অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অগ্নিগড়

অগ্নিগড়

অংকীয় ভাওনাৰ সৈতে নিগূঢ় সম্পৰ্ক থকা এটা শব্দ হ’ল – অগ্নিগড়। যিকালত বিজুলী বাতি অথবা মেণ্ঠোল লাইটৰ ব্যৱস্থা নাছিল, সেই কালত অংকীয়া ভাওনা অভিনয় কৰাৰ ক্ষেত্ৰত অগ্নিগড়ে এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ড° সত্যেন্দ্ৰনাথ শৰ্মাই লিখিছে – ‘অসমীয়া ভাওনাত কাঠৰ তোৰণাকৃতিৰ ওপৰত ৯টা অথবা ১৮টা প্ৰদীপ জ্বলাই তাৰ তলেদি ভাৱৰীয়াক প্ৰৱেশ কৰিবলৈ দিয়া হয়। ইয়াক অগ্নিগড় বোলা হয়’। (পৰম্পৰাগত প্ৰাচ্য নাট্যাভিনয়, পৃ ৫৯) ৰামচৰণ ঠাকুৰে ‘চিহ্ন যাত্ৰা’ৰ প্ৰসংগত লিখিছে – ‘কুটিলা জোৰাক তাক কোংগোৰা কৰিল/ কানিৰ আৰিয়া লগাই অগ্নিগেৰা দিল)’। (গুৰুচৰিত, পদ ১৪৯৩) ৰামচৰণ বৰ্ণিত ‘অগ্নিগেৰা’ই হ’ল অগ্নিগড়। ইয়াক স্থাপন কৰা হয় – নামঘৰৰ কোঠাত। দুফালে দুটা খুটা থকা অলংকৃত তোৰণাকৃতিৰ কাঠেৰে সজা এই অগ্নিগড়ৰ কাঠচলাত নটা বা ততোধিক ফুটা থাকে। বাঁহৰ সৰু সৰু খুটিত মৰাপাট, সূতা অথবা কাপোৰ মেৰাই মিঠাতেলত তিয়াই উপৰি উক্ত ফুটাবোৰত সোমাই দি জুই জ্বলাই দিয়ে। অগ্নিগড়ত ৯ অথবা ১২ ডাল শলিতা জ্বলোৱা প্ৰয়োজন। অধিক হ’লে আপত্তি নাই – কিন্তু কম হ’ব নোৱাৰে। ন ডাল শলিতা নৱবিধা ভক্তিৰ প্ৰতীক আৰু বাৰডালি শলিতা হ’ল দ্বাদশস্কন্ধ ভাগৱত অথবা দ্বাদশাদিত্যৰ প্ৰতীক। অগ্নিগড়ৰ শলিতাবোৰত অগ্নি জ্বলোৱাৰ লগে লগে আৰম্ভ হয় – ‘বৰ প্ৰৱেশ’ৰ নাচ আৰু ‘নটুৱাৰ গান’।

লিখক: ড০ নাৰায়ণ দাস, অসমীয়া সংস্কৃতিৰ কণিকা।

শেহতীয়া উন্নীতকৰণ: : 3/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate