বৰ্তমান সময়ত জি-মেইল হ’ল এটা অতি জনপ্ৰিয় বিনামূলীয়া ই-মেইল সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান। সময়ে সময়ে জি-মেইলে নতুন নতুন সুবিধা প্ৰদান কৰি গ্ৰাহকক আকৰ্ষিত কৰি আহিছে। জি-মেইল একাউন্টৰ এটা ভাল সুবিধা হ’ল এটা ঠিকনাটে একাধিক ধৰণে লিখি ব্যৱহাৰ কৰিব পাৰি। উদাহৰণস্বৰূপে, যদিহে আপোনাৰ ঠিকনা indgassam@gmai.com হয় তেনেহ’লে আপুনি উক্ত ব্যৱহাৰকাৰীৰ নামটো বিভিন্ন ধৰণে লিখিব পাৰে। যেনে, i.n.d.g.a.s.s.a.m@gmail.com বা i.n.d.g.assam@gmail.com বা ব্যৱহাৰকাৰীৰ নামৰ যিকোনো ঠাইত বিন্দু (.) দি ই-মেইল ঠিকনা হিচাপে ব্যৱহাৰ কৰিব পাৰিব। এই ঠিকনা যি ধৰণৰে নহওক কিয় আপোনাৰ মূল ই-মেইললৈকে প্ৰেৰিত হ’ব। ইয়াৰ উপৰিও আপোনাৰ ইউজাৰ আই ডি ৰ পিছত @gmail ৰ ঠাইত @googlemail.com ও ব্যৱহাৰ কৰিব পাৰে। যেনে, indgassam@googlemail.com ।
ইয়াৰ উপৰিও আপোনাৰ ব্যৱহাৰকাৰীৰ পিছফালে + চিহ্ন দি যিকোনো শব্দ লিখিও ই-মেইল ঠিকনা হিচাপে ব্যৱহাৰ কৰিব পাৰে। এনে ঠিকনালৈ পঠিওৱা মেইলসমূহো মূল আইডি টোলৈ প্ৰেৰিত হ’ব। যেনে: indgassam+bhrigu@gmail.com । এনেদৰেই আপুনি কেইবাশও ই-মেইল ঠিকনা বনাই ল’ব পাৰে।
যিবোৰ ক্ষেত্ৰত একাধিকবাৰ পঞ্জীয়নৰ বাবে এটা ই-মেইলত একেইতা ই-মেইলকে গ্ৰহণ কৰা নহয় তেনে ক্ষেত্ৰত এই পদ্ধতি অত্যন্ত সহায়ক হয়। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ ঠিকনা ব্যৱহাৰ কৰি মেইল ফিল্টাৰিঙ কৰাৰ সুবিধা প্ৰদান কৰে।
উৎস: ইন্টাৰনেট।
শেহতীয়া উন্নীতকৰণ: : 6/21/2020
উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানবোৰত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা শ...
নাচপতি
লোক-বিশ্বাসত সাপ
অতি লাভজনক কুচিয়া মাছপালন