বেক্টেৰিয়াৰ মাজত পৈণত অৱস্থা লাভ কৰা প্ৰতিদীপ্ত জেলী মাছৰ প্ৰ’টিনৰ পৰা এবিধ নতুন প্ৰকাৰৰ লেজাৰ ৰশ্মি আৱিস্কাৰ কৰিছে বিজ্ঞানীৰ এটা দলে| তাৎপৰ্যপূৰ্ণভাৱে এই লেজাৰ সচৰাচৰ লেজাৰৰ তুলনাত বহু বেছি কাৰ্যদক্ষ আৰু সংহত| কোৱাণ্টাম পদাৰ্থবিজ্ঞান আৰু অপ্টিকেল কম্পিউটিঙৰ গৱেষণাত এই লেজাৰে নতুন দিশ মুকলি কৰিব বুলি বিজ্ঞানী সকলে আশা প্ৰকাশ কৰিছে| এই আৱিস্কাৰে প’লাৰিটন লেজাৰৰ অগ্ৰগতিৰ ক্ষেত্ৰত মুখ্য ভূমিকা ল’ব বুলিও আশা ব্যক্ত কৰিছে| এই প্ৰতিদীপ্ত প্ৰ’টিনে বায়’মেডিকেল ইমেজিঙৰ ক্ষেত্ৰত যুগান্তকাৰী পৰিৱৰ্তন সাধন কৰাৰ লগতে কোষৰ ভিতৰত চলি থকা গতি-বিধি বিজ্ঞানী সকলে নিৰীক্ষণ কৰাটো সম্ভৱ হৈ পৰিব| বিজ্ঞানীৰ দলটোৱে তৈয়াৰ কৰা প’লাৰিটন লেজাৰক কোঠাৰ উষ্ণতাতে পৰিচালনা কৰিব পাৰি| এক ছেকেণ্ডৰ কোটি ভাগৰ এভাগ-নেনে’ছেকেণ্ড পালছ্ত ই শক্তিৰ যোগান ধৰে| স্কটলেণ্ডৰ চেইণ্ট এণ্ডুছ বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা এই নতুন লেজাৰৰ অন্যতম আৱিস্কাৰক মেল্টি গাথেৰৰ মতে, এটা উপযুক্ত শক্তিৰ পিক’ছেকেণ্ড পালছ্ক নেন’ছেকেণ্ড পালছ্ৰ ৰুপ দিয়াটো হেজাৰ গুণ কঠিন| ইয়ে প’লাৰিটন লেজাৰক তৈয়াৰ কৰাৰ পথ সহজ কৰি তোলে| গাথেৰ আৰু জাৰ্মানীৰ ৱাজবাৰ্গ আৰু ড্ৰিছডেন ইউনিভাৰ্চিটী অব টেকন’লজীৰ সহযোগী সকলে ই-কলাই বেক্টেৰিয়াক জেনেটিকভাৱে বিকাশ ঘটাই এই সেউজ ৰঙৰ প্ৰতিদীপ্ত প্ৰ’টিন তৈয়াৰ কৰি উলিয়ায়| ‘লাইভ ছায়েন্স’ত এই বাতৰি প্ৰকাশ কৰা হৈছে| গৱেষক সকলে অপ্টিকেল পাম্পিং কৰাৰ পূৰ্বে অপ্টিকেল মাইক্ৰ’কেভিটিছক এই প্ৰ’টিনেৰে পৰিপূৰ্ণ কৰি তোলে| লেজাৰ ৰশ্মি সৃষ্টি কৰিবলৈ প্ৰয়োজন হোৱা শক্তি লাভ কৰিবলৈ নেন’ছেকেণ্ড লাইট ফ্লাছ ব্যৱহাৰ কৰা হৈছিল যাতে ব্যৱস্থাটোৱে প্ৰয়োজনীয় শক্তি পাব পাৰে| প’লাৰিটন লেজিঙৰ বাবে প্ৰয়োজনীয় অৱস্থা প্ৰাপ্তি লাভ কৰাৰ পিচত আহিলাটোলৈ অধিক শক্তি পাম্প কৰি পঠিওৱা হয়| সচৰাচৰ লেজিঙৰ ক্ষেত্ৰতো এনে কৰা হয়| ইয়াৰ ফলত এইটো নিশ্চিত কৰাটো সহায়ক হয় যে প্ৰথমটো বিকিৰণ প’লাৰিটন লেজিঙৰ ফলতেই হৈছে| উল্লেখ্য যে জৈৱিক পদাৰ্থৰ ক্ষেত্ৰত এনে কৰাটো ইয়াৰ আগলৈকে সম্ভৱ হোৱা নাছিল| ‘ছায়েন্স এডভান্স’ জাৰ্ণেলত এই গৱেষণাৰ সবিশেষ প্ৰকাশিত হৈছে|
লেখক:- অমৰজ্যোতি ভুঞা
উৎস:-দৈনিক অসম
শেহতীয়া উন্নীতকৰণ: : 3/10/2020