অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আই নাম, অপেশ্বৰী নাম ইত্যাদি

আই নাম, অপেশ্বৰী নাম ইত্যাদি

চমু বিৱৰণ

অসমৰ অন্যতম কেইটিমান লোক-সাংস্কৃতিক অনুষ্ঠান হৈছে আই নাম, অপেশ্বৰী নাম আৰু আসনপতা নাম| প্ৰাচীন কালৰে পৰা অসমীয়া সমাজ ব্যৱস্থাত পৰম্পৰাগত ৰীতি-নীতিৰ মাজেৰে চলি অহা ভক্তিৰ এই প্ৰাচীন প্ৰথা বৰ্তমান সময়ত কিছু কিছু লোপ পোৱা যেন অনুভৱ হয় যদিও ই একেবাৰে নিঃশেষ হৈ যোৱা নাই| এনেধৰণৰ নামৰ গীতবোৰ পৰম্পৰাগতভাৱেই মানুহৰ মুখে মুখে চলি অহা ধৰ্ম আৰু ভক্তিৰ ওপৰত প্ৰতিষ্ঠিত| সাধাৰণতে বসন্ত বা বৰ আই ৰোগত কোনো পৰিয়াল আক্ৰান্ত হ’লে দেৱী ভগৱতীক সন্তুষ্ট কৰিবৰ বাবে বহু পৰিয়ালে এই আইনাম অনুষ্ঠিত কৰে| আই নামৰ অধিষ্ঠাত্ৰী দেৱী হৈছে পাৰ্বতী| তেওঁৰ বিভিন্ন ৰুপৰ কল্পনা কৰি চাকি, ধূপ, নৈবেদ্য আদি প্ৰদান কৰি আই ওলোৱা ব্যক্তিৰ আশু-আৰোগ্য কামনা কৰা এই প্ৰথাৰ অন্যতম বৈশিষ্ট| অসমৰ কিছু অঞ্চলত আই নামৰ সময়ত কাঠৰ পীৰাত আগলতি কলপাত পাৰি তাৰ ওপৰত বগা ফুল, চাউল আদি দি ভক্তিভাৱে পূৱমুৱাকৈ দেৱী শীতলা, ভৱানী, কালিকা, চণ্ডিকা আদিক মাতৃজ্ঞান কৰি পূজা দিয়াৰ নিয়ম| তেওঁলোকৰ বিশ্বাস এনে নামৰ স্তুতিত আই সন্তুষ্ট হ’লে গৃহস্থৰ ঘৰৰ পৰা আয়ে বিদায় লয়, লগে লগে অপায়-অমংগলবোৰ গৃহস্থৰ পৰা নাইকিয়া হয়| সাধাৰণতে পুৱা নাইবা আবেলি সময়ত আই ভগৱতীক পবিত্ৰ শৰীৰ আৰু শুদ্ধ অন্তৰেৰে সমৱেত হৈ মাটিত ঢাৰি বা কঠ পাৰি গোসাঁই ঘৰত হাত চাপৰি বজাই নাম গাই গাই দেৱীক স্তুতি কৰে-

আই নাম সুমলা        দিছে ফুলৰ মালা

পানীহেন কৰিব গা|

আই মহামায়া        দুখীয়াৰ পুতলা

ধূলা দি কৰিবা দয়া||

নামৰ প্ৰাসংগিকতা

আই নাম সাধাৰণতে ঘৰতে পতা অনুষ্ঠান| অৱশ্যে ঠাইবিশেষে ৰাজহুৱা নামঘৰ বা গোঁসাই ঘৰতো এই নাম কেতিয়াবা দেখা পোৱা যায়| বসন্ত বা বৰ আই ওলালে পালন কৰা উজনি আৰু নামনি অসমৰ আন এক মাংগলিক অনুষ্ঠান হৈছে ‘আসন পতা নাম’| এই নাম গোসাঁই ঘৰ বা শুদ্ধ পৰিষ্কাৰ ঠাইত কাঠৰ তৈয়াৰী এখন পীৰাত গামোচা বা তেনে জাতীয় নতুন বগা কাপোৰ এখন পাৰি তাৰ ওপৰত বগা ফুল, চাউল দি ওচৰতে চাকি-ধূপ জ্বলাই নৈবেদ্য আদি আগবঢ়াই দেৱী ভগৱতীক আৰাধনা কৰি মহিলা সকলে নাম গাই গাই কৰা ভক্তিমূলক অনুষ্ঠান| এনে ধৰণৰ নামত ঘৰৰ গৰাকী জন উপবাসে থাকি আয়তী বা নামতী সকলৰ লগত একেলগ হৈ দেৱীৰ ওচৰত স্তুতি কৰে-

কৈলাশৰ পৰা     আই নামি আহে,

গোপিনীৰ কাকূতি শুনি|

আইলৈয়ে বুলি     আসন পাৰি থৈছোঁ,

শিৰৰে পেৰে তুলি||

অসমীয়া সমাজত ল’ৰা-ছোৱালী শুকাই-খীণাই গ’লে বা কোনো বেমাৰ আজাৰ হ’লে বা মাত নুফুটিলে সৰগৰ অপেশ্বৰীৰ কুদৃষ্টি পৰা বুলি জনবিশ্বাস প্ৰচলিত| এনেধৰণৰ পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰি উজনি আৰু নামনি অসমৰ বহু ঠাইত ইয়াৰ পৰিত্ৰাণ বিচাৰি ‘অপেশ্বৰীৰ নাম’ অনুষ্ঠিত কৰা দেখা যায়| সচৰাচৰ যিবোৰ মানুহৰ ঘৰত এনে ধৰণৰ লক্ষণ দেখা দিয়ে সেই গৃহস্থই এনে নামৰ দ্বাৰা দেৱীক ভক্তি পূৰ্বক প্ৰাৰ্থনা কৰাৰ লগতে বেমাৰৰ আৰোগ্য কামনা কৰে| এই নাম দুপৰীয়া সময়ত মুকলি আকাশৰ তলত বা চোতালৰ এডোখৰ ঠাই শুদ্ধ কৰি ভালদৰে মচি লৈ শৰাই, চাকি, ধূপ, ফল, গাখীৰ, চাউলৰ গুড়ি, পকা কল, চেনি আদিৰে সজাই পৰাই তিৰোতা মানুহবোৰে একলগ হৈ নাম গায়-

এই আই অপেশ্বৰী মণ্ডপে নামিলা

সুবৰ্ণৰ পঞ্চঘটে পূজা আৰম্ভিলা

তুলসীৰে পাত হৰি তুলসীৰে পাত

নৰ মনিচে কিবা গুণে অপেশ্বৰীৰ মাত

ইয়াৰ বাহিৰে কিছু কিছু অঞ্চলত অ-কুমাৰী ছোৱালীক নামৰ আগত অপেশ্বৰী সজাই লৈ আগলতি কলপাত পাৰি তাত নৈবেদ্য নিবেদন কৰি গীত গোৱা ইয়াৰ এক অন্যতম বৈশিষ্ট্য| এই নাম সদায় গধূলি হোৱাৰ আগতে সমাপ্ত কৰি বিদায় দিয়ে এনেদৰে-

বিদায় দিয়া আইহে গধূলি হ’ল

নাম শুনিবৰ ছলে আই নামৰ মাজে ৰ’ল

বিদায় দিয়া অপেশ্বৰী ঘৰাঘৰি যাওঁ|

লেখক:- প্ৰণৱেশ ভট্টাচাৰ্য

উৎস:- দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 1/11/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate