বৰপেটা সমাজত থলুৱা সোণ – গহনাৰ এক বিশেষ গুৰুত্ব পূৰ্ণ ভূমিকা আছে। পূৰ্বৰ পৰাই একাদিক্ৰমে চলি অহা থলুৱা সোণ – গহনা সকলো মহিলা, জীয়ৰী, নবোৱাৰীয়ে পৰম্পৰাগত ভাৱে বিয়া, বিহু, সভা, দৌল উৎসৱ আদিত সুন্দৰভাৱে পৰিধান কৰে।
বিয়া বুলিলে সেই সময়ত বৰপেটা সমাজত সোণ – গহনা খিনিৰ কথা প্ৰথমতে মনলি আহে। এজনী ছোৱালীক বিয়া দিবলৈ হ’লে দহতোলাৰ পৰা বিশ তোলালৈ সোণ লগত দিয়ে। এয়া কোনো যৌত্তুক হিচাপত নহয়, সেই সময়ত যৌতুকৰ কোনো দাবী নাছিল। বৰপেটাৰ বেছিভাগ মানুহ ধনী – মানী আৰু মহাজন হোৱাৰ বাবেই বেছিকৈ সোণৰ গহনা কইনা জনীৰ জগত দিছিল।
বৰপেটা সমাজত মহিলা সকলে ব্যৱহাৰ কৰা থলুৱা গহনা বোৰ হ’ল – প্ৰজাপতি হাৰ, কেচেলুৰীয়া হাৰ, গলকণ্ঠী, সীতাহাত, চেপেটা মাদুলী, গেজেৰা বা জুট মাদুলী, মটৰ বা মণিহাৰ, জোনবিৰি, শিলিখা, ঢোল মাদুলী, চেইন ইত্যাদি।
কাণত থোক সোণ বা যুৰ সোণ, কেৰু, চাখেলী, কাণবালা, পাথৰৰ থুৰীয়া, টপ, ৰিং, কাণফুলি, পাচা, জুনুকা আদি।
হাতৰ আঙুলিত মোহৰৰ আঙঠি, বাখৰৰ আঙঠি আৰু হাতৰ আঙুলিত হাতবাজু পিন্ধিছিল।
দুই বাহুত বাজু, শিকলিৰ চেইন, বক্সচেইন আদি পিন্ধিছিল।
কপালত কাপেলী, টিকলী আদি ব্যৱহাৰ কৰিছিল।
নাকত হাচা, এছ, নাকাচান্দা, মটৰ, নাকফুলি আদি পৰিধান কৰিছিল।
বৰপেটা সমাজত থোক সোণ আৰু ফেলকেৰু বুলিলে ইয়াৰ বিশেষ তাৎপৰ্য আছে। থোক সোণ আৰু ফুলকেৰু অকল বৰপেটা সোণাৰিয়ে বনাব পাৰে। অসমৰ বহুতেই এই সোণ বৰপেটাৰ সোণাৰিৰ হতুৱাই গঢ়াই নি পৰিধান কৰি আছে। থোক সোণ আৰু ফুলকেৰু গঢ়োঁতে কোনো মেচিনাৰী যন্ত্ৰপাতি ব্যৱহাৰ নকৰে। খুৱ সাৱধানে আৰু বহু কষ্ট কৰি এই অলঙ্কাৰ সমূহ সোণাৰি সকলে বনায়।
থলুৱা সোণৰ গহনাৰ ভিতৰত থোক সোণ, কেৰু, ঢোল মাদুলী আদি ৯২ শতাংশ শুদ্ধতাত থলুৱা সোণাৰি বিলাকে বনায় যদিও বৰ্তমান কিছুমান বাহিৰা সোণাৰিয়ে এই কাম শিকি সস্তীয়া ধাতু মিহলি বাহিৰৰ প্ৰযুক্তিৰ সহায়ত এই কাম কৰিব পৰা হৈছে। ইয়াৰ ফলত সোণাৰি বিলাকো বদনামীৰ ভাগি হ’ব লগা হৈছে। তথাপি থলুৱা গহনাৰ শুদ্ধতা খিনি বৰপেটাৰ সোণাৰিয়ে বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে।
লেখিকা : ছায়াৰাণী মেধি।
উৎস : দেওবৰীয়া বাঁহী।
শেহতীয়া উন্নীতকৰণ: : 1/17/2023