অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ব্ৰাউজাৰ নিৰাপত্তা

ব্ৰাউজাৰ নিৰাপত্তা

ৱেব ব্ৰাউজাৰ কি?

ৱল্ড ৱাইড ৱেবত থকা তথ্য আৰু সমলসমূহ চাবলৈ বা উক্ত চাইটসমূহত প্ৰৱেশ কৰিবলৈ ৱেব ব্ৰাউজাৰ ব্যৱহাৰ কৰা হয়।  ৱেব পৃষ্ঠাসমূহ বিচাৰি উলিয়াই দৰ্শন কৰিবলৈ এই চফটওৱেৰ আহিলাবিধ ব্যৱহাৰ কৰা হয়। ইন্টাৰনেটত থকা তথ্য সমলসমূহ ব্যৱহাৰকাৰীৰ আগত দাঙি ধৰাটোৱেই এই ৱেব ব্ৰাউজাৰৰ মূল উদ্দেশ্য। যিকোনো ধৰণৰ ৱেব পৃষ্ঠা, ছবি, ভিডিঅ’ অথবা আন ধৰণৰ তথ্য সমলসমূহ একোটা ইউনিফৰ্ম ৰিচাৰ্চ  আইডেন্টিফায়াৰ/লকেটৰ (URI/URL) ৰে চিনাক্ত কৰা হয়।  ৱেব ব্ৰাউজাৰ কেবল যে ব্যক্তিগত কম্পিউটাৰতে ব্যৱহৃত হয় তেনে নহয়, তথ্য বিচাৰিবলৈ ইয়াক মোবাইল ফোন, টেবলেট আদিতো ব্যৱহাৰ কৰা হয়।

ইউনিফৰ্ম ৰিচোৰ্চ লোকেটৰ (URL)

এই ইউআৰএল বোৰ এনেকুৱা ধৰণৰ হয়: http://www.as.vikaspedia.in

প্ৰতিটো ইউআৰএল ক বেলেগ বেলেগ ভাগত ভাগ কৰা হয়। এইসমূহ তলত উল্লেখ কৰা হ’ল:

http:// ৰ অৰ্থ হ’ল হাইপাৰটেক্স ট্ৰেন্সফাৰ প্ৰ’টকল। অৱশ্যে প্ৰতিবাৰ কোনোবা এটা ৱেব পৃষ্ঠা খোলোতে http বুলি টাইপ নকৰিলেও হয়। কাৰণ ৱেব ব্ৰাউজাৰে স্বয়ংক্ৰিয়ভাৱে http টো গ্ৰহণ কৰে।

www ৰ অৰ্থ হ’ল ৱৰ্লড ৱাইড ৱেব। উদাহৰণস্বৰূপে, as.vikaspedia হ’ল ৱেবচাইটৰ নাম .in হ’ল এটা ডমিন নাম। সাধাৰণতে ইয়াক যিখন দেশৰ ৱেবচাইট হয় তাৰ সাংকেতিক ব্যৱহৃত হয়।

তেনেকৈৱে .com ৰ অৰ্থ হ’ল ব্যৱসায়িক সংগঠন, .net হ’ল নেটৱৰ্ক ডমিন আদি ধৰণৰ ডমিন নাম ব্যৱহৃত হয়।

(কোনো সংগঠনৰ ঠিকনা আৰু স্থান ডমিন নাম হিচাপে জানিবলৈ পৰা যায়)।

Co.in ৰ হ’ল এটা বিশ্বজনীন ডমিন নাম। কিন্তু ইয়াৰ মূল ঠিকনা হ’ল ভাৰতবৰ্ষ।

সাধাৰণতে ৱেব ব্ৰাউজাৰৰ যোগেৰে ৱেব চাৰ্ভাৰৰ সতে সংযোগ ঘটাই তাৰ পৰা তথ্য সংগ্ৰহ কৰা ব্যৱহৃত হয়। প্ৰতিটো ৱেব চাৰ্ভাৰৰ একোটাকৈ IP ঠিকনা থাকে। যেতিয়া কোনো এজন ব্যক্তিয়ে ৱেব ব্ৰাউজাৰৰ জৰিয়তে http ব্যৱহাৰ কৰি ৱেব চাৰ্ভাৰৰ সৈতে সংযোগ ঘটাই তেতিয়া ই হাইপাৰ টেক্স মাৰ্কাপ লেংগুৱেজ(HTML)হিচাপে গ্ৰহণ কৰে। ই এনে এটা ভাষা যিয়ে ৱৰ্লড ৱাইড ৱেবত এখন দস্তাবেজৰ সৃষ্টি কৰিব পাৰে আৰু যিটো ৱেব ব্ৰাউজাৰত আমি দেখিবলৈ পাওঁ।

অতি সহজভাৱে ক’বলৈ গলে ৱেব ব্ৰাউজাৰ হ’ল এনে এবিধ আহিলা যাৰ জৰিয়তে ৱৰ্লড ৱাইড ৱেবত থকা যিকোনো তথ্য আমি আহৰণ কৰিব পাৰো বা বিনিময় কৰিব পাৰো।

বিভিন্ন ৱেব ব্ৰাউজাৰৰ ধৰণ

বিভিন্ন ধৰণৰ নিজস্ব বৈশিষ্ট্যতাসহ বিভিন্ন ধৰণৰ ৱেব ব্ৰাউজাৰ পোৱা যায়। কিছুমান জনপ্ৰিয় ৱেব ব্ৰাউজাৰ হ’ল:

  • ইন্টাৰনেট এক্সপ্ল’ৰাৰ

ইয়াক সাধাৰণতে মাইক্ৰ’ছফট ইন্টাৰনেট এক্সপ্ল’ৰাৰ বা ছুটিকৈ IE বুলি জনা যায়। এই ৱেব ব্ৰাউজাৰটো কম্পিউটাৰত উইণ্ডজ সংস্থাপন কৰাৰ লগে লগে স্বয়ংক্ৰিয়ভাৱে পোৱা যায়। এইটো এটা অতি জনপ্ৰিয় ৱেব ব্ৰাউজাৰ আৰু বৰ্তমানে ইণ্টাৰনেটত উপলব্ধ ইয়াৰ শেহতীয়া সংস্কৰণটো হ’ল IE11। এই ৱেব ব্ৰাউজাৰটো উইণ্ডজ7, উইণ্ডজ8, উইণ্ডজ ভিষ্টা আৰু উইণ্ডজ চাৰ্ভাৰত সংস্থাপন কৰিব পৰা যায়।

  • ম’জিলা ফায়াৰফক্স

ম’জিলা কৰ্পোৰেছন নামৰ প্ৰতিষ্ঠানটোৱে প্ৰস্তুত কৰা এই ৱেব ব্ৰাউজাৰটো বিনামূলীয়া আৰু মুক্ত উৎসৰ। সাধাৰণতে এই ব্ৰাউজাৰটো ইন্টাৰনেট এক্স’প্লৰাৰতকৈ যথেষ্ট সুস্থিৰ আৰু সুৰক্ষিত, নিৰাপত্তাৰ আশংকা নথকা, ভাইৰাছ সংক্ৰমণ হ’ব নোৱাৰা আৰু মেলৱেৰৰ সংক্ৰমণ হ’ব নোৱাৰা বুলি প্ৰমাণিত হৈছে। এই ব্ৰাউজাৰটো বিভিন্ন ধৰণৰ অপাৰেটিং চিষ্টেম, উইণ্ডজ, লিনাক্স, এপ’ল মেক চিষ্টেমত ব্যৱহাৰ কৰিব পাৰি।

  • গুগল ক্ৰম

এই ব্ৰাউজাৰটো উইণ্ডজ অপাৰেটিং চিষ্টেমৰ বাবে সাঁজি উলিওৱা হৈছে। উইণ্ডজ ভিষ্টা, উইণ্ডজ৭ আৰু উইণ্ডজ৮ ত এই ব্ৰাউজাৰে কাম কৰে। এই ক্ৰম ব্ৰাউজাৰটো OS X আৰু লিনাক্স অপাৰেটিং চিষ্টেমটো ইন্সটল কৰিব পৰা যায়।

  • চাফাৰি

এই ব্ৰাউজাৰটো এপল কৰ্পোৰেছন নামৰ সংস্থাটোৱে প্ৰস্তুত কৰি উলিয়াইছে। MAC OS X অপাৰেটিং চিষ্টেমত এই ব্ৰাউজাৰটো স্বয়ংক্ৰিয়ভাৱে সংস্থাপিত হয়। সকলোবোৰ উইণ্ডজটো ইয়াক ব্যৱহাৰ কৰিব পৰা যায়। ইয়াত প্লাগিনসমূহ পৰিশোধন কৰাৰ ব্যৱস্থা আছে যাৰ ফলত আঁতৰৰ পৰা কোনো ধৰণৰ আক্ৰমণ এই ব্ৰাউজাৰত কৰিব পৰা নাযায়।

সদায়ে শেহতীয়া ব্ৰাউজাৰহে ব্যৱহাৰ কৰিব লাগে

ৱেব ব্ৰাউজাৰটো কিয় সুৰক্ষিত হ’ব লাগে?

ইন্টাৰনেট এক্স’প্লৰাৰ, ম’জিলা ফায়াৰফক্স, গুগল ক্ৰম আৰু এপল চাফাৰি আদি ব্ৰাউজাৰসমূহ প্ৰায় সকলোবোৰ কম্পিউটাৰতে সংস্থাপন কৰা থাকে। লগে লগে ইয়াৰ যোগেৰে অনলাইনত বিভিন্ন অপৰাধমূলক কাৰ্য্যকলাপ চলোৱা লোকেই ই যিকোনো কম্পিউটাৰত ক্ষতিগ্ৰস্থ কৰাৰ সম্ভাৱনা বৃদ্ধি পায়। যিহেতু ইন্টাৰনেট ব্যৱহাৰ কৰিবলৈ এইসমূহ ৱেব ব্ৰাউজাৰ ঘনাই ব্যৱহাৰ কৰা হয় সেয়েহে প্ৰতিটো মূহুৰ্তত এনে অপৰাধমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰাকৈ ৱেব ব্ৰাউজাৰটো সুৰক্ষিত কৰি ৰাখিব লাগে। কাৰণ বিভিন্ন অপাৰেটিং চিষ্টেমৰ লগত অহা এনে ব্ৰাউজাৰসমূহ সাধাৰণভাৱে সংস্থাপিত কৰি থোৱা থাকে সেয়েহে ইয়াক সুৰক্ষিতভাৱে কনফিগাৰ কৰি ল’ব লগা হয়।

অনলাইনত নিজৰ তথ্য আৰু নিজৰ কম্পিউটাৰটো সুৰক্ষিত কৰিবলৈ প্ৰথম পদক্ষেপেই হ’ল ৱেব ব্ৰাউজাৰটো সুৰক্ষিত কৰা। বৰ্তমানে দেখা পোৱা গৈছে যে বিভিন্ন অপৰাধমূলক ৱেবচাইটৰ যোগেৰে ৱেব ব্ৰাউজাৰটো ভাইৰাছৰ দ্বাৰা সংক্ৰমিত কৰি অপৰাধমূলক কাৰ্য্য সংঘটিত কৰি থকা হৈছে। এই সমস্যাটো কেতিয়াবা অতি গুৰুতৰ হৈ পৰিব পাৰে। তলত ইয়াৰ কেইটামান কাৰণ উল্লেখ কৰা হ’ল:

  • বহুবোৰ কম্পিউটাৰ ব্যৱহাৰকাৰীয়ে প্ৰকৃততে কেনেবোৰ ৱেব সংযোগত টিপিব লাগে বা সংযোগ খুলিব লাগে সেই সম্পৰ্কে সচেতন নহয়।
  • বিভিন্ন ধৰণৰ চফ্‌টওৱেৰ আৰু তৃতীয় পক্ষৰ চফ্‌টওৱেৰ কম্পিউটাৰটোত সংস্থাপন কৰাৰ ফলত এইসমূহে অনলাইনত থকা সুৰক্ষা কবচ দুৰ্বল কৰি পেলায়।
  • বিভিন্ন ৱেবচাইটত ব্যৱহাৰকাৰীৰ সুবিধাৰ বাবে বিভিন্ন ধৰণৰ তৃতীয় পক্ষৰ চফ্‌টওৱেৰ ইন্সটল কৰিবলৈ হেঁচা প্ৰয়োগ কৰা দেখা যায়। যিহেতু, তৃতীয় পক্ষৰ চফ্‌টওৱেৰসমূহত সুৰক্ষা কবচ নৱতম কৰি থোৱা নাথাকে সেয়েহে ব্যৱহাৰকাৰীৰ কম্পিউটাৰটোত আক্ৰমণ কৰা সহজ হৈ পৰে।
  • বহু সংখ্যক ব্যৱহাৰকাৰীয়ে ৱেব ব্ৰাউজাৰটো নো কেনেকৈ সুৰক্ষিতভাৱে সংস্থাপন কৰিব লাগে সেই বিষয়ে নাজানে।

ব্ৰাউজাৰ কুকিসমূহ

একোটা ৱেবচাইট ব্যৱহাৰকাৰীক চিনাক্ত কৰিবলৈ একোটা কুকি ব্যৱহাৰ কৰা হয়। একোটা কুকি হ’ল একোটা সৰু শব্দ যিটো ৱেবচাইটটোৱে ব্ৰাউজাৰৰ জৰিয়তে ব্ৰাউজাৰলৈ প্ৰেৰণ কৰে। ইয়াত ৱেবচাইটটো মনত ৰখাৰ লগতে ব্যৱহাৰকাৰীয়ে ব্যৱহাৰ কৰা ভাষা আৰু অন্যান্য চেটিঙছসমূহৰ তথ্য সন্নিৱিষ্ট কৰা থাকে। এই তথ্যসমূহ (কুকি) ব্ৰাউজাৰে ভৱিষ্যতলৈ সংৰক্ষণ কৰি থয় যাতে পিছৰ বাৰ ব্যৱহাৰকাৰীয়ে উক্ত ৱেবচাইটো দৰ্শন কৰিবলৈ বিচাৰিলেই তেওঁ বিচৰা ধৰণে সহজে ৱেবচাইটটো দৰ্শন কৰিব পাৰে। যদিহে কোনোবাটো ৱেবচাইটে একোজন ব্যৱহাৰকাৰীক চিনাক্তকৰণৰ বাবে কুকিজসমূহ ব্যৱহাৰ কৰে তেন্তে এই কুকিসমূহৰ যোগেৰেই উক্ত ব্যক্তিজনৰ হৈ কোনোটো ৱেবচাইটত অকৰ্তৃত্বশীলভাৱে ব্যৱহাৰ কৰি আক্ৰমণকাৰীয়ে ৱেবচাইটটোত প্ৰৱেশ কৰিব পাৰে। তলত কেইটামান উদাহৰণ দাঙি ধৰা হ’ল:

  • ঘটনা ১: ভৃগুৱে এটা চিনেমাৰ ৱেবচাইটত প্ৰৱেশ কৰিলে আৰু তেওঁ ৰসাল চিনেমাহে ভাল পায় বুলি চয়ন কৰিলে। লগে লগে ৱেবচাইটটোৱে ভৃগুৱে বিচৰা ধৰণৰ তথ্যসমূহ সংৰক্ষণ কৰিলে ফলত পিছৰবাৰ যেতিয়া ভৃগুৱে উক্ত ৱেবচাইটটোত প্ৰৱেশ কৰিব লগে লগে তেওঁ কেৱল ৰসাল ছবিসমূহহে দেখিবলৈ পাব।
  • ঘটনা ২: যেতিয়া কোনো এজন ব্যৱহাৰকাৰীয়ে এটা কোনো এটা ৱেবচাইটত ব্যৱহাৰকাৰীৰ নাম আৰু গুপ্ত শব্দ প্ৰদান কৰি প্ৰৱেশ কৰে। লগে লগে উক্ত চিনাক্তকৰণ তথ্যসমূহ এটা কুকিয়ে সংৰক্ষণ কৰি থয়। আৰু পিছৰ বাৰ উক্ত ৱেবচাইটটোত প্ৰৱেশৰ সময়ত তেওঁক সহজে চিনাক্ত কৰিব পৰা যায়। যদিহে ব্যক্তিজনে লগ আউট কৰি উক্ত ৱেবচাইটৰ পৰা ওলাই নাহে তেন্তে বেছিভাগ ৱেবচাইটতে উক্ত ব্যৱহাৰকাৰীৰ নাম আৰু গুপ্তশব্দ সংৰক্ষিত হৈ থকাৰ লগতে ব্যক্তিজন লগ ইন হৈ থকা বুলি দৃশ্যমান হ’ব।
  • ঘটনা ৩: অনলাইনত সামগ্ৰী ক্ৰয় বিক্ৰী কৰাৰ ক্ষেত্ৰতো কুকিসমূহ ব্যৱহৃত হয়। যদিহে এজন ব্যক্তিয়ে কোনোবাটো বজাৰৰ চাইটত গৈ চিনেমাৰ ডিভিডি এখন বিচাৰে আৰু যদিহে তেওঁ লগ ইন নকৰাকৈ উক্ত চিনেমাৰ ডিভিডি খন কিনিবলৈ আচুতীয়াকৈ থয় তেন্তে উক্ত বজাৰৰ ৱেবচাইটটোৱে ব্যক্তিজনৰ পছন্দসমূহ পাহৰি নেপেলায়। ইয়াৰ পিছতো যদি ব্যক্তিজনে বেলেগ ৱেব পৃষ্ঠা খোলে আৰু যিকোনো সময়ত পুনৰ উক্ত বজাৰৰ পৃষ্ঠাটোলৈ আহে তেন্তে তেওঁ দেখা পাব যে তেওঁক পছন্দ কৰা ডিভিডি খন এতিয়াও তেওঁৰ পছন্দৰ তালিকাতেই আছে। কাৰণ ব্ৰাউজাৰত থকা কুকিসমূহে ব্যক্তিজনৰ সকলো তথ্য সংৰক্ষিত কৰি ৰাখে। বিভিন্ন ধৰণৰ বিজ্ঞাপন আদিতো কোনো এজন ব্যক্তিৰ পছন্দ এই কুকিসমূহে সংগ্ৰহ কৰি ব্যক্তিজনক সেইসমূহ চাইট দৰ্শন কৰিবলৈ উৎসাহিত কৰিবলৈ বিচৰা দেখা যায়।

পপআপসমূহ

পপআপসমূহ হ’ল একোখন সৰু উইণ্ড যিখন কোনোবাটো চাইট খোলাৰ লগে লগে ব্ৰাউজাৰত স্বয়ংক্ৰিয়ভাৱে খোল খায় সাধাৰণতে ইয়াৰ বেছিভাগেই কোনোবাটো বৃহৎ কোম্পানীৰ বিজ্ঞাপন হ’ব পাৰে যদিও বহু ক্ষেত্ৰত কিছুমান ভয়াৱহ চফ্‌টওৱেৰৰ সংযোগ পপআপ হৈ ওলোৱাও দেখা যায়।  বিশেষ কিছুমান ৱেবচাইট খুলিলে এই পপআপসমূহ দেখা পোৱা যায়। এনে পপআপসমূহত এনে কিছুমান লোভনীয় টোপ থাকিব পাৰে যি সমূহত টিপিলে কোনো এজন ব্যক্তিৰ ব্যক্তিগত আৰু অৰ্থনৈতিক তথ্যসমূহ অপৰাধ সংঘটিত কৰিব বিচৰা লোকে চুৰ কৰিব পাৰে বা সংগ্ৰহ কৰিব পাৰে। পপআপসমূহে আপোনাক আন এনেকুৱা কিছুমান সংযোগ খুলিবলৈ আভোৱা দিব পাৰে যিয়ে আপোনাৰ কম্পিউটাৰটো ক্ষতি কৰাৰ লগতে আপোনাৰ কম্পিউটাৰত থকা তথ্যসমূহ নষ্ট হ’বও পাৰে। কেতিয়াবা আকৌ কিছুমান এনেকুৱা ধৰণৰ বিজ্ঞাপনৰ পপআপ দেখা যায় য’ত Close বা Cancel চয়ন কৰাৰ সুবিধা থাকে যদিও সেইসমূহত ক্লিক কৰাৰ লগে লগে অভাৱনীয়ভাৱে অন্য কোনো ৱেবচাইট বা ভাইৰাছ থকা পপআপ একোটা খুল খাব পাৰে। ফলত কম্পিউটাৰটো বা অপাৰেটিং চিষ্টেম অস্থিৰ হোৱাৰ লগতে আপোনাৰ তথ্যও নষ্ট হোৱাৰ আশংকাই দেখা দিয়ে।

অৱশ্যে সকলোবোৰ পপআপ অনিষ্টকাৰক নহয়।

বহুবোৰ ক্ষেত্ৰত একোটা নিৰ্দিষ্ট কাম সুচাৰূৰুপে সম্পন্ন কৰিবলৈ এনে পপআপসমূহ কিছুমান ৱেবচাইটে ব্যৱহাৰ কৰা দেখা যায়।

  • ঘটনা ৪: প্ৰবোধে xyz@music.com নামৰ ৱেবচাইটোৰ পৰা অনলাইনত তেওঁৰ পছন্দৰ গান শুনি আছিল। কিছু সময়ৰ পিছত এখন পপআপ ওলাল। য’ত লিখা আছিল মাত্ৰ এবাৰ টিপিয়েই আপোনাৰ পছন্দৰ শেহতীয়া গানসমূহ ডাউনলোড কৰক। প্ৰবোধে তাতে ক্লিক কৰাৰ লগে লগেই এখন প্ৰপত্ৰ ওলাল আৰু বিনামূলীয়াকৈ শেহতীয়া গানসমূহ ডাউনলোড কৰাৰ লোভত প্ৰবোধে উক্ত প্ৰপত্ৰত বিচৰা তথ্যসমূহ ভৰ্ত্তি কৰি দাখিল কৰিলে। ইয়াৰ পিছত একো গান ডাউনলোড নহ’ল আৰু কেইদিনমান পিছত প্ৰবোধেও কথাটো পাহৰি থাকিলে। কিন্তু এমাহৰ পিছত যেতিয়া প্ৰবোধৰ ক্ৰেডিট কাৰ্ডৰ বিলখন আহিল তাত দেখা পোৱা গ’ল যে কিছুমান অকৰ্তৃত্বশীলভাৱে সামগ্ৰী ক্ৰয় আৰু সেৱা লাভৰ তথ্যও তেওঁৰ বিলত সন্নিৱিষ্ট কৰা হৈছে। প্ৰবোধে পূৰণ কৰা প্ৰপত্ৰত তেওঁৰ ক্ৰেডিট কাৰ্ডৰ বিষয়ে তথ্য প্ৰদান কৰাৰ বাবেই দুষ্ট চক্ৰটোৱেই তেওঁৰ ক্ৰেডিট কাৰ্ডৰ তথ্য প্ৰদান কৰি আৰ্থিকভাৱে লাভান্বিত হ’ল।

স্ক্ৰীপ্টসমূহ

ৱেবচাইটসমূহ ব্যৱহাৰকাৰীৰ লগত যোগাযোগ আকৰ্ষণীয় আৰু সাৱলীল কৰিবৰ বাবে স্ক্ৰীপ্টসমূহ ব্যৱহাৰ কৰা হয়। ব্যৱহাৰকাৰীৰ লগত যোগাযোগ, ব্ৰাউজাৰৰ নিয়ন্ত্ৰণ, ৱেবচাইটৰ উপস্থাপন সলনি কৰিবলৈ সাধাৰণতে এই স্ক্ৰীপ্টসমূহ ৱেব ব্ৰাউজাৰৰ এটা অংশ হিচাপে ব্যৱহৃত হয়। এই স্ক্ৰীপ্টসমূহৰ নিৰ্দিষ্ট সীমা ধাৰ্য্য কৰা থাকে আৰু এই সীমা ধাৰ্য্য কৰা হয় জাভা স্ক্ৰীপ্টৰ মানদণ্ডৰ আধাৰত।

এনে স্ক্ৰীপ্টসমূহৰ জৰিয়তেও ক্ষতিকাৰক কোড কিছুমান অন্তৰ্ভুক্ত হ’ব পাৰে, ফলত এই ক্ষতিকাৰক কোডসমূহে অপৰাধীয়ে বিচৰাৰ দৰে ব্ৰাউজাৰটো নিয়ন্ত্ৰণলৈ আনে আৰু ব্যৱহাৰকাৰীৰ কম্পিউটাৰত থকা ব্যক্তিগত তথ্য আৰু সামগ্ৰীসমূহ নিজৰ আয়ত্বলৈ আনিব পাৰে। এনেবোৰৰ ফলত ব্ৰাউজাৰটো দুৰ্বল হৈ পৰাৰ লগতে কম্পিউটাৰৰ তথ্যসমূহ নষ্ট হোৱা আশংকাসমূহ দেখা দিয়ে।

  • ঘটনা ৫: বৰুৱাই প্ৰতিদিনে নিৰ্দিষ্ট ইন্টাৰনেটৰ এটা চাইটলৈ গৈ দৈনন্দিন তথ্যসমূহ ভৰোৱাৰ লগতে গান শুনা, খেল খেলা আদিৰ বাবেও ইন্টাৰনেট ব্যৱহাৰ কৰে। এদিন তেওঁ অনলাইনত গেম খেলি থাকোতে এটা পপআপ বাৰ্তা লাভ কৰিলে যে লেডিগাগাৰ মৃত্যু হৈছে। বিবিচি ৰ উধৃত দিয়া থকা উক্ত বাৰ্তাটোৰ বিতংভাৱে পঢ়িবলৈ তেওঁ যেতিয়া পপআপটো টিপিলে তেতিয়া এখন জৰীপৰ প্ৰপত্ৰ ওলাল। বিবিচি ৰ জৰীপ বুলি ব্যক্ত কৰা উক্ত জৰীপৰ প্ৰপত্ৰ পূৰণ কৰাৰ পিছত তলত তেওঁ লিখা দেখিলে যে “যদিহে আপুনি লেডিগাগাৰ সঁচা ভক্ত তেন্তে Like বুটামত ক্লিক কৰক”। উক্ত বুটামত ক্লিক কৰাৰ লগে লগেই বৰুৱাই নিজৰ একাউন্টৰ হোমপেজলৈ আহিল আৰু তাত দেখিলে যে তেওঁৰ বন্ধুৰ তালিকাত থকা সকলোলৈকে উক্ত জৰীপৰ প্ৰপত্ৰখন ইতিমধ্যেই প্ৰেৰিত হৈছে।

প্লাগইনসমূহ

প্লাগইনসমূহ হ’ল ৱেব ব্ৰাউজাৰৰ লগত সংযুক্ত হৈ থকা কিছুমান এপ্লিকেশ্যন। এই সমূহৰ নিৰ্দিষ্ট মানদণ্ড থাকে। বিভিন্ন ৱেব ব্ৰাউজাৰে বিভিন্ন মানদণ্ডৰ প্লাগইন ব্যৱহাৰ কৰে। প্লাগইন সমূহ Active X নিয়ন্ত্ৰণসমূহৰ দৰেই কিন্তু এইসমূহেই ৱেব ব্ৰাউজাৰৰ বাহিৰত কাম কৰিব নোৱাৰে। উদাহৰণস্বৰূপে, Adobe Flash হ’ল এনে এটা এপ্লিকেশ্যন যিটোৱে ৱেব ব্ৰাউজাৰৰ ভিতৰতহে কাম কৰে।

  • ঘটনা ৬: উদাহৰণস্বৰূপে, কোনোবা এটা ৱেবচাইট দৰ্শন কৰিবৰ সময়ত এখন পপআপ দেখা দিয়ে য’ত লিখা থাকে যে, উক্ত পৃষ্ঠাটো ভালদৰে দেখা পাবলৈ Adobe Flash Player নামৰ প্লাগইনটো ডাউনলোড আৰু ইন্সটল কৰিব লাগিব। সাধাৰণতে, কোনোবাটো ভিডিঅ’ বা কম্পিউটাৰৰ খেলৰ ক্ষেত্ৰত এনে পপআপ ওলোৱাটো দেখা যায়। কিন্তু এনে প্লাগইন ইন্সটল কৰিবলৈ যাওঁতে ওলোটাই ব্যৱহাৰকাৰীয়ে প্ৰদান কৰা সকলো ব্যৱহাৰকাৰীৰ নাম, গুপ্তশব্দ আৰু অন্যান্য তথ্যসমূহ ব্ৰাউজাৰৰ পৰা অপৰাধমূলক কাৰ্য্যৰ লগত জড়িত লোক বা ৱেব চাইটলৈ প্ৰেৰণ কৰিব পাৰে।

ব্ৰাউজাৰ এক্সটেনশ্যনে ব্যৱহাৰকাৰীক কিছু সম্প্ৰসাৰিত সুবিধা প্ৰদান কৰে। ব্যৱহাৰকাৰীয়ে এনেবোৰ এক্সটেনশ্যন ব্ৰাউজাৰৰ লগত সংলগ্ন কৰি ল’লে ইয়াৰ একোটা আইকন ৱেব ব্ৰাউজাৰৰ এড্ৰেছ বাৰৰ কাষত দৃশ্যমান হয়। উদাহৰণস্বৰূপে, যদিহে কোনো ব্যৱহাৰকাৰীয়ে কাৰেন্সি কনভাৰ্টাৰ এক্সটেনশ্যন হিচাপে সংলগ্ন কৰি লয় তেন্তে উক্ত বুটামটো ব্ৰাউজাৰত দৃশ্যমান হৈ থাকিব আৰু ব্যৱহাৰকাৰীয়ে বিচৰাৰ দৰেই ৱেব পৃষ্ঠাত দৃশ্যমান সকলোবোৰ ধনৰ পৰিমাণ সলনি হৈ যাব।

ব্ৰাউজাৰত অত্যাধিক কোড ব্যৱহাৰ কৰিলে ই ব্ৰাউজাৰৰ নিৰাপত্তাৰ বাবে ভাবুকিৰ সৃষ্টি কৰিব পাৰে। কিয়নো কিছুমান কোড বহু সময়ত লুকাই থাকে। আনহাতে এক্সটেনশ্যনসমূহেও ব্ৰাউজাৰটো নষ্ট কৰিব পাৰে।

আপোনাৰ ৱেব ব্ৰাউজাৰটো কেনেকৈ সুৰক্ষিত কৰি ৰাখিব?

সকলোবোৰ অপাৰেটিঙ চিষ্টেমৰ লগতে ৱেব ব্ৰাউজাৰ থাকেই। এই ৱেব ব্ৰাউজাৰটো পূৰ্বৰ নিৰ্ধাৰিত বিন্যাসত অপাৰেটিঙ চিষ্টেমৰ লগত সংস্থাপিত হয়। ইয়াত সকলোবোৰ সুৰক্ষাৰ দিশ সক্ৰিয় কৰি থোৱা নাথাকে।অসুৰক্ষিত ৱেব ব্ৰাউজাৰৰ ফলত ইন্টাৰনেটৰ পৰা ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্যসমূহ স্পাইওৱেৰ, মেলওৱেৰ, ভাইৰাছ, ৱৰ্ম্‌ আদিসমূহৰ দ্বাৰা সংক্ৰমিত হৈ তথ্যসমূহ চুৰ কৰাৰ লগতে কম্পিউটাৰ আৰু আন সামগ্ৰীসমূহৰো ক্ষতি কৰিব পাৰে। এইসমূহে কম্পিউটাৰটো নিজৰ অধীনলৈ আনি ইয়াত নিজৰ মতে পৰিচালিত কৰিবলৈ বাধ্য কৰাব পাৰে।

সুৰক্ষাৰ সকলোবোৰ দিশ সক্ৰিয় হৈ নথকাৰ ফলত বিভিন্ন ধৰণৰ অনিষ্টকাৰী চফটওৱেৰেও আপোনাৰ ব্যক্তিগত তথ্য লগতে কম্পিউটাৰটোৰো হানি বিঘিনি ঘটাব পাৰে। জাভা স্ক্ৰীপ্ট, Active X আদি ধৰণৰ চফটওৱেৰসমূহৰ যোগেৰেও অসুৰক্ষিত ব্ৰাউজাৰৰ যোগেৰে কম্পিউটাৰটো নষ্ট কৰিব পাৰে। সেইবাবেই এনে আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ বা এনে আক্ৰমণৰ সম্ভাৱনা কমাই ৰাখিবলৈ ৱেব ব্ৰাউজাৰৰ সকলোবোৰ সুৰক্ষাৰ দিশ সক্ৰিয় কৰি ৰখা উচিত।

চিকিউৰিটি জ’ন

ইন্টাৰনেটত চিকিউৰিটি জ’ন বুলিলে কিছুমান বিশেষ ব্যক্তি, কোম্পানী আদিৰ চাইট আৰু প্ৰ’ফাইলসমূহ এই জ’নত নিৰাপদ বুলি গণ্য কৰা হয়। ৱেব ব্ৰাউজাৰত এই নিৰাপদ চাইটসমূহক বিশেষভাৱে চিহ্নিত কৰা থাকে যাতে এনে চাইটসমূহত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত তথা এই চাইটসমূহত থকা বিভিন্ন এপ্লিকেশ্যন, স্ক্ৰীপ্ট, এডঅন, প্লাগইন আদিসমূহ ব্যৱহাৰকাৰীয়ে নিচিন্ত মনে নিজৰ কম্পিউটাৰত চলাব বা সংস্থাপিত কৰিব পাৰে।

এই চিকিউৰিটি জ’নত এজন ব্যক্তিয়ে নিজৰ ইচ্ছা অনুসৰি কিছুমান চাইটত প্ৰৱেশ কৰা বন্ধ কৰি ৰাখিব পাৰে আৰু সেই সমূহক অসুৰক্ষিত বুলি চিহ্নিতও কৰিব পাৰে। ইন্টাৰনেট এক্সপ্ল’ৰাৰ আৰু ফায়াৰফক্সত এই সুৰক্ষাৰ পদ্ধতিসমূহ কিছু পৃথক।

বিশ্বাসযোগ্য চাইট

ইন্টাৰনেটত বিভিন্ন ধৰণৰ বিভিন্ন বৰ্গৰ বিভিন্ন প্ৰকাৰৰ ৱেব চাইটসমূহৰ যোগেৰে বহু মানুহ এজনে আনজনৰ লগত সংযোগ স্থাপন কৰিব পাৰে। যিহেতু বাস্তৱ ক্ষেত্ৰত আপুনি আপোনাৰ চাৰিওকাষে থকা সকলোবোৰ ব্যক্তিকে বিশ্বাসত ল’ব নোৱাৰে তেন্তে ইন্টাৰনেট যোগে লগ পোৱা ব্যক্তিসমূহ বা চাইটসমূহত কিয় বিশ্বাসত ল’ব? ইয়াৰ উপৰিও আপুনিনো কিয় ইন্টাৰনেটত লগ পোৱা সকলোবোৰ ব্যক্তি বা ৱেবচাইটত আপোনাৰ ব্যক্তিগত কম্পিউটাৰত প্ৰৱেশ কৰিবলৈ অনুমতি প্ৰদান কৰিব?

ৱেব ব্ৰাউজাৰত থকা Trusted sites বা বিশ্বাসযোগ্য চাইটসমূহ নামৰ ব্যৱস্থাটোৱে আপোনাক কাক বিশ্বাস কৰিব সেইটো চিনাক্ত কৰাত সহায় কৰিব।

ইন্টাৰনেট এক্সপ্ল’ৰাৰ

ইন্টাৰনেট এক্সপ্ল’ৰাৰত থকা কিছুমান সুবিধা তলত উল্লেখ কৰা হ’ল:

  • ইন্টাৰনেট এক্সপ্ল’ৰাৰ আপোনাৰ মতে চেটিঙ কৰিবলৈ প্ৰথমে Tools ত ক্লীক কৰিব লাগিব।
  • ইন্টাৰনেট এক্সপ্ল’ৰাৰৰ Tools ত থকা তালিকাৰ পৰা চিকিউৰিটি টেবলৈ গৈ কাৰেন্ট চিকিউৰিটি চেটিঙছ পৰীক্ষা কৰক। প্ৰয়োজন অনুসৰি ইয়াৰ চিকিউৰিটি জ’ন আপুনি সলনিও কৰি ল’ব পাৰে।
  • চিকিউৰিটি চেটিঙ সলনি কৰিবলৈ চিকিউৰিটি লেভেলৰ পৰিমাণ আপুনি Medium, Low, High আদি ষ্টৰ চয়ন কৰিব পাৰে।
  • অধিক চেটিঙছ আৰু নিয়ন্ত্ৰণৰ বাবে Custom level চয়ন কৰি আপুনি বিচৰা ধৰণে চেটিঙছটো ঠিক কৰি ল’ব পাৰে।
  • যদিহে প্ৰয়োজন বোধ কৰে তেন্তে Tools মেনুৰ পৰা গৈ ব্ৰাউজিং History মোহাৰি পেলাব পাৰে। ইয়াৰ ফলত আপুনি পূৰ্বতে ব্যৱহাৰ কৰা বিভিন্ন ইন্টাৰনেটৰ চাইটৰ তথ্য কুকি, টেম্পৰেৰি ফাইল Active X Filtering আদিসমূহ নোহোৱা হৈ পৰিব।
  • যদিহে বিশ্বাসযোগ্য চাইটৰ পৰা কোনোবাটো ৱেবচাইট মুচিব বা যোগ দিব বিচাৰে তেন্তে Sites অপচনত ক্লীক কৰি Add আৰু Remove বুটাম ব্যৱহাৰ কৰি যোগ বা বিয়োগ কৰিব পাৰিব।
  • Privacy বুটামত কুকিসমূহৰ চেটিঙছ থাকে। এই কুকিসমূহ হ’ল একো একোটা টেক্স ফাইল য’ত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আপুনি দৰ্শন কৰা ৱেব পেজসমূহৰ তথ্য লিখা থাকে।
  • প্ৰয়োজন সাপেক্ষে আপুনি Smart Screen Filter অপচনটো মেনুত থকা Tool ৰ পৰা নিৰ্বাচিত কৰি ইয়াক সক্ৰিয় কৰিব পাৰে। ইয়াত “Avoid Phishing Scam and Malware” অপচনটো ব্যৱহাৰ কৰাৰ সুবিধা আছে।
  • যদিহে আপুনি ইন্টাৰনেটৰ দৰ্শন কৰা চাইট বা পৃষ্ঠাসমূহ আনৰ পৰা গোপন কৰি ৰাখিব বিচাৰে তেন্তে Tools তালিকাৰ পৰা Private Filtering চেটিঙছলৈ গৈ “Browse Privately” অপচনটো চয়ন কৰিলে আপুনি দৰ্শন কৰা ৱেব পৃষ্ঠা বা চাইটৰ কোনো History জমা হৈ নাথাকে।
  • Tools তালিকাত এনে এটা অপচনো আছে যিয়ে আপোনাৰ ব্যক্তিগত তথ্যসমূহ, আপুনি দৰ্শন কৰা ৱেবচাইটসমূহ, বিভিন্ন ৱেবচাইটত আপুনি প্ৰদান কৰা তথ্যসমূহ আনে গোপনে চোৱাৰ পৰা বিৰত ৰাখিব পাৰি। ইয়াৰ বাবে আপুনি Tracking Protection নামৰ বিভিন্ন ধৰণৰ Addon install কৰি ল’ব পাৰে।
  • এই Addon ত আপুনি যদি Protected mood সক্ৰিয় কৰি থৈ তেন্তে আপুনি খোলা বা দৰ্শন কৰা সকলোবোৰ ৱেবচাইটেই সুৰক্ষিতভাৱে খোল খাব।
  • যদিহে আপুনি “Use SSL 3.0, Use ELS 1.0” সক্ৰিয় কৰিব বিচাৰে। তেন্তে এডভান্স বুটামলৈ গৈ সক্ৰিয় কৰিব পাৰিব।

মজিলা ফায়াৰফক্স

মজিলা ফায়াৰফক্সত থকা বিভিন্ন চেটিঙসমূহ তলত উল্লেখ কৰা হ’ল:

ফায়াৰফক্সত বিভিন্ন চাইটসমূহ খোলাৰ ক্ষেত্ৰত বাধ্যবাধকতা আৰোপ কৰাৰ লগতে গুপ্তশব্দ, কুকি, ফটো দৃশ্যমান হোৱা আৰু ADDON সমূহ Install হোৱাৰ ক্ষেত্ৰত ব্যৱহাৰকাৰীয়ে নিজ ইচ্চা মতেই ৱেব ব্ৰাউজাৰটো চেটিঙ কৰি ল’ব পৰা সুবিধা আছে।

  • ফায়াৰফক্স ব্ৰাউজাৰৰ Tools তালিকাৰ পৰা অপচনলৈ গৈ চিকিউৰিটি বুটামত টিপক।
  • চিকিউৰিটি বুটাম সক্ৰিয় কৰাৰ লগে লগেই Addon সমূহ Install কৰা আৰু কোনোবাটো চাইট যোগ দিয়া বা আঁতৰোৱাৰ লগতে যদিহে পূৰ্বতে কোনোবাটো চাইটৰ পৰা আক্ৰমণৰ সন্দেহ কৰা আছে তেন্তে সেইসমূহৰ ক্ষেত্ৰতো সাৱধানবাণী দিয়াৰ ব্যৱস্থা আছে।
  • যদিহে কোনোবাটো সন্দেহজনক চাইটত আপুনি প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে তেন্তে ফায়াৰফক্সে প্ৰতিবাৰেই আপোনাক সাৱধানবাণী জনাব (প্ৰতি ২৪ ঘন্টাত এনে সাৱধানবাণী ৪৮ বাৰ) আৰু লগে লগে বাৰ্তা প্ৰেৰণ কৰাৰ লগতে উক্ত চাইটটো খোলাৰ পৰা আপোনাক বিৰত ৰাখিব।
  • কিছুমান চাইটত যদিহে গুপ্তশব্দৰ প্ৰয়োজন হয়, তেন্তে ফায়াৰফক্সে লগে লগে উক্ত চাইটৰ বাবে গুপ্তশব্দটো সংৰক্ষণ কৰিব নেকি সুধিব? অতি সুৰক্ষিত চাইটসমূহৰ ক্ষেত্ৰতহে এনে পপআপ উইণ্ডজ প্ৰদৰ্শিত হয়।
  • সুৰক্ষিত তথ্য প্ৰবহন আৰু SSL 3.0 ব্যৱহাৰৰ ক্ষেত্ৰত সাংকেতিক ভাষা সক্ৰিয় কৰিবলৈ Advanced বুটামত টিপক।
  • ফায়াৰফক্সত বহুবোৰ সুৰক্ষামূলক বিষয় স্বয়ংক্ৰিয়ভাৱে নবীকৰণ হয় আৰু আশংকাৰ ব্যৱস্থাসমূহ আপোনা আপুনি সমাধান কৰা হয়। এই ক্ষেত্ৰত ফায়াৰফক্সে সম্পূৰ্ণ নবীকৰণ আৰু সমস্যা সমাধান নোহোৱালৈকে আপোনাক অপেক্ষা কৰিবলৈ বাৰ্তা প্ৰেৰণ কৰিব।
  • ফায়াৰফক্সত থকা আৰু এটা উল্লেখযোগ্য ব্যৱস্থা হ’ল আপোনাৰ অনুমতি নোহোৱাকৈ কোনো চাইটলৈ আপোনাৰ ব্যক্তিগত তথ্য প্ৰদান কৰাত বাধা দিয়া ব্যৱস্থা।

গুগুল ক্ৰম

গুগুল ক্ৰমত চেটিঙ তালিকাত টিপাৰ লগে লগেই এখন নতুন উইণ্ড খোল খাব আৰু ইয়াত ব্ৰাউজাৰ Histrory বা চাৰ্চ history আৰু কুকিসমূহ আপুনি আপোনাৰ মতে নিয়ন্ত্ৰণ কৰাৰ লগতে আপুনি ডাউনলোড কৰা ফাইল বা বুকমাৰ্ক কৰা চাইটসমূহ আপোনাৰ মতে ঠিক কৰি ল’ব পাৰিব।

সদ্যহতে গুগুল ক্ৰমত এটা নতুন ব্যৱস্থা সংযোগ কৰা হৈছে যিটো গুগুলৰ নিজা টাক্স মেনেজাৰ বুলিব পাৰি। ইয়াৰ যোগেৰে আপুনি প্ৰতিটো পৃষ্ঠা বা প্ৰতিখন উইণ্ড আৰু ব্যৱহৃত প্ৰতিটো প্লাগইন এ সিমান পৰিমাণৰ মেমৰি আৰু CPU ঠাইৰ ব্যৱহাৰ কৰি আছে সেইটো দেখিবলৈ পোৱা যাব।

গুগুলৰ চেফ ব্ৰাউজিং শিতানত সক্ৰিয় কৰি থ’লে যদিহে গুগুলে ইতিমধ্যেই প্ৰমাণিকৃত ৱেবচাইটত নথকা কোনোবা চাইট আপুনি খুলিবলৈ যায় তেন্তে আপোনাক সাৱধানবাণী দেখুৱাব।

তলত দিয়া ধৰণে পদক্ষেপ গ্ৰহণ কৰি গুগুল ক্ৰমত আপুনি ব্ৰাউজাৰটো সুৰক্ষিত কৰিব পাৰিব।

  • এড্ৰেছবাৰত লিখা urls সম্পূৰ্ণকৈ সন্ধান কৰাত সহায়ক হ’বলৈ Suggestion Service সক্ৰিয় কৰক।
  • পৃষ্ঠাৰ দৃশ্যমান উন্নত কৰিবলৈ DNS Pre-Fetching সক্ৰিয় কৰক।
  • Phishing আৰু Malware সুৰক্ষা সক্ৰিয় কৰক।
  • কুকিজৰ ক্ষেত্ৰত কেৱল প্ৰথম পক্ষৰ কুকি তথ্যসমূহে ৱেবচাইটলৈ প্ৰেৰণ কৰাতো নিশ্চিত কৰক।
  • গুপ্তশব্দ সংৰক্ষিত নোহোৱাটো সক্ৰিয় কৰক।
  • SSL চেটিঙৰ ক্ষেত্ৰত SSL 2.0 ব্যৱহাৰ কৰক।

এপ’ল চাফাৰি

এপ’লৰ চাফাৰি ব্ৰাউজাৰ সুৰক্ষিত কৰিবলৈ তলত দিয়া ব্যৱস্থাসমূহ গ্ৰহণ কৰক:

  • ফিছিং সুৰক্ষা: চাফাৰি ব্ৰাউজাৰে আপোনাক প্ৰৱঞ্চনামূলক ইন্টাৰনেট চাইটৰ পৰা সুৰক্ষা প্ৰদান কৰে। যদিহে আপুনি সন্দেহজনক এনেকুৱা চাইট খুলিবলৈ চেষ্টা কৰে তেন্তে চাফাৰি ব্ৰাউজাৰে উক্ত চাইটটোৰ ধৰণ কেনেকুৱা সেই বিষয়ে আপোনাক জনোৱাৰ লগতে পৃষ্ঠাটো খোলাত বাধা প্ৰদান কৰিব।
  • মেলৱেৰ সুৰক্ষা: চাফাৰি ব্ৰাউজাৰে মেলৱেৰ থকা চাইটসমূহ আপুনি খোলাৰ আগতেই চিনাক্ত কৰে। আৰু যদিহে মেলৱেৰ থকা কোনোবাটো পৃষ্ঠা নিশ্চিত কৰা হয়। তেন্তে আপোনাক এই বিষয়ে সাৱধানবাণী জনাব।
  • এন্টিভাইৰাছ অনুকলন: যেতিয়াই কোনো এটা ফাইল, ছবি, এপ্লিকেশ্যন বা আন সামগ্ৰী আপুনি ডাউনলোড কৰিবলৈ চেষ্টা কৰিব তেতিয়াই চাফাৰি ব্ৰাউজাৰে আপোনাৰ কম্পিউটাৰত থকা এন্টিভাইৰাছ চফটওৱেৰক জাননী প্ৰেৰণ কৰিব ফলত এন্টিভাইৰাছে উক্ত সামগ্ৰী ডাউনলোড/ইন্সটল হোৱাৰ পূৰ্বেই তাত ভাইৰাছ বা মেলওৱেৰ আছে নেকি সেয়া পৰীক্ষা কৰিব।
  • সুৰক্ষিত সাংকেতিকৰণ: চাফাৰি ব্ৰাউজাৰত SSL 2 আৰু 3, TLS, 40-আৰু 128 Bit SSL সাংকেতিকৰণ, সুৰক্ষিত জাভা এপ্লিকেশ্যন আদিৰে সুৰক্ষিত।
  • স্বয়ংক্ৰিয় নৱীকৰণ: চাফাৰি ব্ৰাউজাৰত প্ৰতিটো মুহুৰ্তত নৱতম সুৰক্ষাৰ ব্যৱস্থাসমূহ সন্নিৱিষ্ট হৈ থাকে আৰু আপুনি যেতিয়াই ইন্টাৰনেটত সংযোগ স্থাপন কৰে তেতিয়াই অতি সহজে স্বয়ংক্ৰিয়ভাৱে আপোনাৰ ব্ৰাউজাৰৰ সুৰক্ষাৰ দিশটো নৱীকৰণ হৈ পৰে।
  • পপআপ ৰোধ: চাফাৰি ব্ৰাউজাৰে অতি সূক্ষ্মভাৱে প্ৰতিটো পপআপ পৰীক্ষা কৰে আৰু অদৰকাৰী পপআপসমূহ উইণ্ডজত ওলোৱাৰ পৰা বাধা প্ৰদান কৰে।
  • কুকি ৰোধ: কিছুমান কোম্পানীয়ে আপুনি দৰ্শন কৰা ৱেবচাইটৰ তথ্যসমূহ কুকিজৰ পৰা সংগ্ৰহ কৰে। ফলত ইন্টাৰনেটত আপুনি কি কি কৰিছে সেইসমূহ তথ্য তেওঁলোকে ভালদৰে গম পায়। চাফাৰিয়ে প্ৰথম ব্ৰাউজাৰ যিয়ে এনে অনুসৰণ কৰা কুকিজসমূহ ৰোধ কৰে আৰু আপোনাৰ ব্যক্তিগত তথ্যসমূহ অধিক সুৰক্ষিত কৰি ৰাখে। চাফাৰিয়ে কেৱল আপুনি সদ্যহতে দৰ্শন কৰা ৱেবচাইটৰ তথ্যহে গ্ৰহণ কৰে।

ব্ৰাউজাৰত সুৰক্ষাৰ এক্সটেনশ্যনসমূহ

ফায়াৰফক্স আৰু ক্ৰমৰ বাবে AdBlock class 21 AdBlock নামৰ এবিধ এক্সটেনশ্যনে বিজ্ঞাপনমূলক সামগ্ৰী প্ৰচাৰ কৰা কিছুমান বিশেষ স্ক্ৰীপ্ট ৰোধ কৰে। আনহাতে, ABP য়ে ক্ষতিকাৰক কিছুমান বিজ্ঞাপন ইয়াৰ ৰোধ তালিকাত ভৰাব পৰা সুবিধা প্ৰদান কৰে। অৱশ্যে আপুনি ইচ্ছা কৰিলে এনে কিছুমান বিজ্ঞাপন ৰোধ নকৰাকৈয়ে ৰাখিব পাৰে।

ফায়াৰ ফক্সৰ বাবে https everywhere

আপোনাৰ ব্ৰাউজাৰ আৰু ইন্টাৰনেট চাৰ্ভাৰৰ মাজত সংযোগ অধিক সুৰক্ষিত কৰিবলৈ এই এক্সটেনশ্যন ব্যৱহাৰ কৰিব পৰা যায়। এই এক্সটেনছনে যেতিয়াই সম্ভৱ হয়, তেতিয়াই আপোনাৰ ৱেব ব্ৰাউজাৰ আৰু চাৰ্ভাৰৰ সৈতে থকা সংযোগ সাংকেতিক ৰূপত প্ৰকাশ কৰে। ইয়াৰ এটা অতি গুৰুত্বপূৰ্ণ উদাহৰণ হ’ল টুইটাৰ। ইয়াত ব্যৱহাৰকাৰীৰ নাম আৰু গুপ্তশব্দ সাংকেতিক ৰূপত ৰখা হয়। সদ্যহতে ফেচবুকতো https সকলো সময়ত On কৰি থোৱাৰ ব্যৱস্থা দিয়া হৈছে। ফায়াৰশ্বীপ নামৰ হেকিং আহিলা বিধৰ পৰাও https everywhere য়ে আপোনাক সুৰক্ষা প্ৰদান কৰাত সহায় কৰিব।

সকলো ব্ৰাউজাৰৰ বাবে LasTPass

বহুবোৰ হেকাৰে অনলাইনত আপোনাৰ ব্যক্তিগত তথ্য আৰু গুপ্তশব্দ আদি সংগ্ৰহ কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰে এই LasTPass নামৰ চিকিউৰিটি এক্সটেনশ্যন টোৱে। যেতিয়া আপুনি LasTPass ব্ৰাউজাৰ প্লাগইনটো ব্যৱহাৰ কৰে তেতিয়া ই আপোনাৰ গুপ্তশব্দসহ বিভিন্ন ব্যক্তিগত তথ্য সাংকেতিক ৰূপলৈ পৰিৱৰ্তন কৰি সংৰক্ষণ কৰে আৰু অতি জটিল ধৰণৰ আৰু সহজে বুজিব নোৱাৰা গুপ্তশব্দলৈ ৰূপান্তৰিত কৰে। সকলো ব্ৰাউজাৰতে এই প্লাগইনটোৱে কাম কৰে। LasTPass প্ৰথমবাৰৰ ব্যৱহাৰ কৰাৰ লগে লগেই ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য পঢ়ি লোৱাটো উচিত আৰু আপোনাৰ গুপ্তশব্দ LasTPass ৰ জৰিয়তে নৱীকৰণ কৰি ল’ব লাগে।

ফায়াৰফক্সৰ বাবে NoScript

এই প্লাগইনটোৱে ফায়াৰফক্স ব্ৰাউজাৰত সকলো বিলাক Script ৰোধ কৰে। জাভা ক্ৰীপ্ট, ফ্লেছ, কুইক টাইম আদি বিভিন্ন ধৰণৰ ব্ৰাউজাৰত খুলিব বিচৰা স্ক্ৰীপ্ট ইয়াৰ দ্বাৰা ৰোধ কৰিব পৰা যায় (গুগল ক্ৰম ব্যৱহাৰ কৰা সকলেও এনেকুৱা ধৰণৰ এক্সটেনশ্যন গুগুলৰ বাবে পাব)। যিহেতু এনে স্ক্ৰীপ্ট বিলাকৰ জৰিয়তে ব্ৰাউজাৰে ক্ষতিকাৰক ৱেবচাইট কিছুমানত স্বয়ংক্ৰিয়ভাৱে প্ৰৱেশ কৰে আৰু ইয়াৰ ফলত ব্ৰাউজাৰটো ক্ষতিগ্ৰস্থ হোৱাৰ লগতে কম্পিউটাৰৰ মূল্যৱান তথ্য নষ্ট হোৱাৰ আশংকা থাকে সেয়েহে এনেধৰণৰ স্ক্ৰীপ্টসমূহ ৰোধ কৰাতো অতি প্ৰয়োজন হৈ পৰে। মনত ৰাখিব যে, পৰাপক্ষত সকলো ধৰণৰ স্ক্ৰীপ্ট ৰোধ কৰি থ’লে ইন্টাৰনেটত বহুবোৰ চাইট স্পষ্টকৈ দেখা পোৱা নাযায়। উদাহৰণ স্বৰূপে, গুগুল, টুইটাৰ, লাইভ হেকাৰ আদিবোৰ পেজ খুলিবলৈ জাভা স্ক্ৰীপ্টৰ প্ৰয়োজন হয়। NoScript ৰ দ্বাৰা কেৱল তৃতীয় পক্ষৰ স্ক্ৰীপ্টসমূহ আৰু অসুৰক্ষিত ডমিনত থকা স্ক্ৰীপ্টসমূহহে ৰোধ কৰিব পৰা যায়। আপুনি নিজাকৈ এইসমূহ ঠিক কৰি ল’ব পাৰে।

সকলো ব্ৰাউজাৰৰ বাবে Web of Trust

Web of Trust নামৰ এই প্লাগইনটো ওপৰত উল্লেখ কৰা প্লাগইন বোৰতকৈ কিছু পৃথক। ক্ষতিকাৰক আক্ৰমণসমূহৰ পৰা আপোনাৰ কম্পিউটাৰটো ৰক্ষা কৰাৰ লগতে আপুনি কেতিয়া উক্ত ৱেবচাইটটো খুলিব আৰু বিশ্বাসযোগ্য হয়নে নহয় সেই তথ্য আপোনাক প্ৰ্দান কৰিব। সেয়েহে যদিহে আপুনি তেনেকুৱা ক্ষতিকাৰক ৱেবচাইট খুলিবলৈ বিচাৰে তেন্তে লগে লগে আপোনাক সাৱধান কৰি দিব যে উক্ত ৱেবচাইটত আপুনি আপোনাৰ ব্যক্তিগত তথ্য প্ৰদান কৰা অনুচিত। এই প্লাগইনটোৱে বিভিন্ন ৱেবচাইটৰ ব্যৱহাৰকাৰীৰ মান নিৰ্ণয়ৰ ফলাফলসমূহ তুলনা কৰে আৰু সঠিক আৰু ব্যৱহাৰযোগ্য ৱেবচাইটসমূহ দৃশ্যমান কৰে। এই এক্সটেনশ্যনটো কেৱল ব্ৰাউজাৰ এক্সটেনশ্যনৰ যোগেৰেহে সংলগ্ন কৰিব পৰা যায়।

কেইটামান গুৰুত্বপূৰ্ণ কিটিপ

  • সদায় সুৰক্ষিত ৱেব ব্ৰাউজাৰহে ব্যৱহাৰ কৰিব। সুৰক্ষিত ৱেব ব্ৰাউজাৰ ব্যৱহাৰ কৰিলে আপুনি নিৰাপদে ইন্টাৰনেটত উপলব্ধ বিভিন্ন তথ্য আৰু সমলসমূহ দৰ্শন আৰু গ্ৰহণ কৰিব পাৰে।
  • আপোনাৰ কম্পিউটাৰটো যাতে আনে ইন্টাৰনেটৰ জৰিয়তে নষ্ট কৰিব নোৱাৰে বা আপোনাৰ কম্পিউটাৰে যাতে আনৰ কম্পিউটাৰৰ তথ্য নষ্ট কৰিব নোৱাৰে তাৰ বাবে সদায় অপাৰেটিঙ চিষ্টেম আৰু ৱেব ব্ৰাউজাৰ নৱীকৰণ কৰাটো নিশ্চিত কৰিব লাগে।
  • শেহতীয়া লাইচেন্স থকা এন্টিভাইৰাছ চফটওৱেৰ ইন্সটল কৰাৰ লগতে ব্যক্তিগত ফায়াৰৱালো ইন্সটল কৰিব লাগে।
  • আখৰ, নম্বৰ আৰু বিশেষ চিহ্নসহ নিয়মীয়াকৈ আপোনাৰ গুপ্তশব্দ সলনি কৰি থাকিব লাগে।
  • আপুনি আগতে নজনা বা আগতে দৰ্শন নকৰা ৱেবচাইট খোলাৰ আগতে আপোনাৰ ৱেব ব্ৰাউজাৰৰ সকলো জাভা স্ক্ৰীপ্ট আৰু Active X ৰ সহায়ক বন্ধ কৰি লওক। বহুবোৰ কোম্পানীয়ে তেওঁলোকৰ ৱেব ব্ৰাউজাৰ নিজা ৱেবচাইটৰ পৰা ডাউনলোড কৰি ল’বলৈ সুবিধা প্ৰদান কৰে। কিন্তু এনে ৱেব ব্ৰাউজাৰ ডাউনলোড কৰাৰ পূৰ্বে ৱেবচাইটটোৰ সত্য সত্যতা ভালকৈ নিশ্চিত হোৱা উচিত।
  • ব্যক্তিগত ফায়াৰৱাল সক্ৰিয়কৰণ, ব্ৰাউজাৰৰ শেহতীয়া সংস্কৰণ, সুৰক্ষা, এন্টিভাইৰাছৰ শেহতীয়া নৱীকৰণ, নিয়মীয়াকৈ সম্পূৰ্ণ কম্পিউটাৰটো এন্টিভাইৰাছেৰে পৰীক্ষা কৰা আদি ধৰণৰ ভাল সুৰক্ষামূলক অভ্যাসেৰে কম্পিউটাৰলৈ আহিব পৰা আশংকাসমূহ ৰোধ কৰিব পৰা যায়।

উৎস: তথ্য সুৰক্ষাৰ শিক্ষা আৰু সজাগতা

শেহতীয়া উন্নীতকৰণ: : 3/24/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate