অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মোবাইল ফোনৰ বিষয়ে

মোবাইল ফোনৰ বিষয়ে

১) বিশ্বৰ প্ৰথম মোবাইল ফোনটো উদ্ভাৱন কৰিছিল Motorola কোম্পানীয়ে ৷ মডেলটোৰ নাম আছিল Motorola Dyna Tac 800x. ইয়াৰ ওজন আছিল দুই কিল’গ্ৰাম ৷

২) বিশ্বৰ প্ৰথম মোবাইলটো প্ৰদৰ্শন কৰিছিল Motorola কোম্পানীৰ ড০ মাৰ্টিন কুপাৰ আৰু জন এফ মিটচেলে, ১৯৭৩ চনত ৷

৩) এই ফোনটো প্ৰথমবাৰৰ বাবে ১৯৮৪ চনত যেতিয়া ব্যৱসায়িক ভাৱে আমেৰিকাৰ বজাৰত উপলব্ধ হৈছিল, তেতিয়া ইয়াৰ ওজন আছিল ৭৯৪ গ্ৰাম আৰু দাম আছিল ৩,৯৯৫ ডলাৰ ৷

৪) এই মোবাইলটোত এবাৰ বেটাৰী চাৰ্জ দি মাথোন আধা ঘণ্টামানহে ব্যৱহাৰ কৰিব পৰা গৈছিল ৷

৫) ড০ মাৰ্টিন কুপাৰক চেলফোনৰ পিতৃ আখ্যা দিয়া হয় ৷ ১৯৭৩ চনত ৩ এপ্ৰিলত ড০ কুপাৰেই মোবাইলৰ পৰা প্ৰথমটো ফোনকল কৰিছিল ৷

৬) ১৯৯২ চনৰ ৩ ডিচেম্বৰ ৷ সেইদিনা ২২ বৰ্ষীয়ান ব্ৰিটিছ চফটৱেৰ প্ৰগ্ৰেমাৰ নেইল পাপৱৰ্থে তেওঁৰ ঊৰ্ধতন বিষয়ালৈ প্ৰথমটো মেছেজ প্ৰেৰণ কৰে ৷ মেছেজটো আছিল "Merry Christmas" আৰু প্ৰেৰণ কৰিছিল এটা পাৰ্চনেল কম্পিউটাৰৰ পৰা মোবাইললৈ ৷ মোবাইললৈ প্ৰেৰণ কৰা সেইটোৱেই আছিল প্ৰথম মেছেজ ৷

৭) মোবাইল ফোনেৰে প্ৰথমখন ফটো তুলিছিল ‘‘ফিলিপ কানে’’ নামৰ গৱেষকজনে ১৯৯৭ চনৰ ১১ জুনত ৷ ফটোখন আছিল তেওঁৰ নৱজাতক কন্যা ‘‘ছ’ফি’’ৰ ৷ এই ফটোখন প্ৰায় দুহেজাৰজন ব্যক্তিলৈ প্ৰেৰণ কৰিছিল কানে ৷

৮৷ মোবাইলৰ দ্বাৰা মোবাইললৈ প্ৰথমটো মেছেজ প্ৰেৰণ কৰা সম্ভৱ হৈ উঠিছিল ফিনলেণ্ডত, ১৯৯৩ চনত ৷

৯৷ মেছেজৰ দ্বাৰা প্ৰথম মোবাইল সংবাদ সেৱা আৰম্ভ কৰা হৈছিল ২০০০ চনত, ফিনলেণ্ডত ৷

১০৷ "Sonim XP 3300 Force"— এই মডেলটো গীনিজ ৱৰ্ল্ড অৱ ৰেকৰ্ডৰ মতে আটাইতকৈ শক্তিশালী মোবাইল ৷ ৪৮ ফুট উচ্চতাৰ পৰা কংক্ৰিটত পেলাই দিয়াৰ পিছতো ই সফল ভাৱে কাম কৰিবলৈ সক্ষম হৈছিল ৷

১১৷ মট’ৰলাৰ পিছত মোবাইল জগতলৈ আহে Nokia কোম্পানী ৷ প্ৰথম অৱস্থাত Nokiaৰ ব্যৱসায় আছিল কাগজ উৎপাদনত ৷ ১৯৮২ চনত Nokiaই উৎপাদন কৰা প্ৰথমটো মোবাইলৰ নাম আছিল ‘‘ন’কিয়া ম’বিৰা চিনেটৰ’’ ৷ ইয়াৰ ওজন আছিল ২১ পাউণ্ড ৷

১২৷ SMS (ছৰ্ট মেছেজিং ছাৰ্ভিচ) সাধাৰণতে ১৬০টা চিহ্নৰ ভিতৰত সীমাবদ্ধ থাকে ৷ কাৰণটো জানেনে ? SMSৰ উদ্ভাৱক জাৰ্মান ইঞ্জিনীয়াৰ "Friedhelm Hillebrand"এ গৱেষণা কৰি পাইছিল যে, যিকোনো প্ৰশ্ন বা মনৰ ভাৱ প্ৰকাশৰ বাবে ১৬০টা আখৰ বা চিহ্নই যথেষ্ট ৷

১৩৷ NOKIA-1100, ফিনলেণ্ডত নিৰ্মিত এই মডেলটোৱেই হৈছে বিশ্বৰ আটাইতকৈ বেছি বিক্ৰী হোৱা মোবাইল ফোন ৷

১৪৷ "Motorola Star Tac" আছিল পৃথিৱীৰ প্ৰথমটো কম্পন প্ৰযুক্তি (Vibrating Alert Technology) যুক্ত মোবাইল ফোন ৷

১৫৷ ১৯৯৪ চনত মোবাইলত থকা ছিম কাৰ্ড সৰ্বপ্ৰথম নিৰ্মাণ কৰিছিল "Gieseckc & Devrient"এ ৷

১৬৷ ২০০১ চনত উন্মোচন হোৱা ‘‘Siemens SL47’’ মডেলটো কেইবাটাও কাৰণত অনন্য ৷ ই হৈছে সৰ্বপ্ৰথম এক্সপাণ্ডেবল মেমৰী আৰু MP3 প্লেয়াৰ সংযোজিত মোবাইল ফোন ৷ মডেলটোৰ লগত আছিল ৩২ মেগাবাইট MMC কাৰ্ড আৰু ষ্টেৰিঅ’ হেডফোন ৷ ইয়াক এবাৰ চাৰ্জ দি পাঁচ ঘণ্টালৈকে সংগীত বজাব পৰা গৈছিল ৷ 

১৭৷ "Kyocera VP-210" মডেলটো হৈছে প্ৰথমটো ব্যৱসায়িক মোবাইল ফোন ৷ য’ত Video প্ৰযুক্তি সংলগ্ন কৰা হৈছিল ৷ ১৯৯৯ চনৰ ১৮ মে’ত এই ফোনটো জাপানত প্ৰথম মুকলি কৰা হৈছিল ৷

১৮৷ 2G.... ইয়াক প্ৰথম মুকলি কৰা হয় ১৯৯১ চনত ফিনলেণ্ডত ৷

১৯৷ 3G... ২০০১ চনত WCDMA ষ্টেণ্ডাৰ্ডত NTT DCMই মুকলি কৰে এই টেকন’লজী ৷

২০৷ "Touch Screen Smart Phone" আৱিষ্কাৰ কৰিছিল ‘‘আই বি এম চিমনে’’ ১৯৯৩ চনত ৷

২১৷ ভাৰতবৰ্ষত প্ৰথম চেলুলাৰ ফোন আৰম্ভ কৰা হৈছিল ১৯৯৫ চনৰ ৩১ জুলাইত ৷ কেন্দ্ৰীয় টেলিকম মন্ত্ৰী সুখৰামলৈ কৰা ফোনটোৱেই আছিল ভাৰতত চেলফোন ব্যৱহাৰৰ পাতনি ৷ ফোনটো কৰিছিল পশ্চিমবংগৰ ৰাজনীতিবিদ অভিষেক যাদৱে ৷ উল্লেখযোগ্য যে Nokia কোম্পানীৰ মোবাইল ফোনেৰে ভাৰতত মোবাইল ফোন ব্যৱহাৰৰ পাতনি মেলা হৈছিল ৷

২২৷ দশম শতিকাৰ ৰজা ব্লুটুথ’ৰ নামেৰে ৱায়াৰলেছ ডাটা ট্ৰেন্সফাৰ নেটৱৰ্কৰ নাম ব্লুটুথ ৰখা হৈছে ৷

লিখক: জোনালী, https://www.facebook.com/Mahiruh.sss

শেহতীয়া উন্নীতকৰণ: : 5/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate