অংকীয়া ভাওনাৰ সৈতে সম্পৰ্ক থকা এটি চিনাকি শব্দ হ’ল– কল্যাণ খৰমান। অংকীয়া নাট-ভাওনালৈ লক্ষ্য কৰিলে দেখা যায় যে গুৰু দুজনাই যি ৰাগৰ সৈতে যি তাল প্ৰয়োগ কৰিছিল, পৰৱৰ্তী নাট্যকাৰসকলে সেই ৰাগৰ সৈতে সেই তালকে প্ৰয়োগ কৰিছিল। আন কথাত গুৰু দুজনাৰ অংককে অনুগামীসকলে আৰ্হিৰূপে গ্ৰহণ কৰিছিল। মহাপুৰুষ দুজনাৰ ৰাগ-তালবোৰ এনেধৰণৰ– আশোৱাৰী-পৰিতাল, কানাৰা-পৰিতাল, গৌৰী-ৰূপক, বেলোৱাৰ-ৰূপক আদি। খৰমান তাল বাৰ মাত্ৰাৰ। ইয়াত মুঠতে তাল পৰে চাৰিটা। তালখনিৰ দ্বিতীয়, পঞ্চম, সপ্তম আৰু অষ্টম মাত্ৰাত তালি পৰাত সুৰটো গাম্ভীৰ্যপূৰ্ণ হয়। বিষাদ-বিলাপৰ কাৰণে কল্যাণ ৰাগ বেচ উপযোগী। সেইবাবে মহাপুৰুষ দুজনাৰ একাধিক নাটৰ শেষত কল্যাণ-খৰমান ৰাগ-তালৰ গীত সংযোজনা কৰিছিল। গুৰু দুজনাৰ পৰৱৰ্তী নাট্যকাৰসকলে এই আৰ্হিকে লৈ নাট শেষ কৰিছিল– কল্যাণ-খৰমানেৰে। অথচ মহাপুৰুষ শংকৰদেৱৰ নাটতে ইয়াৰ ব্যতিক্ৰম পোৱা যায়। যেনে- পাৰিজাত হৰণ নাটৰ সামৰণিত আছে–পুৰৱী-খৰমান। কেলিগোপাল শেষ হৈছে অহিৰ-একতালিৰে। নাটৰ মাজতো আনকি বিষাদ, ভেম প্ৰভৃতি ভাৱ প্ৰকাশ কৰিবলৈ মহাপুৰুষে কল্যাণ ৰাগৰ প্ৰয়োগ ঘটাইছে। পাৰিজাত হৰণ নাটৰ জ্যৌতি তালত দিয়া ‘মানিনী মাই নয়ন পংকজ ঝুৰে বাৰি’ গীতটোৰ কথা এইখিনিতে উনুকিয়াব পাৰি। তদুপৰি কল্যাণ ৰাগৰ সৈতে যে খৰমান তাল থাকিব লাগে তাৰো কোনো ধৰা-বন্ধা নিয়ম নাই। পাৰিজাত হৰণ নাটৰে শচী-সত্যভামাৰ বাক্যুদ্ধ বৰ্ণোৱা ‘মানুষি, সাহস ঐচন তোহাৰি’ গীতটোৰ তাল খৰমান। অথচ তাৰ স্থান নাটখনিৰ মাজতে।
লিখক: ড° নাৰায়ণ দাস, অসমীয়া সংকৃতিৰ কণিকা।
শেহতীয়া উন্নীতকৰণ: : 3/21/2020
অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ
ভাৰতত সমাজ কল্যাণৰ ইতিহাস
হেঙুল আৰু হাইতাল