অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কামৰূপ (মহানগৰ) জিলাৰ ঐতিহাসিক তথা ভৌগলিক তথ্য

কামৰূপ (মহানগৰ) জিলাৰ ঐতিহাসিক তথা ভৌগলিক তথ্য

বৰ্তমান সময়ৰ অসম খনক প্ৰাচীন ভাৰতীয় সাহিত্যত কামৰুপ নামেৰে জনাজাত আছিল| জ্যোতিষ শাস্ত্ৰ অনুযায়ী ইয়াক প্ৰাগজ্যোতিষ্‌পুৰ নামেৰেও জনাজাত আছিল|

অৱস্থানঃ

কামৰুপ(মহানগৰ) জিলাৰ অৱস্থানঃ- ২৫.৪৩- ২৬.৫১ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৯০.৩৬-৯২.১২ ডিগ্ৰী পূৱ দ্ৰাঘিমাংশত অৱস্থিত| মাটিকালি ১,৫২৮ বৰ্গ কিল’মিটাৰ|

নদ-নদী সমূহ:

কামৰুপ মহানগৰ জিলাৰ মুখ্য নদ-নদী সমূহ হ’ল-ব্ৰহ্মপুত্ৰ, ভৰলু, ডিগাৰু আৰু কলং |

ৰাষ্ট্ৰীয় ঘাইপথ সমূহ:

এন এইচ ৩১, এন এইচ ৩৭

জলবায়ু

গ্ৰীষ্মকালত জিলাখনৰ তাপমাত্ৰা সৰ্ব্বোচ্চ ৩৭°-৩৯°ডিগ্ৰী ছেলছিয়াচলৈকে উঠে আৰু শীতকালত নিম্নতম ৬°-৭° ছেলছিয়াচলৈ নামে| গ্ৰীষ্মকালত প্ৰচুৰ বৰষুণ হয়| জিলাখনত বছৰি বৰষুণৰ হাৰ গঢ়ে ১৫০০ মি:মি: ৰ পৰা ২৫০০ মি:মি: হয়| জিলাখনত গঢ় আৰ্দ্ৰতা ৭৬% শতাংশ|

চাৰিসীমা:

উত্তৰ-পশ্চিমে কামৰুপ গ্ৰাম্য জিলা,

পূৱে মৰিগাঁও জিলা, আৰু

দক্ষিণে মেঘালয় ৰাজ্য|

ইতিহাস

২০০৩ চনৰ ৩ ফেব্ৰুৱাৰী তাৰিখে পুৰণি কামৰুপ জিলা খনক কামৰুপ মহানগৰ জিলা হিচাপে এখন পৃথক জিলাত বিভক্ত কৰা হয়| নতুনকৈ গঠিত কামৰুপ (ম) জিলা খনৰ মুখ্য কাৰ্যালয় গুৱাহাটীত স্থাপন কৰা হয়| এসময়ত প্ৰাগজ্যোতিষপুৰ নামেৰে জনাজাত ঠাইখন পিছলৈ গুৱাহাটী নামেৰে পৰিচিত হয়|

গুৱাহাটী নামটো অসমীয়া শব্দ ‘গুৱা’ অৰ্থাৎ তামোল আৰু ‘হাট’ অৰ্থাৎ বজাৰ উৎপত্তি হৈছে|

কিংবদন্তি মতে, অসুৰৰ ৰজা নৰকাসুৰে এই পৌৰাণিক নগৰখন প্ৰতিষ্ঠা কৰিছিল|. গুৱাহাটীৰ আকৰ্ষণৰ আন এটা কেন্দ্ৰ বিন্দু হৈছে পুৰণি কামৰুপ, য’ত দেৱী সতীৰ দেহৰ এক গুৰুত্বপূৰ্ণ অংগ খহি পৰিছিল আৰু প্ৰেমৰ দেৱতা কামদেৱৰ জন্ম স্থান আছিল| পিছলৈ দেৱী সতীৰ অংগ খহি পৰা নীলাচল পাহাৰৰ এই ঠাইখিনিত কামাখ্যা মন্দিৰ স্থাপন কৰা হয়| বিভিন্ন ধৰ্মমূলক গ্ৰন্থ তথা  সংস্কৃত মহাকাব্য আৰু লগতে মহাভাৰতত প্ৰাগজ্যোতিষপুৰৰ বিষয়ে সঘনে বৰ্ণনা কৰা হৈছে| জিলাখন এসময়ত দুই শক্তিশালী ৰাজ্য ক্ৰমে আহোম আৰু কোচ ৰাজ্যৰ মাজত অৱস্থিত আছিল| মোগল আৰু কোচ ৰজাই এই ৰাজ্যত ক্ষমতা স্থাপনত বিফল হৈছিল যদিও আহোম ৰজাই ইয়াৰ সামৰিক আৰু প্ৰশাসনিক দায়িত্ব  প্ৰদান কৰিছিল বৰফুকনক|

বৰ্তমান গুৱাহাটী নগৰ খনক অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ  মুখ্য দুৱাৰ বুলি কোৱা হয়| ই অসমৰ বাণিজ্যৰ মুখ্য কেন্দ্ৰ বিন্দু তথা উত্তৰ-পূৱ ভাৰতৰ ৬ খন ৰাজ্য যেনে-অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, আৰু ত্ৰিপুৰাৰ মুল যোগসূত্ৰ|

উৎস: আই.এন.ডি.জি দলৰ দ্বাৰা সংগৃহিত

শেহতীয়া উন্নীতকৰণ: : 6/21/2022



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate