অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

‘অহিংসাই পৰম ধৰ্ম’:

‘অহিংসাই পৰম ধৰ্ম’:

 

ভাৰতৰ স্বাধীনতাৰ যুঁজখনেই আছিল সভ্যতাৰ ইতিহাসত অহিংস নীতিৰে যুঁজা প্ৰথমখন ব্যাপক আৰু স্ংগঠিত যুঁজ। দৰাচলতে ভাৰতবৰ্ষৰ সভ্যতা, সংস্কৃতি, আদৰ্শ-প্ৰমূল্যসমূহাৰ পূৰ্ণ প্ৰতিফলন ঘটিছিল এই স্বাধীনতা যুঁজত। তেত্ৰিশ কোটি জনতাৰ আশা-আকাংক্ষাৰ মূৰ্ত প্ৰতীক বাপুজীয়ে এই প্ৰমূল্যসমূহক সমৃদ্ধ কৰি, দৃঢ়তৰ কৰি দেশবাসীক অৰ্পণ কৰিছিল এক সামূহিক স্বাৰ্থত। গান্ধীজীৰ জীৱনৰ ঘাই আদৰ্শ আছিল মানৱতাৱবাদ, ধৰ্ম নিৰপেক্ষতা, সমাজবাদ আৰু গণতন্ত্ৰ। ইয়াৰ লগতে সত্য আৰু অহিংসাক তেওঁ জীৱনৰ ব্ৰত হিচাপে লৈছিল। কেৱল কথাৰেই নহয়, কামে কাজে তেওঁ ভাৰতৰ দীন-দৰিদ্ৰসকলৰ প্ৰতিভূ হিচাপে নিজকে প্ৰতিফলিত কৰিছিল। ভাৰতৰ মাটিৰ সৈতে, সমাজৰ সৈতে সংপৃক্ত সমাজ নীতি, অৰ্থনীতিৰ বুনিয়াদ গঠনত জড়িত হৈ পৰিছিল। অস্পৃশ্যতা দূৰীকৰণ, বুনিয়াদী শিক্ষা-নাৰীৰ সমঅধিকাৰ প্ৰদান আদি কাৰ্যসূচীৰ জৰিয়তে সাম্যবাদী সমাজ গঠনৰ প্ৰয়াস কৰিছিল।

বাপুজীয়ে উপলব্ধি কৰিছিল যে সময়ে সময়ে সংকীৰ্ণ আৱেগ-উত্তেজনাই ভাৰতীয় ঐক্য আৰু অহিংসাৰ আমোঘ সত্যক ঢাকি দিব খুজিলেও, যুগ যুগ ধৰি গঢ়ি উঠা এটি মানসিক আঘাতে কোনোদিনেই নিঃশেষ কৰি দিব নোৱাৰে। সেয়েহে তেওঁ স্বাধীনতা সংগ্ৰামৰ সফলতা নিশ্চিত কৰিবৰ বাবে একাত্মবোধৰ আদৰ্শক অধিক শক্তিশালী কৰি তুলিবলৈ অহৰহ প্ৰচেষ্টা চলাইছিল আৰু স্বাধীনতা আন্দোলনৰ চূড়ান্ত পৰ্যায়ত সেই যত্নৰ সফলতা প্ৰত্যক্ষ হৈ পৰিছিল। সত্য আৰু অহিংসাৰ নৈতিক শক্তিৰে বলীয়ান ভাৰতবাসীয়ে যেতিয়া এক জাতি, একপ্ৰাণ হিচাপে এককন্ঠে ‘ভাৰত ত্যাগ’ৰ আহ্বান দিছিল, সেই শক্তিৰ আগত তিষ্ঠিব নোৱাৰি সশস্ত্ৰ ব্ৰিটিছ চৰকাৰে ভাৰত ত্যাগ কৰি যাবলৈ বাধ্য হৈ পৰিছিল।

স্বাধীনতাপ্ৰেমী অসমবাসীয়ে ১৮২৮ চনতে গমধৰ কোঁৱৰৰ বিপ্লৱৰ ৰূপত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে মুকলিকৈ প্ৰত্যাহ্বান জনাই অসমৰ ৰাইজৰ সামূহিক চিন্তা-চৰ্চাকে প্ৰতিফলিত কৰিছিল। অসমৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম পৰ্যায়ত হিংসাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল যদিও ভাৰতীয় কংগ্ৰেছৰ জন্ম আৰু মহামানৱ মহাত্মা গান্ধীয়ে স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব লোৱাৰ লগে লগে অহিংসাৰ পুতমন্ত্ৰত দীক্ষিত হৈ অসমৰ ৰাইজেও আৰম্ভ কৰিছিল জন্মস্বত্ব-স্বাধীনতা ৰক্ষাৰ এক চূড়ান্ত সংগ্ৰাম। দেশৰ বাবে মন-প্ৰাণ সপি দিয়াৰ অভিনৱ চেতনাৰে উদ্বুদ্ধ হৈ অহিংসা যুঁজাৰুসকলে হেলাৰঙে বন্দুকৰ গুলীত প্ৰাণ দিছিল। হাঁহিমুখে ফাঁচিশালত উঠিছিল আৰু বিনা প্ৰতিবাদে নিৰ্মম অত্যাচাৰকো মূৰপাতি লৈছিলে। বিদেশী শাসকৰ কবলৰ পৰা মাতৃভূমিক মুক্ত কৰিবলৈ তৰা এই সংগ্ৰামৰ অস্ত্ৰ আছিল- অহিংসা, প্ৰণালী আছিল- সত্যাগ্ৰহ আৰু সেনানী আছিল- লক্ষ লক্ষ জনতা।

ভাৰতত ব্ৰিটিছ শাসন আৰম্ভ হৈছিল ১৭৫৭ চনৰ পলাচী যুদ্ধৰ পাছৰ পৰা। অৱশ্যে ভাৰতত সকলো অঞ্চলতে একে সময়তে ব্ৰিটিছ শাসনৰ অধীনলৈ যোৱা নাছিল। উদাহৰণস্বৰূপে আমাৰ অসম দেশ ব্ৰিটিছৰ অধীনলৈ গৈছিল ১৮২৬ চনত। ব্ৰিটিছৰ মান দেশৰে হোৱা চুক্তিৰ ফলত। সেই চুক্তিৰ নাম ‘ইয়াণ্ডাবু সন্ধি’।

ব্ৰিটিছৰ কঠোৰ শাসন-দমন আৰু শোষণত ভাৰতবাসী লাহে লাহে অতিষ্ঠ হৈ পৰিছিল। ফলত আৰম্ভ হৈছিল বিভিন্ন বিদ্ৰোহ আৰু আন্দোলন। ব্ৰিটিছ শাসনৰ অৱসান ঘটাই দেশীয় শাসন প্ৰৱৰ্তন কৰিবলৈ সমগ্ৰ দেশব্যাপী ১৮৫৭ চনত প্ৰথম বিদ্ৰোহ আৰম্ভ হৈছিল। চিপাহীসকলে আগভাগ লোৱা বাবে এই বিদ্ৰোহ ‘চিপাহী বিদ্ৰোহ’ বুলি কোৱা হয় যদিও সেয়ে আছিল ‘ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম’। তাৰ পাছত জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হৈছিল ১৯২১ চনৰ ‘অসযোগ আন্দোলন’, ‘আইন অমান্য’কে ধৰি ‘ভাৰত ত্যাগ আন্দোলন’। এই আন্দোলনবোৰত দেশপ্ৰেমিক নেতাসকলৰ লগতে সমগ্ৰ দেশবাসীয়ে অকুন্ঠ সহযোগ আগবঢ়াইছিল। জেল-জৰিমনাৰ লগতে ফাঁচিকাঠত ওলমি বহুজন ‘শ্বহীদো’ হৈছিল। এই সকলো চৰম ত্যাগৰ বিনিময়ত ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনটোত ভাৰত স্বাধীন হৈছিল। সমগ্ৰ দেশব্যাপী আনন্দ-উল্লাসৰ মাজত দিল্লীৰ লালকিল্লাত ভাৰতৰ ত্ৰিৰংগা জাতীয় পতাকা পোনপ্ৰথমে উত্তোলন কৰিছিল পণ্ডিত জৱহৰলাল নেহেৰুৱে।

পিছে সেই পৰম উল্লাসৰ দিনটোত ক’ত আছিল তেত্ৰিশ কোটি জনতাৰ বহল বুকুত ‘ভাৰত দেৱতা’ৰূপে ঠাই পোৱা, দেশৰ নিমিত্তে সৰ্বস্বত্যাগ কৰি ‘নাঙঠ ফকিৰ’ হোৱা সকলোৰে পিতৃতুল্য ‘বাপুজী’ মহাত্মা গান্ধী?

এই বিষয়ে ‘মিছাইল মেন’ অভিধাৰে বিভূষিত সুখ্যাত বিজ্ঞানী, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালাম মহোদয়ে এইদৰে লিখিছে-

‘মোৰ হাইস্কুলীয়া শিক্ষক ৰিভাৰেণ্ড ইয়াডুৰাই ছ’ল’ম’ন ছাৰে ১৯৪৭ চনৰ ১৫ আগষ্টত দিয়া পণ্ডিত জৱাহৰলাল নেহৰুৰ মাজনিশাৰ ভাষণ শুনি আমি সকলোৱে অভিভূত হৈছিলো। পিছদিনাখনৰ বাতৰি কাকতত সেই স্মৰণীয় ঘটনা পৃষ্ঠাজোৰা শিৰোনামেৰে প্ৰকাশিত হৈছিল। কিন্তু তামিল ভাষাৰে বাতৰি কাকত এখনত পণ্ডিতজীৰ উক্ত ভাষণত লগতে মই আন খবৰো পঢ়িবলৈ পাইছিলো, যিটো খবৰ মোৰ স্মৃতিৰ পটত চিৰস্থায়ীভাৱে অংকিত হৈ ৰৈ গ’ল।

সেই খবৰটো আছিল জাতিৰ পিতা মহাত্মা গান্ধীয়ে খালী ভৰিৰে বাটকুৰি বাই কেনেকৈ(হিন্দু-মুছলমানৰ মাজত সংঘটিত) সংঘৰ্ষত ক্ষতিগ্ৰস্ত হোৱা নোৱাখালিৰ পৰিয়ালবৰ্গৰ ঘৰে ঘৰে ঘূৰি সান্ত্বনা-সমবেদনা জনাই দুখ লাঘৱ কৰাৰ প্ৰচেষ্টা চলাইছিল। আপাত দৃষ্টিত জাতিৰ পিতাৰূপে মহামানৱ মহাত্মা গান্ধীয়ে সিদিনাখন লালকিল্লাত স্বাধীন ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰা প্ৰথনজন ব্যক্তি হ’ব লাগিছিল। তাৰ সলনি তেওঁ আছিলগৈ নোৱাখালিত। সেয়া আছিল উচ্চ শিক্ষাৰে বিভূষিত মহামানৱ মহাত্মা গান্ধীৰ মাহাত্ম্য। সেইটোৱেই স্কুলীয়া ছাত্ৰ(আব্দুল কালাম) এজনৰ মনত পেলাইছিল এক চিৰস্থায়ী প্ৰভাৱ।

বিষয়টো উত্থাপন কৰাৰ আগতে কালাম মহোদয়ে এটা প্ৰশ্ন সুধিছিল- কোনবোৰ কামক সৰ্বোৎকৃষ্ট কাম বুলিব পাৰি। উত্তৰটো পিছে তেৱেঁই দিছিল- মানুহৰ মনত আনন্দ দান কৰিব পৰা, ভোকাতুৰক খুৱাব পৰা, পীড়িতাক সহায় কৰা, বেদনাক্লিষ্টৰ বেদনা হ্ৰাস কৰা আৰু আহতজনৰ আঘাত লাঘৱ কৰা……..।

এই কথাষাৰ যথেষ্ট গুৰুত্বপূৰ্ণ। সৰ্বগুণৰ অধিকাৰী হৈয়ো ভোগ-বিলাস, ধন-সম্পত্তি ভৰিৰে মোহাৰি দেশপ্ৰেমৰ আৰ্হিৰে নিজৰ জীৱনক তুচ্চ কৰি তেত্ৰিশ কোটি জনতাৰ হিয়াৰ আমঠু হৈ অহিংসা বাণী সৰোগত কৰি জীৱন বলিদান দিছিল একমাত্ৰ দেশখন স্বাধীন কৰাৰ মানসেৰে। অৱশেষত ১৯৪৭ চনত ভাৰত স্বাধীন হ’ল। অথচ সেই দিনটোতে মহামানৱ মহাত্মা গান্ধীজীয়ে নোৱাখালিত হোৱা সংঘৰ্ষত হিন্দু-মুছলিমৰ মাজত শান্তি ৰক্ষাৰ হেতু ঘৰে ঘৰে গৈ সান্ত্বনা দিছিল এটি ৰামধুনেৰে-

ঈশ্বৰ আল্লা তেৰো নাম

সৱকো সমমতি দে ভগৱান

জয় জয় ৰঘুপতি ৰাঘৱ

ৰাজা ৰাম

পতিত পাৱন সীতা ৰাম।।

সেহি আল্লা সেহি ৰাম

ভজো মন প্যাৰে সীতা ৰাম।

লেখক: নৰেন দাস(ৰাইজৰ বাতৰি)

শেহতীয়া উন্নীতকৰণ: : 2/16/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate