অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভাৰতীয় ঐতিহাসিক দৃষ্টিভংগীৰে জাই ম তি(জয়মতী)ৰ মূল্যায়ন

ভাৰতীয় ঐতিহাসিক দৃষ্টিভংগীৰে জাই ম তি(জয়মতী)ৰ মূল্যায়ন

অসম বুৰঞ্জীৰ কেইখিলামান পৃষ্ঠাত সিচৰিত হৈ থকা এটি মহীয়সী নাৰী চৰিত্ৰ হ’ল জাই ম তি৷ কিন্তু সৰ্বভাৰতীয় পৰ্য্যায়ত এইগৰাকী নাৰীৰ মূল্যায়ন যেনেদৰে হ’ব লাগিছিল তেনেদৰে হোৱা নাই ৷ ঝান্সীৰ ৰাণী লক্ষ্মীবাই যি আসনত অধিষ্ঠিত সেই স্থানলৈ আমি জাই ম তিক কিয় নিব নোৱাৰোঁ ? জাই ম তিৰ আত্মত্যাগ ৰাষ্ট্ৰৰ কাৰণে নহ’ব পাৰে কিন্তু এটা বৃহৎ জাতিৰ বাবে সেইগৰাকী নাৰীৰ ত্যাগক আমি কিমান গুৰুত্ব দিছোঁ ? অসম বুৰঞ্জীত ১৬৭৩ খ্ৰীষ্টাব্দৰ পৰা ১৬৮১ লৈকে এইকেইবছৰ আছিল চৰম ৰাজনৈতিক অস্থিৰতাৰ যুগ৷ কেইবাজনো ক্ষমতাপিপাসু বিষয়াৰ ষড়যন্ত্ৰৰ ফলস্বৰূপে সেই আঠবছৰৰ ভিতৰত আঠজন ৰজাই অকালতে মৃত্যুক সাৱটি লব লগা হৈছিল৷ এই ষড়যন্ত্ৰকাৰী বিষয়াসকলৰ ভিতৰত অন্যতম আছিল ডেবেৰা বৰবৰুৱা, আতন বুঢ়াগোঁহাই আৰু লালুকসোলা বৰফুকন৷ বিশেষকৈ বৰফুকনে ক্ষমতালোভৰ বাবে মোগলৰ হাতত গুৱাহাটী গতাই দি চামগুৰীয়া ফৈদৰ ল’ৰামতীয়া চুলিক্‌ফা কোঁৱৰক ৰজা পাতি নিজে ৰজা হোৱাৰ সপোন দেখিছিল৷ সেই সময়ত প্ৰাপ্তবয়স্ক কেইবাজনো ৰাজকোঁৱৰ থকা স্বত্বেও চুলিক্‌ফাক লালুকসোলাই ৰজা পাতিছিল৷ চুলিক্‌ফাৰ সিংহাসন নিষ্কণ্টক কৰাৰ লোভ দেখুৱাই লালুকসোলাই আহোমৰ প্ৰতিটো ৰাজবংশৰ কোঁৱৰ সকলক নিধন বা অংগক্ষত কৰিবলৈ আদেশ দিয়ালে যাতে ভৱিষ্যতে কোনো ৰাজকোঁৱৰ সিংহাসনৰ দাবীদাৰ হ’ব নোৱাৰে৷ ৰাজআজ্ঞা অনুসৰি আহোমৰ নামৰূপীয়া, দিহিঙ্গীয়া, চামগুৰীয়া আটাইকেইটা ৰাজবংশৰ কোঁৱৰ সকলক এফালৰ পৰা নিধন কৰাৰ লগতে যাক যতে পাই অংগক্ষত কৰিছিল৷ সেই সময়ত শক্তিশালী ৰাজকোঁৱৰ আছিল তুঙ্‌খুঙীয়া ফৈদৰ গোবৰ ৰজাৰ পুত্ৰ লাঙি গদাপাণি৷ এই গদাপাণিৰ পত্নী আছিল মাদুৰীৰ লাই থাপনা বৰগোঁহাইৰ জীয়ৰী জাই ম তি৷ প্ৰকৃততে জাই ম তি শব্দটো তাই ভাষাৰ৷

জাই মানে হ’ল ৪ৰ্থ সন্তান, মানে জ্ঞান আৰু তি মানে ঠাই বা পৃথিৱী অৰ্থাত পৃথিৱীৰ ৪ৰ্থ জ্ঞানী সন্তান ৷ ক্ৰমান্বয়ে অসমীয়া ভাষাৰ প্ৰভাৱত জাই ম তিৰ পৰা জয়মতী হ’ল বুলি তাঈ ভাষাবিদ সকলে কয়৷ এতিয়া আহোঁ মূল বিষয়লৈ -

জনমানসত আমি সকলোৱে জয়মতীক সতী বুলি আখ্যা দিওঁ৷ কিন্তু সতীৰ অভিধানিক অৰ্থ বিশ্লেষণ কৰিলে আমি পাওঁ যে জয়মতীয়ে সতীত্ব ৰক্ষাৰ বাবে প্ৰাণত্যাগ কৰা নাছিল৷ নিজৰ ৰাজপাট নিষ্কণ্টক কৰি ৰাখিবৰ বাবে যেতিয়া ল'ৰা ৰজাই এফালৰ পৰা আহোম ৰাজকোঁৱৰ সকলক নিধন কৰি আহিছিল তেতিয়া জয়মতীয়ে অনুধাৱন কৰিছিল যে আহোম ৰাজত্ব অচিৰেই পতনৰ সন্মুখত , এনেদৰে থাকিলে ৰজা হ’বৰ উপযুক্ত কোঁৱৰ এজনো বাচি নাথাকিব৷ সেইসময়ত জয়মতীয়ে বুজি পাইছিল ৰজা হ’বৰ উপযুক্ত খুনবাউ অৱশিষ্ট গদাপাণি । সেয়েহে লাঙি গদাপাণিক পলুৱাই পঠোৱাটোৱে আছিল জয়মতীৰ বাবে লেংদন প্ৰদত্ত পৱিত্ৰ কৰ্তব্য৷ ফলত গদাপাণিৰ অৱস্থিতি জানিবৰ বাবেই জয়মতীক ৰজাৰ ফালৰ পৰা শাস্তি দিয়া হয় আৰু যাৰ ফলস্বৰূপে জয়মতীয়ে মৃত্যুবৰণ কৰিব লগা হয়৷ গতিকে আমি দেখা পাওঁ জয়মতীয়ে নিজৰ সতীত্ব ৰক্ষাৰ স্বাৰ্থত মৃত্যুবৰণ কৰা নাছিল বা স্বামীৰ বাবেও কৰা নাছিল৷ তেওঁৰ মৃত্যু হৈছিল দেশৰ স্বাৰ্থত, জাতিৰ স্বাৰ্থত, এজন উপযুক্ত খুনবাউক এজন চাও ফা হিচাপে আহোম ৰাজতন্ত্ৰৰ অস্তমিত সূৰ্য্যক জীয়াই ৰখাৰ স্বাৰ্থত ৷ সেয়েহে জয়মতী এগৰাকী সতী নহয়, তেওঁ এগৰাকী তাই তাং মুঙ্‌ যাক অসমীয়া ভাষাত কোৱা হয় ছহিদ৷ সেয়েহে জয়মতীয়ে মৃত্যুৰ সময়ত স্বামীক মতা নাছিল, " চাও নু ৰূ চাও কাও " প্ৰাৰ্থনাৰে লেংদনৰ হাতত ৰাজ্যভাৰ দিহে তেওঁ মৃত্যুবৰণ কৰিছিল৷ গতিকে জয়মতীক সতী বুলি আখ্যা দি তেখেতৰ সতীত্ব হৰণ কৰাতকৈ এক মহান ব্যক্তি আখ্যা দি তেখেতৰ ছহিদত্বক সন্মান কৰাটোহে জাতিটোৰ বাবে সমীচিন হ’ব৷ ইয়াৰ উপৰিও জয়মতীৰ বিষয়ে বিস্তৃত্ব অধ্যয়ন নকৰাকৈ ভালেমান লিখকে অতিৰঞ্জিত কাহিনী সংযোগ কৰি জয়মতীৰ চৰিত্ৰটোক বিকৃত ৰূপ দি আহিছে ৷ তদুপৰি জয়মতীক হিন্দু নাৰীৰ ৰূপ দি(কঁপালত ফোট দি) আজিকালি অভিনয় প্ৰদৰ্শন কৰাও দেখাও যায়। উল্লেখ্য যে তাঈ-আহোম নাৰীয়ে কঁপালত ফোট নলয়। এইবোৰৰ সমালোচনা কৰি শুদ্ধ ৰূপটো প্ৰকাশ কৰাত আমাৰ নৱপ্ৰজন্মই গুৰুত্ব দিব লাগে ৷ তাৰ লগে লগে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জয়মতীক দাঙি ধৰাৰ প্ৰচেষ্টা হাতত লব লাগে যাতে আন বহুতৰ দৰেই জয়মতীও যাতে আমাৰ মাজত চিৰদিন জিলিকি থাকে৷

সহায়ক পুথি:

১) জয়মতী মালিতা, কৃপানাথ ফুকন

২) কাৰ্শলা আৰু কাঠী চেলেকা বুৰঞ্জী-নগেন হাজৰিকা

শেহতীয়া উন্নীতকৰণ: : 3/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate