অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কামৰূপ নামৰ বুৎপত্তি

কামৰূপ নামৰ বুৎপত্তি

ভাৰতৰ উত্তৰ-পূৱ প্ৰান্তত অৱস্থিত একালৰ প্ৰাগজ্যোতিষ ক্ষেত্ৰখনেই পিছলৈ ঐতিহাসিক কালত ক্ৰমে কামৰূপলৈ ৰূপান্তৰিত হৈছিল; আৰু সেয়ে, ইয়াৰ কলেবৰো প্ৰাচীন প্ৰাগজ্যোতিষৰ দৰে আজিৰ বিহাৰৰ পূব অঞ্চলৰপৰা ক্ৰমে উত্তৰ-বংগ আৰু নেপাল-ভূটানকো সামৰি পূৰ্বোত্তৰৰ প্ৰায় গোটেইকেইখন ৰাজ্যকেই সাঙুৰি লৈছিল। কামৰূপ নামৰ উৎপত্তি সম্পৰ্কে কালিকা পুৰাণেই সেয়ে ব্যাখ্যাও দাঙি ধৰিছে এইদৰে যে পুৰ্বতে মিথিলাৰ(বিহাৰৰ) ৰজা নৰকে এই ৰাজ্যৰ অসুৰ ৰজাসকলৰ ওপৰত আধিপত্য বিস্তাৰ কৰি কামাখ্যা দেৱীৰ ভাৰ গ্ৰহণ কৰাৰ পৰাই এই ৰাজ্যৰ নামো কামৰূপ(হয়তো দেৱীৰ নাম অনুসাৰেই) হ’লগৈ। সেয়ে মহাকাব্য আৰু পুৰাণৰ পাতত কামৰূপ নামৰ উল্লেখ নাথাকিলেও, পৰৱৰ্তী সংস্কৃত সাহিত্যৰ বিভিন্ন ক্ষেত্ৰত এই নামৰ উল্লেখ আছে। কালিদাসে তেও৬ৰ ৰঘুবংশৰ পাতত প্ৰাগজ্যোতিষৰ লগে লগে কামৰূপ নামৰো উল্লেখ কৰিছে। ইয়াৰ উপৰিও বৈয়াকৰণিক হেমচন্দ্ৰ আৰু ৰাজশেখৰৰ গ্ৰন্থতো এই নামেৰেই পূৰ্বোত্তৰৰ এই দেশখনক চিনাক্ত কৰা হৈছে। ৰজা চন্দ্ৰগুপ্তৰ এলাহাবাদৰ শিলালিপিতো কামৰূপ নামৰ উল্লেখ আছে। ৬৪৩ খৃ:ত কামৰূপলৈ অহা চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ বৰ্ণনাত কামৰূপ নামৰ উল্লেখ আছে : কিন্তু সবাকো নিষ্প্ৰভ কৰি এই দেশতেই ৰচিত কালিকা পুৰাণ আৰু যোগিনীতন্ত্ৰই (ষোড়শ শতিকা)এই কামৰূপৰ প্ৰাচীন সীমা আৰু বিস্তৃতি সম্পৰ্কে (নেপালস্য কাঞ্চনাদ্ৰিম্‌……যোগিনীতন্ত্ৰ) বিতং বিৱৰণ দাঙি ধৰিছে। অষ্টাদশ শতিকাত ৰচিত হৰ-গৌৰী সংবাদতো ইয়াৰ বিভিন্ন পীঠ, যেনে – কামপীঠ, ৰত্নপীঠৰো বৰ্ণনা দাঙি ধৰিছে। পুৰাণৰ গল্প অনুসৰি প্ৰাগজ্যোতিষৰ নীলাচল পাহাৰত দেৱাদিদেৱ মহাদেৱৰ শাপত ভস্ম হোৱা কামদেৱে পুনৰ স্বৰূপ লাভ কৰাৰ বাবেও এই দেশখনৰ নাম কামৰূপ হোৱা বুলি ব্যাখ্যা আছে। কিন্তু ভাষতত্ববিদ ড° বাণীকান্ত কাকতিদেৱে তেখেতৰ স্বকীয় ব্যাখ্যা দাঙি ধৰিবলৈ গৈ পুনৰ একালৰ অষ্ট্ৰিক গোষ্ঠীৰ দেৱী কামৰু বা কামৰূপৰ ওচৰ চাপিছে আৰু একালৰ এই অনাৰ্য মুলীয় দেৱীৰ উপস্থিতিৰ বাবে ঠাইখনৰ নাম পিছলৈ কামৰু বা কামৰূপ হোৱা বুলি ঠাৱৰ কৰিছে। অৱশ্যে চৰ্যাপদ আৰু হৰ-গৌৰী সংবাদেও দেশখনৰ নাম হিচাপে কামৰু শব্দৰ সাক্ষ্য বহন কৰি আহিছে।

লিখক: অধ্যাপক সুশীল শৰ্মা, অসমীয়া সংস্কৃতিৰ কণিকা।

শেহতীয়া উন্নীতকৰণ: : 3/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate