অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমৰ শিক্ষা, কেৰিয়াৰ,ছাত্র-ছাত্রী, অভিভাৱক, ছাত্র সংগঠন ইত্যাদি

অসমৰ শিক্ষা, কেৰিয়াৰ,ছাত্র-ছাত্রী, অভিভাৱক, ছাত্র সংগঠন ইত্যাদি

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাবোৰৰত কৃতকাৰ্য হোৱা সকলোবোৰ ছাত্র-ছাত্রীৰে নিজৰ পচন্দৰ পাঠ্যক্রম লৈ উচ্চ শিক্ষা লাভ কৰিব বাবে পৰ্যাপ্ত শিক্ষানুষ্ঠান অসমত নাই। সেইদৰে নতুন নতুন পাঠ্যক্রমবোৰো অসমৰ শিক্ষানুষ্ঠানসমূহত নাই। গতিকে অসমৰ কিছুসংখ্যক ছাত্র-ছাত্রী প্রত্যেক বছৰে অসমৰ বাহিৰৰ শিক্ষানুষ্ঠানত উচ্চ শিক্ষা লাভ কৰিবলৈ যায়। কিন্তু আমাৰ ৰাজ্যখনৰ বহুতো ছাত্র-ছাত্রী তথা অভিভাৱকসকলে নাজানে যে অসমৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহত কি কি বিষয়ৰ পাঠ্যক্রম পঢ়িবৰ বাবে সুবিধা আছে।উদাহৰণস্বৰূপে – ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান (IIT) গুৱাহাটীত যে পদাৰ্থবিজ্ঞান, ৰসায়নবিজ্ঞান আৰু গণিত বিষত স্নাতকোত্তৰ কৰিব পৰা উপৰিও কলা বিভাগৰ সকলো বিষয়তে গৱেষণা কৰিব পৰা সুবিধা আছে সেই কথা বহুতে নাজানে। যি কোনো বিশ্ববিদ্যালয়/মহাবিদ্যালয়ত নামভর্তি কৰা পূর্বে শিক্ষানুষ্ঠানবোৰৰ বৈধতা/ডিগ্রীৰ মর্যাদা/ব্যৱস্থা/স্বীকৃতিপ্রাপ্তিৰ মর্যাদা আদিৰ বিষয়ে জানি ল’ব লাগে।  এই তথ্যবোৰ বিভিন্ন শিক্ষা বিষয়ক পৰিষদ/সংস্থা আদিৰ ৱেবচাইটৰ পৰা লাভ কৰিব পাৰি। যেনে- মানৱ সম্পদ উন্নয়ন মন্ত্রালয়বিশ্ববিদ্যালয় অনুদান আয়োগ, ভাৰতীয় চিকিৎসা পৰিষদ, ৰাষ্ট্রীয় মূল্যাঙ্কন আৰু স্বীকৃতি পৰিষদ, নিখিল ভাৰত কাৰিকৰী শিক্ষা পৰিষদভাৰতীয় বিশ্ববিদ্যালয় সংস্থা, দূৰ শিক্ষা পৰিষদ) আদি। শিক্ষানুষ্ঠানসমূহ এই পৰিষদ বা সংস্থাবোৰৰ স্বীকৃতিপ্রাপ্ত হ’লেই নহ’ব। যি বিভাগত অধ্যয়ন কৰিব বিচাৰে, সেই বিভাগটিও স্বীকৃতিপ্রাপ্ত হ’ব লাগিব। তদুপৰি মহাবিদ্যালয়/বিশ্ববিদ্যালয়বোৰৰ শিক্ষণ ব্যৱস্থাৰ বিষয়ে বিতংভাৱে জানি লোৱা উচিত, যেনে – পুথিভঁৰাল,ইণ্টাৰনেট আদিৰ সা-সুবিধা আছে নে নাই, কেম্পাচ ইণ্টাৰভিউ হয় নে নহয়, উত্তীৰ্ণ হোৱা ছাত্র-ছাত্রীসকলে কেনেদৰে প্রতিষ্ঠিত হৈছে তাৰো এটা সাম্যক ধাৰণা লোৱা উচিত।

সেইদৰে, থকাৰ সা-সুবিধা কেনে,পঢ়াৰ সুবিধা কেনেকুৱা সেই বিষয়েও জ্ঞান লোৱা উচিত।

বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে সাধাৰণ জ্ঞান একেদিনাই গোটোৱা সম্ভৱ নহয়। ইয়াৰ কাৰণে দীঘলীয়া প্রস্তুতিৰ প্রয়োজন। সাধাৰণ জ্ঞান দুই প্রকাৰত ভাগ কৰিব পৰা যায়। পৰম্পৰাগত সাধাৰণ জ্ঞান (Traditional General Knowledge) আৰু সাম্প্রতিক ঘটনা প্রবাহ (Current Affairs )। পৰম্পৰাগত সাধাৰণ জ্ঞান আহৰণ কৰিবৰ কাৰণে বিদ্যালয়ৰ প্রথম শ্রেণীৰ পৰা দশম শ্রেণীলৈকে পঢ়া সকলো বিষয়ৰ পাঠ্য পুথিৰ জ্ঞানবোৰ ভালদৰে আ হৰণ কৰিব লাগিব। লগতে বিভিন্ন বিষয় যেনে-ভূগোল,বিজ্ঞান,ৰাজনীতি,সমাজ বিজ্ঞান আদি বিষয়ৰ আনুষংগিক প্রসংগ পুথি অধ্যয়ন কৰিব লাগিব। সাম্প্রতিক ঘটনা প্রবাহৰ জ্ঞান আহৰণ কৰিবৰ বাবে দৈনিক বাতৰি কাকত তথা আলোচনী নিয়মীয়াকৈ পঢ়িব লাগিব। সেইদৰে নিয়মীয়াকৈ ৰেডিঅ’ বাতৰি অনুষ্ঠান শুনিব আৰু টেলিভিছনৰ বাতৰি অনুষ্ঠানবোৰ চাব লাগিব। এইবোৰৰ পৰা আ হৰণ কৰা জ্ঞানবোৰ লিপিবদ্ধ কৰি ৰাখিব লাগে। ছাত্র-ছাত্রীসকলে সাধাৰণ জ্ঞান আহৰণ কৰিবৰ বাবে Internet ৰ সহায় ল’ব পাৰে।

ৰাজ্যিক, ৰাষ্ট্রীয় তথা আন্তঃৰাষ্ট্রীয় পর্যায়ৰ বিভিন্ন বিষয়ৰ বৃত্তি বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান, বিভাগে প্রদান কৰে। এই বৃত্তিবোৰৰ বিষয়ে বাতৰি কাকত,আলোচনী তথা সেই অনুষ্ঠান-প্রতিষ্ঠান, বিভাগবোৰৰ নিজস্ব ৱেবছাইটৰ যোগেদি প্রচাৰ কৰে। গতিকে এই বৃত্তিবোৰৰ বিষয়ে সবিশেষ জানিবলৈ বাতৰি কাকত,আলোচনী, অনুষ্ঠান-প্রতিষ্ঠান তথা বিভাগবোৰৰ ৱেবছাইটবোৰত নিয়মীয়াকৈ চকু ফুৰাব লাগিব। এইদৰে মাজে মাজে বিভিন্ন বৃত্তিপ্রাপ্তসকলৰ বিষয়ে তথা তেওঁলোকৰ সাক্ষাৎকাৰ আদি বাতৰি কাকত আৰু আলোচনীত প্রকাশ প্রায়। ইয়াৰ জৰিয়তেও এই বৃত্তিবোৰৰ বিষয়ে আভাস পাব পাৰি। লগতে এই বৃত্তি পোৱা লোকসকলক ব্যক্তিগতভাৱে লগ কৰিলেও লাভৱান হ’ব।

ছাত্ৰ সংগঠনবোৰে মহকুমা, জিলা আৰু ৰাজ্যিক ভিত্তিত কেৰিয়াৰ সম্পর্কীয় কৰ্মশালা অনুষ্ঠিত কৰিব লাগে। কৰ্মশালাৰ জৰিয়তে ছাত্র-ছাত্রী তথা অভিভাৱকসকলক বিভিন্ন বিষয়ৰ কেৰিয়াৰৰ এটি আভাষ দিব লাগে। লগতে এই কথা ভালদৰে বুজাই দিয়া উচিত যে চিকিৎসক অথবা অভিযন্তাহিচাবে কেৰিয়াৰ গঢ়াৰ বাহিৰেও কেৰিয়াৰ গঢ়িবলৈ বহুত বিষয় আছে আৰু সেইবোৰ কেৰিয়াৰও যে চিকিৎসক অথবা অভিযন্তাহিচাবে গঢ়া কেৰিয়াৰতকৈ সমাজত গুৰুত্ব কোনো গুণে কম নহয়। কৰ্মশালাত ছত্ৰ-ছাত্রীসকলক বিভিন্ন প্রতিযোগীতামূলক পৰীক্ষাৰ সাধাৰণ জ্ঞানৰ আৰ্হি প্রশ্ন কাকতবোৰ দেখুৱাব লাগে।

আমাৰ ৰাজ্যত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিশেষ কৃতিত্ব অর্জন কৰা শিক্ষার্থীক আনুষ্ঠানিক ভাৱে অভিনন্দন জ্ঞাপন কৰা লগতে বিভিন্ন উপহাৰ দিয়ে। কৃতিত্ব অর্জন কৰা শিক্ষার্থীক অভিনন্দন জ্ঞাপন তথা উপহাৰ প্রদান কৰাতো এটা ভাল কথা। আমি ভাবোঁ নির্বাচিত গ্রন্থৰ টোপোলা এটিও উপহাৰ হিচাবে দিলে ভাল হয় যিবোৰ গ্রন্থৰ দ্বাৰা ছাত্র-ছাত্রীসকলৰ মানসিক তথা বৌদ্ধিক বিকাশত সহায় হয় লগতে সামাজিক দ্বায়বদ্ধতাৰ কথাও মনলৈ আহে। এতিয়া কথা হ’ল পৰীক্ষাবোৰৰ ফলাফল ঘোষণা হোৱাৰ তিনি মাহ পাৰ হৈ যোৱাৰ পিছতো এনেকুৱা অনুষ্ঠান পাতি থকা দেখা যায়। আমি ভাবোঁ এনেকুৱা অনুষ্ঠান যদি সম্ভৱ পৰীক্ষাবোৰৰ ফলাফল ঘোষণা কৰাৰ এমাহৰ ভিতৰতে পাতি শেষ কৰিব লাগে আৰু তিনিটা পর্যায়ত তিনি দিন যেনে মহকুমা, জিলা আৰু ৰাজ্যিক ভিত্তিত পাতিব লাগে। এই তিনিটা পর্যায়তে যিমান অনুষ্ঠান-প্রতিষ্ঠান/সংগঠনে অভিনন্দন জনাব বিচাৰে জনাব লাগে। ইয়াৰ ফলত টকা-পইচা, সময় আদি কম খৰছ হ’ব।

আনহাতেদি পৰীক্ষাবোৰৰ ফলাফল ঘোষণা কৰা লগে লগে কৃতিত্ব অর্জন কৰি উত্তীর্ণ হোৱা ছাত্র-ছাত্রীসকলৰ খবৰ সংবাদ মাধ্যমত ভৰি থাকে, কিন্তু পৰৱর্তী সময়ত ছাত্র-ছাত্রীসকল ক’লৈ যায়, কি কৰে, তেওঁলোকে নিজ নিজ লক্ষত উপনীত হৈছে নে, তেওঁলোকে পঢ়ি অহা বিদ্যালয়,মহাবিদ্যালয়খন বা নিজৰ নিজৰ অঞ্চল তথা জন্মভূমিৰ প্রতি কিবা অৰিহণা যোগাইছে নে নাই, এইবোৰ কথা সাধাৰণতে গম পোৱা নাযায়।এই বিষয়বোৰ লৈ সংবাদ মাধ্যমৰ স্থানীয় সংবাদদাতাসকলে কৃতী ছাত্র-ছাত্রীসকলৰ বিষয়ে অঞ্চল ভিত্তিক বা জিলা ভিত্তিক প্রতিবেদন প্ৰস্তুত কৰিলে ভাল হয়। তদুপৰি এই বিষয়ে ছাত্র সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠান,চৰকাৰী অনুষ্ঠান, বে-চৰকাৰী অনুষ্ঠানেও ক্ষেত্র ভিত্তিক অধ্যয়ন কৰিব পাৰে।

তাৰোপৰি, বিভিন্ন বিষয়ৰ কথা যেনে — বিভিন্ন শিক্ষানুষ্ঠানসমূহত শিক্ষা লাভ কৰিবলৈ কি কি অর্হতা লাগে, ছাত্র-ছাত্রীসকলে কেনেদৰে পঢ়া শুনা কৰিব লাগে, ছাত্র-ছাত্রীসকলে পঢ়া-শুনাৰ লগতে নিজৰ নিজৰ হ’বিবোৰ চলাই নিয়া উচিত নে ? বিভিন্ন চাকৰিৰ কাৰণে কি কি অহর্তা লাগে, চাকৰিবোৰৰ বিজ্ঞাপনবোৰ ক’ত পোৱা যাব, বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাবোৰৰ বিষয় কেনেকৈ গ’ম পোৱা যাব ? এই তথ্যবোৰ ক’ৰ পৰা সংগ্রহ কৰিব পাৰি? এনেধৰণৰ কথাবোৰৰ বিষয়ে যদি কোনো আগ্রহী ছাত্র-ছাত্রী তথা অভিভাৱকসকলে জানিব বিচাৰে তেন্তে প্রত্যেক শনিবাৰে বিয়লি ৬ বজাৰ পৰা ৯বজাৰ ভিতৰত আমাৰ লগত ফোনত (০৯৪৩৫১-৮৮৬৩০) যোগাযোগ কৰিব পাৰে। তাৰোপৰি, ছাত্র-ছাত্রীৰ লগত মুখা-মুখিকৈ এই কথাবোৰ আলোচনা কৰিবলৈ যদি অসমৰ কোনো মহাবিদ্যালয়/বিদ্যালয়ে আমন্ত্রণ জনায়, তেন্তে যাব (দিনটি শনিবাৰ হ’ব লাগিব) পাৰোঁ।
এইখিনিতে দুটা ৱেবছাইটৰ বিষয়ে উল্লেখ কৰিব বিছাৰিছোঁ, এটা হ’ল কেৰিয়াৰ আনুষঙ্গিক ৱেবছাইট সমিধান। এই ৱেবচাইটৰ যোগেদি ছাত্র-ছাত্রী তথা অভিভাৱকসকলে যিকোনো বিষয়ত কেৰিয়াৰ সম্পর্কীয় প্রশ্ন সুধিব পাৰে। এই ৱেবচাইটটোৰ জৰিয়তে বিনামূলীয়াকৈ কেৰিয়াৰ সম্পর্কীয় প্রশ্নৰ উত্তৰ লাভ কৰিব পাৰে। আনটি হ’ল চাকৰি। “চাকৰি”ত বিভিন্ন ধৰণৰ চাকৰিৰ বিজ্ঞাপনবোৰ, যিবোৰ স্থানীয় সংবাদপত্র, বিভিন্ন কোম্পানীৰ নিজস্ব ৱেবছাইট আৰু নিযুক্তি সম্পর্কীয় ৱেবছাইটবোৰত প্রকাশ হয়, সেইবোৰ একত্রিত কৰি উপলব্ধ কৰা হয়।

লিখক: ড° বুলজিৎ বুঢ়াগোহাঁই।

শেহতীয়া উন্নীতকৰণ: : 3/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate