অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আহোম যুগৰ কৰ-কাটল

আহোম যুগৰ কৰ-কাটল

ইন্দ্ৰবংশী আহোম স্বৰ্গদেৱসকলে ৰাজ্যখনৰ উন্নয়নমূলক কাম সুচাৰুৰূপে সম্প্ৰদান কৰিবলৈ প্ৰজাৰপৰা কৰ-কাটল লোৱাৰ ব্যৱস্থা কৰিছিল। কামৰূপ অঞ্চলক বিভিন্ন পৰগণাত বিভক্ত কৰি পৰগণাৰপৰা নিয়মীয়াকৈ কৰ আদায় কৰা হৈছিল। দৰং দেশতো একে নিয়মেই কৰ আদায় কৰা দেখা যায়। এডৱাৰ্ড গেইট চাহাবে উল্লেখ কৰিছে যে দৰং দেশৰ কৰ-কাটলৰ ব্যৱস্থা উজনি অঞ্চলতকৈ অলপ বেলেগ আছিল। স্বৰ্গদেৱসকলে প্ৰদান কৰা ফলিবোৰত বিভিন্ন কৰ-কাটলৰ স্পষ্ট উল্লেখ দেখা যায়। যেনে – ‘কৰ-কাটল-পদ-পঞ্চক-চোৰ-চিনলা-ধুমুচি-মাৰেসা-হাট-ঘাট-দান খুট সৰ্ব বাব পৰিত্যাগ  হ’ল ’(ফলি নং ৮৯ : প্ৰাচ্য শাসনাৱলী); কৰ-কাটল-পদ-পঞ্চক-বেঠ-বেগাৰ-জলকৰ-যৱক্ষাৰ-চোৰ-চিনানা-ধুমুচি-মাড়েসা-দণ্ড-বন্ধ-চকি-হাট-ঘাট-ফাট-দান খুঁত ৰাজদণ্ড ব্যতিৰেক…..’(ফলি নং ৮০, প্ৰা: শা)। ইয়াৰে কৰ হ’ল – মাটি খোৱা বাবদ ৰজাক দিব লগা ধন। পুৰণি দিনত পাইকে মাটিখোৱা বাবে ৰজাৰ ওচৰত গাৰে খাটি দিব লাগিছিল। কিবা কাৰণত খাটি দিব নোৱাৰিলে যি ধন ভৰিব লাগিছিল, সেয়ে কাটল। সাধাৰণ পাইকে বিষয় পালে যি ধন ভৰিব লাগিছিল, সেয়ে পদ আৰু বৰঙণি বা পঁচাই হ’ল পঞ্চক। ৰজাঘৰীয়া হাতী, ম’হ প্ৰভৃতি ধৰাৰ বাবেও প্ৰজাই কৰ দিব লাগিছিল। তাৰ নাম বেঠ আৰু ৰাজ-প্ৰয়োজন মতে বন কৰি দিব লগীয়া বাবেই বেগাৰ বা ব্যগৰ। নৈ, বিল, পুখুৰী প্ৰভৃতিত মাছ ধৰিবৰ বাবে যি কৰ দিব লগীয়া হৈছিল, সেয়ে জলকৰ। হিলৈৰ খাৰ তৈয়াৰ কৰিবৰ বাবে প্ৰতিঘৰে যখাৰ তুলি দিব লাগিছিল। কোনোৱে নোৱাৰিলে তাৰ সলনি যি কৰ দিব লগাত পৰিছিল সেয়ে যৱক্ষৰ, জবাক্ষৰ বা জয়ক্ষাৰ। সৰু-সুৰা চুৰিৰ শাস্তি বাবদ পোৱা কৰেই চোৰ, ব্যভিচাৰ দোষৰ শাস্তি ৰূপে দিব লগা ধন চিনলা বা ছিনলা আৰু নিৰ্বংশ মানুহৰ সম্পত্তি ৰজাই পোৱা বাবেই ধুমুছি। ছোৱালী বিয়া দিলে ৰজাই যি ফেৰি ধন পাইছিল, তাৰ নাম ঘামেশা। বজাৰলৈ বস্তু ক্ৰয় কৰিবলৈ আনি ৰজাঘৰক সদায় দান কৰ দিব লাগিছিল। নদী পাৰ হ’ব লগা হ’লেও এই কৰ প্ৰযোজ্য হৈছিল। মাটিক বাদ দি আন দ্ৰব্য সম্ভাৰৰ ওপৰত লগোৱা কৰেই খুট বা খুত। জগৰৰ বাবে দিয়া পীড়ন দণ্ড আৰু বন্ধ। সপ্তাহত এদিন অথবা দুদিন বহু মানুহ গোটখাই বেচা-কিনা কৰা ঠাইখিনিৰ বাবে যি কৰ দিবলগীয়া হৈছিল, সেয়ে হাট কৰ। ৰজাৰ নগৰ অথবা গড়ৰ পৰা হাট-বজাৰ পাতিবলৈ যি ঠাই দিছিল, তাৰ বাবে জনসাধাৰণে ভৰিব লগা কৰৰ নাম চকি আৰু নাৱেৰে অথবা থলেৰে বেহা-বেপাৰ কৰা লোকসকল একত্ৰ হৈ ৰাজহ দিয়া ঠাইৰ নাম ফাট। ফাটৰ কৰেই ফাটকৰ। বিয়াত হোম পুৰি বামুণে লাভ কৰা মাটিৰ বাবে দিব লগা কৰেই মাৰেছা বা মাৰেসা। দেখা যায় যে আহোম স্বৰ্গদেৱসকলৰ দিনত কৰ-কাটল কম নাছিল। কৰ-কাটলৰ বোজাত কেতিয়াবা কেতিয়াবা জনসাধাৰণ বেঁকা হ’বলৈ বাধ্য হৈছিল।

লিখক: ড° নাৰায়ণ দাস, অসমীয়া সংস্কৃতিৰ কণিকা

শেহতীয়া উন্নীতকৰণ: : 3/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate