অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অ’ডিটেক স্কুল অব্ মিডিয়া আৰ্টছ

অ’ডিটেক স্কুল অব্ মিডিয়া আৰ্টছ

গুৱাহাটীৰ পূৱ গীতানগৰত অৱস্থিত অ’ডিটেক ষ্টুডিঅ’তে বিশিষ্ট সংগীত পৰিচালক, ছাউণ্ড ইঞ্জিনীয়াৰ ভূপেন উজীৰে এই সকলো পাঠ্যক্ৰমেৰে তাত্ত্বিক আৰু ব্যৱহাৰিক শিক্ষা প্ৰদান কৰে| লগতে ষ্টুডিঅ’ত কৰ্মৰত আন বৃত্তিয়াল লোকৰ পৰাও আনুষংগিক নানা শিক্ষা আহৰণৰ সুযোগ শিক্ষাৰ্থী সকলক দিয়া হয়| বিদ্যালয় কৰ্তৃপক্ষই জনোৱা মতে চলিত ২০১৬ চনৰ আগষ্টত উল্লিখিত পাঠ্যক্ৰমসমুহৰ শিক্ষাদান আৰম্ভ হ’ব| উল্লেখযোগ্য যে ছাউণ্ড ইঞ্জিনীয়াৰিঙৰ পাঠ্যক্ৰমত শব্দগ্ৰহণ, সম্পাদনা, মিক্সিং, মাষ্টাৰিং আদি শিকোৱা হয়, যাতে শিক্ষাৰ্থীৰ সৃজনী প্ৰতিভা আৰু লাভ কৰা প্ৰশিক্ষণে সংগীতৰ বৃত্তিমুখী ক্ষেত্ৰত তেওঁলোকক প্ৰতিষ্ঠা লাভত সহায় কৰে| সংগীতৰ বিশ্বত বিপুল পৰিৱৰ্তন ঘটিছে| সেয়েহে সংগীতজ্ঞৰুপে সফল হব’লৈ সংগীতৰ তত্ব, ব্যৱস্থাপনা, ছিকুৱেন্সিং, ৰেকৰ্ডিং, মিক্সিং আদিৰ অত্যাধুনিক ইলেকট্ৰনিক ক্ষেত্ৰখনৰো বিতং জ্ঞানৰ আৱশ্যক| অ’ডিটেক স্কুল অব্‌ মিডিয়া আৰ্টছৰ ‘মিউজিক প্ৰডাকচন’ৰ পাঠ্যক্ৰম এইক্ষেত্ৰত সহায়ক|

উৎস:- অসমীয়া প্ৰতিদিন, সম্ভাৰ

শেহতীয়া উন্নীতকৰণ: : 3/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate