অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৰদোৱাৰ দৌল উৎসৱ

বৰদোৱাৰ দৌল উৎসৱ

বৰদোৱা। এই বৰদোৱাৰপৰাই ৫৪৭ বছৰৰ আগেয়ে মহাপুৰুষ শ্ৰীমন্ত শ্ংকৰদেৱ বৃহত্তৰ অসমীয়া জাতি গঠনৰ সপোন দেখিছিল।এই বৰদোৱাৰ পৰাই গীত নৃত্য,অভিনয়। সাহিত্য, চিত্ৰ, সাজ-সজ্জা, আচাৰ-ব্যৱহাৰ মাধ্যমৰে মহাপুৰুষজনাই এনে এক স্ংস্কৃতিৰ সৃষ্টি কৰিলে যি সংস্কৃতিয়ে অসমৰ জনতাক দিলে ঐক্যকামী শক্তি।সচাঁ অৰ্থত কবলৈ হলে অসমীয়া জাতিটোৰ সামগ্ৰীক বিকাশ বৰদোৱাৰ কেন্দ্ৰ কৰিয়েই আৰম্ভ হৈছে। যি কি নহকও ১৪৬৯ খ্ৰীষ্টাব্দত শ্ৰীমন্ত শ্ংকৰদেৱ বৰদোৱাত দৌল নিৰ্মানেৰে আৰম্ভ কৰিলে ফল্লু উৎসৱ-ভুঞাসকলৰ চাইলা/শ্ংকৰে বুলি লৈলা/দৌল এক বান্ধিৱাক মন/সমীপতে ফাগু ভৈলা/সনঢৰা আমাত কৈলা/ভূঞাগনে কৰিয়ো যতন//

প্ৰস্ংগক্ৰমে উল্লেখ কৰিব পাৰি যে খ্ৰীষ্ট্ৰিয় চতুৰ্দশ-সপ্তদশ শতিকাত সমগ্ৰ ভাৰতবৰ্ষ জুৰি সংঘটিত হোৱা ভক্তি আন্দোলনৰপৰা মহাপুৰুষ শ্ৰীমন্ত শ্ংকৰদেৱ ভক্তি আন্দোলনপৰা মহাপুৰুষ শ্ৰীমন্ত শ্ংকৰদেৱৰ ভক্তি আন্দোলনৰপৰা মহাপুৰুষ শ্ৰীমন্ত শ্ংকৰদেৱ ভক্তি আন্দোলন পৃথক নহয়।ড:সুনীতি কুমাৰ চট্ৰোপাধ্যায়ে কোৱাৰ দৰে—Sankardev is special connected with Assam,but he belongs to the whole India and he has a universal quality as a man of faith and religion of learning and organization,সম্ভৱত এনে এক সম্পৰ্কৰ বাবেই জগন্নাথ পুৰী,দ্বাৰাকা,সীতাকুণ্ড,পুস্কৰিনী,বৃন্দাবন,বদৰিকাশ্ৰ্ম আদি তীৰ্থ ভ্ৰমনৰ পিছত মহাপুৰুষ শ্ৰীমন্ত শ্ংকৰদেৱে দক্ষিন ভাৰতৰ সেই তীৰ্থস্থানসমূহত পালিত ফল্লু উৎসৱ অসমতো পালনৰ দিহা কৰে বুলি একাংশ বৈষ্ণৱ পণ্ডিতে অভিমত ব্যক্ত কৰে।কোনো বৈষ্ণৱ পণ্ডিতৰ মতে মহাপুৰুষ শ্ৰীমন্ত শ্ংকৰদেৱে ব্ৰ্ক্ষপুৰানৰ ইন্দ্ৰ্দ্যুম্ন ৰাজ্যৰ অখ্যানৰপৰা আকৰ্ষিত হৈ ফল্লু উৎসৱ পালন কৰিছিল।আখ্যান মতে মালৱ দেশৰ ইন্দ্ৰ্দ্যুম্ন নামৰ এজন বিষ্ণু ভক্তই তেওঁৰ ৰাজধানী ওকেষাত দৌল নিৰ্মান কৰি তাত বলোভদ্ৰ,শ্ৰীকৃষ্ণ আৰু সুভদ্ৰাৰ প্ৰ্তিমুৰ্তি স্থাপন কৰি দৌল উৎসৱ উদযাপন কৰিছিল।