অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পৰিসংখ্যা বিজ্ঞানৰ পাঠ্যক্ৰম আৰু নিয়োগৰ সুবিধা

Image Source : Shutterstock

পৰিসংখ্যা বিজ্ঞান কি?

‘Statistics’ শব্দটো লেটিন শব্দ ‘Status’ ৰ পৰা উদ্ভৱ হৈছে। পৌৰাণিক কালত একোখন ৰাজ্যৰ লগত জড়িত বিভিন্ন তথ্য সমূহকে পৰিসংখ্যা বুলি ধৰা হৈছিল। বৰ্তমান সময়ত অৱশ্যে ‘Statistics’ শব্দটো একবচন ‘Statistic’ শব্দটোৰে কোনো ব্যক্তি সমষ্টি সম্পৰ্কীয় সাংখ্যিকীয় তথ্যৰ সংগ্ৰহ, বিশ্লেষণ আৰু তাৎপৰ্য্য ব্যাখ্যা কৰা বিজ্ঞানক বুজাবলৈ ব্যৱহাৰ কৰা হয়। আনহাতে সংখ্যাত্মক আৰু মাত্ৰাত্মক ধাৰণা দিবলৈ 'Statistics' শব্দটোক বহুবচন হিচাপে ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে জৈৱ পৰিসংখ্যা (Vital Statistics), শ্ৰমিক পৰিসংখ্যা (Labour Statistics) আদি। পৰিসংখ্যা বিজ্ঞানৰ সূত্ৰ বিচাৰি ১৯৩৫ চনত Dr. W. F. Willcox নামৰ এজন বিজ্ঞানীয়ে প্ৰায় শতাধিক সূত্ৰৰ তালিকা এখন কৰিছিল বুলি জনা যায়। প্ৰকৃততে দিনে দিনে পৰিসৰ বাঢ়ি বিভিন্ন বিষয়ত ব্যৱহৃত হোৱা পৰিসংখ্যা বিজ্ঞানৰ দৰে বিষয় এটাক কোনো বিশেষ সূত্ৰই সামৰি ল’বও নোৱাৰে। সেয়ে আমি ইয়াত পৰিসংখ্যা বিজ্ঞানৰ সূত্ৰ ডাঙি ধৰিবলৈ চেষ্টা নকৰি বিষয়টোৰ এটা আভাস মাত্ৰ ডাঙি ধৰিবলৈহে প্ৰয়াস কৰিছোঁ। সংক্ষেপে ক’বলৈ হ'লে কোনো অনুসন্ধান ক্ষেত্ৰৰ লগত জড়িত সাংখ্যিকীয় তথ্যৰ স্তুপৰ সংগ্ৰহ বিশ্লেষণ আৰু তাৎপৰ্য ব্যাখ্যাৰ লগতে অনিশ্চিত আৰু পৰিৱৰ্তনশীল পৰিস্থিতিত বৈধ সিদ্ধান্ত প্ৰদানৰ বাবে ব্যৱহৃত ধাৰণা আৰু পদ্ধতিৰ সমষ্টিকে পৰিসংখ্যা বিজ্ঞান বোলা হয়। কাজেই পৰিসংখ্যা বিজ্ঞানীৰ মুখ্য কাম হৈছে— পৰিসাংখ্যিকীয় পদ্ধতিৰে তথ্য সংগ্ৰহ, তথ্য বিশ্লেষণ আৰু অনিশ্চয়তাৰ মাজত সিদ্ধান্ত গ্ৰহণ। পৰিসংখ্যাবিদসকল সময় অনুযায়ী শিক্ষক, সময় অনুযায়ী পৰামৰ্শদাতা (Consultant) আৰু সময়ত গৱেষক। আন্তৰ্জাতিক খ্যাতি সম্পন্ন পৰিসংখ্যা বিজ্ঞানী প্ৰাধ্যাপক চি. আৰ. ৰাৱ মহোদয়ে পৰিসংখ্যা বিজ্ঞান সম্পৰ্কে অলপতে এইদৰে নিজৰ মত দাঙি ধৰিছে—

“Statistics is not an independent discipline like Physics, Chemistry, Biology and Mathematics. A Physicist solves a problem in Physics by using the available knowledge in Physics. The same is true of Chemistry, Biology or Mathematics. Each of disciplines has problems and methods of its own solving them. There is nothing like problem is Statistics which can be solved by using available knowledge in Statistics. Statisticians can help other scientist in the investigation of their problem, especially in designing experiments, collecting data and extracting information from data for testing hypothesis or estimating an unknown parameter or providing clues for further investigation. This usually involves research in evolving new statistical methodology appropriate to the scientist’s problem, thus enriching Statistical theory and application.

