অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কুশান গান

কুশান গান

অবিভক্ত গোৱালপাৰাত প্ৰচলিত এক জনপ্ৰিয় লোক-নাট্যানুষ্ঠান। কোচসকলে গোৱা গানৰ পৰা কুশান অথবা সীতাৰ পুত্ৰ কুশৰ দ্বাৰা প্ৰচাৰিত গীতৰ পৰা এই কুশান শব্দৰ উদ্ভৱ হোৱা বুলি বহুতে বিশ্বাস কৰে। কোনো কোনোৱে কোচ ৰাজত্বৰ আগৰেপৰা এই কুশান গানৰ প্ৰচলন হোৱা বুলি ক’ব খোজে। যদিও কুশান গানত ৰামায়ণৰ কাহিনীহে গোৱাৰ নিয়ম কিন্তু স্থান বিশেষে বহু কুশান গানৰ দলে মহাভাৰত আৰু অন্যান্য পুৰাণৰ গীতো পৰিবেশন কৰা দেখা যায়। প্ৰায় একুৰিৰো অধিক কলা-কুশলীৰে এই অনুষ্ঠান পৰিপূৰ্ণ। গানৰ মূল গায়কজনক কোৱা হয় গীদাল। গীদালে ওজাপালিৰ ওজাৰ দৰে হাতত চোঁৱৰ লৈ গোটেই অনুষ্ঠানটোৰ গুৰি বঠা ধৰে। গীদালে লগাই দিয়া পদবোৰ পাইল বা পালিয়ে সুৰ ধৰি গায়। খোল, তাল, পেঁপা, বাঁহী, দোতাৰা বাদ্য বজোৱা বাদক বা বাইনে গীতৰ সংগীত পৰিবেশন কৰে। সংগীতৰ তালে তালে চুকুৰীসকলে নৃত্য পৰিবেশন কৰে। গীদাল-দোৱাৰীয়ে ওজাপালি অনুষ্ঠানৰ দৰে গীত-পদ অৰ্থব্যঞ্জক মুদ্ৰাসহ পৰিবেশন কৰে। কেতিয়াবা বিসংগতিপূৰ্ণ হাস্যৰসাত্মক উপ-কাহিনীও তেওঁলোকে উপস্থাপন কৰে। তেতিয়াই চুকুৰীসকলে নাচে। কুশান গানত বেণাৰ ব্যৱহাৰ অপৰিহাৰ্য। সম্প্ৰতি কুশান গানত কৃত্তিবাসী ৰামায়ণৰ পদ গোৱা হয় যদিও প্ৰাচীন কালত এই পৰম্পৰা নাছিল। মাধৱ কন্দলি, দুৰ্গাবৰৰ অসমীয়া ৰামায়ণ দুষ্প্ৰাপ্য হোৱা বাবে দাঁতি কাষৰীয়া কৃত্তিবাসী ৰামায়ণৰ সহজলভ্য ছপা সংস্কৰণসমূহে কুশান গানৰ দলক বেছি উপকৃত কৰাৰ ফলতেই এনে হ’বলৈ পাইছে। আগতে পুৰুষেই নাৰীৰ সাজ-সজ্জা পৰিধান কৰি চুকুৰী হৈছিল যদিও সম্প্ৰতি নাৰীয়ে এই কাৰ্য সম্পাদন কৰা পৰিলক্ষিত হৈছে।

লিখক: ড° পৰমানন্দ ৰাজবংশী, অসমীয়া সংস্কৃতিৰ কণিকা।

শেহতীয়া উন্নীতকৰণ: : 7/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate