যস্থল’। এই টাঙধানিয়েই পৰৱর্তী সময়ত ‘টেঙানি’ লৈ ৰূপান্তৰিত হয়।
দীপাংকৰ বৰতামুলী
শেহতীয়া উন্নীতকৰণ: : 6/1/2020
উপকাৰী বাহক
ঠাইতে আছে ঠাইতে নাই
ভাৰতৰ কোন ঠাইত কি পোৱা যায়?
অসমৰ কেইটামান বিশেষ উদ্যোগ-প্ৰতিষ্ঠান আৰু ঠাই