অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মনোযোগৰ ৰহস্য

মনোযোগৰ ৰহস্য

বহু উদ্দীপকৰ মাজৰ পৰা এটা উদ্দীপক বাছি লৈ তাৰ প্ৰতি বিশেষ ধ্যান দিয়া মানসিক কার্যই হ’ল মনোযোগ। কোনো বস্তুৰ প্ৰতি আটাইতকৈ বেছি সচেতন হোৱা বা চেতনাৰ কেন্দ্ৰ স্থাপন কৰা। উদাহৰণস্বৰূপে পঢ়া কোঠাৰ টেবুলত পঢ়াত ব্যস্ত হৈ থকা এজন ছাত্ৰক তেওঁৰ পৰিৱেশৰ বিভিন্ন উদ্দীপকে প্ৰভাৱান্বিত কৰিবলৈ চেষ্টা কৰে। কোঠাৰ বাহিৰত খেলি থকা ল’ৰা-ছোৱালীৰ চিঞৰ-বাখৰ, কাষৰ ৰাস্তাৰে যোৱা মটৰৰ শব্দ, কাষৰ আন কোঠাত মাক-বাপেকে পতা কথাবার্তা আদিও তেওঁ গম পাব পাৰে অৰ্থাৎ এইবিলাকৰ প্ৰতিও তেওঁ সচেতন। কিন্তু এই সকলোবিলাকৰ মাজৰ এটাতহে অর্থাৎ কিতাপত তেওঁ সৰ্বাধিক মনোনিৱেশ কৰিছে। গতিকে মনোযোগৰ বাবে তেওঁ নিৰ্বাচন কৰা উদ্দীপকটো হ’ল কিতাপ।

ইয়াত আমি মনোযোগ সম্পর্কে বেছিকৈ আলোচনা নকৰি ছাত্ৰ-ছাত্ৰীসকলে কিদৰে নিজৰ অধ্যয়ন কার্যত মনোনিৱেশ কৰিব পাৰে বা কিদৰে অধ্যয়নৰ প্ৰতি মনোযোগী হ’ব পাৰে, তাৰহে কেইটামান উপায় বা দিশ আলোচনা কৰিব বিচৰা হৈছে।

  • দুখ-বেজাৰ, খং আদিয়ে ছাত্ৰ-ছাত্ৰীক মনোযোগ দিয়াত বাধাৰ সৃষ্টি কৰে। মনৰ আনন্দই মানুহক মনোযোগী হোৱাত সহায় কৰে। গতিকে যিমান পাৰি ছাত্ৰ-ছাত্ৰীসকলক পৰিয়ালৰ সদস্য বা পিতৃ-মাতৃসকলে দুখ-বেজাৰ, খং আদিৰ পৰা আঁতৰাই ৰাখিবলৈ, চেষ্টা কৰিব লাগে।
  • অধ্যয়নত বহি থকা সময়ত নিজৰ দেহটো অপ্রয়োজনীয়ভাৱে লৰচৰ কৰি থকাটো অনুচিত। বহুতো ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নত বহি থকা সময়ত মূৰৰ চুলি উভালি থকা, কলম-পেঞ্চিল বা নখ কামুৰি থকাৰ দৰে কিছুমান আচহুৱা অভ্যাস থকা দেখা যায়। যিবোৰে ছাত্ৰ-ছাত্ৰীৰ মনোযোগত বাধাৰ সৃষ্টি কৰে। তেওঁলোকে এনে অভ্যাসসমূহ পৰিত্যাগ কৰা উচিত। পিতৃ-মাতৃসকলেও এইক্ষেত্ৰত সজাগ হোৱা উচিত।
  • মনোযোগৰ বৈশিষ্ট্যবোৰৰ ভিতৰত উল্লেখযোগ্য হ’ল ইয়াৰ নিৰ্বাচনী ধর্ম। ছাত্র-ছাত্ৰীসকলে পঢ়াৰ সময়ত কোনটো বিষয় বেছি পঢ়িবলৈ মন গৈছে সেইটো নিৰ্বাচন কৰি ল’ব লাগে। তেতিয়া তেওঁৰ সেই বিষয়টোৰ প্ৰতি মনোযোগ বৃদ্ধি পাব।
  • অভ্যাস গঠন হোৱাৰ ফলতো কোনো বিষয় বা কামৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকল মনোযোগী হোৱা দেখা যায়। অভ্যাসৰ বলতে একে সময়তে ছাত্ৰ-ছাত্ৰীসকলে কোনো ক্ষেত্ৰত একাধিক বিষয়ত মনোযোগ দিব পৰা হয়। গতিকে যিমান পাৰি পঢ়াৰ প্ৰতি তেওঁলোকক অভ্যাস বঢ়াব লাগে। পুৱা, গধূলি বা যিটো সময়ত তেওঁলোকে পঢ়ি ভাল পায়, সেই সময়ত পঢ়িবৰ বাবে তেওঁলোকক অভ্যাস গঢ়ি তুলিব লাগে।
  • শৃংখলাৱদ্ধভাৱে কৰা কামত বা তেনেভাৱে প্ৰদান কৰা বিষয়বস্তুৱে ছাত্ৰ-ছাত্ৰীৰ মনোযোগ সহজে আকৰ্ষণ কৰে। ছাত্র-ছাত্রী শৃংখলাৱদ্ধ হ’লেহে পঢ়াত মনোযোগ দিব পাৰিব।
  • আগ্ৰহ আৰু মনোযোগৰ মাজত অতি ঘনিষ্ঠ সম্পর্ক আছে। ইহঁত দুয়ো এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে। এটাৰ কথা চিন্তা কৰিলে আনটোৰ কথাও মনলৈ আহে। গতিকে মনোযোগ বঢ়াবলৈ হ’লে ছাত্ৰ-ছাত্ৰীক অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিব। মনত আগ্রহ উপজিলে ছাত্র-ছাত্রী মনোযোগী হ’ব আৰু তেওঁলোকে নিজেই শিকিবলৈ যত্ন কৰিব।
  • উপযুক্ত সা-সঁজুলিৰ ব্যৱহাৰ আৰু উপযুক্ত শিক্ষণ পদ্ধতিৰ প্ৰয়োগৰ দ্বাৰা শিক্ষাদান কাৰ্য আকর্ষণীয় কৰিও ছাত্র-ছাত্রীৰ মনোযোগ বঢ়াব পাৰি। মনোযোগ বৃদ্ধি কৰাৰ আন এটা উল্লেখনীয় দিশ হ’ল শ্ৰদ্ধা আৰু বিশ্বাস। ছাত্ৰ-ছাত্ৰীসকলৰ মনত সদায় নিজৰ অধ্যয়ন, নিজৰ লক্ষ্যৰ প্ৰতি শ্ৰদ্ধা আৰু নিজৰ ওপৰত বিশ্বাস থাকিব লাগিব। কাৰণ আত্মবিশ্বাস অবিহনে আমি কোনো কাৰ্যতে কেতিয়াও সফলতা লাভ কৰিব নোৱাৰো।

শেষত আমি ছাত্ৰ-ছাত্ৰীসকলক ইয়াকে ক’ব পাৰে যে তেওঁলোকে অনুশীলনৰ জৰিয়তে অধ্যয়নৰ প্ৰতি নিজৰ মনোযোগ ক্ষমতা বৃদ্ধি কৰি সফলতাৰ পথত আগবাঢ়ি যাব পাৰে।

লেখিকা: ডলী দাস মজুমদাৰ।

শেহতীয়া উন্নীতকৰণ: : 12/1/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate