আলি আ:ই লৃগাঙৰ অৰ্থ এনেদৰে দেখুৱাব পাৰি: ‘আলি’ মানে মাটিৰ তলত হোৱা আলু বা বীজ, আ:ই মানে গছৰ গুটি বা ফল-মূল, ‘লৃগাং’ মানে সিঁচা বা সিঁচিবলৈ আৰম্ভ কৰা অৰ্থাৎ পথাৰত শস্য সিঁচাৰ প্ৰথম দিন। প্ৰতিবছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰৰ দিনটোক লক্ষ্মীৰ দিন ৰূপে গণ্য কৰে। এই দিনাৰপৰাই মিচিং গাওঁসমূহত ৰাজহুৱা ভাৱে বা ব্যক্তিগত ভাৱে পথাৰত আহুধানৰ বীজ সিঁচাৰ কাম আৰম্ভ কৰে। এই উপলক্ষে সামুহিকভাৱে গাওঁবোৰত পাঁচ দিন ধৰি লৃগাং উৎসৱ পালন কৰা হয়। বসন্ত কালত অনুষ্ঠিত হোৱা এই উৎসৱক ‘বসন্ত উৎসৱ’(Spring Time Festival) বুলি কোৱাৰ সাৰ্থকতাও নোহোৱা নহয়। উৎসৱৰ পাঁচোটি দিনতে প্ৰত্যেক ঘৰৰ ডেকা-গাভৰুসকলে ঢোল, পেঁপা, গগনা, বৰকাঁহ, তাল আদি বজাই গুমৰাগ্ নৃত্য নাচে। বিশ্বাস প্ৰচলিত আছে যে লৃগাং উৎসৱত গুমৰাগ্ নাচ নানাচিলে, বৰকাঁহ নবজালে বৰষুণ নহয়, পথাৰত সিঁচা বীজবোৰ অংকুৰিত নহয়। আলি আ:ই লৃগাঙত যি নাচ নচা হয় সি অতি চমকপ্ৰদ নাচ। উক্ত নৃত্যক মিচিংসকলে গুমৰাগ্ পাক্চ চ:নাম্ বুলি কয়। এই নাচত আছে ডেকা-গাভৰুৰ (মৃম্ বৃৰ্ য়া:মে) প্ৰাণভৰা যৌৱনৰ আবেগ প্ৰকাশ আৰু মুকলিভাৱে আটায়ে অই-নি:তম গাই সৰু-ডাঙৰ অথবা ধনী-দুখীয়াৰ প্ৰভেদ নাৰাখি অংশগ্ৰহণ কৰাৰ উৎসাহ। প্ৰিয়জনৰ লগত মুকলিভাৱে গীত গাই নচাৰ সুবিধা আৰু ইটোৱে-সিটোক ভাল পোৱাৰ সম্ভেদৰ ৰি:বি গাচেং, গাপা গা:ৰে য়ান্ব, মিবু গালোগ্ ইত্যাদি পৰিধান কৰিহে গুমৰাগ্ নচত অংশ গ্ৰহণ কৰে। উৎসৱৰ দিনা বিশেষ ভোজৰ আয়োজন কৰা হয়। উক্ত ভোজত খাবৰ কাৰণে কৌপাতত বৰাধানৰ চাউল বান্ধি বিশেষ ধৰণে সিজোৱা হয়। পুৰাঙৰ লগতে খাব পৰাকৈ মাছ, মাংস আৰু আপঙৰ ব্যৱস্থা কৰা হয়। ইয়াৰ তাৎপৰ্য হ’ল যাতে খাদ্য সামগ্ৰী প্ৰাচুৰ্যৰে ভঁৰালত ভৰপূৰ হয় তাৰ কাৰণে আপং, মাছ, মাংস যোগাৰ কৰি ইষ্ট দেৱতাক অৰ্থাৎ দ:ঞি প:ল (সূৰ্য-চন্দ্ৰ) লগতে পূৰ্বপুৰুষসকলক স্মৰণ কৰা হয়। লগতে নিজস্ব প্ৰথানুসাৰে সকলো মৃত পূৰ্ব পুৰুষসকললৈ নামাৰ্চন কৰি জল পিণ্ড আগবঢ়ায়। আলি আ:ই লৃগাং বিহুটো মিচিং সমাজৰ প্ৰাণ, মিচিং জাতিৰ আত্মা জীয়াই থকাৰ চিৰন্তন আনন্দ, ইয়াক এৰি মিচিং জাতিয়ে আন একো ভাবিব নোৱাৰে।
লিখক: ড° গণেশ পেগু, অসমীয়া সংস্কৃতিৰ কণিকা
শেহতীয়া উন্নীতকৰণ: : 3/9/2020
প:ৰাগ (নৰা-ছিগা বিহু)