অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰাষ্ট্ৰীয় সংহতি আৰু মহাত্মা গান্ধী

ৰাষ্ট্ৰীয় সংহতি আৰু মহাত্মা গান্ধী

ভাৰতীয় সভ্যতা-সংস্কৃতি মহিমামণ্ডিত। বৈদিক যুগৰ পৰাই ভাৰতৰ উৰ্বৰ ভূমিত, সিন্ধু, গংগা লুইত কাবেৰী-গোদাবৰী আদি শত শত নদ-নদীৰ পৰাত বিভিন্ন ঋষি-মুনিসকলে অহিংসা আৰু প্ৰেমৰ মন্ত্ৰ ধ্বনিৰে মুখৰিত কৰি তুলিছিল। আমাৰ মহান ৰজা-মহাৰজাসকলেও ন্যায়নিষ্ঠ প্ৰেম কৰুণা, দয়া আৰু প্ৰজাবৰ্গৰ শান্তি-সমৃদ্ধিৰ কাৰণে অহিংসা মন্ত্ৰৰ বাণী প্ৰচাৰ কৰিছিল।

ভাৰতৰ সভ্যতা-সংস্কৃতি আৰু আধ্যাত্মিক চিন্তা-চেতনাৰ প্ৰভাৱত ঐক্য আৰু সম্প্ৰীতিৰ ডোলেৰে বান্ধ খাই ভাৰতীয় সংস্কৃতিক মহান কৰি তুলিছে। ভাৰতীয় সংস্কৃতিৰ অহিংসা নীতিয়েই হৈছে মূল মন্ত্ৰ।

ভাৰতৰ হেজাৰ হেজাৰ বছৰৰ ইতিহাসে আমাক যেন ৰিঙিয়াই কৈ আছে- এইখন ৰামৰ দেশ। যুধিষ্ঠিৰৰ ন্যায়-নীতিৰ বলতে কৌৰৱ নিধন হৈছিল। বুদ্ধই অহিংসা দয়া ক্ষমাৰ মন্ত্ৰৰে মহান বৌদ্ধ ধৰ্মৰ বাণী প্ৰচাৰ কৰিছিল। মহামতি অশোকে ন্যায়ৰ দণ্ড হাতত লৈ অহিংসাৰ বাণী প্ৰচাৰ কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সকলো জীৱকে ব্ৰহ্মময় জ্ঞান কৰিছিল। হিংসা নীতি ত্যাগ কৰি অহিংসা নীতি আৰু ধৰ্মীয় আদৰ্শৰে এখন বৃহত্তৰ সমাজ গঠন কৰাৰ প্ৰয়াস কৰিছিল।

মহামানৱ মহাত্মা গান্ধীয়েও অহিংসাৰ মহামন্ত্ৰৰে জনগণৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। ঐশ্বৰিক গুণসম্পন্ন মহানুভৱতা আৰু অহিংসাৰ পূজাৰী আছিল জাতিৰ পিতা মহাত্মা গান্ধী। মহাত্মা গান্ধী এনে এক অনন্য ব্যক্তি আছিল যে ভাৰতৰ মাটি, পানী, বায়ু আৰু জনগণৰ লগতে নিবিড় সম্পৰ্ক গঢ়ি জাতে-পাতে ভাৰতীয় হৈ বিশ্ববৰেণ্য হিচাপে আমাৰ চিৰপূজ্য হ’ল।

অহিংসা এনে এক ধৰ্ম যাৰ লগত কোনো জাতি, ধৰ্ম, উচ্চ-নীচ, সৰু-ডাঙৰ কোনো প্ৰভেদ নাই। ‘সবাৰ ওপৰে মানুষ সত্য তাৰ ওপৰে কেও নেই’। মানুহ আত্মবিশ্বাসী আৰু সচেষ্ট হ;লে মানুহে পূৰ্ণতা লাভ কৰি কৰ্মত কৃতকাৰ্যতা লাভ কৰিব পাৰে।

মহাত্মা গান্ধীয়ে সদায় অনৈক্যৰ মাজত ঐক্য বিভিন্নতাৰ মাজত একতা, বৈষম্যৰ মাজেৰে সৌম্য য’ত সকলোৱে হিংসা, দ্বেষ যুদ্ধ-বিদ্ৰোহ মান-অভিমান উচ্চ-নীচ আদি সমস্ত ভেদাভেদ পৰিহাৰ কৰি বিশ্ব ভাতৃত্বৰ এক মহান এনাজৰীৰে বান্ধ খাই সৌম্য, মৈত্ৰী, শান্তি, সহনশীলতা আৰু সহাৱস্থান আদি মহান ভাবেৰে ভাবিত হৈ অহিংসা নীতিৰে মানৱৰ কল্যাণ সাধনত ব্ৰতী হৈছিল। তেওঁৰ একাদশ ব্ৰত আছিল এনেধৰণৰ-

‘অহিংসা সত্যমস্তেয়

ব্ৰহ্মচাৰ্য অসংগ্ৰহ

শৰীৰ শ্ৰমস্বাদ

সৰ্বত্ৰে ভয় বৰ্জন

সৰ্ব ধৰ্ম সমন্ত

স্বদেশী স্পৰ্শ ভাবনা

হে একাদশ সেৱাবি

ব্ৰত নম্ৰতে নিশ্চয়ে…………’

বিশাল ভাৰতীয় মহান সংস্কৃতিৰ অন্যতম বৈশিষ্ট্য হৈছে অহিংসা নীতি। সেইবাবে ভাৰতীয় সভ্যতা-সংস্কৃতি অতি মহান আৰু বিশ্ববাসীৰ অতি আদৰণীয়। ইয়াৰ উপৰি সামন্ত যুগৰ সম্ৰাট অশোক, বুদ্ধ, জৈন, মহাবীৰ, আকবৰ আদিৰ ধৰ্মত মূলনীতি আছিল অহিংসা। সেইসকলৰ এই মহান নীতিৰ দ্বাৰাই ভাৰতৰ ঐক্য আৰু সম্প্ৰীতিৰ ভেটি অহিংসাৰ ভাবধাৰাৰে উজ্জ্বল হৈ আছে। আমাৰ ভাৰতীয় জীৱন প্ৰবাহত অহিংসা নীতি ইমান গভীৰ আৰু সুবেষ্টিত যে তাক ভাষাৰে বৰ্ণাব নোৱাৰি।

ভাৰতৰ নৱ জাগৰণৰ সূচনা কালত নৱ ভাৰত নিৰ্মাণৰ স্বপ্নেৰে ঐতিহ্যপূৰ্ণ ভাৰতীয় সভ্যতা-সংস্কৃতিৰ মহান আদৰ্শক পুনৰোজ্জীৱিত কৰি তোলাৰ বাবে অহিংসা নীতিয়ে হৈছে মানৱ মুক্তিৰ সেতু নিৰ্মাণত মহাত্মা গান্ধীয়ে মহান গধুৰ দায়িত্ব কান্ধ পাতি লৈছিল।

ভাৰতীয় সভ্যতা আৰু সংস্কৃতিক্ৰ অমূল্য সম্পদ হৈছে অহিংসা নীতি। গান্ধীজীৰ অহিংসা নীতিত ভাৰতৰ দলিত পীড়িতজনৰ এনে এক অংশ নাই, গান্ধীজীৰ অহিংসা ভাবধাৰাই স্পৰ্শ নকৰাকৈ আছে।

বিশেষকৈ ভাৰতৰ মুক্তিৰ কাৰণে অহিংসা-অসহযোগ আন্দোলন, ভাৰত ত্যাগ আন্দোলন, ভাৰতবাসীক স্বাৱলম্বী কৰাৰ কাৰণে বুনিয়াদী শিক্ষাৰ প্ৰৱৰ্তন, কুটীৰ শিল্পৰ প্ৰচলন, হৰিজন আন্দোলনৰ জৰিয়তে সমাজৰ অৱহেলিত সম্প্ৰদায়ৰ উন্নতি সাধনত ব্ৰতী হৈ পৰিছিল। বিভিন্ন আঁচনিসমূহ ৰূপায়ন কৰি জনগণৰ মংগল সাধন কৰা। সুখী আৰু সমৃদ্ধিশালী ৰাষ্ট্ৰ এখনৰ জনসাধাৰণক সুশিক্ষিত স্বাৱলম্বী, স্বাস্থ্যৱান, নীতি পৰায়ণ আৰু দেশপ্ৰেমিক কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল।

গান্ধীজী অহিংসা দয়া আৰু ক্ষমাৰ পূৰ্ণাংগ প্ৰতীক আছিল। তেওঁ মানুহৰ হৃদয়ত সদিচ্ছা-সুবুদ্ধিৰ উন্মেষ ঘটাই সমাজখনক সৰ্বাংগসুন্দৰ কৰাই আছিল একমাত্ৰ মহান উদ্দেশ্য আৰু লক্ষ্য।

আধ্যাত্মিক চিন্তা-চেতনাৰে পৰিপুষ্ট হৈ তেওঁ অসামান্য প্ৰতিভাৰে, অফুৰন্ত কৰ্মশক্তিৰে আৰু দৃঢ় বিশ্বাসেৰে অহিংসাক মূল মন্ত্ৰ কৰি সমগ্ৰ বিশ্বৰ দৰবাৰত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছিল। গান্ধীজীৰ আদৰ্শ ন্যায়-নীতি নৈতিকতা অৰ্থনৈতিক চিন্তাক বাদ দি স্বাধীন ভাৰতৰ উন্নতিৰ কথা জানো ভাবিব পৰা যায়।

ভাৰতৰ জাতীয় ঐক্য অক্ষুণ্ণ ৰাখি প্ৰচলিত অনৈক্য, হিংসা, বিদ্বেষ আঁৰাই মানুহৰ অন্তৰ জয় কৰি মৰম-চেনেহন প্ৰীতিৰে আকোঁৱালী লৈছিল। স্বাধীনতাৰ আগতে মহাত্মাৰ এই আদৰ্শক যেন ভেঙুচালি কৰি অনৈক্য লেলিহান মূৰ্তি ধাৰণ কৰিছিল। মুছলিম লীগে ধৰ্মৰ দোহাই দি মুছলমানক সাম্প্ৰদায়িক দ্বেষত উন্মত্ত কৰি তুলিছিল। সেই সময়ত ভাৰতবৰ্ষত আছিল ৪০ কোটি জনসংখ্যা আৰু মুছলমান ১০ কোটি। উত্তৰ-পশ্চিম সীমান্ত পঞ্জাৱ, সিন্ধু, বেলচিস্থান আৰু বংগ এই কেইখন মুছলমান গৰিষ্ঠ ৰাজ্য। এই কেইখনক লৈ মঃ জিন্নাই পাকিস্তানৰ সপোন দেখিলে। কিন্তু গান্ধিজীয়ে বিচাৰিছিল জাতীয় চৈতন্য জাগৃত কৰি ভাৰতৰ ঐক্য-সংহতিৰ ভেটি অধিক শক্তিশালী কৰি উন্নত আদৰ্শ জাতি গঢ়ি তুলিবলৈ। কিন্তু সেই সপোন গান্ধীৰ পূৰণ নহ’ল। গান্ধীজীক মৃত্যু পৰ্যন্ত ভাৰতক দ্বিখণ্ডিত কৰাৰ চিন্তাৰ জুয়ে দগ্ধ কৰিছিল।

মহাত্মাৰ অখণ্ড ভাৰতৰ স্বাধীনতাৰ বাবে বহু চেষ্টা কৰিও কাৰ্যত কৃতকাৰ্যতা লাভ কৰিব নোৱাৰিলে। শেষত পাকিস্তান আৰু ভাৰত নামে দুখন ৰাষ্ট্ৰই স্বাধীনতা লাভ কৰিলে। ভাৰত দ্বিখণ্ডিত হ’ল। এই সম্পৰ্কে আব্দুল কালামেও কৈছিল- ‘ভাৰত জননীৰ অংগচ্ছেদ হ’ল। জাতীয় ঐক্য ভৰিৰে মোহাৰি পৃথিৱীৰ মানচিত্ৰত উদ্ভদ হ’ল নতুন এখন ৰাষ্ট্ৰ ‘পাকিস্তান’।

ইয়াৰ উপৰি মহাত্মাৰ নীতি আৰু আদৰ্শ আছিল ধৰ্মাশ্ৰয়ী উদাৰ আৰু পৰোপকাৰী। মহাত্মাই এটা কথা কৈছিল যে স্বধৰ্ম, স্বজাতি স্বদেশপ্ৰেম ত্যাগ কৰা উচিত নহয়। নিজ ধৰ্মত থাকি সকলো ধৰ্মৰ প্ৰতি উদাৰ মনোভাৱ পোষণ কৰাই মানুহৰ মূল নীতি হোৱা উচিত। তেওঁ আৰু কৈছিল যে ধৰ্ম আৰু ভাষা হ’ল মানুহৰ ঐক্য আৰু সংহতিৰ মূল ভেটি স্বৰূপ। তেওঁ ভাৰতবৰ্ষৰ বিভিন্ন ধৰ্মক ঐক্যৰ ডোলেৰে বান্ধি ‘ঈশ্বৰ আল্লা তেৰে নাম’ বুলি উপলব্ধি কৰিছিল।

স্বেচ্ছাসেৱী অন্যায়-অবিচাৰৰ বিৰুদ্ধে থিয় দিবলৈ কৰা সাহসেই হৈছে অহিংসাৰ মূল নীতি আৰু আদৰ্শ। অহিংসাৰ বলেৰে মানুহ অন্তৰাত্মাৰ এই মহান শক্তিৰে মানুহে নিজৰ আত্মসন্মান, ধৰ্ম আৰু নিজকে ৰক্ষা কৰাৰ মহান অস্ত্ৰ।

মানুহে স্বাৰ্থপৰতা অন্যায়-অবিচাৰ, অনীতি, দুৰ্নীতি, ভ্ৰষ্টাচাৰ আদি দূৰ কৰি এখন শোষণহীন ৰাম ৰাজ্য প্ৰতিষ্ঠাৰ সপোন দেখিছিল। মহাত্মা গান্ধী সত্য, অহিংসা আৰু বিশ্বপ্ৰেমৰ প্ৰতীক জাতিৰ জনকস্বৰূপ আছিল। তেওঁৰ মানৱ প্ৰেম, জাতি প্ৰেমমানৱ সেৱা আৰু ইশ্বৰপৰায়ণতা আছিল মূল আদৰ্শ। সেইবাবে তেওঁ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ মনীষীৰূপে অভিহিত হৈছে। অস্পৃশ্য আৰু পতিতসকলক উদ্বাৰ কৰা আৰু তেওঁলোকৰ মংগলৰ বাবে জীৱন সাধনাত ব্ৰতী হৈছিল। গান্ধীজীৰ প্ৰতিটো কাম, প্ৰতিটো চিন্তা প্ৰতিটো পদক্ষেপ সত্যৰ ওপৰত প্ৰতিষ্ঠিত।

 

‘জীৱন্ত আদৰ্শৰ প্ৰতিভূ

আপুনি মহাত্মা।

কোটি কোটি কন্ঠ জিনি

তুমি আজি ভাৰতৰ মৰ্মবাণী শত

শতাব্দীৰ………….।

উৎস:ধনেশ্বৰ হুজুৰী(ৰাইজৰ বাতৰি)

শেহতীয়া উন্নীতকৰণ: : 7/10/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate