অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পুৰীৰ নামঘৰ:

পুৰীৰ নামঘৰ:

 

অসমৰ সুযোগ্য সন্তান প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পঞ্জাবৰ প্ৰাক্তন ৰাজ্যপাল মহেন্দ্ৰ মোহন চৌধুৰীৰ সবল নেতৃত্বত হলধৰ ভূঞা, মতিৰাম বৰা, বাগ্মীবৰ নীলমণি ফুকন, মিত্ৰদেৱ মহন্ত, গহন চন্দ্ৰ অধিকাৰী, বিমলা প্ৰসাদ চলিহা আদি বৰেণ্য ব্যক্তিসকলৰ অশেষ ত্যাগ আৰু প্ৰচেষ্টাত গঢ়ি উঠিছিল ‘শ্ৰীশংকৰদেৱ সংস্কৃতি সমাজ’ নামৰ এটা অনুষ্ঠান। ১৯৫৮ চনত গঠন হোৱা শ্ৰীশংকৰদেৱ সংস্কৃতি ৮সমাজ ১৯৬০-৬১ চনৰ পঞ্জীয়নভুক্ত এটি অনুষ্ঠান। লক্ষ্য আছিল ভাৰতবৰ্ষৰ প্ৰধান তীৰ্থস্থানবিলাকত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম, কলা-কৃষ্টি প্ৰচাৰ আৰু প্ৰসাৰ আৰু এই উদ্দেশ্যে সাংস্কৃতিক কেন্দ্ৰ, নামঘৰ, পুথিভঁৰাল, যাত্ৰীনিৱাস, সত্ৰীয়া নৃত্য-গীতৰ গৱেষণা কেন্দ্ৰ, শিক্ষানুস্থান, চিকিৎসালয় আদি প্ৰতিষ্ঠা কৰা। এই লক্ষ্য বাস্তৱত ৰূপায়ন কৰাৰ পৰিকল্পনাৰে অসমৰপৰা প্ৰায় দুই হাজাৰ কিলোমিটাৰ দূৰত্বত অৱস্থিত ওড়িশাৰ তীৰ্থস্থান পুৰীত ‘পুৰী প্ৰকল্প’ ৰূপায়ণ কৰাৰ সিদ্ধান্ত লোৱা হয়। মহেন্দ্ৰ মোহন চৌধুৰীৰ তৎপৰতাত আৰু ওড়িশাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জানকী বল্লভ পাটনায়কৰ সহযোগত আৰু অসম পাণ্ডা গোপালকৃষ্ণ মহাপাত্ৰই সহায়ৰ হাত আগবঢ়াই এই অনুষ্ঠানটো গঢ়ি উঠাত অনন্য ভূমিকা গ্ৰহণ কৰে। তেতিয়াৰ ওড়িশাৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডম্বৰুধৰ পাঠকৰ প্ৰচেষ্টাত অসম চৰকাৰ আৰু শ্ৰীশংকৰদেৱ সংস্কৃতি সমাজ(পুৰী প্ৰকল্প)ৰ সংস্কৃতিৱান উদ্যোগী ব্যক্তিৰ লগতে অসমৰ ভক্তপ্ৰাণ ৰাইজৰ দান-বৰঙণিৰ দ্বাৰা প্ৰতিষ্ঠিত এই অনুষ্ঠানটোত বহু দৰ্শনাৰ্থী উপস্থিত হৈ পুলকিত হয়।

ডম্বৰুধৰ পাঠক আৰু সুৰেন্দ্ৰ নাথ মেধিৰ প্ৰচেষ্টাত সেই সময়ৰ অসম পাণ্ডা গোপালকৃষ্ণ মহাপাত্ৰ আৰু তেওঁৰ পুত্ৰদ্বয় গোবিন্দ চন্দ্ৰ্ মহাপাত্ৰ আৰু বৈদ্যনাথ মহাপাত্ৰই আগবঢ়োৱা ৪ কঠা মাটিত এটি নামঘৰ নিৰ্মাণৰ পৰিকল্পনা কৰা হয়। সেই অনুযায়ী ১৯৮৪ চনত পুৰীৰ লোকনাথ ৰোডত অৱস্থিত ‘সান্ধজাগা’ত প্ৰথমে সৰুকৈ এটি নামঘৰ প্ৰতিষ্ঠা কৰা হয়। পৰৱৰ্তী সময়ত পুৰণি নামঘৰৰ সমীপত ১৯৯৩ চনত নতুন আৰ্হিৰ নামঘৰৰ আধাৰশিলা স্থাপন কৰা হয়। জানিব পৰা মতে প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই ১৯৯৫ চনত আগবঢ়োৱা এক লাখ টকাৰ অনুদানেৰে নামঘৰ নিৰ্মাণৰ কাম সম্ভৱ কৰি তোলে। ১৯৯৮ চনত নতুনকৈ নিৰ্মাণ কৰা নামঘৰত গুৰু আসন প্ৰতিষ্ঠা কৰে। দৃষ্টিনন্দন ৰূপত সজাই তোলা বৰ্তমানৰ পুৰীৰ নামঘৰত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ২০০৩ চনৰপৰা প্ৰতিবছৰে দুদিনীয়াকৈ বিশেষ ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰি ‘পুৰী মহোৎসৱ’ হিচাপে পালন কৰা দেখা যায়। পুৰীৰ স্থানীয় লোকৰ সহযোগিতাৰে ‘পুৰী মহোৎসৱ’ত সাংস্কৃতিক শোভাযাত্ৰা, পালনাম, ৰাজহুৱা সভাৰ লগতে সমন্বয়ৰ বাৰ্তাৰে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰি আহিছে।

ওড়িশাৰ সমুদ্ৰতীৰৰ পুৰীত অৱস্থিত হিন্দুৰ ধৰ্মীয় পীঠ পৱিত্ৰ তীৰ্থস্থান জগন্নাথ মন্দিৰৰপৰা কিছু নিলগত প্ৰতিষ্ঠিত অসমৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰত বৰপেটা সত্ৰৰ প্ৰণালীত পুৱা আৰু গধূলী নিত্য নাম-প্ৰসংগৰ নিয়মীয়া অনুষ্ঠানৰ লগতে মহাপুৰুষ দুজনা গুৰু আৰু বুঢ়া আতাপুৰুষৰ তিথি, গুৰুজনাৰ জন্মোৎসৱ, শ্ৰীশ্ৰী কৃষ্ণৰ দৌল যাত্ৰা, শ্ৰী কৃষ্ণ জন্মাষ্টমী, ব’হাগ বিহু, মাঘ বিহু আদি সত্ৰীয়া ৰীতি-নীতি তথা নাম-প্ৰসংগৰে উদযাপন কৰি অহা হৈছে। নামঘৰৰ লগতে পুৰী প্ৰকল্পৰ অধীনত এটি পুথিভঁৰাল, যাত্ৰী-দৰ্শনাৰ্থীৰ বাবে অতিথি গৃহ আৰু খোৱা-লোৱাৰ বাবে কেন্টিন এখনৰ সুব্যৱস্থা কৰা দেখা গৈছে।

শ্ৰীশংকৰদেৱ সংস্কৃতি সমাজ, পুৰী প্ৰকল্পৰ বৰ্তমানৰ সভাপতি ডালিম পাঠক, সাংস্কৃতিক সম্পাদক ইলা কলিতা তথা সদস্যা কণিকা পাঠকৰ তৎপৰতা আৰু আগ্ৰহত শুভাকাংক্ষী ৰেণু চৌধুৰীয়ে তেওঁৰ পুত্ৰ কুশান চৌধুৰী, বোৱাৰী অসীমা চৌধুৰীৰ সহযোগত আৰ্থিক বৰঙণি আগবঢ়াই প্ৰয়াত জিতেন চৌধুৰী সোঁৱৰণী মঞ্চ এখন নিৰ্মাণ কৰি উলিয়ায়। উল্লেখনীয় যে পুৰীৰ নামঘৰৰ কাষতে পূৰ্ণাংগ পৰ্যায়ৰ তিনিমহলীয়া পকী অতিথিশালাৰ সুব্যৱস্থাই অসমৰপৰা যোৱা ভক্ত দৰ্শনাৰ্থী যাত্ৰীৰ মনলৈ আশা কঢ়িয়াই অনা পৰিলক্ষিত হয়। এই অতিথিশালাত দুখনকৈ বিচনা থকা ১৪টা আহল-বহল সুন্দৰ কোঠা আৰু ২৯ জন লোকে ব্যৱহাৰ কৰিব পৰা দুটা বৃহৎ সাধাৰণ কোঠাৰ উপৰি ভূমি সংলগ্ন মহলাটোত বৃহদাকাৰ হল আছে, য’ত আঢ়ৈশৰো বেছি অতিথি থকাৰ ব্যৱস্থা কৰা হৈছে। টাইছৰ-মাৰ্বলৰ মজিয়াযুক্ত কোঠাবোৰৰ ভাৰাও তুলনামূলক ভাৱে কম। বিভিন্ন সংস্কৃতিৱান ব্যক্তিৰ দান-বৰঙণি আৰু সামান্যভাৱে পোৱা চৰকাৰী অনুদানৰ লগতে উৰিষ্যা চৰকাৰৰপৰা পোৱা সঁহাৰিৰ বাবে ওড়িশাৰ সান্ধজাগাত বিভিন্ন প্ৰান্তৰ ৰাইজৰ সুবিধাৰ অৰ্থে পুৰী প্ৰকল্পৰ অধীনত নামঘৰ আৰু অতিথিশালা নিৰ্মাণ কৰাটো সম্ভৱ হৈছে বুলি সম্পাদক বীৰেন্দ্ৰ নাথ পাঠকৰপৰা জানিব পৰা গৈছে। এই প্ৰকল্পৰ যোগেদি অসমীয়া যুৱকৰ লগতে ওড়িয়া লোক কেইজনমানেও কৰ্মসংস্থাপন লাভ কৰিছে। পুৰীৰ নামঘৰ তথা অতিথিশালাৰ যাত্ৰীসকলৰ সেৱাত নিয়োজিত থকা যুৱকসকলৰ লগতে ভকতসকল হ’ল শঙ্খনিধি মিত্ৰ, ৰূপাংগ দাস, যোগেন ৰাভা, বিক্ৰম বণিয়া, নাৰায়ণ ৰাউত নাৰু, নৱ কুমাৰ কাকতি, নৱজিৎ বণিয়া, মধুসূধন ৰথ, ত্ৰিনাথ দাস, বিনু নায়ক, জহ্না নায়ক।

পুৰীস্থিত জগন্নাথ মন্দিৰৰপৰা পশ্চিম দিশত প্ৰায় আধা কিলোমিটাৰ দূৰত্ব অৱস্থিত নামঘৰ আৰু অতিথিশালাত পৰ্দাপণ কৰি ভ্ৰমণ কৰিব বিচৰা যাত্ৰী-দৰ্শনাৰ্থীসকলে যোগাযোগ কৰি সহায় ল’ব পৰা দুটি ফোন নম্বৰ উল্লেখ কৰা হ’ল- ০৬৭৫২-২৩০৭৩৮, ০৯৪৩৭০৮৮৭৩৮। এইখিনিতে উল্লেখ কৰি থোৱা ভাল যে পুৰীৰ নামঘৰৰ মূল তোৰণখন তামুলপুৰৰ সদাশয় ব্যক্তি লেহোৰাম বড়ো আৰু পুত্ৰদ্বয়ে আগবঢ়োৱা দানৰ দ্বাৰা লাহৰী বড়োৰ সোঁৱৰণত নিৰ্মাণ কৰি উলিওৱা হৈছে।

সম্প্ৰতি পুৰীৰ জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ যোৱা অসমৰ বিভিন্ন প্ৰান্তৰ যাত্ৰী-দৰ্শনাৰ্থীসকলে সান্ধজাগাত থকা শ্ৰীশংকৰদেৱ নামঘৰত গৈ মূৰ দোঁৱাই, শৰাই আগবঢ়োৱাৰ লগতে নামঘৰত বহি নাম-কীৰ্ত্তন কৰি অহাটো পৱিত্ৰ কৰ্তব্য ৰূপে জ্ঞান কৰিবলৈ লৈছে। যিটো আনন্দৰ বিষয়ৰূপে পৰিসফুট হৈ উঠিছে বুলিব পাৰি। পুৰীত শংকৰী সংস্কৃতিৰ ধ্বজা বহন কৰি, অসমৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীশংকৰদেৱৰ গুণ-গৰিমা আদৰ্শৰ বাণী বিলাই নামঘৰৰ মাজেৰে ভকতিৰ অমিয়া ৰসৰ সৌৰভ বিলোৱা পুৰী প্ৰকল্পৰ বৰ্তমানৰ কাৰ্যনিৰ্বাহক সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদক দুগৰাকী হ’ল ডালিম পাঠক আৰু বীৰেন্দ্ৰ নাথ পাঠক। মহাপুৰুষসকলৰ বিশাল ব্যক্তিত্বৰ গুণ-গৰিমা আৰু মহত্ত্বপূৰ্ণ কৃতিত্বক সসন্মানেৰে প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ এনে অনুষ্ঠানৰ সৰ্বাঙ্গীণ উন্নতি সাধনৰ উদ্দেশ্যে সকলো অসমীয়াই আগুৱাই আহি গৌৰৱান্বিত হৈ নিজকে ধন্য কৰাৰ চেষ্টাৰ ত্ৰুটী নকৰিব নিশ্চয়।

লেখক:মন্টুৰাজ দাস(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 1/11/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate