প্ৰাগজ্যোতিষ প্ৰাচীন ভাৰতীয় ভূগোলৰ এটি সুপ্ৰসিদ্ধ স্থানবাচক নাম। বৈদিক যুগৰ ভাৰতীয় ঋষিয়ে এই নামৰ পৰিচয় নাগালেও পিছৰ কালৰ পুৰাণ আৰু মহাকাব্যৰ লিখকসকল কিন্তু এই নামৰ উল্লেখত পঞ্চমুখ। এই নামেৰে তেওঁলোকে ঘাইকৈ তাহানিৰ ভাৰতবৰ্ষৰ পূব প্ৰান্তৰ, আজিৰ বিহাৰৰপৰা আৰম্ভ কৰি নেপাল, ভূটানকো সামৰি সমগ্ৰ উত্তৰ আৰু উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যক্ষেত্ৰকে সামৰি লৈছিল। ৰামায়ণৰ পাতত এই ৰাজ্যৰ উল্লেখ কৰি ৰজা কুশৰ চাৰিপুত্ৰৰ এজন অমূৰ্ত ৰাজাই ম্লেছসকলৰ মাজত প্ৰাগজ্যোতিষ ৰাজ্যৰ পত্তন ঘটোৱাৰ কথা উল্লেখ কৰিছে। মহাভাৰতে কিন্তু ইয়াৰ বিভিন্ন পাঠত এই ৰাজ্য আৰু ৰজা-ৰাজন্যৰ কথা উল্লেখ কৰাৰ লগতে ইয়াৰ তৎকালীন অধিপতি ম্লেচ্ছাধিৰাজুঅ ভগদত্তৰ শৌৰ্য-বীৰ্যৰ ভূয়সী প্ৰশংসা কৰিছে। মহাভাৰতৰ পাতত ভগৱান শ্ৰীকৃষ্ণৰ লীলা-মালাৰ প্ৰসংগতো এই দেশৰ বহুল উল্লেখ আছে। মহাকাব্যৰ পিছতে মহাকবি কালিদাসৰ ৰঘুবংশতো ৰজা ৰঘুৰ দিগ্বিজয় প্ৰসংতো প্ৰাগজ্যোতিষৰ নামোল্লেখ আছে। ইয়াৰ উপৰিও মৎস, ব্ৰহ্মাণ্ড আদি পুৰাণৰ উপৰি ভাগৱত পুৰাণত প্ৰাগজ্যোতিষ ক্ষেত্ৰৰ প্ৰসংগ আছে। শেহতীয়া ভাৱে কিন্তু প্ৰাগজ্যোতিষতেই ৰচিত কালিকা পুৰাণে (দশম শতিকা) এই ৰাজ্যৰ গুণ-গৰিমা গাবলৈ গৈ আদিতে ‘ব্ৰহ্মাই ইয়াতেই’ স্থিতি লৈ বিশ্ব-ব্ৰহ্মাণ্ডৰ গ্ৰহ-নক্ষত্ৰ ইয়াৰপৰাই স্ৰজা বুলি কৈ পেলালে। ইয়াৰেই আঁত ধৰি ইংৰাজ ঐতিহাসিক গেইট চাহাবে প্ৰাগজ্যোতিষ ক্ষেত্ৰ পূৰ্ব ভাৰতৰ জ্যোতিষ চৰ্চাৰ কেন্দ্ৰ আছিল বুলি অনুমান কৰিছে। বুৰঞ্জীবিদ কনকলাল বৰুৱাই ইয়াৰ সাক্ষ্য হিচাপে বৰ্তমানৰ চিত্ৰাচল পাহাৰ আৰু ইয়াৰ নৱগ্ৰহ মন্দিৰক ইবোৰৰ সাক্ষী হিচাপে দাঙি ধৰিছে। ড° বাণীকান্ত কাকতিয়ে কিন্তু প্ৰাগজ্যোতিষৰ আঁত বিচাৰি অন্য এটি ভাষাতাত্বিক প্ৰসংগৰহে অৱতাৰণা কৰিছে: তেখেতৰ মতে প্ৰাগজ্যোতিষ একালৰ অষ্ট্ৰিকসকলৰ ‘পগৰ-জুহ(জো) টিচ’ (বিস্তৃত ওখ ওখ পাহাৰে আগুৰা ক্ষেত্ৰ)হে; আৰু পিছলৈ ইয়েই সংস্কৃতীয়া ৰূপ পৰিগ্ৰহ কৰি প্ৰাগজ্যোতিষ হ’লগৈ।
লিখক: অধ্যাপক সুশীল শৰ্মা, অসমীয়া সংস্কৃতিৰ কণিকা।
শেহতীয়া উন্নীতকৰণ: : 3/11/2020
বিহুৰ ব্যুৎপত্তি, পৰম্পৰা আৰু আহাৰ্য্য দ্ৰব্যৰ গুণ...