অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমত গাৰ্হস্থ্য বিজ্ঞান শিক্ষা

অসমত গাৰ্হস্থ্য বিজ্ঞান শিক্ষা

গাৰ্হস্থ্য বিজ্ঞান শিক্ষাৰ লক্ষ্য হ’ল ঘৰ এখনক বিজ্ঞান সন্মত পদ্ধতিৰে সুপৰিকল্পিতভাৱে পৰিচালনা কৰিবৰ বাবে প্ৰয়োজনীয় জ্ঞান আহৰণৰ দ্বাৰা পৰিয়ালবৰ্গই এক প্ৰাচুৰ্যপূৰ্ণ জীৱন যাপনত সফল হোৱাৰ লগতে সেই জ্ঞানৰ ব্যবহাৰিক প্ৰয়োগৰ জড়িয়তে এখন সমাজ তথা এটা জাতিৰ উন্নতি সাধন হয়৷

অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত গাৰ্হস্থ্য বিজ্ঞান মহাবদ্যালয়খনি ১৯৭৩ চনত স্থাপিত হয়৷ এইখনি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম গাৰ্হস্থ্য বিজ্ঞানৰ ডিগ্ৰী প্ৰদানকাৰী অনুস্থান ৷ পোনপ্ৰথমে স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰমেৰে কেৱল ছাত্ৰীসকলৰ বাবে এই শিক্ষাৰ দুৱাৰ মুকলি কৰা হয়৷ পৰৱৰ্তী কালত, ১৯৮৮ চনত স্নাতকোত্তৰ আৰু ১৯৯৯ চনত এটা বিভাগত ডক্টৰেট পাঠ্যক্ৰম আৰম্ভ কৰাৰ লগতে ১৯৯৯ চনৰ পৰাই এই শিক্ষা ছাত্ৰীৰ লগতে ছাত্ৰৰ বাবেও শিক্ষাদান আৰম্ভ হয়৷ ২০১০ চনৰ পৰা সকলো বিভাগতে ডক্টৰেট পাঠ্যক্ৰম আৰম্ভ হয়৷

স্নাতক পাঠ্যক্ৰমত নাম ভৰ্তিৰ বাবে নিম্নতম অৰ্হতা হৈছে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱবিদ্যা/গণিত বিষয় হিচাপে লৈ কোনো স্বীকৃতিপ্ৰাপ্ত বৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক শেষান্ত পৰীক্ষা বা তাৰ সমপৰ্যায়ৰ পৰীক্ষা (১০ +২)ত উৰ্ত্তীণ হ’ব লাগে৷

ইংৰাজী মাধ্যমেৰে এই চাৰিবছৰীয়া শিক্ষা ষাণ্মাসিক পদ্ধতিৰে প্ৰদান কৰা হয়৷ গাৰ্হস্থ্য বিজ্ঞান শিক্ষা মূলতঃ পাঁচটা বিভাগৰ দ্বাৰা প্ৰদান কৰা হয়-

  • খাদ্য বিজ্ঞান আৰু পৰিপুষ্টি
  • মানৱ বিকাশ ও পৰিয়াল অধ্যয়ণ
  • পৰিয়াল সম্পদ পৰিচালনা
  • বস্ত্ৰ আৰু সাজপোছাক ৰূপাংকন বিভাগ
  • সম্প্ৰসাৰণ আৰু সংযোগ পৰিচালনা


উক্ত পাঁচোটা বিভাগৰ দ্বাৰা ২০০৩ শিক্ষা বৰ্ষৰ পৰা ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান (ICAR)ৰ দ্বাৰা অনুমোদিত (২+২) পাঠ্যক্ৰমেৰে পাঠদান কৰা হয়৷ প্ৰথম দুবছৰত নিৰ্দিষ্ট বিষয় সমূহ বাধ্যতামূলকভাৱে শিক্ষা আহৰণ কৰি পাছৰ ডেৰবছৰ ছাত্ৰ-ছাত্ৰী সকলে তেওঁলোকৰ ৰাপ/পচন্দ অনুসাৰে যিকোনো এটা বিভাগৰ পেচাদাৰী ঐচ্ছিক বিষয় বাছি লৈ শিক্ষা গ্ৰহণ কৰে৷
স্নাতক চাৰিবছৰীয়া পাঠ্যক্ৰমৰ শেষৰ ষাণ্মাসিকত ছাত্ৰ-ছাত্ৰী সকলে গাৱঁত প্ৰায় দুমাহৰ বাবে থাকিব লাগে৷ ইয়াৰ উদ্দেশ্য হ’ল গ্ৰাম্য জীৱনৰ লগত নিজকে খাপ খুৱাই গ্ৰাম্য সমাজৰ বিভিন্ন সমস্যাৰাজি চিনাক্ত কৰি গাৰ্হস্থ্য বিজ্ঞান শিক্ষাৰ জ্ঞান আৰু ব্যৱহাৰিক কৌশল প্ৰয়োগ কৰি সমস্যা সমাধানৰ চেষ্টা কৰা ৷ এই দুমহীয়া অভিজ্ঞতাই ছাত্ৰ-ছাত্ৰী সকলক ভৱিষ্যতৰ ব্যক্তিগত আৰু সামজিক জীৱনৰ বাবে নিজকে প্ৰস্তুত কৰাত যথেষ্ট অৰিহণা যোগায়৷

ইয়াৰ পাছতেই পাঁচোটা পেচাদাৰী ঐচ্ছিক বিষয় অনুযায়ী একোটা অনুস্থান/ প্ৰতিষ্ঠানত আঢ়ৈমাহৰ প্ৰশিক্ষণত যোগদান কৰাটো বাধ্যতামূলক৷ এই প্ৰশিক্ষণ ছাত্ৰ-ছাত্ৰী সকলক নিজাববীয়াকৈ ব্যৱসায় বা স্বাৱলম্বী হোৱাত সহায় কৰে৷
স্নাতক ডিগ্ৰী আহৰণ কৰাৰ পাছত স্নাতকোত্তৰ শিক্ষা লাভৰ বাবে অগ্ৰসৰ হোৱাৰ ওপৰি ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন চৰকাৰী বা বেচৰকাৰী অনুস্থান/ প্ৰতিষ্ঠানত নিজকে সংস্থাপিত কৰাৰ সুবিধা গ্ৰহন কৰিব পাৰে৷ গাৰ্হস্থ্য বিজ্ঞান শিক্ষাৰে শিক্ষিত হোৱা সকলে চৰকাৰী বিভাগ যেনে,- সমাজ কল্যান, স্বাস্থ্য, পঞ্চায়ত ও গ্ৰাম্য উন্নয়ন, শিক্ষা আদি বিভাগত নিয়োজিত হোৱাৰ সুবিধা গ্ৰহন কৰিব পাৰে৷ আনহাতে নিজাববীয়াকৈ বা বেচৰকাৰী খণ্ডতো বিভিন্ন পদবীত আত্মনিয়োগ কৰাৰ সুবিধা আছে৷

লেখিকা: ড° মিনাৰ্ভা শইকীয়া বৰুৱা।

শেহতীয়া উন্নীতকৰণ: : 3/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate