অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

টুচু পূজা

টুচু পূজা

চাহ জনগোষ্ঠীৰ লোকসকলে "মাঘ বিহু" ৰ দিনাই এই বিশেষ পূজা কৰে । তেওঁলোকৰ বাবে টুচু হৈছে এগৰাকী মনৰ কামনা পূৰ্ণ কৰা শক্তিশালী দেৱী । প্ৰত্যেকৰ মনৰ কামনা যাতে বাস্তৱত পূৰ্ণ হয় তাৰ বাবে দেৱীক পূজা কৰে । যৌৱনপ্ৰাপ্ত ডেকা - ডেকেৰী আৰু বিবাহিত সকলে দেৱীক সাক্ষী কৰি আজীৱন যুৰীয়া জীৱন সুখেৰে যোৱাৰ প্ৰাৰ্থনা কৰে । এই পূজাত ঝুমুৰ নৃত্য - গীতৰ আয়োজন হয় । নৃত্যৰ মাজতে হাড়ীৰ মদ লোৱাটো তেওঁলোকৰ এটা পৰম্পৰা । টুচু গীতত জনগোষ্ঠীটোৰ জন-জীৱনৰ বহুতো কথাৰ উমান পোৱা যায় । তেওঁলোক ম'হ যুঁজৰ নিচিনাকৈ কুকুৰা যুঁজ পাতে । টুচু দেৱীক তেওঁলোকে শিৱৰ জীয়েক , মনসাৰ জীয়েক , দূৰ্গা , সীতাৰ লগত ৰিজনি দিয়ে । টুচু মূৰ্তি লৈ ডেকা - গাভৰুৱে ঘৰে - ঘৰে গৈ নৃত্য কৰি ধন আনে । এই পূজাত ফল - মূল , পিঠা , দৈ - চিৰা দিয়াৰ প্ৰয়োজন । জাৰ দিনা টুচু দেৱীক আদৰি আনে । প্ৰকৃততে এই পূজা চাহ জনগোষ্ঠীৰ নাৰীসমাজৰ ধৰ্মীয় উৎসৱ । আঘোনৰ সংক্ৰান্তিৰ পৰা পুহৰ সংক্ৰান্তিলৈকে মহিলাসকলে নীতি - নিয়মেৰে টুচু ব্ৰত পালন কৰি মাঘ বিহুৰ উৰুকা নিশা এই ব্ৰত ভংগ কৰে । আৰু মাঘ বিহুৰ দিনা পূজা কৰে । টুচু নিচুকনি গীত আৰু টুচুৰ গুণ গায় । (ইয়াত টুচু দেৱী বন্দনা গীত, বাহিৰ উলিওৱা গীত, জোৰা নাম, দেৱ-দেৱীৰ বৰ বিচৰা গীত, জাগৰণী গীত, টুচু সোমোৱা গীত, বিবাহৰ গীত, টুচু দোলা গীত ফুলশয্যাৰ গীত, টুচু যাত্ৰা গীত ইত্যাদি আছে ।) এই পূজা ভালকৈ কৰিব পাৰিলে ভৱিষ্যৎ মংগল হয় । ঐক্যতা বাঢ়ে । টুচু দেৱীৰ আদৰ্শক চাহ জনগোষ্ঠীৰ মহিলা সকলে যুগে - যুগে স্মৰণ কৰে । দেৱীৰ পৰা শক্তি বিচাৰি পৃথিৱী আৰু সমাজৰ শান্তি কামনা কৰে ।

চাহ জনজাতি সকলৰ পূৰ্বপুৰুষৰ নিয়ম - নীতিৰে মাঘৰ প্ৰথম দিন অৰ্থাৎ মাঘ মাহৰ এক তাৰিখেই আখাইন পূজা উৎসৱ পালন কৰে । কৃষিমূলক পূজা হিচাপে চাহ জনজাতিৰ ক্ষত্ৰিয় বংশধৰসকলে মাঘ মাহৰ প্ৰথম দিনটো কৃষি কাৰ্যৰ বাবে উৰ্বৰা হয় বুলি বিশ্বাস কৰি এই উৎসৱটো পালন কৰে । তেওঁলোকে পূজাৰ দিনা কাহিলিপুৱাতে পূজা - অৰ্চনা কৰি নানাবিধ ব্যঞ্জন , পিঠা , ৰুটি তৈয়াৰ কৰে । খেতিৰ সমস্ত সঁজুলিত ৰঙা সেন্দুৰ লগাই পিঠাগুৰি পনীয়া কৰি আলিকনা দিয়ে । গৰুক মাহ - হালধিৰে গা ধুৱাই গৰুৰ কপালত সেন্দুৰৰ ফোট দি আলিংগন কৰে । মূল গৃহস্থই তাৰ পাছত হাল বাই বছৰটোৰ বাবে কৃষি কৰ্মৰ কাম আৰম্ভ কৰে । হাল নোহোৱাসকলে পৰৰ বাৰীৰ মাটিখিনিকে কোৰেৰে খান্দি পূজা কৰে । হাল বাই অহাৰ পাছত গৃহস্থনীয়ে হালোৱাজনক ভৰি ধুৱাই ঘৰত সোমাবলৈ দি পিঠা - জলপানেৰে আপ্যায়ন কৰে । ৰাতি এই উৎসৱত ৰং - ধেমালি কৰে । এই উৎসৱত ল'ৰা বিলাকৰ লগত ডাঙৰে লগ হৈ লড়াই , কুস্তিখেল আৰু লাঠিখেল খেলে । পৰম্পৰাগতভাৱে পালন কৰা এই আখাইন পূজা উৎসৱটি চাহ জনগোষ্ঠীসকলৰ মহা আনন্দৰ উৎসৱ ।
লিখক: সুৰেশ বৰা৷

শেহতীয়া উন্নীতকৰণ: : 7/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate