“সৈনিক স্কুল, গোৱালপাৰা” হৈছে অসমৰ প্ৰথম আৰু একমাত্ৰ সামৰিক বিদ্যালয়| ১৯৬৪ চনৰ ১২ নৱেম্বৰত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ (Ministry of Defence (India)) অধীনত ইয়াক প্ৰতিষ্ঠা কৰা হয়। এই বিদ্যালয়খন এখন আৱাসিক বিদ্যালয়।
ইয়াত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠদান দিয়া হয়। বিদ্যালয়ত ছাত্ৰৰ নামভৰ্তি ষষ্ঠ আৰু নৱম শ্ৰেণীত কৰা হয়। প্ৰত্যক শ্ৰেণীত প্ৰায় ৯০ জনকৈ ছাত্ৰ আছে। ইয়াত ছাত্ৰসকলক শাৰীৰিক তথা মানসিকভাৱে নেচনেল ডিফেঞ্চ একাডেমী । পৰীক্ষাৰ বাবে প্ৰস্তুত কৰা হয়। বৰ্তমানলৈকে ২০০ৰো অধিক ছাত্ৰয়ে এন.ডি.এ.ত ভৰ্তি হৈছে। ইয়াৰ উপৰিও প্ৰায় ৫০০ জন ছাত্ৰ CDS ত ৰ দৰে পৰীক্ষাত উত্তীৰ্ণ হৈ ভাৰতীয় সামৰিক বাহিনীত ভৰ্তি হৈছে।
বিদ্যালয়খনৰ মূল উদ্দেশ্য হৈছে
1. শাৰীৰিক তথা মানসিকভাৱে সকলো দিশৰ পৰাই ছাত্ৰসকলৰ ব্যক্তিত্বৰ বিকাশ সাধন কৰা।
2. সামৰিক সেৱাৰ বিষয়া সকলৰ মাজত থকা আঞ্চলিক বৈষমতা দূৰ কৰা
3. শাৰীৰিক ,মানসিক আৰু চাৰিত্ৰিক দিশৰ উন্নতি সাধন কৰা
4. সাধাৰণ মানুহৰ মাজত ৰাজহুৱা শিক্ষা সুলভ কৰা
সৈনিক স্কুল,গোৱালপাৰা চহৰৰ পৰা প্ৰায় ১৮ কিঃমিঃ দূৰত্বত অৱস্থিত। ইয়াৰ নিকটৱৰ্তী ৰেল ষ্টেশ্যন গোৱালপাৰাৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় ২৩ কিঃমিঃ|
নামভৰ্তি প্ৰক্ৰিয়া
ইয়াত কেৱল ল’ৰাকহে নামভৰ্তি কৰোৱা হয়। ১০-১১ বছৰৰ ল’ৰাক ষষ্ঠ শ্ৰেণী আৰু ১৩-১৪ বয়সীয়া ল’ৰাক নৱম শ্ৰেণীত নামভৰ্তি কৰা হয়। প্ৰতিবছৰে জানুৱাৰী-ফেব্ৰুৱাৰী মাহত নামভৰ্তিৰ বাবে সৰ্বভাৰতীয় পৰ্য্যায়ৰ এটা লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হয়। ইয়াৰ পিছত নিৰ্বাচিত ছাত্ৰ সকলৰ সাক্ষাৎকাৰ আৰু শাৰীৰিক পৰীক্ষা লোৱা হয়। এই সকলো পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰক নামভৰ্তিৰ বাবে জুন মাহত মতা হয়। সাধাৰণতে প্ৰতিবছৰে জুলাইত ইয়াত নামভৰ্তি কৰা হয়।
বিদ্যালয়ৰ ভৱন
ছাত্ৰ সকল থাকিবৰ বাবে সাতটা আৱাসগৃহ আছে।পাঠদানৰ বাবে শৈক্ষিক ভৱন আছে। ইয়াৰ উপৰিও ইয়াত প্ৰায় ১০০০ জন লোকে একেলগে ভোজন কৰিব পৰা এটা ভোজনালয় আৰু প্ৰায় ১১০০ আসনযুক্ত এটা প্ৰেক্ষাগৃহ আছে।
শৈক্ষিক ভৱন
বিদ্যালয়ৰ শৈক্ষিক ভৱনটো দুটা ভাগত বিভক্ত: মূল ভৱন আৰু বিজ্ঞান শাখা। মূল ভৱনটো তিনি মহলীয়া।ইয়াতে বিদ্যালয়ৰ কাৰ্য্যালয় আৰু ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে শ্ৰেণীকোঠা সমূহ আছে। বিজ্ঞান শাখাৰ ভৱনটোত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শ্ৰেণীকোঠা সমূহ আছে। ইয়াতে বিজ্ঞান শাখাৰ বিভিন্ন প্ৰয়োগশালা সমূহ আছে।
আৱাস গৃহ
সৈনিক স্কুল, গোৱালপাৰাত ছাত্ৰ সকলৰ থাকিবৰ বাবে সাতটা আৱাস গৃহ আছে। ছাত্ৰ সকলক দুটা ভাগত ভাগ কৰা হৈছে কণিষ্ঠ আৰু জ্যেষ্ঠ। ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰক কণিষ্ঠ আৰু দশমৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰক ছিনিয়ৰ বুলি কোৱা হয়।
আৱাসগৃহ
|
---|
কাৰ্যালয়ৰ গঠন
প্ৰতিৰক্ষা বিভাগৰ তিনিজন বিষয়াই সৈনিক স্কুল পৰিচালনা কৰে। তেওঁলোক হৈছে: অধ্যক্ষ, প্ৰধান শিক্ষক আৰু পঞ্জীয়ক ।
কাৰ্যৱলী
খেল-ধেমালি
বিদ্যালয়ৰ চৌহদত খেল-ধমালিৰ বাবে কেইবাখনো খেলপথাৰ আছে। ইয়াত ৫ খন ফুটবল খেলপথাৰ, ৮ খন বাস্কেটবল(basketball) ক’ৰ্ট, ৬খন ভলীবল (volleyball) ক’ৰ্ট, ২ খন টেনিছ(lawn tennis) ক’ৰ্ট, ২খন ক্ৰিকেট(cricket) খেলপথাৰ আৰু ৪খন হেণ্ডবল (Team handball) খেলপথাৰ আছে। ইয়াৰ উপৰিও ৮টা লেনযুক্ত ৪০০মিটাৰৰ এখন এথেলিটিকছ ট্ৰেক আছে। ইয়াতে হাই জাম্প,ট্ৰিপল জাম্প,লঙ জাম্প, ডিস্ক থ্ৰ’, শ্বটপুট থ্ৰ’, জেভলীন থ্ৰ’, প’ল ভল্ট ইত্যাদি খেলাৰ সুবিধা আছে। প্ৰত্যক বছৰে ডিচেম্বৰ মাহত ইয়াত বাৰ্ষিক খেল-ধেমালি অনুষ্ঠিত কৰা হয়। সকলো খেলৰ ফলাফল সমূহৰ পৰা এই প্ৰতিযোগিতাত বিদ্যালয়ৰ শ্ৰেষ্ঠ আৱাসগৃহৰ নিৰ্বাচন কৰা হয়।
প্ৰত্যেক বছৰে বিভিন্ন খেল-ধেমালিৰ ইয়াত আয়োজন কৰা হয়। বাৰ্ষিক পুৰস্কাৰ বিতৰণী সভাত প্ৰত্যক খেলৰ বিজয়ীকে পুৰস্কৃত কৰা হয়। এই সভা সাধাৰণতে জাৰকালিৰ বন্ধৰ আগতে অনুষ্ঠিত হয়।
শৈক্ষিক কাৰ্য্যক্ৰম
প্ৰত্যক বছৰে ইয়াত তিনিটা শাখাত: চাব জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত তৰ্ক, আকস্মিক ব্যক্তৃতা, কবিতা আবৃত্তি, সাধাৰণ জ্ঞানৰ কুইজ, ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাসমূহ তিনিটা ভাষাত: ইংৰাজী,হিন্দী আৰু অসমীয়া অনুষ্ঠিত হয়।
সাংস্কৃতিক কাৰ্য্যক্ৰম
প্ৰত্যেক বছৰে বিদ্যালয়ত জাৰকালিৰ বাবে বন্ধ দিয়াৰ আগতে সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয়। ইয়াৰ উপৰিও প্ৰত্যেক বছৰে নৱেম্বৰ মাহত নাটকৰ এখন প্ৰতিযোগিতা অনুষ্ঠিত হয়।
অন্যান্য কাৰ্য্যক্ৰম
নেচনেল কেডেট ক’ৰ্পছ
বিদ্যালয় খনৰ সকলো ছাত্ৰই এন.চি.চি ৰ প্ৰশিক্ষণ লোৱাটো বাধ্যতামূলক। বিদ্যালয়ৰ ছাত্ৰসকলক প্ৰশিক্ষণ দিবৰ বাবে এন.চি.চি.ৰ ২৭নং ভাগটো ইয়াৰ চৌহদতে অৱস্থিত। প্ৰত্যেক শুক্ৰবাৰে ছাত্ৰসকলক ৯০ মিনিট সময় এন.চি.চি.ৰ প্ৰশিক্ষণ দিয়া হয়। নতুন দিল্লীত অনুষ্ঠিত হোৱা গণৰাজ্য দিৱসত ইয়াৰ ছাত্ৰই অংশগ্ৰহণ কৰিছে। দশম শ্ৰেণীৰ পিছত ছাত্ৰসকলক এন.চি.চি.ৰ ‘এ’ চাৰ্টিফিকেট আৰু দ্বাদশ শ্ৰেণীৰ পিছত এন.চি.চি.ৰ ‘বি’ চাৰ্টিফিকেট দিয়া হয়।
উৎস: আই.এন.ডিড.জি দল
শেহতীয়া উন্নীতকৰণ: : 6/5/2020