অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দৰঙৰ দেউল

দৰঙৰ দেউল

অসমৰ বাৰেৰহণীয়া লোক উৎসৱৰ বৰ ভেটিলৈ দৰঙৰ দেউল উৎসৱ এক অনবদ্য সংযোজন। সমগ্ৰ বহাগ মাহ ধৰি উদ্‌যাপিত হোৱা দেউল উৎসৱ দৰঙী ৰাইজৰ ঋতুকালীন বসন্তোৎসৱেই নহয়, ভেদাভেদ পৰিহৰি পাৰস্পৰিক ভাৱ বিনিময়েৰে এখন আকাশৰ তলত আন্তৰিকতাৰে জীৱনৰ জয়গান গোৱা ই মিলনৰ মহোৎসৱ। কামৰূপৰ ভঠেলি, সুৱৰি বা স’ৰি আৰু উত্তৰ গোৱালপাৰাৰ বাঁশ পূজাৰ বাঁহ পূজন কৃত্যৰ লগত দৰঙৰ দেউলৰ সাদৃশ্য পণ্ডিতসকলে দেখা পাইছে। প্ৰাচীন কালৰ বিষ্ণু-পূজাৰ লগত প্ৰজননৰ প্ৰতীক বাঁহ পূজা একাকাৰ হৈ ভূঞাসকলৰ ৰাজত্বকালত ব্যাপকতা লাভ কৰে। দেউল শব্দটো সংস্কৃত দেৱদল শব্দৰপৰা বিকাশ লাভ কৰা বুলি পণ্ডিতসকলে অনুমান কৰিছে। দেউল উৎসৱ বা পূজা এটা ওখ মাটিৰ ঢিপত কৰা ক্ৰিয়া-কাৰ্যক ভিত্তি কৰি অনুষ্ঠিত হয়। ওখ মাটিৰ ঢিপটোত সাতোটা খলপ থাকে। এই সাত খলপাক সাতোখন স্বৰ্গৰ প্ৰতীক বুলি মানুহে বিশ্বাস কৰে। দেউলৰ একেবাৰে ওপৰত এটা শিল স্থাপন কৰা হয়। গোটেই দেউল ঢিপটোৰ চাৰিও কোণত চাৰিডাল জাতিবাঁহ কিছু অংশ জেকনি কাটি ডালে ডালে পোতা হয়। তাৰ লগতে চাৰিটা কলপুলিও পোতা হয়। দেউলৰ সেই ঢিপটোৰ মাজত মৎসসহ দুটা মগৰৰ এখন সিংহাসন প্ৰতিষ্ঠা কৰা দেখা যায়। দেউলৰ কাষত নামনিত চাৰিও কোণত চাৰিটা কলপুলিৰে এখন সুন্দৰকৈ বেদী সজা হয়। ইয়াত পুৰোহিতে বিষ্ণুপূজা কৰে। বিষ্ণু পূজাৰ আৰম্ভৰ আগেয়ে পুৰোহিতে সিংহাসন মূৰত লৈ সাতোটা খলপ প্ৰদক্ষিণ কৰি শীৰ্ষস্থানত গৈ বিষ্ণু মূৰ্তিক সিংহাসনত প্ৰতিষ্ঠা কৰি, সেইখন পুনৰ মূৰত লৈ আহি নামনিৰ বেদীত তাক স্থাপন কৰি পূজা আৰম্ভ কৰে। এই গোটেই কৃত্যখিনি পৱিত্ৰ আৰু শুদ্ধ প্ৰক্ৰিয়াৰে কৰা হয়। সাধাৰণতে দেউল পূজা কৰোঁতেই এই ক্ষেত্ৰত আগভাগ লয়। আগদিনাৰপৰা দেউল সাৰি-মচি সুন্দৰকৈ সজোৱা, নামনিৰ বেদী ধূপ-ধূনা-দীপেৰে শোভিত কৰা গোটেই ক্ৰিয়া কলাপখিনিৰ মাজত ভগৱান বিষ্ণুৰ প্ৰতি অপায়-অমংগল, মাৰি-মৰক বিনাশৰ প্ৰাৰ্থনা জড়িত হৈ থাকে। সেয়েহে এই দেউল উৎসৱ পবিত্ৰ। মন কৰিবলগীয়া যে দেউল পূজাৰ আগদিনা দেউলৰ কাষত কলচোঁচনিৰে সজা এটা ঘৰত ভোবোৰা ছাগলীৰ দাড়ি পোৰা অনুষ্ঠান হয়। ইয়াক মেষ-দাহন বোলা হয়। এই গোটেই কৃত্যখিনিৰ লগত ওজাপালিকে আদি কৰি দৰঙী লোক কলা কৃষ্টি মাংগলিক অনুষ্ঠান হিচাপে পৰিবেশন কৰা হয়। দৰঙৰ দেউল উৎসৱ বহু পুৰণি কালৰ পৰাই প্ৰচলিত যদিও ৰজাসকলৰ পৃষ্ঠপোষকতাত এই উৎসৱে ৰাজকীয় মৰ্যাদা লাভ কৰি অধিক প্ৰসাৰিত হয়। সমগ্ৰ বহাগ মাহৰ বিভিন্ন দিনত দেউল দৰঙৰ বিভিন্ন ঠাইত উদ্‌যাপিত হয়। পূব কামৰূপলৈকে এই উৎসৱ বিস্তাৰিত। সামাজিক জীৱনত ইয়াৰ ভূমিকা অনস্বীকাৰ্য। বৰদৌলগুৰিৰ দেউল, বুঢ়ীনগৰৰ দেউল, ঘোঁৰাবন্ধাৰ দেউল আদি দেউল উৎসৱবোৰ দৰঙৰ অন্যতম ডাঙৰ দেউল।

লিখক: শ্ৰী হেমেন ৰাজবংশী, অসমীয়া সংস্কৃতিৰ কণিকা

শেহতীয়া উন্নীতকৰণ: : 3/13/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate