অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ব্ৰজেন বৰুৱা

ব্ৰজেন বৰুৱা

অসমীয়া চলচ্ছিত্ৰ জগতৰ এজন পুৰোধা ব্যক্তি ব্ৰজেন বৰুৱা। তেখেতৰ জন্ম হৈছিল কামৰূপ জিলাৰ বিহদিয়া গাঁৱত ১৯২৫ চনৰ ২৭ ফেব্ৰুৱাৰী তাৰিখে।দেউতাকৰ নাম আছিল চন্দ্ৰনাথ বৰুৱা আৰু মাতৃৰ নাম আছিল জোনপ্ৰভা বৰুৱা।তেখেত আছিল একেধাৰে চলচ্ছিত্ৰ প্ৰযোজক, পৰিচালক, সঙ্গীত পৰিচালক, অভিনেতা,কণ্ঠশিল্পী, গীতিকাৰ,চিত্ৰনাট্যকাৰ ইত্যাদি।সৰুৰে পৰা এক সাংস্কৃতিক পৰিবেশত ডাঙৰ-দীঘল হৈছিল তেখেত।তেখেতে গুৱাহাটীৰ বিভিন্ন মঞ্চত অৰ্কেষ্ট্ৰা পৰিচালনা কৰাৰ ওপৰিও বিভিন্ন মঞ্চ আৰু অনাতাঁৰ কেন্দ্ৰটো গীত গাইছিল।বিশিষ্ট সঙ্গীতজ্ঞ তফজ্জুল আলিৰ মতে অসমত সৰ্বপ্ৰথম একোটা বিষয়-বস্ত্ত আশ্ৰিত ঐকতান বাদন বা অৰ্কেষ্ট্ৰাৰ ৰচনা আৰু পৰিচালনা কৰে ব্ৰজেন বৰুৱাই।তেখেতে সৃষ্টি কৰা কেইটামান উল্লেখযোগ্য অৰ্কেষ্ট্ৰা হৈছে 'ছয় ঋতু', 'যুদ্ধ আৰু শান্তি', 'এটি শিশুৰ জন্ম' আদি। ছাাত্ৰ অৱস্থাতেই তেখেতে অজিত বৰুৱা,কেশৱ মহন্ত আদিৰ গীতত সুৰাৰোপ কৰিছিল।১৯৪৪ চনত কলিকতাত বহা নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনত তেখেতে সঙ্গীত পৰিচালক ৰূপে যোগ দিছিল।অসমীয়া চলচ্চিত্ৰ জগতলৈ তেখেতে ৮খন চলচ্চিত্ৰৰ সঙ্গীত পৰিচালক আৰু ৫খন চলচ্চিত্ৰৰ পৰিচালক হিচাপে বিশিষ্ট বৰঙণি আগবঢ়াই গৈছে।ইয়াৰ উপৰিও তেখেতে এই চলচ্চিত্ৰসমূহত অভিনয়ো কৰিছিল আৰু কিছুমানৰ চিত্ৰনাট্যও প্ৰস্তুত কৰিছিল।১৯৬৩ চনত মুক্তিপ্ৰাপ্ত প্ৰথম অসমীয়া কমেডী ছবি 'ইটো সিটো বহুটো'ৰ যোগেদি তেখেতে চলচ্চিত্ৰ পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰে।তেখেতে পৰিচালনা কৰা তথা চিত্ৰনাট্য ৰচনা কৰা 'ডঃ বেজবৰুৱা'(১৯৬৯) চলচ্চিত্রখনক অসমীয়া চলচ্চিত্ৰৰ মাইলৰ খুটি বুলি অভিহিত কৰিব পাৰি।তেখেতে নিজেই মুখ্য ভূমিকাত অৱতীৰ্ণ হোৱা এই চলচ্চিত্ৰখনে আঞ্চলিক ভাষাৰ শ্ৰেষ্ট ছবিৰ সন্মান বুটলিছিল।এই বোলছবিৰ গীতসমূহো অতি জনপ্ৰিয় হৈছিল আৰু আমি এতিয়াও গুণগুণাই ভাল পাঁও।কিন্ত্ত আমাৰ বাবে অতি দুখৰ বিষয় যে মাত্ৰ ৪৭ বছৰ বয়সতে এই বহুমুখী প্ৰতিভাধৰ ব্যক্তিজনে ইহ-সংসাৰৰপৰা চিৰ-বিদাই লয় (২৭জুন,১৯৭২)।

লেখিকা: নিলাক্ষী মহন্ত

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate