Accessibility options

ৰঙৰ কন্ট্ৰাষ্ট
পাঠ্যৰ আকাৰ
সামগ্ৰীক হাইলাইট কৰক
জুম কৰক

Accessibility options

ৰঙৰ কন্ট্ৰাষ্ট
পাঠ্যৰ আকাৰ
সামগ্ৰীক হাইলাইট কৰক
জুম কৰক
india_flag

Government of India



MeitY LogoVikaspedia
as
as

ডিমাচাসকলৰ সামাজিক জীৱন

Open

Contributor  : Anamika Das09/03/2020

Empower Your Reading with Vikas AI 

Skip the lengthy reading. Click on 'Summarize Content' for a brief summary powered by Vikas AI.

ভুমিপূত্ৰ ডিমচা কছাৰীসকল অসমৰ অন্যতম বৃহত্ জনজাতীয় সত্তা, যাৰ আছে বৰ্ণময় ভাষা-স্ংস্কৃতি আৰু স্বকীয় পৰিচয়। কঠোৰ পৰিশ্ৰমী এই জনগোষ্ঠীটোৰ কৃষিয়েই জীৱিকা-নিৰ্বাহৰ প্ৰধান উপায়। বৃহত্তৰ তিব্বেতো-বাৰ্মান গোষ্ঠীৰ অন্তৰ্ভুক্ত কছাৰীসকলৰে এটা ঠাল এই ডিমাচা কছাৰীসকল। আদিতে এওঁলোকৰ বাসস্থান আছিল ইয়াংচি কিয়াং আৰু হোৱাংহো নদীৰ পাৰৰ চীন দেশৰ পশ্চিম অংশত। তাৰ পৰাই তেওঁলোকে দলবদ্ধভাৱে ছিণ্ডুইন আৰু ইৰাৱতী নদীৰ অৱবাহিকা হৈ আহি ব্ৰহ্মপুত্ৰ উপত্যকাত বসতি স্থাপন কৰিবলৈ আৰম্ভ কৰে। ডিমাচা কছাৰীসকলে বৰ্তমান ডিমা হাচাওত বাস কৰে আৰু এওঁলোকে পৰম্পৰাগত ডিমাচাসকলৰ উপাধি যেনে-নুনিচা, থাওচেন্‌ছা, লাংথাছা, মাইবাংছা, ছিংগুইংছা আদি নিলিখি ‘বৰ্মন’ লিখে।

মূলত: কছাৰী জনগোষ্ঠীৰ হ’লেও কামৰুপ, বৰপেটা, ধুবুৰী, গোৱালপাৰা, দৰ্ং, শোণিতপুৰ, বাক্সা, চিৰাং আদি জিলাত বাস কৰা বড়ো-কছাৰী, উজনি অসমত বাস কৰা সোণোৱাল কছাৰী, ঠেঙাল-কছাৰী আৰু অসমৰ বিভিন্ন ঠাইত বাস কৰা মেছ-কছাৰীসকলৰ লগত ভাষাগতভাৱে আনকি বহুক্ষেত্ৰত সাংস্কৃতিকভাৱেও ডিমাচা-কছাৰীসকলৰ সামঞ্জস্য নাই। কেইবা শতিকা ধৰি পৰ্ব্বতীয়া ঠাইত আছুতিয়াকৈ বাস কৰিবলগীয়া হোৱা বাবেই এই সুকীয়া পৰিচয় অক্ষত ৰাখিব পাৰিছে বুলি পণ্ডিতসকলে মত পোষন কৰে। প্ৰবল প্ৰতাপী আহোমসকলৰদ্বাৰা ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বিতাড়িত হৈ কছাৰীসকলৰ এই ঠালটোৱে প্ৰথমে ডিমাপুৰত ৰাজধানী স্থাপন কৰে। তাৰ পিছত ডিমাপুৰৰ পৰাও বিতাড়িত হৈ মাইবাঙত ৰাজধানী স্থাপন কৰি ৰাজ্য পৰিচালনা কৰে আৰু সৰ্ব্বশেষত খাচপুৰত ৰাজধানী স্থাপন কৰে। সেই অঞ্চলটোৱে কালক্ৰমত উত্তৰ কাছাৰ জিলা আৰু শেহতীয়াকৈ ডিমা হাচাও হিচাপে পৰিচিত হয়। সেয়া যিয়ে নহওঁক এটা কথা কিন্তু সত্য বুলি অনেকে ক’ব খোজে যে ব্ৰহ্মপুত্ৰ উপত্যকাত ডিমাচা কছাৰীসকলৰ পূৰ্বপুৰুষৰ ৰাজধানী আছিল গুৱাহাটী। এই সম্পৰ্কে চি এ ছপিতে তেওঁৰ ‘এ হিষ্টৰিকেল এণ্ড ডেস্ক্ৰিপটিভ্‌ একাউণ্ট অব কছাৰী ট্ৰাইব্‌ছ ইন দ্য এন চি হিল্‌ছ’ গ্ৰন্থত কৈছে-‘ The race originally inhabited the hills and slopes to the North of the Brahmaputra and then gradually extended through central Assam to Mymensing district, the headquarter of Raj being established.’ ইফালে ‘ডিমাচা’ শব্দটোক লৈও অনেকৰ মাজত মতভেদ হোৱা দেখা যায়। সুলেখক সোণাৰাম থাওছেনে কয় যে ডিমাচা হ’ল ধনশিৰিৰ পাৰৰ বাসিন্দা। ‘ডিমা’ শব্দৰ অৰ্থ হ’ল ‘ধনশিৰি’ আৰু ‘চা’ শব্দৰ অৰ্থ হ’ল ‘ল’ৰা-ছোৱালী’, অৰ্থাত্ ধনশিৰিৰ পাৰত বাস কৰা ল’ৰা-ছোৱালী। তেওঁৰ মতে, ডিমাপুৰলৈ আহি ডিমাচা নামেৰে জনাজাত হোৱাৰ আগেয়ে তেওঁলোক ‘বডোচা’ নামেৰে ব্ৰহ্মপুত্ৰ উপত্যকাত পৰিচিত আছিল। সাধাৰণভাৱে ‘ডি’ মানে পানী আৰু ‘মা’ মানে ডাঙৰ  আৰু ‘চা’ মানে ল’ৰা-ছোৱালী। সেই দিশৰ পৰা ডাঙৰ নদী অৰ্থাত ব্ৰহ্মপুত্ৰৰ পাৰত বাস কৰা লোকসকলেই ডিমাচা বুলি ভাবিলেও ভুল নহয় যেন লাগে। ডি-হ্ং, ডি-ক্ৰ্ং, ডি-বাং আদি নদীবিলাকৰ নামৰ আগত স্ংযোজিত বড়োমূলীয় ‘ডি’ উপসৰ্গৰ ব্যৱহাৰো লক্ষণীয়।

সামাজিক জীৱন

ডিমাচাসকলৰ গ্ৰাম্য পৰিকাঠামোক কোৱা হয় নাবলাই। ‘নাবলাই’ শব্দৰ অৰ্থ বহুতো ঘৰৰ সমষ্টি। একেদৰে গাওঁৰ সকলো বাসিন্দাক একেলগে কোৱা হয় ৰাজি। গড় হিচাপত একোখন ডিমাচা গাওঁত ত্ৰিছ-চল্লিছঘৰ মানুহে বাস কৰে। এওঁলোকৰ গাওঁবোৰ সাধাৰণতে পাহাৰৰ ওপৰত একোখন নৈ বা একোটা জান-জুৰিৰ কাষত অৱস্থিত। ঘৰবিলাক পাহাৰৰ ওপৰত কাৰণে মাটিৰ ওপৰত ভেটি সাজি নিৰ্মাণ কৰা হয়। কিয়নো বানপানীৰ আশংকা এইবোৰ ঠাইত কম। ঘৰবিলাক সাজোতে মাজত যথেষ্ট খালী ঠাই ৰাখি হাতীহলীয়াকৈ সজা হয়। ঘৰৰ চাল খেৰি। বেৰত বোকাৰ প্ৰলেপ। কাঠৰ খুঁটা-চটিৰে মজবুটকৈ সজা ঘৰবোৰ বতাহৰ কোবাল সোঁতত সততে ক্ষতিসাধন নহয়। আম-কঁঠাল, মধুৰীআম আদিৰে ভৰপূৰ বাৰীৰে সৈতে গাঁৱৰ মূল পথৰ দুয়োকাষে অৱস্থিত শাৰী শাৰী ঘৰবোৰৰ দৃশ্য মনোৰম। গাঁৱৰ মুখীয়ালজনক কোৱা হয় ‘খুনাং’। খুনাঙৰ দুই ধৰণৰ ক্ষমতা আছে- প্ৰশাসনিক আৰু বিচাৰ সম্বন্ধীয়। গাঁৱত যিবিলাক পূজা-পাৰ্বণ, উৎসৱ আদি অনুষ্ঠিত কৰা হয়, সেইবিলাকৰ নীতি-নিয়ম নিৰ্দ্ধাৰণ কৰি দিয়ে এই খুনাঙে।বিচাৰ সম্বন্ধীয় ক্ষমতাৰে খুনাঙে গাঁৱৰ গোচৰবোৰ বিচাৰ কৰে আৰু আইন-শৃঙ্খলা বৰ্তাই ৰাখে। গাঁৱৰ জেষ্ঠ্যসকলে একগোট হৈ এই খুনাঙক নিয়োগ কৰে। খুনাঙৰ তলত বয়সৰ জেষ্ঠ্যতাৰ ভিত্তিত ডৱলিক, দাওলাথু, ফাৰাই, হাবাইছাগাও, মান্দ্ৰী, হাংছেবুখু আৰু জালাইৰাও-মুঠতে আঠজন বিষয়ববীয়া একোখন ডিমাচা গাঁৱত প্ৰশাসনিক বিষয়া হিচাপে এসময়ত আছিল। আজিকালি অৱশ্যে জালাইৰাওক বাদ দি বাকী তলখাপৰ বিষয়ববীয়াসকলৰ অস্তিত্ব লোপ পাই আহিছে।

এই খুনাং পদবীধাৰীগৰাকীৰ ক্ষমতা বহুত বেছি আৰু গাঁৱৰ সকলোৱে তেওঁক মানি চলে। সাধাৰণতে চুৰি- ডকাইতি নাই যদিও গাঁৱৰ অন্যান্য গোচৰবিলাক, বিবাহৰ কথা-বতৰা, ইখন গাঁও আৰু সিখন গাঁওৰ মাজত ঘটা মনোমালিন্যবিলাক খুনাঙৰ মধ্যস্থাতাতে নিস্পত্তি হয়। নাৰী স্ংক্ৰান্তীয় বিষয় হ’লে বিচাৰৰ সময়ত কেইগৰাকীমান জেষ্ঠ্য নাৰীকো স্থান দিয়া হয়। সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এয়ে যে খুনাঙে অনুমতি নিদিয়া পৰ্যন্ত গাঁৱত কোনো-উত্সৱ-পাৰ্বণ অনুষ্ঠিত কৰিব নোৱাৰি।

ডিমাচা সমাজত তিনিবিধ সম্পত্তিৰ অৱস্থিতি দেখা যায়। পৈতৃক সম্পত্তি, মাতৃৰ সম্পত্তি আৰু উমৈহতীয়া সম্পত্তি। পিতৃপ্ৰধান ডিমাচা সমাজত পৈতৃক সম্পত্তি হ’ল-মাটি-বাৰী, ঘৰ-দুৱাৰ, অস্ত্ৰ, নগদ ধন আৰু পশু-পক্ষী। মাতৃপক্ষৰ সম্পত্তি হ’ল- তাঁতশাল, গহনা, কাপোৰ-কানি আৰু মাতৃয়ে ব্যৱহাৰ কৰা অন্যান্য সামগ্ৰী। উমৈহতীয়া সম্পত্তী হ’ল- ৰান্ধনী ঘৰৰ লাম-লাকটু, কাঁহ-পিতলৰ সামগ্ৰী, কাঁহী-বাটি ইত্যাদি। পিতাকৰ ফালৰ পৰা সম্পত্তি পুত্ৰই, মাকৰ ফালৰ পৰা সম্পত্তি কন্যাই আৰু উমৈহতীয়া সম্পত্তীখিনি পুত্ৰ আত্ৰু কন্যাই সমানে ভাগ কৰি লোৱাটোৱেই ডিমাচা সমাজৰ প্ৰচলিত নিয়ম। মৃত পিতৃৰ যদি কন্যা সন্তান নাথাকে, তেন্তে মাতৃৰ সম্পত্তিৰ ভাগ পুত্ৰই নাপায়, পৰিয়ালৰ নিকটতম কোনোবা কন্যাইহে পাব। একেদৰে মৃতকৰ যদি কোনো পুত্ৰ সন্তান নাথাকে, তেন্তে পিতৃৰ সম্পত্তিৰ ভাগ কন্যাই নাপায়, পিতৃৰ নিকটতম কোনোবা পুৰুষেহে পাব।

ডিমাচা সমাজৰ সবাতোকৈ লক্ষণীয় দিশটো হ’ল এয়ে যে যি মুহুৰ্ততে কোনো এজন ব্যক্তিয়ে কোনো মৃত ব্যক্তিৰ সম্পত্তিৰ অধিকাৰপ্ৰাপ্ত হ’ব, সেই মুহুৰ্ত্ততে সেই ব্যক্তিজনে মৃত ব্যক্তিজনৰ যদি কিবা ঋণগ্ৰস্ততাও আছে, সেয়া পৰিশোধৰ দায়িত্ব মূৰ পাতি ল’ব লাগিব। লাগিলে সম্পত্তিৰ মূল্যতকৈ ঋণৰ মূল্য বেছিয়েই হওঁক।

ধৰ্মৰ দিশৰ পৰা ডিমাচাসকল ৰক্ষণশীল। তেওঁলোকে ভাবে যে তেওঁলোক বাংলা ৰজা আৰু সেই বিৰাট স্বৰ্গীয় পক্ষী আৰিক্ষিডিমাৰ সন্তান। শিৱৰা, দেওৰজা, নাইখু ৰজা, ৱা ৰজা, গাংয়ুং-ব্ৰাইংয়ুং আৰু  হামিদাও-এই ছয় সন্তান হ’ল বাংলা ৰজা আৰু আৰিক্ষিদিমাৰ সন্তান আৰু এওঁলোকৰে সন্তান হ’ল ডিমাচাসকল। ডিমাচা প্ৰধান অঞ্চলক মুঠ বাৰটা ধৰ্মীয় অঞ্চলত ভাগ কৰা হৈছে। এই অঞ্চলবিলাকক একোটা দাইখো বুলি কোৱা হয়। একোটা দইখোৰ পুৰোহিতক কোৱা হয় জন্থাই। এই বাৰটা দাইখু হ’ল- আলু, বাইগিয়াই, হাম্ৰি, দামান, লংমাই লাই, মাঞ্জা, মিছিম, ম্ংৰাং, ৰণচণ্ডী, ৰিয়াও, ৱেইব্ৰা আৰু ওৱা।

ভূমিপুত্ৰ ডিমাচাসকলৰ জীৱনচৰ্যা বিচিত্ৰ, বৰ্ণাঢ্য, সহজ-সৰল আৰু আকৰ্ষণীয়।

ৰত্নেশ্বৰ বৰা, দৈনিক অসম।

Related Articles
Current Language
বাংলা
শিক্ষা
জীৱিকাৰ উপায় হিচাপে ৰাজনীতি বিজ্ঞানৰ গুৰুত্ব

জীৱিকাৰ উপায় হিচাপে ৰাজনীতি বিজ্ঞানৰ গুৰুত্ব লিখা হৈছে

শিক্ষা
জীৱন-ব্যাপী শিক্ষা

জীৱন-ব্যাপী শিক্ষাৰ বিষয়ে লিখা হৈছে

শিক্ষা
জীৱন কি?

জীৱন কি?

শিক্ষা
আনুষ্ঠানিক শিক্ষাঃ স্কুল

ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ দায়িত্ব আনুষ্ঠানিক আৰু প্ৰত্যক্ষভাৱে গ্ৰহণ কৰা শিক্ষা-কৰ্তৃপক্ষৰ ভিতৰত স্কুল হৈছে অন্যতম। সেয়েহে ইয়াক আনুষ্ঠানিক শিক্ষা ব্যৱস্থা বুলি জনা যায়। ছাত্ৰই শিক্ষাগ্ৰহণ কৰিবলৈ স্কুললৈ যোৱাৰ কথাষাৰ সৰ্বসাধাৰণ লোকে পুৰণি কালৰে পৰা অনুভৱ কৰি আহিছে।

শিক্ষা
অৱসৰ সময়ৰ শিক্ষা

অৱসৰ সময়ৰ শিক্ষাৰ বিষয়ে লিখা হৈছে

শিক্ষা
অসমৰ জনগোষ্ঠী আৰু বিহুনাম

অসমৰ জনগোষ্ঠী আৰু বিহুনাম

ডিমাচাসকলৰ সামাজিক জীৱন

Contributor : Anamika Das09/03/2020


Empower Your Reading with Vikas AI 

Skip the lengthy reading. Click on 'Summarize Content' for a brief summary powered by Vikas AI.



Related Articles
Current Language
বাংলা
শিক্ষা
জীৱিকাৰ উপায় হিচাপে ৰাজনীতি বিজ্ঞানৰ গুৰুত্ব

জীৱিকাৰ উপায় হিচাপে ৰাজনীতি বিজ্ঞানৰ গুৰুত্ব লিখা হৈছে

শিক্ষা
জীৱন-ব্যাপী শিক্ষা

জীৱন-ব্যাপী শিক্ষাৰ বিষয়ে লিখা হৈছে

শিক্ষা
জীৱন কি?

জীৱন কি?

শিক্ষা
আনুষ্ঠানিক শিক্ষাঃ স্কুল

ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ দায়িত্ব আনুষ্ঠানিক আৰু প্ৰত্যক্ষভাৱে গ্ৰহণ কৰা শিক্ষা-কৰ্তৃপক্ষৰ ভিতৰত স্কুল হৈছে অন্যতম। সেয়েহে ইয়াক আনুষ্ঠানিক শিক্ষা ব্যৱস্থা বুলি জনা যায়। ছাত্ৰই শিক্ষাগ্ৰহণ কৰিবলৈ স্কুললৈ যোৱাৰ কথাষাৰ সৰ্বসাধাৰণ লোকে পুৰণি কালৰে পৰা অনুভৱ কৰি আহিছে।

শিক্ষা
অৱসৰ সময়ৰ শিক্ষা

অৱসৰ সময়ৰ শিক্ষাৰ বিষয়ে লিখা হৈছে

শিক্ষা
অসমৰ জনগোষ্ঠী আৰু বিহুনাম

অসমৰ জনগোষ্ঠী আৰু বিহুনাম

Lets Connect
Facebook
Instagram
LinkedIn
Twitter
WhatsApp
YouTube
MeitY
C-DAC
Digital India

Email Icon

vikaspedia[at]cdac[dot]in

Copyright © C-DAC
vikasAi