কাৰবিসকলৰ চ’মাংকান অথবা মৃতকৰ শ্ৰাদ্ধৰ অনুষ্ঠান তেওঁলোকৰ জাতীয় উৎসৱসদৃশ। পূৰ্বজন্মৰ কৰ্মফল বিশ্বাস কৰা কাৰবিসকলে মৃতকৰ শ সৎকাৰ আদৰ্শনীয় ৰূপে কৰে। মৃতকৰ জীৱন কাহিনীক লৈ অভিজ্ঞ তিৰোতা অথবা ওছেপীয়ে ভাত-আঞ্জা ৰান্ধি চাৰ্হে গীত গায়। মৃতকৰ মৃত্যু উৎসৱ কাৰবিসকলে মহা ধুমধামেৰে পাতে। সময়-সুবিধা অনুসৰি তেওঁলোকে এই উৎসৱ পাতে। প্ৰায়ে বসন্ত কালতেই চ’মাংকান উৎসৱ পতা দেখা যায়। চ’মাংকানৰ প্ৰকৃত অৰ্থ হৈছে খাছীয়া নৃত্য। খাছীয়াসকলৰ ৰীতিৰে মৃতকৰ শ্ৰাদ্ধ অনুষ্ঠান নৃত্যসহ পালন কৰাৰ বাবেই হয়তো চ’মাংকান নাম হ’ল। গাৰো, লুচাই, মিজো, জয়ন্তীয়াসকলেও একেদৰে মৃতকৰ শ্ৰাদ্ধ অনুষ্ঠান পাতে। এই চ’মাংকান নৃত্য অথবা উৎসৱ আয়োজনৰ ফলত মৃতকৰ আত্মাই দুখ-ক্লেশৰ পৰা মুক্তি লাভ কৰি শান্তি পায় বুলি কাৰবিসকলে বিশ্বাস কৰে। চ’মাংকানৰ প্ৰথম দিনটোক ৰূ-কেহুম বোলে। এই দিনটোত হাতত ঢাল-তৰোৱাল লৈ নৃত্য-গীত সহকাৰে মৃতকৰ অস্থি ধান খেৰেৰে সজা মৃতকৰ প্ৰতিকৃতিৰ ভিতৰত সযতনে থৈ দিয়ে। দ্বিতীয় দিনটোক কানছ্ অথবা সৰু নাচ, তৃতীয় দিনটোক কানপি বা বৰনাচ বোলে। অন্তিম দিনা বানজাব কেকু অনুষ্ঠানৰ মাধ্যমেৰে মৃত ব্যক্তিগৰাকীৰ পাৰ্থিব সংস্কাৰ কাৰ্য শেষ কৰে। গোটেই কেইদিন ওহেপীৰ ভূমিকা গুৰুত্বপূৰ্ণ। চ’মাংকানত ঢোল-পেঁপা, ঢাল-তৰোৱালৰ লগতে জাম্বিলী-আথনৰ গুৰুত্ব অপৰিহাৰ্য। ইয়াক ইহলোক-পৰলোকৰ মাজত যোগসূত্ৰ অৰ্থাৎ সাঁকো বুলি বিশ্বাস কৰা কাৰবিসকলৰ শিল্পীমনৰ মনোৰম ৰূপ ফুটি উঠে। ঢোল-পেঁপা, জাম্বিলী-আথন লৈ দলে-বলে ৰাইজে যোগদান কৰে। এখন গাঁৱৰ লোকে আন গাঁৱৰ লোকসকলক মহা সমাৰোহেৰে আদৰে। গাভৰুৱে জিৰ ঈক আৰু ডেকাহঁতে ৱ’জাৰূ মূৰত লৈ বৃত্তাকাৰে নাচ-গান কৰি আনন্দ প্ৰকাশ কৰে। আচলতে এই চ’মাংকানৰ মাধ্যমেৰে কাৰবি জাতিৰ ঐতিহ্য অথবা লোক-সংস্কৃতিৰ প্ৰতিফলন সুন্দৰকৈ প্ৰকাশ পায় বুলি ক’ব পাৰি।
লিখক: ড° পৰমানন্দ ৰাজবংশী, অসমীয়া সংস্কৃতিৰ কণিকা।
শেহতীয়া উন্নীতকৰণ: : 7/20/2020
কাৰবি ৰজাৰ ৰাজধানী ‘ৰংহাং ৰংবং”, কাৰবি সকলৰ পৰম্পৰ...
কাৰবি সমাজত পশুপালন অতীত আৰু বৰ্তমান