মৰাণ জনগোষ্ঠী স্বকীয় আৰু চহকী কলা সংস্কৃতিৰ অধিকাৰী । ৰাতি বিহু মৰাণ জনগোষ্ঠীয়ে অতীজৰে পৰা পালন কৰি অহা বসন্ত উৎসৱৰ এক আকৰ্ষণীয় ব্যতিক্ৰম পৰম্পৰা । অন্যান্য অসমীয়া সকলৰ দৰেই মৰাণসকলৰ মূল জাতীয় উৎসৱ বহাগ বিহু বা ৰঙালী বিহু । তেওঁলোকে ৰঙালী বিহুৰ তুলনাত ভোগালী বিহু আৰু কঙালী বিহু বৰ বেছি উলহ-মালহকৈ পালন নকৰে বুলি জনা যায় । ৰঙালী বিহুত তেওঁলোকে ৰাতি বিহু , গছ তলৰ বিহু আৰু ধৰ্ম হুচৰি গোৱা প্ৰথা প্ৰচলন আছে । ইয়াৰ লগতে বহাগ বিহুৰ আনুষংগিক প্ৰথা-পৰম্পৰা কিছুমানো তেওঁলোকে পালন কৰি আহিছে ।
মৰাণ জনগোষ্ঠীটো অসমৰ অন্যতম খিলঞ্জীয়া ভূমিপুত্ৰ। বৰ্তমান উজনি অসমৰ তিনিচুকীয়া জিলাতেই অধিক সংখ্যক মৰাণ জনগোষ্ঠীৰ লোকে বাস কৰে ।
ৰঙালী বিহুৰ এটা প্ৰধান অংশ হৈছে ৰাতি বিহু । মৰাণসকলৰ জাতীয় উৎসৱ ৰঙালী বিহুক ৰাতি বিহুৱে অনন্য মাত্রা প্ৰদান কৰিছে বুলি ক’ব পাৰি । বৃহৎ অসমীয়া সংস্কৃতিলৈ ৰাতি বিহুৰ অৱদান লেখত লব লগীয়া । গাঁৱৰ ডেকাসকলে চ’ত মাহতেই গাঁৱৰ আচুতীয়া ঠাই বা গাঁৱৰ মূৰত বাঁহ, কাঠ, জেঙুপাত, টকৌপাত আদিৰে দুই কুঠলীয়া এটা বেৰহীন অস্থায়ী ঘৰ সাজি ওলিয়ায়। সেইটোক বিহু ঘৰ বুলি কোৱা হয় । বিহুঘৰটোক পৱিত্ৰ গৃহ হিচাপে গণ্য কৰা হয় । বিহুঘৰটো দুই কুঠলীয়া। মাজৰ চতিটোৰ ভিত্তিতে ইয়াক দুটা ভাগ কৰি সোঁফালৰ কোঠাটো ডেকাসকলৰ বাবে আৰু বাওঁফালৰ কোঠাটো গাভৰুসকলৰ বাবে নিৰ্ধাৰণ কৰা হয় । তাত ডেকা গাভৰু সকলে বৃত্তাকাৰে ঘুৰি ঘুৰি সুকীয়া সুকীয়াকৈ ৰাতি বিহু মাৰে । ৰাতি বিহু গোৱাৰ সময়ত ডেকা আৰু গাভৰুসকলে পৰস্পৰৰ অংশত প্ৰৱেশ নকৰে । ৰাতি বিহু গাবৰ বাবে বিহুলৈ এক সপ্তাহ মান বাকী থাকোতেই এজন বয়সস্থ ব্যক্তিক লগত লৈ ডেকাসকলে তামোল-পাণৰ টোপোলা দি অভিভাৱকৰ পৰা গাভৰুসকলক খুজিবলৈ যায় । ডেকাসকলে অভিভাৱকক গাভৰু গৰাকীৰ নিৰাপত্তা তথা সম্পূৰ্ণ সুৰক্ষাৰ আশ্বাস দিয়াৰ পাছতহে অভিভাৱকে নিজৰ গাভৰু ছোৱালীক ৰাতি বিহু মাৰিবলৈ এৰি দিয়ে । প্ৰতি দিনে ৰাতি বিহু মাৰি হোৱাৰ পাছত ডেকাসকলে গাভৰুসকলক ঘৰে ঘৰে চমজাই থৈ আহে । এই বিহু সাত দিন , ন দিন , এঘাৰ দিন , পোন্ধৰ দিনলৈকে মৰা হয় । ভুমুকৰ পোহৰত গীত , বাদ্য আৰু নৃত্যৰ আকৰ্ষণীয় সমাহাৰেৰে ৰাতি বিহু মায়াময় হৈ পৰে । নিশা আঠমান বজাৰ পৰা আৰম্ভ হৈ পুৱতি নিশালৈকে এই বিহু চলি থাকে । আন গাঁৱৰ ডেকা বিহুখোলালৈ আহিলে গাভৰুসকলে ডেকাসকলক টকা চমজাই দিয়ে আৰু ডেকাবিলাকেও হাতত থকা বাদ্যবোৰ চমজাই দিয়ে । বেলেগ গাঁৱৰ পৰা অহা ডেকাবোৰে তেতিয়া প্ৰেম-প্ৰণয় , ব্যঞ্জনাধৰ্মী শালীনতাপূৰ্ণ বিহুগীত গায় ঢোল তাল বজায় গাভৰুসকলক নচুৱাই । অৰ্থাৎ আন গাঁৱৰ পৰা অহা ডেকাইহে গাভৰুসকলক নচুৱাই । একে গাঁৱৰ ডেকাই একে গাঁৱৰ গাভৰুক ননচুৱাই । ধেমালি ৰং ৰহইচৰ মাজেৰে বিহু কৰি থাকিলেও এই বিহুত কোনো অশ্লীলতা নাথাকে । বৰঞ্চ ৰাতি বিহু অতি মাৰ্জিত আৰু পৰিশীলিত ।
বুৰঞ্জীয়ে ঢুকি নোপোৱা সময়ৰ পৰাই অৰ্থাৎ প্ৰাক্ ঐতিহাসিক কালৰ পৰাই মৰাণ সকলে ৰাতি বিহু পালন কৰি আহিছে । অতীজত ৰাতি বিহু দীঘলীয়াকৈ কেইবাদিনৰ বাবে পালন কৰা হৈছিল । সময়, আধুনিকতা তথা ব্যস্ত জীৱন শৈলীয়ে এই পৰম্পৰালৈ কিছু কিছু পৰিবৰ্তন অনাটো অনস্বীকাৰ্য্য । মৰাণ সকলে চ’তৰ সংক্ৰান্তিত বিহু পালন নকৰে । তাৰ পৰিবৰ্তে প্ৰাক্ বৈষ্ণৱ কালৰ পৰাই বহাগৰ প্ৰথম বুধবাৰটোত নীতি নিয়মৰ মাজেৰে বিহু নমাই সাতৰ পৰা পোন্ধৰ ৰাতিলৈকে ডেকা গাভৰুৱে বিহু মাৰিছিল । উত্তৰ বৈষ্ণৱ কালতো গুৰু পৰামৰ্শ অনুসৰি মৰাণ সকলে বহাগৰ প্ৰথম মঙ্গলবাৰটোক উৰুকা আৰু বুধবাৰটোক গৰু – বিহু হিচাপে লৈ বিহু নমাই পালন কৰে । পূৰ্বৰ দৰে ব্যাপকভাৱে ৰাতি বিহু নামাৰিলেও কেইখনমান গাঁৱত এতিয়াও ৰাতি বিহু মৰা প্ৰথাটো প্ৰচলন হৈ আছে । ইয়াৰ ভিতৰত বৰসাপজানৰ বেতনি গাঁৱৰ ৰাতি বিহু উল্লেখনীয় । আনন্দৰ কথা – অসম মৰাণ সভা, সদৌ মৰাণ ছাত্ৰ সন্থা, মৰাণ জাতীয় মহিলা পৰিষদ , মৰাণ জনগোষ্ঠীয় তথা কাকপথাৰ বাসী ৰাইজৰ ঐকান্তিক প্ৰচেষ্টাত ৰাতি বিহুৱে প্ৰাণ পাই উঠিছে । সংগঠন কেইটা তথা ৰাইজে ৰাজহুৱা ভাৱে ৰাতি বিহু ২০১৬ বৰ্ষত পঞ্চমবাৰৰ বাবে কাকপথাৰৰ ৰাজহুৱা খেলপথাৰত যোৱা ২৩ এপ্ৰিল তাৰিখে বৰ্ণাঢ্য কাৰ্য্যসূচীৰে পালন কৰিলে । কেইবাদিনৰ পৰা একেলেথাৰিয়ে হৈ থকা বৰষুণে অনুষ্ঠানটোক কিছু অসুবিধা দিলে যদিও আমি ৰাতি বিহুৰ মাদকতা ষোল্ল অনাই যেন লাভ কৰিলো তেনে অনুভৱেই হ’ল । এইবাৰো ৰাজহুৱা ভাৱে ২০১৭ বৰ্ষৰ ৰাতি বিহু উদযাপনৰ যা- যোগাৰ ইতিমধ্যে আৰম্ভ হৈছে বুলি অৱগত হৈছোঁ।
সংগঠন কেইটাৰ আমন্ত্ৰণ ক্ৰমে আমি সন্ধিয়া সময়ত কাকপথাৰ পাইছিলো । বৰষুণৰ বাবেই আমি পাছবেলালৈকে যাম বুলি থিৰাঙেই কৰিব পৰা নাছিলো । অনুষ্ঠানটোৰ উদ্যোক্তা – বিষয়ববীয়া মৃদুল দহোতীয়া, সুদিত্য মৰাণ , টিকেন্দ্ৰজিৎ মৰাণ , সুৰজিৎ চলিহাই আমাক প্ৰথমে সুদিত্য মৰাণৰ ঘৰলৈ লৈ গল । সুদিত্যৰ ঘৰৰ সস্নেহ আতিথ্য গ্ৰহণ কৰাৰ পাছত আমাক ৰাতি বিহু থলিলৈ আগবঢ়াই আনিলে ।কথাৰ মাজতে তেওঁলোকে ব্যক্ত কৰিলে- গোঁসায়ে বতৰটো বান্ধি ৰাখিছে যাতে বিহু উদযাপন কৰাত বৰষুণে অসুবিধা নিদিয়ে । এইয়া মৰাণ জনগোষ্ঠীয় সমাজৰ এক লোক বিশ্বাস । বিহু থলি অভিমুখে ৰাইজৰ সোঁত বোৱা চকুত পৰিল ।নিশাৰ আলোক সজ্জাত খেলপথাৰখনে মোহনীয় ৰূপলৈ উঠিছে । কাষে কাষে থকা প্ৰাচীন গছবোৰে পৰিবেশটোক অধিক গাম্ভীৰ্য্যতা প্ৰদান কৰিছে । খেলপথাৰখনৰ মাজত কেইবাহাজাৰ বৰ্গমিটাৰ এলেকা মুকলিকৈ বিহুতলী হিচাপে ৰাখি চাৰিওকাষে গোটা বাহ বান্ধি দিয়া হৈছে । বিহুতলীলৈ জাতীয় সাজ- পাৰ পৰিধান কৰা বিশেষ ব্যক্তিসকলহে যাব পাৰে । অৱেশ্যে আমন্ত্ৰিত অতিথি আৰু প্ৰচাৰ মাধ্যমৰ ব্যক্তিৰ বাবে এই নিয়ম নহয় । বাঁহৰ বেৰাৰ বাহিৰ ফালে শৃংখলিত দৰ্শক সকলৰ ভিৰ লক্ষ্য কৰিলোঁ । একাষে অতিথি দৰ্শকৰ বাবে চকী পাৰি দিয়া হৈছে । খেলপথাৰখনৰ একেবাৰে সোঁমাজত বাঁহ আৰু জেতুপাতেৰে নিৰ্মিত তিনি চতিৰ এক বেৰহীন বিহুঘৰ । বিহুঘৰৰ একাষে অলপমান টকা ( এপাব বাঁহৰ পৰা তৈয়াৰী বাদ্য ) ওলোমাই ৰখা হৈছে আৰু কাষতে চাকচনি মাৰি ( ডেৰ- দুই ফুট দৈৰ্ঘ্যৰ মাৰি ) ৰ দ’ম এটা । বিহুঘৰৰ ভিতৰত বহুকেইটা ভুমুক ( বাঁহৰ চুঙাত কেৰাচিন তেল ভৰাই ফটাকানি দি জুই জ্বলাই পোহৰ পাবলৈ ব্যৱহাৰ কৰা হয় ) জ্বলাই ৰখা হৈছে । বিহুঘৰটো অস্থায়ী মঞ্চ হিচাপে ব্যৱহাৰ কৰি আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলক তালৈকে নি মৰাণসকলৰ স্বকীয় গামোচা আদিৰে সম্বর্ধনা জ্ঞাপন কৰা হৈছে ।
ইতিমধ্যে লুপ্তপ্ৰায় পৰম্পৰাগত ঢাল কড়ি খেল কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰিছিল ।তাৰ পাছতেই ‘ ৰাতি বিহু ‘ স্মৃতি গ্ৰন্থখনি উন্মোচন কৰিলে বিধায়ক দিলীপ মৰাণে । উদ্যোক্তাসকলৰ আমন্ত্ৰণ ৰক্ষা কৰি বিশিষ্ট অতিথি হিচাপে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাহিত্যিক , শিল্পী , ৰাজনীতিকে কাকপথাৰৰ ৰাতি বিহু থলিৰ শোভাবৰ্ধন কৰিলে । আমিও সম্বর্ধনা গ্ৰহণ কৰি শুভেচ্ছামূলক বক্তব্য ৰখাৰ পাছতেই মৰাণ উন্নয়ন পৰিষদৰ অধ্যক্ষ বিৰিঞ্চি নেওগে বিহুঘৰ মুকলি কৰিলে । শ শ বিহুৱা ডেকা আৰু নাচনীয়ে বিহুতলিখন বাহিৰেদি প্ৰদক্ষিণ কৰি বিহুতলীৰ মাজলৈ শাৰী পাতি সোমাই আহিল । ডেকাবিলাকৰ হাতে হাতে প্ৰজ্বলিত ভুমুক । বিহুঘৰত নাচনী আৰু বিহুৱা ডেকাই একোভাগকৈ তামোল – পাণ আগবঢ়াই অদৃশ্যজনক আৰু গুৰু ভকতক স্মৰণ কৰি ডেকাৰ কোঠাত ডেকাই আৰু গাভৰু কোঠাত গাভৰুসকলে বিহু আৰম্ভ কৰিলে । বিহুৱা আৰু নাচনীসকলে পদ- ঘোষা – গীত জুৰিলে । ঢোল , তাল , টকা আদি বাজি উঠিল । চাকচনি মাৰিবোৰ দমাই ৰখা ঠাইৰ পৰা নাচনী কিছুমানে নি বেৰাৰ কাষে কাষে ৰৈ থকা ডেকাবোৰৰ হাতে হাতে দি আহিল । চাক্-চনি মাৰি হাতত পোৱা মাত্ৰেই সেই ডেকাবোৰেও বেৰাৰ বাঁহত কোবাই কোবাই তাল তুলি আনন্দৰে বিহু গাবলৈ আৰম্ভ কৰিলে । নাচনীবোৰেও বেৰাৰ কাষলৈ গৈ ডেকাসকলৰ বিহুৰ তালত পৃথক পৃথক জুম হৈ নাচিবলৈ আৰম্ভ কৰিলে । একে গাঁৱৰ ডেকাই একে গাঁৱৰ নাচিক ননচুৱাই । নাচনীবোৰেও টকা , চাকচনি মাৰি অন্য গাঁৱৰ ডেকাকহে চমজাই দিয়ে । ডেকাবোৰেও টকা , চাকচনি মাৰি পোৱাৰ পাছত বিহু গাই নাচনীক নচুৱাই ।
ৰাতি বিহুৰ বিহুৱাসকলে ধূতি গামোচা পৰিধান কৰে ।
নাচনীৰ সাজঃ
ৰাতি বিহুৰ নাচনীসকলে বুকুত মেঠনি মাৰি মেখেলা – চাদৰ , কলীয়া ৰিহা পৰিধান কৰে । গহনাৰ ভিতৰত গামখাৰু , ডিঙিত ফুটিমণিৰ সৈতে মাদলি , কাণত থুৰিয়া , জাংফাই , খোপাত বতৰৰ ফুল লগায় ।
বিহুৱানঃ
ৰাতি বিহুৰ পদ- ঘোষা আৰু গীতবোৰ সম্পূৰ্ণ সুকীয়া । তাৰোপৰি ডেকা আৰু গাভৰুৱে গোৱা পদবোৰ পৃথক হয় । মৰাণসকলৰ বিহু নামৰ সুৰ – লয়বোৰ লেহেতীয়া । সুৰ – লয়বোৰ ধীৰ বা লেহেতীয়া হোৱা বাবে সুৰ্দীঘ সময় ধৰি নাচি থাকিলেও ডেকা গাভৰু সকল ভাগৰুৱা নহয় । লেহেতীয়া সুৰৰ বাবে বিহু নামবোৰ স্পষ্ট আৰু অৰ্থময় হৈ পৰে বুলি কোৱা হয় ।
বিহুৰ বাদ্যঃ
ৰাতি বিহুত ব্যৱহৃত বাদ্যবোৰ হৈছে – ঢোল , তাল , পেঁপা , বাহীঁ , সুতুলি , ঢোতং , টকা , গগনা আদি ।
নৃত্যঃ
ৰাতি বিহুৰ নাচবোৰ ধীৰ- স্থিৰ । নাচৰ মুদ্ৰাবোৰ হৈছে – ককালত হাত থৈ ককাল ভাঙি নচা, ওপৰলৈ হাত মেলি হাতৰ সৰু গাঠি ভাঙি হাত খন ইফাল সিফাল কৰি ঘুৰি ঘুৰি নচা আৰু যোজনাত হালি – জালি মৰা নাচেই প্ৰধান নাচ । সাধাৰণ বিহু নাচত খোপাত ধৰি নচা, মহৰ শিঙৰ দৰে হাত মেলি নচা , আগফালে হাত মেলি নচা আদি ভংগিমা মৰাণৰ বিহু নাচত নাই ।
মৰাণ গামোচাঃ
মৰাণসকলৰ গামোচাখনত জনগোষ্ঠীটোৰ সুকীয়া পৰিচয় এটা পোৱা যায় । বগা সুতাৰ গামোচাখনত সোণালী সুতাৰ ফুল থাকে ।
যোগাযোগঃ
কাকপথাৰ ঠাইখন মৰাণ জনগোষ্ঠীৰ সংস্কৃতিৰ বৰঘৰ ৰূপে সুকীয়া পৰিচয় আছে । তিনিচুকীয়া সদৰৰ পৰা ৰাতি বিহু আনুষ্ঠানিক উদযাপন থলি কাকপথাৰলৈ দূৰত্ব ৪২ কিলোমিটাৰ । তিনিচুকীয়াৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় পথ আৰু ৰূপাইৰ পৰা বডাৰ ৰোডচে নিৰ্মাণ কৰা ৫২ নং ৰাষ্ট্ৰীয় পথচোৱাৰ অৱস্থা ভাল । ৰূপাই চাইডিঙৰ পৰা অলপ দূৰ আগবঢ়াৰ পাছতেই পথৰ দুই কাষে থকা সুবিশাল পথাৰবোৰে আপোনাক কাকপথাৰলৈ স্বাগতম জনাব । মনলৈ আহিব এই বিশাল পথাৰবোৰৰ বাবেই ঠাইখনৰ নাম কাকপথাৰ নেকি ! কাকপথাৰ নামটোৰ উৎপত্তিৰ বিষয়ে পঢ়োতে পালো অতীজত ঠাইখনৰ হাবিবোৰ কাক বাঁহেৰে পৰিপূৰ্ণ আছিল আৰু বৃহৎ পথাৰবোৰ আছিল । পুৰণি নাম আছিল কাকতল ।
ৰাতি বিহু আৰু আনুষংগিক চিন্তা – চৰ্চাঃ
ৰাতি বিহু সম্পৰ্কত কাকত – আলোচনী , গ্ৰন্থ আদিত কিছু লেখা মেলা হৈছে । বিষয়টো সন্দৰ্ভত অধিক চৰ্চা গৱেষণা হোৱাৰ থল আছে । সঠিক শক্তিশালী পদক্ষেপেৰে বৃহৎ আৰু কেন্দ্ৰীয় ভাৱে নৈসৰ্গিক শোভাৰ মাজত ৰাতি বিহুৰ প্ৰকৃত ঐতিহ্য ৰীতি – নীতিৰ মাজেৰে উদযাপন – প্ৰদৰ্শনৰ ব্যৱস্থা অব্যাহত হৈ থকাটো যিদৰে প্ৰয়োজন একেদৰে নিভাজ ৰূপত গাঁওবোৰত এই পৰম্পৰা জীয়াই ৰখাটোও সমানে প্ৰয়োজনীয় ।
মৰাণ জনগোষ্ঠীৰ বসন্ত উৎসৱৰ অন্তৰ্গত সম্পূৰ্ণ ব্যতিক্ৰম বৈশিষ্ট্যৰে পৰিপূৰ্ণ কাকপথাৰৰ ৰাতি বিহুৰ সাংস্কৃতিক পৰ্য্যটনৰ দিশত বিপুল সম্ভাৱনা আছে । পৰ্য্যটকক আকৰ্ষণ কৰা উপাদানবোৰৰ ভিতৰত সংস্কৃতি , পৰম্পৰা , আৰু মনোৰঞ্জন অন্যতম । কাকপথাৰত উদযাপিত হোৱা মৰাণ জনগোষ্ঠীৰ ৰাতি বিহুত এই তিনিওটাৰে সংমিশ্ৰণ ঘটিছে । ইয়াৰ লগতে মৰাণ জনগোষ্ঠীৰ স্বকীয়তা থকা দৈনন্দিন জীৱন ধাৰণ প্ৰণালীকো যুক্ত কৰিব পাৰি । কাকপথাৰ পৰিবেষ্টিত হৈ আছে তেজি , বৰালি, লাজুম , ওৱন, খামটি , কাচিজান , আদি ধুনীয়া গাঁও কিছুমানেৰে । কাকপথাৰ সুচল পথেৰে যুক্ত হৈ থকাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্য্যটক আহিবলৈ সুবিধা আছে । তাৰোপৰি তিনিচুকীয়ালৈ ৰেলযোগে আৰু ডিব্ৰুগড়লৈ বিমানযোগে আহিও অসম তথা দেশ বিদেশৰ পৰ্য্যটক – গৱেষকে কাকপথাৰৰ এই সাংস্কৃতিক উৎসৱ আৰু জনগোষ্ঠীটোৰ অন্যান্য দিশবোৰ প্ৰত্যক্ষ কৰাৰ লগতে গৱেষণাৰ বাবে তথ্য সংগ্ৰহ কৰিবহি পাৰে । অসমৰ উজনি খণ্ডৰ প্ৰান্তীয় চহৰ কাকপথাৰৰ পৰা পৰ্য্যটকৰ আকৰ্ষণীয় স্থান কিছুমানলৈ যাব পাৰি ।
ৰাতি বিহুৰ প্ৰচাৰ আৰু প্ৰসাৰঃ
ৰাতি বিহুৰ প্ৰচাৰ আৰু প্ৰসাৰত জনগোষ্ঠীটোৰ অগ্ৰণী সংগঠন অসম মৰাণ সভা , সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জাতীয় মহিলা পৰিষদে প্ৰশংসনীয় পদক্ষেপ লৈ আহিছে । এই ক্ষেত্ৰত উদ্যোক্তাসকলৰ ঐকান্তিক প্ৰচেষ্টা , আন্তৰিকতা শলাগিব লগীয়া । মায়ামৰা প্ৰডাকচনৰ বেনাৰত সদৌ অসম মৰাণ ছাত্ৰ সন্থা কাকপথাৰ আঞ্চলিক সমিতি , মৰাণ জাতীয় মহিলা পৰিষদ কাকপথাৰ আঞ্চলিক সমিতি আৰু অসম মৰাণ সভা কাকপথাৰ আঞ্চলিক সমিতিৰ প্ৰযোজনাত জয়ছেং জয় দহোতীয়াৰ সম্পাদনা – পৰিচালনাৰে ‘চাক-চনি’ নামৰ তথ্যচিত্ৰ এখন প্ৰস্তুত কৰি ৰাইজৰ বাবে ওলিয়াই দিছে । তথ্যচিত্ৰখন য়ুটিউৱতো উপলব্ধ ( https://youtu.be/BxZyWiD3tZQ )। এটা কথা মনত ৰাখিব লাগিব – মৰাণ জনগোষ্ঠীৰ প্ৰতিটো প্ৰজন্মই ৰাতি বিহুৰ বিষয়ে সবিশেষ জানিব লাগিব ।
পৰিশিষ্টঃ
ৱেবছাইদ , ব্লগ , ফেচবুক পে’জ, টুইটাৰ আদিৰ জড়িয়তেও প্ৰচাৰ চলাই সংস্কৃতিপ্ৰেমী লোক পৰ্য্যটকক আকৰ্ষিত কৰিব পাৰি । পৰ্য্যটকৰ বাবে প্ৰাকৃতিক শোভাৰ মাজত মৰাণ জনগোষ্ঠীয় আৰ্হিৰ ইক’লজ নিৰ্মাণ কৰি ঘৰুৱা পৰিবেশৰ অনুভৱ প্ৰদানেৰে আতিথ্য কৰা , থলুৱা সংস্কৃতি প্ৰদৰ্শন , থলুৱা খাদ্য যোগান , থলুৱা শিল্প – সামগ্ৰী প্ৰদৰ্শন – বিক্ৰী , পৰ্য্যটক – গৱেষকৰ প্ৰয়োজনীয় তথ্য – পাতি যোগান আৰু পথ প্ৰদৰ্শক ( Guide ) আদিৰ ব্যৱস্থা কৰিলে পৰশুৰাম কুণ্ড , টেঙাপানীৰ গ’ল্ডেন পেগুদা , এচিয়াৰ এসময়ৰ ধনী গাঁও চৌখাম, এচিয়াৰ ভিতৰতে সুবৃহৎ বৌদ্ধ মূৰ্তিৰ স্থান লাথাইৰ লালপাহাৰ আদিলৈ অহা দূৰণিৰ পৰ্য্যটকেও তিনিচুকীয়াৰ পৰা আগবাঢ়ি গৈ মৰাণ কৃষ্টি – সংস্কৃতিৰে পৰিৱেষ্টিত কাকপথাৰতহে থাকিবলৈ ভাল পাব।
তথ্য উৎসঃ
ৰাতি বিহু ( স্মৃতিগ্ৰন্থ ) পঞ্চম বাৰ্ষিক , চতুৰ্থ সংখ্যা ( সম্পাদনা ) মন্টু চেতিয়া , মৃদুল দহোতীয়া , ( প্ৰকাশক ) অসম মৰাণ সভা টঙনা আঞ্চলিক সমিতি আৰু কাকপথাৰ আঞ্চলিক সমিতি , সদৌ অসম মৰাণ ছাত্ৰ সন্থা , মৰাণ জাতীয় মহিলা পৰিষদ কাকপথাৰ আঞ্চলিক সমিতি
চাক্-চনি ( তথ্যচিত্ৰ ) ( পৰিচালনা – সম্পাদনা ) জয়ছেং জয় দহোতীয়া, ( প্ৰযোজনা ) মায়ামৰা প্ৰডাকচনৰ বেনাৰত সদৌ অসম মৰাণ ছাত্ৰ সন্থা কাকপথাৰ আঞ্চলিক সমিতি , মৰাণ জাতীয় মহিলা পৰিষদ কাকপথাৰ আঞ্চলিক সমিতি আৰু অসম মৰাণ সভা কাকপথাৰ আঞ্চলিক সমিতি
প্ৰান্তিকঃ ১৬-৩১ এপ্ৰিল ২০১৬
নিয়মীয়া বাৰ্তাঃ ১৮ এপ্ৰিল ২০১৬
লেখক-লক্ষীনন্দন বৰগোহাঞি
সহকাৰী অধ্যাপক
ডি.ডি.আৰ.কলেজ, চাবুৱা ।
৯৭০৭৪৭০৪৪৯
শেহতীয়া উন্নীতকৰণ: : 2/2/2023