অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৰেণ্য সাহিত্যিক বিদিয়াধৰ সূৰযপ্ৰসাদ নাইপল:

বৰেণ্য সাহিত্যিক বিদিয়াধৰ সূৰযপ্ৰসাদ নাইপল:

 

বিদিয়াধৰ সূৰযপ্ৰসাদ নাইপল ত্ৰিনিদাদত বসবাস কৰা ভাৰতীয় বংশোদ্ভৱ, নোবেলজয়ী সাহিত্যিক। ভি এছ নাইপল নামে সমধিক পৰিচিত। ১৯৩২ চনৰ ১৭ আগষ্টত ত্ৰিনিদাদৰ ছাগুৱানজত তেওঁৰ জন্ম হয়। নাইপলৰ পূৰ্বপুৰুষে এসময়ত সংস্থাপনৰ তাগিদাত উত্তৰ ভাৰতৰ পৰা প্ৰব্ৰজন কৰি গৈ ত্ৰিনিদাদত থিতাপি লৈছিল। ভি এছ নাইপলৰ ককাদেউতাকে শ্ৰমিক হিচাপে ত্ৰিনিদাদলৈ গৈছিল। কিন্তু দেউতাক শীপাৰছেদ নাইপলে কিন্তু উচ্চ শিক্ষা গ্ৰহণ কৰি ত্ৰিনিদাদতে সাংবাদিকতাৰে এক উন্নত জীৱন নিৰ্বাহৰ চেষ্টা কৰিছিল।

দেউতাকক দেখি দেখি এঘাৰবছৰতে এজন লেখক হোৱাৰ মনস্থ কৰে আৰু লিখিবলৈ যত্ন কৰে। সেইসময়ত ত্ৰিনিদাদত উচ্চ শিক্ষা গ্ৰহণৰ বাবে বিশেষ সা-সুবিধা নাছিল। বিদিয়াধৰে সেয়েহে ত্ৰিনিদাদতে স্কুলীয়া শিক্ষা লাভ কৰাৰ পাছত ১৯৫০ চনত উচ্চ শিক্ষাৰ্থে তেওঁ ইংলেণ্ডৰ অক্সফোৰ্ডলৈ যায়। সৰুৰে পৰাই তেওঁ অতি চোকা বুধিৰ হোৱা বাবে অক্সফোৰ্ডত পঢ়িবৰ বাবে ত্ৰিনিদাদৰ চৰকাৰী শিক্ষাবৃত্তি লাভ কৰিছিল। আৰু তাৰে পৰাই ১৯৫৩ চনত ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰে। অক্সফোৰ্ডৰ পৰা স্নাতক হোৱাৰ পাছত তেওঁ কেৰিবিয়ান অঞ্চলৰ বি বি চিৰ ঘোষক হিচাপে যোগদান কৰে। সেইসময়ত ৰেডিঅ’ৰ বাবে লিখা স্ক্ৰিপ্টৰ লগতে নাইপলে তেওঁৰ প্ৰথমখন উপন্যাসোসমান্তৰালভাৱে বিভিন্ন লেখা লিখিবলৈ ধৰিলে। তেনেদৰেই ৰচনা কৰিলে তেওঁৰ প্ৰথমখন উপন্যাস ‘মিগুৱেল ষ্ট্ৰীট’। পঞ্চাছৰ দশকটোত নাইপলে বি বি চিৰ ঘোষকৰূপে কাম কৰিছিল যদিও পাছলৈ ‘নিউ ষ্টেটছমেন’ৰ নিয়মীয়া সমালোচক আৰু বি বি চিৰ হৈ ফ্ৰিলেন্স সাংবাদিকৰূপে কাৰ্যনিৰ্বাহ কৰে। অৱশ্যে সাংবাদিকতা কৰিলেও নাইপলৰ মূল পৰিচয় হ’ল এগৰাকী গল্পকাৰ, ঔপন্যাসিক আৰু ভ্ৰমণকাৰী লেখকৰূপেহে। ইয়াৰ পাছত তিনিটা দশক তেওঁ অভিজ্ঞতা আৰু জীৱন বীক্ষাৰ সন্ধানত সমগ্ৰ পৃথিৱী ভ্ৰমণ কৰে।

অক্সফোৰ্ডত পঢ়ি থকা সময়চোৱাৰ পৰাই তেওঁ দুই-এখনকৈ গ্ৰন্থ লিখিবলৈ লয়। তেওঁৰ প্ৰথম পৰ্যায়ৰ উপন্যাসসমূহৰ ভিতৰত আটাইতকৈ বিখ্যাতখন হ’ল ‘মিগুৱেল ষ্ট্ৰীট’(Miguel Street, ১৯৫৯)। ইয়াত এক শিশুৰ কথা আছে যি ত্ৰিনিদাদৰ পোৰ্ট অব স্পেইনত ক্ৰমাৎ ডাঙৰ হৈ আহে আৰু এসময়ত উচ্চ শিক্ষাৰ বাবে তাৰ পৰা বিদায় লৈ আঁতৰি যায়। সেই সময়ৰ আন দুখন গ্ৰন্থ হ’ল: ‘দি মিষ্টিক মেছি’(The Mystic Masseur, ১৯৫৭ নাইপলে ৰচনা কৰা প্ৰথম গ্ৰন্থ) আৰু ‘দি ছাফ্ৰেজ অব এলভিৰা’(The Suffrage of Elvira, ১৯৫৮)।

১৯৬১ চনত প্ৰকাশ পায় নাইপলৰ এখন উল্লেখযোগ্য উপনুয়াস ‘এ হাউছ ফৰ মিষ্টাৰ বিশ্বাস’(A House for Mr Biswas)। ত্ৰিনিদাদত বাস কৰা ‘বিশ্বাস’ উপাধিধাৰী এটা পৰিয়ালৰ অস্তিত্বৰ সংকটৰ কথা ইয়াত বৰ্ণনা কৰা হৈছে। ব্ৰিটিছ যুগৰ ভাৰতৰ অন্তৰালত কিছু কথা কলাত্মক ভাষাৰে অভিনৱ ৰূপত উপস্থাপন কৰা বাবে উপন্যাসখনে প্ৰভূত জনপ্ৰিয়তা অৰ্জন কৰে।

ভাৰতৰ লগত নাইপলৰ সম্পৰ্ক বেচ গাঢ়। ভাৰত সম্পৰ্কে তেওঁ ‘এন এৰিয়া অব ডাৰ্কনেছ’(An Area of Darkness, ১৯৬৫), ‘ইণ্ডিয়া: এ ৱুণ্ডেড চিভিলাইজেশ্যন’(India: A Wounded Civilization, ১৯৭৭), ‘ইণ্ডিয়া: এ মিলিয়ন মিউটিনিজ নাও’(India: A Million Mutinies Now, ১৯৯০) আদি কেবাখনো গ্ৰন্থ লিখিছে। ভাৰত সম্পৰ্কীয় প্ৰথ পৰ্যায়ৰ গ্ৰন্থকেইখনত তেওঁৰ কঠোৰ সমালোচনাত্মক মনোভাৱ প্ৰকাশ পাইছে। কিন্তু তেওঁৰ ভাৰতবিষয়ক পৰৱৰ্তী গ্ৰন্থত আশ্চৰ্যজনকভাৱে প্ৰশংসামূলক ভাব দেখা পোৱা যায়।

ষাঠিৰ দশকৰ পৰা ইংলেণ্ডত বসবাস কৰি আহিলেও, নাইপলে নিজকে ছিন্নমূলক বুলি গণ্য কৰে। নাইপলৰ প্ৰায় পচিশখন গ্ৰন্থ সমালোচকসকলৰ দ্বাৰা বিশেষভাৱে প্ৰশংসিত হৈছে। সেইবোৰৰ বিষয় তথা স্থানো আমোদজনকভাৱে বিভিন্ন উদাহৰণস্বৰূপে তেওঁৰ ৰচনাত ঠাই পাইছে আফ্ৰিকা(‘এ বেণ্ড ইন দা ৰিভাৰ’(A Bend in the River), ১৯৭৯), ৱেষ্ট ইণ্ডিজ(‘এ হাউছ ফৰ মিষ্টাৰ বিশ্বাস’, দি মিডল পেছেজ’(The Middle Passage), ১৯৬২), আৰ্জেন্টিনা(‘দা ৰিটাৰ্ণ অব ইভা পেৰন’), ইছলাম(‘এমং দা বিলিভাৰ্ছ: এন ইছলামিক জাৰ্নি’(Among the Believers : An Ishlamic Journey), ১৯৮১, ‘বিয়ণ্ড বিলিফ’) আৰু ভাৰত(ইণ্ডিয়া: এন এৰিয়া অব ডাৰ্কনেছ ইত্যাদি)।

নাইপলৰ কিছু সংখ্যক ৰচনাৰ বাবে তেওঁক কোনো কোনোৱে ইছলামবিৰোধী বুলিও ক’ব খোজে। পাছে সমালোচকসকলৰ মতে তেওঁ সকলো ধৰণৰ ধৰ্ম-বিশ্বাসৰে বিৰোধী। আনহাতে তেওঁৰ অভিজ্ঞতালব্ধ কিছু কথা নগ্ন তথা কঠোৰভাৱে প্ৰকাশ কৰাৰ অভিযোগ্য নাইপলৰ বিৰুদ্ধে আছে। প্ৰকাশ কৰাৰ অভিযোগ্য নাইপলৰ বিৰুদ্ধে আছে। তেওঁৰ শেহতীয়া গ্ৰন্থ ‘হাফ এ লাইফ’ত ভাৰত, ইংলেণ্ড আৰু মোজান্বিকৰ মিশ্ৰিত বংশৰ লোকসকলৰ অস্তিত্বৰ সংকট বৰ্ণনা কৰা হৈছে। এই কিতাপখন সম্পৰ্কে নাইপলে আগতেই ঘোষণা কৰি থৈছে যে সাহিত্যিক ৰূপ হিচাপে এই গ্ৰন্থখন ‘মৃত’।

ইংলেণ্ডত বসবাস কৰিবলৈ লোৱাৰ পৰা নাইপলে এছিয়া, আফ্ৰিকা আৰু আমেৰিকাৰ বহু দেশ ভ্ৰমণ কৰে। তেওঁৰ ভ্ৰমণমূলক লেখাবোৰত সেই দেশবোৰৰ প্ৰকৃতি, সমাজ জীৱন আৰু সংস্কৃতিৰ যথেষ্ট প্ৰভাৱ পৰিছে। নাইপলৰ আন উল্লেখযোগ্য সাহিত্য কৰ্মসমূহ হ’ল: ‘গেৰিলাজ’(Guerrillas, ১৯৭৫), ‘দি মিমিক মেন’(The Mimic Man, ১৯৬৭), ‘দি এনিগমা অব এৰাইভেল’(The Engima of Arrival, ১৯৮৭), ‘এ ৱে ইন দা ৱৰ্লড(A Way in the World, ১৯৯৪), ‘দি ফাইভ ছচাইটিজ-ব্ৰিটিছ, ফ্ৰেন্স, এণ্ড ডাচ্চ-ইন দি ৱেষ্ট ইণ্ডিজ’(The Five Societies- British, French, and Dutch- in the West Indies, ১৯৬৩) আদি।

সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে নাইপলে লাভ কৰিছে কেইবাটাও বঁটা আৰু সন্মান। ‘ইন এ ফ্ৰী ষ্টেট(In a Free State, ১৯৭১) নামৰ গ্ৰন্থখনৰ বাবে ১৯৭১ চনত তেওঁ লাভ কৰে বুকাৰ বঁটা। ১৯৮৬ চনত টি এছ ইলিয়ট বঁটা তেওঁলৈ আগবঢ়োৱা হয়। ১৯৮৯ চনত তেওঁ ‘নাইট’ উপাধি লাভ কৰে। ১৯৯৩ চনত লাভ কৰে ডেভিদ কোহেন ব্ৰিটিছ লিটাৰেচাৰ বঁটা। ২০০১ চনৰ বাবে তেওঁ লাভ কৰে সাহিত্যিক নোবেল বঁটা।

উৎস:কেৰিয়াৰ গাইড

শেহতীয়া উন্নীতকৰণ: : 2/6/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate