অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দৌল উৎসৱ আৰু ইয়াৰ তাৎপৰ্য :

দৌল বা ফল্পু উৎসৱ হৈছে ঋতুকালীন ৰং আৰু আনন্দৰ উৎসৱ, সম্প্ৰীতিৰ উৎসৱ -

বসন্তকালৰ আৰম্ভৰ লগে লগে গছে-বনে নতুন কুঁহিপাত মেলে। ফাগুনৰ পছোৱাই আচল উৰুৱাই মানুহৰ মন-প্ৰাণত শিহৰণ তোলে। হোলীৰ মূল উদ্দেশ্য হৈছে মানুহ, জীৱ-জন্তুৰ উৰ্বৰতা বৃদ্ধি কৰা উৎসৱ। এই উৎসৱৰ মূল আধাৰ হৈছে ফাকুগুড়ি ছটিয়াই দিয়া হয়। বসন্ত কালত প্ৰকৃতিত ফাকুগুড়ি ছটিয়ালে পৃথিৱীৰ প্ৰজনন শক্তি বৃদ্ধি হয়। সেয়েহে কোৱা হয় হয় এইদৰে-

ফাগুন আহিছে আজি

মান প্ৰাণ জাগিছে

খেলে ফাগু পুৰ নাৰী

খেলে হোলী পুৰবাসী।

শ্ৰীমন্ত শংকৰদেৱে ২১ বছৰ বয়সত নগাঁওৰ বৰদোৱাত পাতেকীবাৰীত দৌল উৎসৱৰ পাতনি মেলিছিল।

বলোৰাম আতৈক মকুৱা পুৰলৈ পঠিয়ায় সাতটা কড়িৰ বিনিময়ত সাত কলহ প্ৰাকৃতিক ফাকুগুড়ি আনি দিন-বাৰ চাই ফাগুন মাহৰ পূৰ্ণিমা তিথিত এই দৌল উৎসৱ পালন কৰিছিল।

ভাৰতীয় ধৰ্ম-দৰ্শনৰ মূল আধাৰ ভগৱান শ্ৰীকৃষ্ণৰ লীলা জনসমাজত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে দৌল উৎসৱ কৰা হয়। কৃষ্ণভক্তিৰ মাজেৰে ভক্তবৃন্দক পৰমাত্মাৰ ফালে গতি কৰাই এখন আধ্যাত্মিক চিন্তা-চেতনাৰ আদৰ্শ সমাজ গঢ়াৰ বাবে ৰং-ৰহইচৰ মাজেৰে ঐক্য-সংহতি অক্ষুণ্ণ ৰখাৰ চেষ্টা কৰা হয়।

দৌল উৎসৱৰ জৰিয়তে মানৱ মনক শান্তিৰ নিৰ্বাস বিলোৱাৰ বাবে যেন ভক্তিৰসেৰে আপ্লুত কৰি তোলে।

ভাৰতবৰ্ষৰ এই উৎসৱক বিভিন্ন ৰাজ্যত বিভিন্ন নামেৰে পালন কৰাৰ পৰম্পৰা প্ৰচলিত হৈ আহিছে। বিশেষকৈ বসন্তোৎসৱ, মদনোৎস, ফল্পু উৎসৱ, ফাকুৱা, হোলী উৎসৱ, হোলিকা উৎসৱ আৰু দেউল উৎসৱ বুলি কোৱা হয়।

এই হোলী উৎসৱৰ লগত শংখচূড়ৰ কাহিনী, জগন্নাথ-ঘুনুচা, ৰাধা-কৃষ্ণ আদিৰ কথা জৰিত হৈ আছে। বিশেষকৈ ওড়িশাত ঈশ্বৰ কৃষ্ণই নিজ দৌলৰ পৰা ঘুনুচাৰ বাৰীলৈ গৈ সাত দিন আছিল। যেতিয়া ঘুনুচাৰ বাৰীলৈ আহিছিল তেতিয়া প্ৰজাগণে ৰং-ৰহইচ কৰি ফাকুগুড়ি ছটিয়াইছিল। চৌদিশে ৰং আৰু আনন্দই বিৰাজ কৰিছিল। ইয়াৰ উপৰি ওড়িশাত প্ৰদ্যুম্ন ৰজাই জগন্নাথ-বলৰামৰ মূৰ্তি স্থাপন কৰি দৌল উৎসৱ কৰিছিল।

সেইদৰে আজিও সেই পৰম্পৰাৰে চিৰ প্ৰবাহ গতি প্ৰসফুটিত লৈ আজি বিভিন্ন ৰাজ্যত দশোদিশ উজলাই দৌল উৎসৱৰ তাৎপৰ্য আৰু হোলী সংস্কৃতিক নতুন ৰূপত সজাই-পৰাই ৰাখিছে।

হোলী উৎসৱৰ মূল অৱদান হৈছে ফাকুগুড়ি আৰু হোলী গীত।

আমি হোলী খেলো

মহানন্দে মনে

প্ৰাণে প্ৰাণে নাচে মধু

প্ৰেম শিহৰণে।

ফাকুগুড়িবোৰ প্ৰাকৃতিকভাৱে তৈয়াৰ হোৱা নিতান্তই প্ৰয়োজন। বিশেষকৈ মদাৰ, পলাশ, শিমলু, পুৰৈ শাকৰ গুটি, জেতুকা, হালধি গুড়ি আদিৰে তৈয়াৰী ফাকুগুড়িহে উৎকৃষ্ট বুলি কোৱা হয়।

হোলী উৎসৱ হৈছে এবিধ লোক উৎসৱ। ইয়াৰ অনেক লোক পৰম্পৰা আৰু লোকবিশ্বাস জড়িত হৈ আছে। বিশেষকৈ ফাকুগুড়ি গালে-মুখে ঘঁহিলে বসন্ত ৰোগ নহয়। এই ৰং ঘঁহিলে গাৰ ছাল নিমজ হয়। মুখৰ সৌন্দৰ্য বৃদ্ধি হয়। ইয়াৰ উপৰি দৌলৰ মণ্ডপৰ চাৰিওফালে ঘূৰিলে পূৰ্বজন্মৰ পাপ নাশ হয় বুলি কোৱা হয়। ফাকুগুড়ি পৃথিৱীত পৰিলে মাটিৰ উৰ্বৰতা বৃদ্ধি হয়।

দৌল উৎসৱ যিদৰে পালন নকৰক কিয় ইয়াৰ লগত জড়িত হৈ আছে মানুহৰ ৰং, আনন্দ আৰু লোক পৰম্পৰা।

আজি ৰঙে ৰঙে একাকাৰ

আহা সবে মিলি খেলো হোলী

মিলি সবে প্ৰাণে পাণে

আজি ৰঙে ৰঙে একাকাৰ

হোলী গীতৰ ধ্বনিৰে মুখৰিত চৌদিশ ফাকুগুড়িৰ ৰঙে-ৰূপে একাকাৰ। মন-প্ৰাণত শিহৰণ।

এই দৌল উৎসৱ বৰপেটাত পালন কৰি হোলী গীতৰ ধ্বনিৰে মুখৰিত হৈ উঠে। দৌল উৎসৱ ফাগুন মাহৰ পূৰ্ণিমাত অনুষ্ঠিত হ’লে ডেকা ‘দেউল’ পাঁচদিনীয়াকৈ আৰু চ’ত মাহত পূৰ্ণিমাত অনুষ্ঠিত হ’লে ‘বুঢ়া দেউল’ তিনিদিনীয়াকৈ পালন কৰা হয়।

দৌল উৎসৱৰ প্ৰথম দিনা ‘গোন্ধ’ বা ‘গোন্ধযাত্ৰা’, দ্বিতীয় দিনা ‘ভৰ দৌল’ আৰু তৃতীয় দিনা ‘সুৱেৰী’ অৰ্থাৎ ফাকুৱা। এনেদৰে দৌল উৎসৱ পালন কৰা হয়।

দৌল উৎসৱত মানুহৰ মন ৰং আৰু আনন্দৰে ভৰি পৰে। ধনী-দুখীয়া, উচ্চ-নীচ মনোভাৱ পাহৰি ফাকুৱাৰ ৰঙৰ আনন্দত মতলীয়া হৈ পৰে। ব্যক্তিগত জীৱনৰ দুখ-দুৰ্দশা অভাৱ-অভিযোগ পাহৰি ৰঙৰ আবীৰ সানি মন-প্ৰাণ আনন্দত নাচি উঠে।

কিয়নো দৌল উৎসৱ হৈছে ৰং আৰু আনন্দৰ উৎসৱ। সম্প্ৰীতিৰ উৎসৱ। দৌল উৎসৱৰ লগত আমাৰ সভ্যত-সংস্কৃতি সংপৃক্ত হৈ আছে।

ধৰ্মীয় পৰম্পৰা ভাৰতীয় লোক-বৈচিত্ৰ্যৰ মাজত এই দৌল উৎসৱ উদযাপন কৰা হয়।

ফাকুৱাৰ এই মহা মেলা

নকৰিবা হেলা

মনে-প্ৰাণে মিলি সবে

ফাকুগুড়ি সানো আহা।

লেখক: ধনেশ্বৰ হুজুৰী(অসম বাণী)

শেহতীয়া উন্নীতকৰণ: : 1/20/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate