অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জীৱ বিদ্যা, ভেষজ বিদ্যা, সমাজ-স্বাস্থ্য বিষয়ক বৃত্তি সংক্ৰান্তীয় নতুন সুযোগ

জীৱ বিদ্যা, ভেষজ বিদ্যা, সমাজ-স্বাস্থ্য বিষয়ক বৃত্তি সংক্ৰান্তীয় নতুন সুযোগ

জৈৱ-ভেষজ বিদ্যা, জৈৱ-প্ৰযুক্তি বিদ্যা, সমাজ-স্বাস্থ্য আৰু চিকিৎসাৰ সা-সৰঞ্জাম নিৰ্মাণৰ উদ্যোগ আদি বিষয় আজিকালি সম্পূৰ্ণৰুপে গোলকীকৰণৰ আওতাত আহি পৰিছে। তাৰ লগে লগে এইবোৰ বিষয়ত হোৱা গৱেষণাবোৰৰো গোলকীকৰণ এতিয়া সম্ভৱ হৈছে। গোলকীকৰণৰ এই নতুন ধাৰাটোৱে বিভিন্ন স্বাৰ্থ জড়িত ব্যক্তি আৰু অনুষ্ঠানক সাঙুৰি লোৱাৰ লগতে সকলো বিষয়ৰ স্নাতকসকলৰ কৰ্মস্ংস্থাপনৰ ক্ষেত্ৰতো এটা বিশাল সুযোগৰ আকৰ হৈ দেখা দিছে।

চিকিৎসা সম্বন্ধীয় গৱেষণাৰ অৰিহণাক জ্ঞানভিত্তিক অৰ্থনীতি হিচাপে স্বীকৃতি দিয়া হৈছে আৰু নতুনত্ব তথা নতুন প্ৰথাৰ উপযোগৰ মাধ্যমেৰে দেশত আৰু বিদেশত কৰ্মস্ংস্থাপনৰ অপৰ্যাপ্ত সুযোগ আনি দিছে। ই এতিয়া বিশ্বজুৰি এটা ৪৫ শ কোটি ডলাৰ বা ৪৫ বিলিয়ন ডলাৰৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ৩০০ হেজাৰ কোটি টকা) উদ্যোগত পৰিণত হৈছে। ভাৰতৰ বিশাল জনস্ংখ্যা, পৰ্যাপ্ত শ্ৰমিক দল, বিনিময় আৰু লাভৰ আশাপ্ৰদ পৰিস্ংখ্যা, অফুৰন্ত ব্যাধিৰ ব্যাপক সমাৱেশ আদিয়ে ইয়াক চিকিৎসা কেন্দ্ৰিক গৱেষণা আৰু নতুন নতুন ঔষধৰ বিন্যাসৰ বাবে পৰীক্ষা-নিৰীক্ষা চলোৱাৰ ক্ষেত্ৰত এখন আদৰ্শ সাধন স্থানলৈ পৰিৱৰ্তিত কৰিছে। এইক্ষেত্ৰত ভাৰতৰ স্থান দ্বিতীয়, একমাত্ৰ চীন দেশহে এইক্ষেত্ৰত ভাৰততকৈ আকৰ্ষণীয়। অজস্ৰ বহুদেশীয় ব্যৱসায় প্ৰতিষ্ঠানে ভাৰতলৈ আহি গৱেষণা কেন্দ্ৰ স্থাপন কৰিবলৈ লোৱা এই ব্যৱসায় এতিয়া আকাশচুম্বী উচ্চতালৈ ধাৱমান হোৱাৰ দুৱাৰডলিত। কেৱল যে আন্তৰ্জাতিক বাণিজ্যিক প্ৰতিষ্ঠানবোৰৰ বাবেই তেনে হৈছে তেনে নহ্য, বহুতো দেশীয় প্ৰতিষ্ঠানেও যোৱা তিনি বছৰত গৱেষণা আৰু উন্নয়নৰ শিতানত বৰ্ধিত হাৰত টকা খৰচ কৰি এই অৱস্থা প্ৰাপ্তিত অৰিহণা যোগাইছে। চমুকৈ ক’বলৈ গ’লে, সমাজ-স্বাস্থ্য আৰু ঔষধ ব্যৱসায়ৰ ক্ষেত্ৰত আটাইতকৈ বেছি হাৰত বৃদ্ধি পোৱা অংশটো হৈছে চিকিৎসাকেন্দ্ৰিক গৱেষণা। চিকিৎসাভিত্তিক ঔষধৰ ব্যৱসায়ত যি পৰিমাণৰ উচ্চ শিক্ষিত আৰু বিশেষজ্ঞ শ্ৰেণীৰ পেছাদাৰীৰ তাগিদা আছে, সেই তাগিদাৰ লগত ফেৰ মাৰিব পৰাকৈ পৰ্যাপ্ত পৰিমাণৰ ছাত্ৰ-ছাত্ৰী আমাৰ দেশে প্ৰতি বছৰে উলিয়াব পৰা নাই। সেয়েহে এই অত্যন্ত লাভজনক কৰ্মস্ংস্থান সম্পৰ্কে সকলোকে সজাগ কৰি তোলাটো অতি আৱশ্যকীয় হৈ পৰিছে যাতে তেওঁলোকৰ মাজৰ পৰা বৰ্দ্ধিত হাৰত ছাত্ৰ-ছাত্ৰীয়ে আহি এই বিষয়ত স্নাতক বা স্নাতকোত্তৰ পৰ্যায়ত শিক্ষা লাভ কৰিবলৈ ইচ্ছুক হয়। ঔদ্যোগিক স্ংস্থা ‘এছোকেম’ৰ মতে, শিক্ষিত যুৱক-যুৱতীক গৱেষণাৰ মাধ্যমেৰে নিজৰ শিক্ষাগত অৰ্হতাক কামত লগোৱাৰ সুযোগ দি চিকিৎসাকেন্দ্ৰিক গৱেষণাই অহা পাঁচ বছৰত ৫০,০০০ ল’ৰা-ছোৱালীক কৰ্ম সংস্থাপনৰ সুবিধা দিব। ভৱিষ্যতৰ কৰ্মক্ষেত্ৰ বাছি উলিওৱাৰ পথত চিকিৎসা ভিত্তিক গৱেষণাই এক জনপ্ৰিয় বিকল্প হৈ পৰিছে।

চিকিৎসা কেন্দ্ৰিক গৱেষণাৰ পাঠ্যক্ৰম সাধাৰণতে যচা হয় জীৱ বিজ্ঞানৰ (জৈৱ ৰসায়ন, ঔষধ বিজ্ঞান, বিষ বিজ্ঞান, জৈৱ প্ৰযুক্তি বিদ্যা, বীজাণুকেন্দ্ৰিক জীৱ বিজ্ঞান অথবা প্ৰাণীতত্ব স্নাতক বা স্নাতকোত্তৰ সকলক), চিকিৎসকসকলক শাৰিৰিক বিস্ংগতিৰ চিকিৎসক, ফাৰ্মাচী-বিজ্ঞানী আৰু চিকিৎসা-পৰিসেৱিকা বিদ্যাৰ স্নাতকসকলক, কাৰণ এই বিষয়ৰ সূক্ষ্ম ধাৰণাবোৰ বেছি ভালদৰে আয়ত্ব কৰিব পৰাৰ জোখাৰে সম্যক জ্ঞান তেওঁলোকৰ থাকে। পৰিস্ংখ্যা বিজ্ঞানৰ ছাত্ৰৰো এইক্ষেত্ৰত কদৰ আছে, বিশেষকৈ ঔষধ আৰু তথ্য-প্ৰযুক্তি বিদ্যাৰ সহায়ত সেৱা আগবঢ়োৱা কোম্পানীবোৰত জৈৱ পৰিস্ংখ্যকৰুপে অথবা তথ্য পৰিচালক পৰিস্ংখ্যা-বিশ্লেষণ পদ্ধতিৰ পৰিকল্পনাকাৰী হিচাপে। বিভিন্ন শাখাৰ পৰা অহা লোকসকলক তেওঁলোকৰ শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তলত দিয়া ধৰণে নিযুক্তি দিয়া হয়- চিকিৎসকসকলৰ ক্ষেত্ৰত তেওঁলোকক মকৰল কৰা হয় মুখ্য তদন্তকাৰী, সহ তদন্তকাৰী, চিকিৎসা উপদেষ্টা, চিকিৎসাৰ উপায় উদ্ভাৱন কৰোতা, চৰকাৰী নিয়ন্ত্ৰণৰ নিয়ম মানি চলাটো নিশ্চিত কৰাৰ দায়িত্ব আৰু চিকিৎসা বিষয়ক গৱেষণাত চিকিৎসকৰ দিশটো চোৱাটো।

চিকিৎসকৰ সহায়ক হিচাপে কাম কৰাবিলাক, যেনে Para-medics, ফাৰ্মাচী বিজ্ঞানী আৰু জীৱবিদ্যাৰ প্ৰাৰ্থীসকলক নিযুক্তি দিয়া হয় চিকিৎসা গৱেষণাৰ সহায়ক হিচাপে, চিকিৎসা সম্বন্ধীয় লিখনিৰ লিখক হিচাপে, কৰ্মক্ষেত্ৰত বিভিন্ন গোটৰ মাজত সমন্বয়ৰক্ষী হিচাপে, চিকিৎসা বিষয়ক প্ৰক্ৰিয়াৰ সহায়ক হিচাপে।

পৰিচালনা বিজ্ঞানৰ বৃত্তিধাৰী সকলে ব্যৱসায় বঢ়োৱাৰ দায়িত্ব, চিকিৎসা সম্পৰ্কীয় যোজনাৰ পৰিচালকৰ দায়িত্ব বা চিকিৎসা সম্বন্ধীয় গৱেষণাৰ পৰিচালকৰ দায়িত্ব দিয়া হ’ব পাৰে। Climate Guwahati ৰ সঞ্চালক ড0 সঞ্জয় বসুমতাৰীয়ে উল্লেখ কৰা মতে একে সময়তে দ্বৈত বিশেষজ্ঞতা অৰ্জন কৰিব পৰা পাঠ্যক্ৰমত উত্তীৰ্ণ হ’লে আৰু লগতে ছফটৱেৰ সম্বন্ধীয় জ্ঞান হাতে-কামে অৰ্জন কৰিলে যি কোনো ছাত্ৰই ওপৰৰ স্থানত থকা ঔষধ বা আই টি ই এছ কোম্পানীত অথবা বিশেষ ধৰণৰ চুক্তিভিত্তিক গৱেষণা প্ৰত্ৰিষ্ঠানত নিযুক্তি সহজে পাব পাৰে।

আমাৰ ইয়াত কলেজ বা বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰাৰ পিছত ল’ৰা বা ছোৱালী এগৰাকীৰ কৰ্মসংস্থাপনৰ সুযোগ অতি কম থাকে আৰু বেপাৰ-বাণিজ্য বা কোনো সামগ্ৰীৰ বজাৰ একগন গঢ়াৰ চেষ্টা কৰা বা শিক্ষকৰ চাকৰি কৰাৰ বাহিৰে গত্যন্তৰ নাথাকে। শেষৰ ছেমিষ্টাৰৰ লগতে আনুষাংগিকভাৱে বা শিক্ষা সমাপ্ত কৰাৰ পিচতো পাঠ্যক্ৰম এটা কৰিব পাৰিলে নিযুক্তি পোৱাৰ সম্ভাৱনীয়তা ভালেখিনি বাঢ়ি যায় আৰু কৰ্মক্ষেত্ৰত দ্ৰুত গতিত উন্নত পথ সুচল হয়। তাৰ কাৰণে এইটোৱেই উত্তম সময়, কিয়নো চাকৰিৰ বিজ্ঞাপন এইটো সময়তে বিভিন্ন আকৰ্ষণীয়ভাৱে প্ৰতিদিনে ওলাব ধৰিছে। কোনো অজ্ঞাত অনুষ্ঠানত উচ্চ হাৰত টকা-পইচা খৰচ কৰি চিৰাচৰিত পাঠ্যক্ৰম এটাত নামভৰ্ত্তি কৰাতকৈ ছাত্ৰ-ছাত্ৰীবোৰে এতিয়া ভাবিবৰ হ’ল কেনেকৈ সুবুদ্ধি খটুৱাই Pharma/Biotech উদ্যোগৰ উঠি অহা জগতখনত কৰ্মৰ সন্ধানত সোমাই পৰিব পাৰে আৰু বিশেষ প্ৰশিক্ষণৰ দ্বাৰা নিজৰ দক্ষতা বৃদ্ধি কৰিব পাৰে।

আজিৰ চিকিৎসা বিজ্ঞানৰ জগতখনত, য’ত এতিয়া গৱেষণা আৰু বিজ্ঞানৰ অগ্ৰগতিৰ ভিত্তিত, ঔষধ আদিৰ প্ৰয়োগ ব্যক্তি বিশেষে সুকীয়া কৰাৰ পদ্ধতি অৱলম্বন কৰা হৈ আছে। চিকিৎসা সম্পৰ্কীয় গৱেষণাই যি গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিবলৈ লৈছে, তাৰ পৰিপ্ৰেক্ষিতত আমাৰ দেশে ঔষধ আদিৰ ক্ষেত্ৰত থকা চৰকাৰী নিয়ম-নীতিৰ সম্যক পৰিৱৰ্তন ঘটোৱাটো অতি সময় সাপেক্ষ হৈছে। দক্ষ মানুহৰ মাধ্যমেৰে চিকিৎসা সেৱা আৰু পেছাদাৰী দক্ষতাৰ সহমিলন ঘটোৱাই উৎকৃষ্টতাৰ শিখৰত উঠিব পাৰিলে ভাৰতখন গোটেই পৃথিৱীৰে চিকিৎসা সম্বন্ধীয় গৱেষণাৰ কেন্দ্ৰবিন্দু হিচাপে প্ৰতিষ্ঠা পোৱাটো কঠিন নহ’ব।

লেখক: ডা: সঞ্জয় বসুমতাৰী, সম্ভাৰ।

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate