অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমীয়া ভাষাত দীঘল বাক্যৰ এটা শব্দত প্ৰকাশ

অসমীয়া ভাষাত দীঘল বাক্যৰ এটা শব্দত প্ৰকাশ

অসমীয়া ভাষাত দীঘল ভাৱ বুজোৱা বাক্য বোৰক একো একোটা শব্দৰেও প্ৰকাশ কৰিব পাৰি৷ যাৰ ফলত ভাষাটি শুনিবলৈ শুৱলা হয়৷ তলত ইয়াৰে কেইটিমান উদাহৰণ দিয়া হ'ল::

ধান থোৱা ঠাই --- ভঁৰাল৷

অ'ত ত'ত ঘুৰি ফুৰা লোক --- অঘৰী৷

কাৰো নাম নোলোৱাকৈ দিয়া গালি --- গুৱালগালি৷

বাপেকৰ সখিয়েক --- তাৱৈ৷

তাৱৈৰ ঘৈণীয়েক --- আমৈ৷

যি আনৰ অধীন নহয় --- স্বাধীন৷

যি আনৰ অধীন --- পৰাধীন৷

গৰু বন্ধা ঠাই --- গোহালি৷

যি পথৰ পৰা বিচলিত --- পথভ্ৰষ্ট৷

যি কথাৰ অৰ্থ নাই --- নিৰৰ্থক৷

যি আনৰ ওপৰত নিৰ্ভৰ কৰে --- পৰনিৰ্ভৰশীল৷

যাক কল্পনা কৰিব নোৱাৰি --- কল্পনাতীত৷

যাৰ আদি নাই --- অনাদি৷

যাৰ সীমা নাই --- অসীম৷

যাক বৰ্ণনা কৰিব নোৱাৰি --- অবৰ্ণনীয়৷

যাক বাৰণ কৰিব নোৱাৰি --- অনিবাৰ্য৷

যাক লংঘন কৰিব নোৱাৰি --- অলংঘ্য৷

যাক দেখা নাযায় --- অদৃশ্য৷

যাক সহজে লাভ কৰিব নোৱাৰি --- দুৰ্লভ৷

যাৰ নাম নাই --- অনামী৷

যাৰ সীমা আছে --- সসীম৷

যাক পৰিহাৰ কৰিব নোৱাৰি --- অপৰিহাৰ্য৷

যাৰ ধাৰ আছে --- ধাৰুৱা৷

যি অলপতে শুনে --- শহাকণীয়া৷

যি কাৰো পক্ষত নাথাকে --- নিৰপক্ষ৷

যি নিশা চৰে --- নিশাচৰ৷

যি সহ্য কৰিব পাৰে --- সহনশীল৷

যি মাছ-মাংস নাখায় --- নিৰামিষহাৰী৷

যি জনে ভিক্ষাৰে জীৱন নিৰ্বাহ কৰে --- ভিক্ষাৰী৷

যি জনে আনৰ বস্তু বলেৰে নিয়ে --- ডকাইত৷

যি কথা জনা নাযায় --- অজ্ঞাত৷

যি জনে কাৰো লগত মিলিব নোৱাৰে --- অজীন-পাতকী৷

দুটা মাহৰ মাজৰ দিন --- দোমাহী বা সংক্ৰান্তি৷

যি জনে নিয়মমতে খৰচ কৰে --- মিতব্যয়ী৷

যি সঁচা কথা কয় --- সঁচাকথীয়া, সত্যবাদী৷

যি ঘৰত ওপজে --- ঘৰ-ওপজা৷

যি নগৰত থাকে --- নগৰীয়া৷

যি গাঁৱত থাকে --- গাঁৱলীয়া৷

যি বিদেশত থাকে --- প্ৰবাসী৷

যি ভয় নকৰে --- নিৰ্ভীক৷

আনৰ ভাল দেখিব নোৱাৰা --- চকুচৰহা, পৰশ্ৰীকাতৰ৷

একে গুৰুৰ শিষ্য --- হৰিভকত, সতীৰ্থ৷

একে শ্ৰেণীতে পঢ়া --- সহপাঠী৷

একে মাকৰ সন্তান --- সহোদৰ, সোদৰ৷

আঁঠুলৈ বৈ পৰা --- আজানুলম্বিত৷

গোটেই জীৱন জুৰি --- আজীৱন৷

মাগিলে ভিক্ষা নোপোৱা সময় --- দুৰ্ভিক্ষা৷

জন্মৰ পৰা অন্ধ যি --- জন্মান্ধ৷

যাৰ মাক মৰিছে --- মাউৰা৷

যি পুৰুষৰ তিৰোতা মৰিছে --- বৰলা৷

যি তিৰোতাৰ পুৰুষ মৰিছে --- বিধৱা৷

বিহুৰ আগৰ দিনটো --- উৰুকা৷

যি দিনত নেদেখে --- দিনকণা৷

দুই ঘৰৰ মাজৰ ঠাই --- দোঘোৰা৷

ঘৰৰ চালৰ পানী পৰা ঠাই --- পানী পচা৷

এবাৰ ফল দি মৰা গছ --- ওষধি৷

দুই বছৰৰ মূৰত পোৱালি দিয়া গাই --- দোৰাহী৷

পনীয়া গাখীৰ দিয়া গাই --- জলাহী৷

ভেকুলীৰ পোৱালি --- লালুক৷

স্মৰণ কৰিবলগীয়া --- স্মৰণীয়৷

যাৰ বিয়া হোৱা নাই --- আবিয়ৈ৷

জিভাৰে চেলেকি চাব পৰা বস্তু --- লেহ্য৷

জন্তুৰ নিচিনা যি --- জান্তব৷

যি গৰমো নহয় ঠাণ্ডাও নহয় --- কুহুমীয়া৷

যি বতৰ শীতো নহয় উষ্ণও নহয় --- নাতিশীতোষ্ণ৷

যি ফল কেঁচাও নহয় পকাও নহয় --- ডাহেচীয়া৷

মাৰ ভনীয়েক --- মাহী৷

দেউতাৰ ভনীয়েক --- পেহী৷

মাৰ সতিনীয়েক --- বিমাতা, মাহীমা৷

কঁঠালৰ সৰু কলি --- মুচি৷

গৰৈ মাছৰ সৰু --- গৰৈচিৰিকা৷

কাৱৈ মাছৰ সৰু --- কাৱৈচোকোৰা৷

বৰালি মাছৰ সৰু --- বৰালিলেটা৷

ৰৌ মাছৰ সৰু --- ৰৌমণি৷

ভকুৱা মাছৰ সৰু --- ভকুৱাটেপা৷

শ’ল মাছৰ সৰু --- শ’লঠাৰি৷

মাগুৰ মাছৰ সৰু --- মাগুৰজালি৷

মাছৰ পোৱালি --- পোনা৷

গৰুৰ পোৱালি --- দামুৰি৷

দাঁত ওলোৱা হাতী --- দঁতাল৷

পোৱালি দিবৰ বয়স নোহোৱা মাইকী গৰু --- কাঢ়লী৷

 

উৎস:- আই এন ডি জি দলৰ দ্বাৰা সংগৃহীত

শেহতীয়া উন্নীতকৰণ: : 2/29/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate