অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নলিনীবালা দেৱী

নলিনীবালা দেৱী

বিশিষ্ট কবি, লেখিকা, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি, অসমীয়া কাব্য সাহিত্য জগতত "ৰহস্যবাদী" কবি বা "অতিন্দ্ৰীয়বাদী" কবি হিচাপে পৰিচিত অসমৰ আইতা নলিনীবালা দেৱীৰ জন্ম হৈছিল আজিৰ দিনটোতে।

এইগৰাকী মহীয়সীক আমি এই চমু লেখাৰে স-শ্ৰদ্ধাৰে সোঁৱৰিছো।

স্কুল-কলেজৰ উপাধি নোহোৱাকে কাব্য ৰচনাত ব্ৰতী হৈ সাহিত্য একাডেমিৰ দৰে বঁটা লাভ কৰিবলে সক্ষম হোৱা অসমীয়া মহিলা গৰাকীয়ে হ'ল নলিনীবালা দেৱী।

তেওঁৰ জন্ম হ'য় ১৮৯৮ চনৰ বৰপেটাত আজিৰ দিনটোতে। মাক হেমন্ত কুমাৰী আৰু পিতৃ কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈ।

তেজপুৰৰ বঙালা বালিকা বিদ্যালয়তে তেওঁৰ বিদ্যাৰম্ভ হ'য়। তেওঁ সৰুতে আইতাকৰ মুখে বৰগীত, স্তোত্ৰপাঠ, স্নানমন্ত্ৰ, গোঁসাই সেৱা আদি আখৰা কৰিছিল। লগতে ককাক মাধৱ বৰদলৈৰ পৰা দুৰ্গাবৰী গীত, ভটিমা পদ, লেচাৰিৰ সুৰ আদি শিকিছিল। 
সৰুতে তেওঁ গৃহ শিক্ষকৰ দ্বাৰা শিক্ষা লাভ কৰিছিল। গোপাল কৃষ্ণ দে তেওঁৰ গৃহ শিক্ষক আছিল।

১৯৬৮ চনত "অলকানন্দা" কাব্যখনৰ বাবে তেওঁ সাহিত্য একাডেমি বঁটা লাভ কৰিছিল।

"অলকানন্দাৰ" কবিতাখিনি গীতিকা আৰু কবিতা শীৰ্ষক দুটা ভাগত বিভক্ত কৰাইছে। গীতিকাৰ সংখ্যা ১১৪টা আৰু কবিতাৰ সংখ্যা ৫০টা।

তেওঁৰ কবিতা সমুহ প্ৰশস্তিমূলক, জাতীয়তাবাদী, আৰু আধ্যাত্মিক ভাৱধাৰাৰে লিখিত হৈছিল।

নলিনীবালা দেৱীৰ কবিতা সমুহৰ ভিতৰত- সন্ধিয়াৰ সুৰ (১৯২৮) পৰশমণি (১৯৫৫) সপোনৰ সুৰ (১৯৪৮) যুগদেৱতা (১৯৫৮) জাগৃতি (১৯৬২) আৰু অন্তিমৰ সুৰ (১৯৭৭) আদি।

তেওঁৰ অপ্ৰকাশিত কবিতা পুথি কেইখন হ'ল- জোনাকী, স্বপ্ন সুৰভি, মন্দাকিনী, সন্ধিয়াৰ সপোন, পৰশ, সাঁজৰ পূৰৱী আৰু মেঘদূত।

পিতাক কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈৰ বিষয়ে লিখা জীৱনী "স্মৃতিতীৰ্থ (১৯৪০) তেওঁৰ অনুপম গদ্যৰ চানেকি। তেওঁ লিখা আত্মজীৱনী বোৰৰ ভিতৰত- এৰি অহা দিনবোৰ (১৯৭৮) আত্মজীৱনী।

জীৱনী গ্ৰন্থ- চৰ্দাৰ বল্লভ ভাই পেটেল (১৯৬৬) আৰু বিশ্বদীপা (১৯৬১)।

প্ৰৱন্ধ মুলক গ্ৰন্থ- শান্তিপথ (১৯৭১)। মানস তীৰ্থ আৰু নাৰদীয় ভক্তিসূত্ৰ, তেওঁৰ প্ৰকাশ পাবলে বাকী আছে এতিয়াও।

তেওঁ এলানি নাটিকাও ৰচনা কৰিছিল। সেই নাটিকা সমুহ হ'ল- শেষ প্ৰজা (১৯৫৮), পাৰিজাত অভিষেক, প্ৰহ্লাদ (১৯৫৮), মীৰাবাঈ (১৯৬৮)।

তেওঁৰ অপ্ৰকাশিত নাটিকা সমুহ হ'ল- জয়মতী, জন্মাষ্টমী, পৰাজয়, পুঁৱতি পোহৰৰ কঁপনি, মহিষাসুৰ, মৰ্দ্দিনী, নৱজন্ম, হোলি, নেতাই ধুবুনী ঘাট, নটী পূজা, ভাৰত বিদূষী, অসম আঁউসী আদি।

১৯৫৬ চনত সৰ্বভাৰতীয় সংস্কৃত সঞ্জীৱনী সভাৰ নলবাৰী শাখাৰ অধিৱেশনে তেওঁক "কাব্য ভাৰতী" উপাধিৰে বিভূষিত কৰে। ১৯৫৮ চনত তেওঁ পদ্মশ্ৰী সন্মানো লাভ কৰে। ১৯৫৪ চনত তেওঁ অসম সাহিত্য সভাৰ ত্ৰয়োবিংশ যোৰহাট অধিৱেশনৰ সভানেত্ৰী আছিল। লগতে তেওঁ অসম সংঘৰ সভানেত্ৰী আৰু প্ৰাদেশিক মহিলা সমিতিৰ নগাওঁ অধিৱেশনৰ সভানেত্ৰী আছিল।

শিৱসাগৰৰ নিত্যানন্দ চৰ্তুবেদী বংশৰ কৃষ্ণপ্ৰাণ চাংকাকতীৰ সৈতে তেওঁৰ বিবাহ হৈছিল। তেওঁ চাৰিটা সন্তানৰ মাতৃ হোৱাৰ পিছত ১৯১৭ চনত তেওঁৰ স্বামীৰ অকাল মৃত্যু হ'য়। ১৯৭৭ চনৰ ২৪ ডিচেম্বৰত নলিনীবালা দেৱীৰ পৰলোকপ্ৰাপ্তি ঘটে।

লিখক: অৰূপ বৰুৱা।

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate