হেঙাৰ বন্ধা (কইনা ঘৰৰ)
হাঙৰ বান্দুং লাটি লুটি
আৱা সূতাৰ শক্ত গাঁঠি
কুনটা বাপুৰেৰ সাধ্য আছে,
কইন্না নিব এই ৰাতি ।।
(দৰা ঘৰৰ উত্তৰ)
আৰে কলাৰ গাছ উখৰেয়া
হাঙৰ দেৰে ছাৰিয়া
আমি যাং ৰামক নিয়া,
চাইৰ আনা পইচা নেৰে
হাঙৰখান তুমাৰ চাৰিয়া দেৰে
মনতে নাপাবিৰে বেয়া ।।
কইনা ঘৰৰ ছোৱালীয়ে দৰা জোকৱা
বৰেৰ গলাত ৰুদ্রেৰ মালা,
বৰেৰ মাথাত সাপেৰ ফ’না,
এত ৰাতি কেনেৰে,
গৰুচ’ৰাৰ বেটাৰে,
আমাৰ বালী ভোকে হয়ৰাণ হৈল ৰে,
আমাৰ বালী পিয়াশত হয়ৰাণ হৈল ৰে ।।
(গৰুচ’ৰা- গৰখিয়া, বালী-কইনা )
ঢুলীয়া জোকৱা
দেৰে ঢলুৱা তৰ ঢলত কোব,
ঢলুৱাক লাগছেৰে মাইয়াৰ শখ,
ওৰে বইনিক লয়া ঢলুৱা….
ঢোল কেনে বাজাও নাৰে,
ওৰে ভাউজিক লয়া ঢলুৱা….
ঢোল কেনে বাজাও নাৰে ।।
(বইনি- ভন্টী, ভাউজি- বৌ )
ধেমালি
লাউ শাক গৰম গৰম
তাও সোৱাদ নালাগে,
বৰেৰ ঘৰেৰে আপি গিলাক
আদৰে নালাগে ।
আম ফলে থোকা-থোকা
তেতলী ফলে ঝোলা,
ওৰে ভাই…. নাকৰিস হাই
বৰয় হাউসেৰ বিয়া ।।
বিদায়
আৰ গুৱা না কাটিলুং
বাটা না ভৰাইলুং
সন্দাইছুং বাৰীৰে মাজে,
আৰ দুই বছৰ ৰাখিবা নাপাইলুং
মাওঁৰে বুকেৰে মাজে ।
সংগ্ৰহ: জয়দীপ চক্ৰৱৰ্তী
শেহতীয়া উন্নীতকৰণ: : 3/11/2020
বিয়ানামবোৰ হেৰাই যাব নেকি ?