ৱি আখ্যানৰপৰা অনুপ্ৰানিত হৈয়ে শ্ংকৰদেৱে তেঁওৰ “ঔৰেষা বৰ্নন লিখিছে—কিবা হেতু ইন্দ্ৰ্দ্যুম্ন ৰাজা শুদ্ধচিত্তে।/কৰিলন্ত অশ্বমেধ ঔৰেষাপুৰীত/বন্নাইল অদ্ভুত দৌল আশ্চৰ্য মহিমা/ৰাম কৃষ্ণ সুভদ্ৰাৰ সজাইল প্ৰ্তিমা।শ্ৰীমন্ত শ্ংকৰদেৱে ব্ৰক্ষপুৰানৰ এই অখ্যানৰপৰা অনুপ্ৰানিত হৈয়ে বটদ্ৰৱাত দৌল মন্দিৰ নিৰ্মান কৰি উৎসৱ আয়োজন কৰিছিল বুলি ভবাৰ থল আছে।“গুৰুচৰিত উল্লেখ থকা মতে ১৪৬৯ খ্ৰীষ্টাব্দত ২১ বছৰ বয়সত শ্ৰীমন্ত শ্ংকৰদেৱ বটদ্ৰবাত দৌল নিৰ্মান কৰি ফল্লু উৎসৱ পালন কৰিছিল।সেই সময়ত তেওঁ চিহ্নযাত্ৰা ভাওনা প্ৰদৰ্শন কৰিছিল।উকা বগা কপাহী কাপোৰত সাত বৈকুন্ঠৰ ছবি অংকন কৰিছিল।–দক্ষিনে যাত্ৰাৰ দৌল মহাপুৰুষে নিমিলা/সাতো বৈকুন্ঠৰ চিহ্ন আকিয়া দেখাইলা।।শ্ংকৰদেৱ পৰামৰ্শ অনুযায়ীহে বলোৰাম আতৈয়ে মৰুৱাপূৰৰপৰা কেইবা কলহো ফাকুগুৰি বৰদৌৱালৈ ভাৰ বৈ আনিলে।সণধৰা দলৈয়ে জ্যোতিয়ে চাই ফাগুন মাহৰ পূৰ্নীমাৰ তিথিটো দৌল উৎসৱৰ দিন নিৰ্ধাৰন কৰিলে।কপিলীপৰীয়া কুমাৰৰ হতুৱাই নিৰ্মান কৰা মাটিৰ খোলত শ্ংকৰদেৱৰ লগতে উদাৰ আতৈ,কেতাই খাঁ,গোবিন্দ আতৈৰ হাতে বুলনি তুলিলে।শ্ংকৰদেৱে নিজে নটা খোল বজালে।নাৰায়ন ভাৱত ভাও দিলে।ৰামৰাম আতৈ হল সূত্ৰধাৰ,সৰ্বজয় ওলাল গৰুড় পখী হৈ।গুৰু ধেমালী বৰ ধেমালী,ঘোষা ধেমালী,সৰু ধেমালী,আদিত ৰজনজনাই গল আকাশ বতাহ।১৫২৬ খ্ৰীষ্টাব্দত গুৰুজনাই সিংহল অৰ্থাৎ কন্দলৰ ঠাই বুলি কছাৰীৰ উপদ্ৰৱ অতিষ্ঠ হৈ বটদ্ৰ্ৱা ত্যাগ কৰাৰ আগলৈকে প্ৰ্তি বছৰে বৰদোৱাত ফাগুনৰ পূৰ্নিমাৰ দিনা দৌল উৎসৱ উদযাপন কৰি আহিছিল আৰু গোসাইঁ ফুৰাইছিল—এহিমতে প্ৰতিমাক আনন্দে ফুৰায়/মন্দিৰক লাগি পিছে মূৰ্তি লৈয়া যায়/গৃহক নিবাৰ পাছে গীত কৰিলন্ত/আপুনি শ্ংকৰদেৱ বাজনা বজান্ত।১৬৫৬ চনত আই কনকলতাই গুৰুজনাই বটদ্ৰবা ত্যাগ কৰাৰ ১৩০ বছৰৰ পিছত ভাগীনীয়েক দামোদৰ আতাক লগত লৈ স্বৰ্গদেউ জয়ধ্ব্জ সিংহৰ বিষয়া টডচু বৰফুকনৰ সহায়ত বৰদোৱা থান অধিকাৰ হয়।১৮০৫ চনত স্বৰ্গদেউ কমলেশ্বৰ সিংহই তাম্ৰ্ফলি কৰি বৰদোৱা থানক ৰামচৰন আৰু ৰামদেৱৰ মাজত ভগাই দিয়ে।ৰামদেৱ আতা বয়সত জ্যেষ্ঠ হোৱা বাবে তেওঁৰ ফালটো বৰহিছা আৰু ৰামচৰন আতাৰ ফালটো বৰহিছা আৰু ৰামচৰন আতাৰ ফালটো সৰু হিছা বোলে।তদুপৰি ৰামদেৱ আতাৰ ফালটো সৰু হিছা বোলে।তদুপৰি ৰামদেৱ আতাৰ মূল নৰোৱা সত্ৰৰ বাবে এই অংশক নৰোৱা আৰু ৰামচৰন আতাৰ মূল শলগুৰি সত্ৰৰ বাবে এই অংশক নৰোৱা আৰু ৰামচৰন আতাৰ মূল শলগুৰি সত্ৰৰ বাবে এই অংশক শলগুৰি বোলা হয়।১৯৫৫ চনলৈকে দ্বিবিভক্তভাৱে নৰোৱা আৰু শলগুৰি সত্ৰই দৌল উৎসৱ উদযাপন কৰি আহিছিল।১৯৫৫ চনৰ ১৬ জানুৱাৰী চৰ্দাৰ যোগছিং ছেত্ৰীৰ পৌৰোহিত্যত অনুষ্ঠিত এখন সভাত বটদ্ৰৱা স্মৃতি স্ংৰক্ষন সমিতি গঠন কৰি দ্বিবিভক্ত বটদ্ৰৱা থানখন একত্ৰিত কৰাৰ চেষ্ঠা কৰা হয়।ইয়াৰ পূৰ্বে হলধৰ ভূঞা,মতিৰাম বৰা,বাগ্মীবৰ নীলমনি ফুকন,হৰিনাৰায়ন দত্ত বৰুৱা আদিয়ে একত্ৰিকৰনৰ চেষ্ঠা চলাইছিল যদিও সফল হোৱা নাছিল।পিছত বটদ্ৰৱা স্মৃতি স্ংৰক্ষন সমিতি গঠন কৰি এইসকল লোকেই ১৯৫৫ চনত মহেন্দ্ৰ মোহন চৌধৰীৰ সভাপতি,বিমলাকান্ত বৰা আৰু হলধৰ ভূঞাক উপ-সভাপতিৰ দায়িত্ব দিয়ে।১৯৫৮ চনৰ ১১ অক্টোবৰত এই সমিতিখন বটদ্ৰৱা থানা পৰিচালনা সমিতি বুলি নামাকৰন কৰা হয়।সেইদিনাই বিষ্ণুৰাম মেধিৰ পৌৰোহিত্যত অনুষ্ঠিত এখন সভাত বটদ্ৰৱা থানৰ দুটা কীৰ্তন ঘৰৰ থানত এটা কীৰ্তন ঘৰ স্থাপন কৰি আনুষ্ঠিনভাৱে ইয়াক মুকলি কৰা হয়।তেতিয়াৰপৰাই শলগুৰি আৰু নৰোৱা সত্ৰই একত্ৰিতভাৱে ফল্লু উৎসৱ সলনাসলনিকৈ পালন কৰি আহিছে।ফাগুন মাহৰ শুল্কা চতুৰ্দশীৰ দিনা গন্ধবদনৰে ফাকুৱা উৎসৱ আৰম্ভনি কৰে।সেই দিনাৰ সন্ধিয়া পৰম্পৰাগত্ভাৱে গন্ধ ঘৰ পোৰা অনুষ্ঠান পালন কৰা হয়।পিছত কীৰ্তন ঘৰৰপৰা কৃষ্ণৰ মূৰ্তি উলিয়াই ৰভাঘৰৰ স্থাপন কৰা হয়।গোঁসাইৰ মূৰত তেল ফুল দি বৈকুন্ঠৰ নাথ দৌলৰসে কেলি কৰে আদি গীত গাই গোবিন্দ মূৰ্তিক দৌলৰ আসনত বহোৱা হয়।পিছদিনা ফাগুনৰ পূৰ্নিমাৰ দিনা দুপৰীয়া গায়ন বায়ন দবা কাহঁ শ্ংখ ধ্বনি মাজেৰে গোঁসাইৰ মূৰত ফাকু দিয়ে।তৃতীয় দিনা অৰ্থাৎ প্ৰ্তিপদ তিথিত নিদিষ্ট সজ্জিত আসনত গোবিন্দ মূৰ্তিক উঠাই নামগীত গাই দেৱবাদ্য বজাই গোসাঁইক দৌললৈ নি তিনিবাৰ প্ৰদক্ষিন কৰায়।পিছত কীৰ্তন ঘৰত স্থায়ী আসনত প্ৰতিষ্ঠা কৰোৱা হয়।যাত্ৰাপথত পৰম্পৰা অনুসৰি গোঁসাইক নৰোৱা সত্ৰ আৰু শিলিগুৰি সত্ৰত সেৱা সৎকাৰ কৰা হয়।দুইখন সত্ৰৰ বাসিন্দাসকল বা বটদ্ৰৱা ৰাইজ অন্য ঠাইৰপৰা যোৱা ভক্তপ্ৰান ৰাইজেও সেৱা সৎকাৰ কৰে।সেই সময়ত ফালু ছটিয়াই ৰ্ং ধেমালী কৰা হয়।গোসাঁই ঘুৰি আহি কীৰ্তন ঘৰ পোৱাৰ লগে লগে সকলো দুৱাৰ বন্ধ হোৱাত গোঁসাইৰ লগত যোৱা গায়ন-বায়নে কোৱাত লক্ষ্মী আইৰ ফালৰপৰা কয়—মোৰ পৰামৰ্শ নোলোৱাকৈ যোৱাত মই ভাল নাপালো আৰু সৰস্বতী দুৱাৰে আহক।সৰস্বতী আয়ে তেতিয়া কয়-যাওঁতে লক্ষ্মীৰ দুৱাৰেদি গৈছে সেই দুৱাৰেদি আহক।পিছত এনেদৰে কথা কটাকটি হৈ আলোচনা মাজেৰে মীমাংসা হয়।তেতিয়া লক্ষ্মী আয়ে পশ্চিম দুৱাৰেদি গৃহত গোসাঁইক প্ৰৱেশ কৰিবলৈ দিয়ে আৰু কীৰ্তনঘৰত গোসাঁইক প্ৰতিষ্ঠা কৰা হয়।উল্লেখ্য বৰদোৱাৰ ফল্লু গোসাঁইক প্ৰতিষ্ঠা কৰা হয়।উল্লেখ্য বৰদোৱাৰ ফল্লু উৎসৱত গন্ধঘৰ পোৰা নামৰ এটা কাৰ্য্যসূচী আছে।ফল্লু উৎসৱৰ প্ৰথম দিনা পশ্চিম দুৱাৰেদি গোসাঁইক উলিয়াই আকাশী গংগাৰ পাৰত সাজি থোৱা এটা সৰু খেৰৰ ঘৰলৈ লৈ যোৱা হয়।তাত তিনি বা সাত পাক ঘুৰাই পূজা কৰি খোল তাল বজাই নাম গায় আনন্দ কৰে।গোসাঁইক লৈ আহিবৰ পিছত ঘৰটো জ্বলাই দিয়া হয়।এই ঘৰটো পোৰা উৎসৱক গন্ধ ঘৰ পোৰা বা আদিবাস কৰা বুলি কোৱা হয়।পিছত গোসাঁইক কীৰ্তন ঘৰৰ বাহিৰত প্ৰতিষ্ঠা কৰা মণ্ডপত প্ৰতিষ্ঠা কৰা হয়।

ফাকুৱা উপলক্ষে বটদ্ৰৱাত এখন মেলা বহে। ফাকুৱা কেৱল ধৰ্মীয় পৰম্পৰাগত উৎসৱেই নহয়।ই জাতি জনগোষ্ঠী,ধৰ্ম-ভাষা নিৰ্বিশেষে সাৰ্বজনীন উৎসৱ। সেয়ে হয়তো বৰদোৱাৰ ফল্লু উৎসৱত হিন্দু মুছলামান সকলো লোককে দেখা পোৱা যায়।ধনী দুখীয়াৰ মাজৰ দুৰ্লংঘ প্ৰাচীৰ ভাগি যায় ফাকুৱাত।ফল্লু উৎসৱ আৰু ফাগুনৰ ৰঙৰ মাজত ৰঙীন হৈ পৰে মানুহৰ হৃদয় স্বপ্ন।

চন্দনজ্যোতি বৰা

শেহতীয়া উন্নীতকৰণ: : 3/9/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate