অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰতিযোগিতামূলক পৰীক্ষা

ভাৰতীয় অৰ্থনীতি/পৰিসংখ্যা সেৱা পৰীক্ষা

এই পৰীক্ষাৰ বাবে আবেদন বিচাৰি কেন্দ্ৰীয় লোকসেৱা আয়োগ সাধাৰণতে জুন মাহত বিজ্ঞাপন প্ৰকাশ কৰে আৰু নৱেম্বৰ মাহত পৰীক্ষা পৰিচালনা কৰে।

বয়সৰ সীমা

পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ ১ জানুৱাৰীত প্ৰাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ৩০ বছৰৰ ভিতৰত হ’ব লাগে। নিৰ্দিষ্ট শ্ৰেণীৰ ব্যক্তিৰ বাবে বিধি অনুসৰি বয়সৰ ৰেহাই সুবিধা আছে।

শিক্ষাগত অৰ্হতা

Indian Economic Serviceৰ বাবে স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা Economics/Applied Economics/Business Economics/Econometrics বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ’ব লাগে।

Indian Statistical Serviceৰ বাবে স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা Statistics/Applied Statistics/Mathematical Statistics বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ’ব লাগে।

স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষা দিয়া সকলেও আবেদন কৰিব পাৰে।

প্ৰাৰ্থীৰ বাছনি লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে কৰে।

বিশেষ শ্ৰেণী ৰেলৱে শিক্ষানবিচ পৰীক্ষা

এই পৰীক্ষাৰ বাবে আবেদন বিচাৰি কেন্দ্ৰীয় লোকসেৱা আয়োগে সাধাৰণতে ফ্ৰেব্ৰুৱাৰী মাহত বিজ্ঞাপন প্ৰকাশ কৰে আৰু জুলাই মাহত পৰীক্ষা পৰিচালনা কৰে।

বয়সৰ সীমা

পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ ১ আগষ্টত প্ৰাৰ্থীৰ বয়স ১৭ বছৰৰ পৰা ২১ বছৰৰ ভিতৰত হ’ব লাগে। নিৰ্দিষ্ট শ্ৰেণীৰ ব্যক্তিৰ বাবে বিধি অনুসৰি বয়সৰ ৰেহাই সুবিধা আছে।

শিক্ষাগত অৰ্হতা

এই পৰীক্ষা দিবৰ বাবে প্ৰাৰ্থীয়ে বিজ্ঞাপন শাখাত উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰীক্ষাত প্ৰথম বা দ্বিতীয় বিভাগত উত্তীৰ্ণ হ’ব লাগে।

প্ৰাৰ্থীৰ বাছনি লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে কৰে।

ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা আৰু নৌ একাডেমী পৰীক্ষা

এই পৰীক্ষাৰ বছৰত দুবাৰ অনুষ্ঠিত হয়। এই পৰীক্ষাৰ বাবে আবেদন বিচাৰি কেন্দ্ৰীয় লোকসেৱা আয়োগে সাধাৰণতে অক্টোবৰ- নৱেম্বৰ আৰু এপ্ৰিল-মে’ মাহত বিজ্ঞাপন প্ৰকাশ কৰে। এপ্ৰিল- মে’ আৰু ছেপ্টেম্বৰ-অক্টোবৰ মাহত পৰীক্ষা পৰিচালনা কৰে।

বয়সৰ সীমা

প্ৰাৰ্থীৰ বয়স ১৬ বছৰ ৬ মাহৰ পৰা ১৯ বছৰৰ ভিতৰত হ’ব লাগে।

শিক্ষাগত অৰ্হতা

সেনা বাহিনী শাখাত ভৰ্তিৰ বাবে প্ৰাৰ্থী যিকোনো শাখাত দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হ’ব লাগে। আনহাতে বায়ু আৰু নৌবাহিনীত ভৰ্তিৰ বাবে প্ৰাৰ্থী বিজ্ঞান শাখাত দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হ’ব লাগে। দ্বাদশ শ্ৰেণী পৰীক্ষা দিয়াসকলেও আবেদন কৰিব পাৰে।

প্ৰাৰ্থীৰ বাছনি লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে কৰে।

কেন্দ্ৰীয় লোকসেৱা আয়োগে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ গুৰুত্বপূৰ্ণ পদত নিযুক্তিৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ত পৰিচালনা কৰা এই সকলোবোৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিজ্ঞাপন আয়োগৰ ৱেবছাইট (http.//upsc.gov.in) লগতে এমপ্লয়মেণ্ট নিউজ আৰু বিভিন্ন বাতৰি কাকত/ আলোচনীত প্ৰকাশ পায়।

উৎসঃ অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 3/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate