অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৰুণা কান্ত কলিতা

কলিতাদেৱৰ জীৱন আৰু কৃতিত্ব

কৃতি শিক্ষক তথা শিক্ষাবিদ সুবক্তা আৰু শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ একান্ত ভক্ত শ্ৰদ্ধাস্পদ কলিতাদেৱৰ জন্ম হৈছিল কামৰূপ জিলাৰ ৰামদিয়া মৌজাৰ হাঁহদিয়া গাঁৱত, ১৯৪৩ বৰ্ষৰ ১ মাৰ্চত৷ পিতৃৰ নাম নন্দিৰাম কলিতা আৰু মাতৃৰ নাম দিব্যপ্ৰভা কলিতা৷ প্ৰাথমিক শিক্ষাৰ অন্তত তেখেতে ১৯৬০ চনত হাজো উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক, ১৯৬২ বৰ্ষত বি. বৰুৱা কলেজৰ পৰা ইণ্টাৰমিডিয়েট, ১৯৬৪ বৰ্ষত নলবাৰী কলেজৰ পৰা স্নাতক আৰু ১৯৮১ বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিপ্ল’মা সুখ্যাতিৰে উত্তীৰ্ণ হয়৷

শিক্ষকতাৰ দৰে মহান বৃত্তিৰে কৰ্ম জীৱনৰ পাতনি মেলা কলিতাদেৱে ঢকুৱাখানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অধ্যক্ষ পদত থাকোঁতে অৱসৰ গ্ৰহণ কৰে৷ তেখেতে ঢকুৱাখানাত কৰ্মৰত অৱস্থাতেই শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ লগত নিবিড়ভাৱে আত্মনিয়োগ কৰি এজন সুবক্তা আৰু সংগঠক ৰূপে জনমানসত প্ৰতিষ্ঠা লাভ কৰে৷ ১৯৯১ বৰ্ষত কলিতাদেৱে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ উপ-পদাধিকাৰ আৰু ১৯৯৩ বৰ্ষত সঙ্ঘৰ পদিধিকাৰ আসনৰ বাবে নিৰ্বাচিত হৈ ২০০২ খ্ৰীষ্টাব্দলৈকে আৰু ২০০৫ বৰ্ষৰ পৰা ২০১০ বৰ্ষলৈকে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সৰ্বোচ্চ পদৱী পদাধিকাৰ ৰূপে কাৰ্যনিৰ্বাহ কৰে৷ তেখেতৰ কাৰ্যকালতেই সঙ্ঘৰ ভালেসংখ্যক আঁচনি কাৰ্যকৰী আৰু শুভাৰম্ভ কৰা হৈছিল৷ তাৰ ভিতৰত আধ্যাত্মিক চিন্তা-চৰ্চাৰে নৱ প্ৰজন্মক গঢ় দিয়াৰ উদ্দেশ্যে শিশু সমাৰোহ, আই সমাৰোহ, যুৱ সমাৰোহ, সেৱাবাহিনী গঠন আদি, মণিকাঞ্চন বাৰ্তালোচনী প্ৰকাশ, ইংলিছ জাৰ্ণেল ‘মহাপুৰুষজ্যোতি’, ইত্যাদি উল্লেখযোগ্য৷

এইজনা সুদক্ষ সমাজ সংগঠক, সুবক্তাৰ বিয়োগত আমি মৰ্মাহত৷ তেখেতৰ আত্মাই মহতোমহীয়ানৰ কাষত শান্তিৰে থাকক, এইয়ে আমাৰ চিৰমঙ্গলময়ৰ কাষত প্ৰাৰ্থনা।

যুগুতালে: কিৰণ খনিকৰ৷

শেহতীয়া উন্নীতকৰণ: : 3/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate