নদীকেন্দ্ৰিক বৈচিত্ৰৰে সমৃদ্ধিশালী অসমীয়া সমাজ সংস্কৃতি।কৃষ্টি-সংস্কৃতিৰে ভৰপূৰ বিভিন্ন জাতি-জনজাতিৰ মহামিলনৰ ভূমি অসমী আইৰ বুকুত অনাদি কালৰ পৰাই নানা উৎসৱ-পাৰ্বনে বৈচিত্ৰৰ মাজত একতা আৰু অনাবিল সৌন্দৰ্য্যৰ সুষমা প্ৰদান কৰি আহিছে।বৰ্ষাকালীন উৎসৱ হিচাপে চিহ্নিত ভেলদিয়া উৎসৱো অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন জনগোষ্ঠীয়ে পালন কৰা দেখা যায় যদিও দক্ষিণ কামৰূপ অঞ্চলত এই উৎসৱটিয়ে বৰ্ষাকালীন প্ৰধান উৎসৱ হিচাপে সাম্প্ৰতিক সময়ত বিশেষ প্ৰাধান্য লাভ কৰা পৰিলক্ষিত হৈছে। সমগ্ৰ দক্ষিণ কামৰূপ অঞ্চলৰ ধাৰাপূৰ, আজাৰা, কেওটপাৰা, ভট্টাপাৰা, মাজিৰগাওঁ, কেন্দুকুছি, পলাশবাৰী, হুদুমপুৰ, বৰকুছি, কুকুৰীয়া, দখলা, ভোলাপাৰা, সত্ৰপাৰা, ৰামপুৰ, তেজপুৰ, কুকুৰমাৰা, ছয়গাওঁ, নোৱাপাৰা আদি অঞ্চলত অতীজৰে পৰা পৰস্পৰাগতভাৱেই এই ভেলদিয়া উৎসৱ উদ্যাপন কৰি আহিছে।সাধাৰণতে বছৰি বাৰিষাৰ আগমনৰ লগে লগে বহাগ, জেঠ, আহাৰ, শাওণ আদি মাহৰ শুক্লা তিথিত ৰাজহুৱাভাৱে পালন কৰা হৈছিল যদিও আজিকালি ঘৰুৱাভাৱে আৰু সুবিধা অনুযায়ী কৃষ্ণ পক্ষতো এই উৎসৱটি পালন কৰা দেখা যায়।অনাদি কালৰপৰাই মানুহে ভেলদিয়া উৎসৱ পালন কৰি আহিছে যদিও ই ক’ৰ পৰা কেনেকৈ আহিল তাৰ সৱিশেষ জনা নাযায়। পৰস্পৰাগতভাৱে চলি অহা এই উৎসৱটিয়ে সাধাৰণতে নৈপৰীয়া অঞ্চলসমূহত বেছি প্ৰাধান্য দেখা যায়। বিভিন্ন লোকবিশ্বাসেৰে ভৰা এই উৎসৱটিয়ে চহা জীৱনত বিশেষ প্ৰভাৱ পেলোৱাও পৰিলক্ষিত হয়। বানপানীয়ে ভয়ংকৰ ৰূপলৈ যাতে ক্ষতি কৰিব নোৱাৰে, কৃষকৰ খেতি-বাতিৰ যাতে কোনো অনিষ্ট নকৰে,পানীৰ সৈতে যুঁজ কৰি থকা নৈপৰীয়া মানুহৰ জীৱন যাতে বিপন্ন নহয়, মাছমৰীয়া লোকসকলে যাতে বেছিকৈ মাছ পায়, এনেবোৰ আশা পূৰণৰ লক্ষ্য আগত ৰাখিয়েই এই উৎসৱটিৰ যোগেদি জনদেৱতাক বছৰি বাৰিষা আগমনৰ লগে লগে পূজা আগবঢ়োৱা হয়।দক্ষিণ কামৰূপ অঞ্চলত সাধাৰণতে দুইধৰণৰ ভেল তৈয়াৰ কৰা দেখা যায়। নৌকাসদৃশ আৰু মেজি(ঠাইভেদে মিজ বা মজ)সদৃশ।নামঘৰৰ চোতালত বা মুকলি ঠাইত কলগছ কাটি আনি বিজুলী বাঁহৰ থিলা মাৰি লোৱা হয়। তাৰ পিছত ওপৰ অংশ নাও বা মেজিৰ আকৃতিত সজাব পৰাকৈ ধুনীয়াকৈ কাটি লোৱা হয়। চাৰিওফালে বাঁহৰ চুঙা অথবা টঙালিৰে গাথঁনিটো সাজি ওপৰত দোনাৰ চটিয়াৰে বাঁহৰ গজালেৰে এনেদৰে সজোৱা হয় যাতে বাহিৰত কোনো পাক নাথাকে। অৱশ্যে কিছু অঞ্চলত ভেলখন সজোৱাৰ ক্ষেত্ৰত ৰং-বিৰঙৰ কাগজো ব্যৱহাৰ কৰা দেখা যায়। এফালে এখন সৰুকৈ দুৱাৰৰ দৰে সজালে মেজিসদৃশ হৈ পৰে।ভেলখনৰ বাহিৰৰ ফালে সেন্দুৰৰ ফোঁট আদি দি তাৰ ওপৰত ফুলৰ মালাৰে সুন্দৰকৈ সজাই তোলা হয়।সৰু দুৱাৰখনেৰে আকৌ ভিতৰত মাহ-প্ৰসাদ,কল-কুঁহিয়াৰ,মিঠাতেলৰ চাকি,ধূপ-ধূনা,হাঁহৰ কণী,পাৰ আদি জলদেৱতাৰ নামত আগবঢ়োৱা হয়।অৱশ্যে অঞ্চলভেদে নযোৰ হাঁহৰ কণী,নটা কল,নগছি চাকি,নযোৰ তামোল-পাণ আদিও দিয়ে।মুঠতে বিভিন্ন ঠাইত বিভিন্ন ধৰণে জলদেৱতাৰ বাবে পূজা আগবঢ়োৱা হয় বিভিন্ন ধৰণে।পুৰোহিতে হৰিধ্বনি দি শান্তিজলেৰে শুচি কৰি দিয়াৰ পিছত সভক্তিৰে প্ৰণাম জনাই ডেকাসকলে ভেলখন কান্ধত তুলি লৈ নৈ বা বিলৰ পাৰলৈ লৈ যায়।আয়তী-ঢুলিয়া-কালিয়াৰ সৈতে অঞ্চলবাসীয়ে ভেলখন লৈ যোৱাৰ সময়ত বিভিন্ন ৰং-তামাচা কৰে।ভালেমান লোকবিশ্বাসেৰে গঢ় লৈ উঠা উৎসৱত আয়তীসকলে ঘোষা আৰু নাম গাই পৰিবেশ অধিক ৰমণীয় কৰি তোলে।
“ভেলৰ মূৰত মালা
ৰ’দ পাই লেৰেলা
চেঙা পাই মেলিলা পাহি….”।
বিপুল হৰ্ষধ্বনিৰে ভেলখন নৈৰ বুকুত উটুৱাই দিয়াৰ সময়ত এনেদৰে গায়-
“এ ভেল ৰৈ যা
ৰাইজৰ দুখৰ কথা শুনি যা
ভেল ৰৈ যা…..”।
ভেলখন নৈত উটুৱাই দিয়া কাৰ্য,সমাপন কৰি ৰাইজে আকৌ নামঘৰৰ চোতাললৈ গৈ নাম-কীৰ্তন কৰি ভোগ প্ৰসাদ খায়।বহুতো নামঘৰত আকৌ সেইদিনাই বৈদিক পদ্ধতিৰে হোম-যজ্ঞও কৰে।নানা ধৰণৰ ৰং তামাচা কৰে।দক্ষিণ কামৰূপৰ নৈপৰীয়া ঠাইসমূহত অধিক প্ৰাধান্য লাভ কৰা এই ভেলদিয়া উৎসৱৰ সামাজিক গুৰুত্ব অপৰিসীম যদিও ভালেমান অঞ্চল মহাবাহু ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াত জাহ যোৱাৰ ফলত এই উৎসৱটিয়ে আগতকৈ ভালেখিনি সৌন্দৰ্য্য হেৰুওৱা পৰিলক্ষিত হৈছে।তথাপিও এই উৎসৱটিয়ে দক্ষিণ কামৰূপৰ লগতে সমগ্ৰ ৰাজ্যখনতেই থলুৱা কৃষ্টি সংস্কৃতিক এতিয়াও জীয়াই ৰাখিছে। অসমৰ কৃষ্টি সংস্কৃতিৰ বৰপথাৰখনত ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত তথা উৎসৱ পাৰ্বণৰ মান্যতাত এই ভেলদিয়া উৎসৱৰ গুৰুত্ব শ্বাশ্বত ৰূপত জীয়াই থাকিব।বিভিন্ন জাতি-জনজাতিৰ মহামিলনৰ ভূমি অসমী আইৰ বুকুত এই ভেলদিয়া উৎসৱৰ যিদৰে অনাদি ফালৰ পৰাই উদ্-যাপন হৈ আহিছে অনাগত দিনটো ই উদ্যাপিত হৈ থাকিব এনেদৰেই বৰ্ণিল ৰূপত।
লেখক: কিশোৰ কুমাৰ কলিতা, আৰোহণ জ্যোতি
শেহতীয়া উন্নীতকৰণ: : 3/9/2020
অসম নামৰ ব্যুৎপত্তি
অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ
অসম ডাইনী অপৰাধ (নিষেধ, প্ৰতিষেধ আৰু সুৰক্ষাপ্ৰদান...
অ-সম অসম