The nature of problems in any discipline changes overtime and become more complicated as our knowledge of the subject increases. This often requires the development of a more comprehensive statistical methodology for designing experiments and drawing inferences from the data....”

(Ref: Message, International Conference on Development and Applications of Statistics in emerging area of Sc. and Tech., Dec. 8-10-2010, University of Jammu, Dept. of Statistics.)


 

অঙ্ক শাস্ত্ৰৰ দৰে পৰিসংখ্যা বিজ্ঞানকো মূলতঃ দুভাগে বিভক্ত কৰা হয়। সেইয়া হৈছে— ‘Pure  Statistics’ বা শুদ্ধ পৰিসংখ্যা বিজ্ঞান। এই ভাগটোক ‘Mathematical Statistics’ বা ‘Theory of Statistics Applied Statistics’ হিচাপেও জনা যায়। আনটো হৈছে— প্ৰায়োগিক পৰিসংখ্যা বিজ্ঞান (Applied Statistics)। শুদ্ধ পৰিসংখ্যাবিদৰ কাম হৈছে গৱেষণাযোগে নতুন নতুন পৰিসাংখ্যিক পদ্ধতি উদ্ভাৱন কৰা। প্ৰায়োগিক পৰিসংখ্যাবিদৰ কাম হৈছে এই নতুনকৈ উদ্ভাৱিত পদ্ধতিসমূহ ব্যৱহাৰ কৰি বিভিন্ন বিষয়ৰ সমস্যাৰ সমাধান কৰা। অৱশ্যে এগৰাকী উত্তম প্ৰায়োগিক পৰিসংখ্যা বিজ্ঞানী হ’বলৈ হ’লে শুদ্ধ পৰিসংখ্যা বিজ্ঞানী হোৱাটোও বাঞ্চনীয় বুলি আমি উপলব্ধি কৰোঁ। প্ৰায়োগিক পৰিসংখ্যা বিজ্ঞান পৰিসৰ বৰ্তমান সময়ত অতি বিশাল আৰু ই দিনে দিনে বাঢ়িয়েই আছে। চমুতে প্ৰায়োগিক পৰিসংখ্যা বিজ্ঞানৰ বিষয়সমূহ তলত উল্লেখ কৰা হ’ল—

(ক) ব্যৱসায়ৰ (Business) লগত জড়িত বিষয়সমূহ, যেনে— অৰ্থনীতি (Economics), জীৱন বীমা (Life Insurance), শিল্পোদ্যোগ (Industry), বানিজ্য (Marketing), কম্পিউটাৰ বিজ্ঞান (Computer Science) আদি।

(খ) সাধাৰণ বিজ্ঞানৰ (Physical Science) লগত জড়িত বিষয়সমূহ, যেনে— ৰসায়ন শাস্ত্ৰ (Chemistry), পদাৰ্থ বিজ্ঞান (Physics), জ্যোৰ্তিবিদ্যা (Astronomy) আদি।

(গ) স্বাস্থ্যৰ (Medicine and Health Science) লগত জড়িত বিষয়সমূহ, যেনে— আনুবংশিক (জিনীয়) বিষয়ক (Genetics), ৰোগ লক্ষণ প্ৰয়াস (Clinical trials), সংক্ৰামক ৰোগ বিজ্ঞান (Epidemiology), স্বাস্থ্য ৰক্ষাৰ মান নিয়ন্ত্ৰ্ৰণ (Health Care Quality Control), ঔষধ বা ভেষজ বিজ্ঞান (Pharmacology) আদি।

(ঘ) প্ৰশাসন বা চৰকাৰৰ লগত জড়িত বিষয়সমূহ, যেনে— পিয়ল (Census), প্ৰতিদৰ্শ সমীক্ষা (Sample Survey), ৰাষ্ট্ৰীয় সুৰক্ষা (National defense), আইন (Law), ৰাজনীতি (Politics) ইত্যাদি।

উপৰোক্ত সকলো বিষয়তেই পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োগ অনিবাৰ্য্য হৈ পৰা দেখা গৈছে। আমাৰ অভিজ্ঞতাৰ পৰা ইয়াকেই ক’ব খোজোঁ যে সূৰ্য্যৰ পোহৰ যেনেকৈ সৌৰজগতৰ বাবে অপৰিহাৰ্য্য, সেইদৰে পৰিসাংখ্যিক পদ্ধতিৰ ব্যৱহাৰো প্ৰতি বিষয়তেই প্ৰয়োজনীয়।

পৰিসংখ্যাবিদ কেনেকৈ হ’ব পাৰি:

পৰিসংখ্যাবিদ হ’বলৈ হ’লে পৰিসংখ্যা বিজ্ঞানৰ অৰ্হতা অৰ্জন কৰোঁতে অঙ্ক শাস্ত্ৰ, কম্পিউটাৰ বিজ্ঞানৰ প্ৰয়োগ আদি শিকাৰ উপৰি আন আন সম্বন্ধ থকা বিষয়ৰ অধ্যয়নৰ আৱশ্যক। বৰ্তমান সময়ত ভাৰতবৰ্ষৰ বিভিন্ন বিশ্ববিদ্যালয়সমূহত পৰিসংখ্যা বিজ্ঞান বিভাগত স্নাতক, স্নাতকোত্তৰ বা ইয়াৰ উচ্চ ডিগ্ৰী প্ৰদানৰ সুবিধা আছে। বিশ্বৰ ভিতৰত পৰিসংখ্যা বিজ্ঞান বিষয়ত উচ্চ শিক্ষা প্ৰদানৰ অনুষ্ঠান হৈছে ভাৰতীয় পৰিসংখ্যা বিজ্ঞান প্ৰতিষ্ঠান (Indian Statistical Institute)। এই অনুষ্ঠানটি ১৯৩১ চনতে ভাৰতৰ সুসন্তান প্ৰয়াত প্ৰশান্ত চন্দ্ৰ মহালনবিচে কলিকতাত প্ৰতিষ্ঠা কৰিছিল। ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰয়োজনীয়তা অনুভৱ কৰি তদানীন্তন ভাৰতৰ প্ৰধান মন্ত্ৰী প্ৰয়াত পণ্ডিত জৱাহৰলাল নেহৰু ডাঙৰীয়াই সংসদত I.S.I. Act 1959 খন গ্ৰহণ কৰোৱাই ইয়াক ৰাষ্ট্ৰীয় অনুষ্ঠানৰূপে স্বীকৃত প্ৰদান কৰি স্বতন্ত্ৰভাৱে ডিগ্ৰী দিয়া, গৱেষণা কৰা আদিৰ ক্ষমতাও প্ৰদান কৰে। চেন্নাই, বাঙ্গালোৰ আৰু নতুন দিল্লীৰ উপৰি, যোৱা ২৩ জুলাই, ২০১১ তাৰিখে I.S.I. ৰ উত্তৰ-পূৱ কেন্দ্ৰ তেজপুৰত প্ৰতিষ্ঠা কৰিবলৈ সিদ্ধান্ত কৰিছে আৰু কেন্দ্ৰটো মুকলি কৰি ভাৰতৰ বৃত্তমন্ত্ৰী তথা  I.S.I. ৰ সভাপতি শ্ৰীযুত প্ৰণৱ মুখাৰ্জী (বৰ্তমান ৰাষ্ট্ৰপতি) ডাঙৰীয়াই উল্লেখ কৰিছিল যে এই অনুষ্ঠানে উত্তৰ-পূৱ অঞ্চলৰ বিভিন্ন সমস্যাৰাজী অধ্যয়ন কৰিব, পৰিসংখ্যা বিজ্ঞানত গৱেষণা কৰিব। ইয়াৰ বাবে অসম চৰকাৰে ২৫ একৰ মাটি দিছে আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰায় ১৫০ কোটি টকা খৰচ কৰি এই অনুষ্ঠানৰ পূৰ্ণাঙ্গ ৰূপ দিব। আশা কৰা হৈছে উত্তৰ-পূৱৰ নতুন প্ৰজন্মই এই অনুষ্ঠানটিৰ পৰা শিক্ষা গ্ৰহণৰ সম্পূৰ্ণ সুবিধা গ্ৰহণ কৰিব। I.S.I. ৰ মূল কেন্দ্ৰ কলিকতাত আছে। সৰ্বমুঠ দহটা বিভাগত এই অনুষ্ঠানটি গৱেষণা তথা প্ৰায়োগিক কামকাজত জড়িত হৈ আছে। সেই বিভাগসমূহ হৈছে—

1) Statistical Quality Control and Operation Research

2) Computer Science and Mathematics

3) Theoretical Statistics and Mathematics

4) Applied Statistics

5) Physics and Earth Science

6) Biological Science

7) Social Science

8) Library Science, Documentation and Information Science

9) Teaching and Training

10) Administrative Service

অসমৰ গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পৰিসংখ্যা বিজ্ঞান বিষয়ত এম.এছ.চি. (স্নাতকোত্তৰ) ডিগ্ৰী, এম.ফিল. ডিগ্ৰী আৰু পি.এইচ.ডি. ডিগ্ৰী প্ৰদানৰ ব্যৱস্থা আছে। অসম বিশ্ববিদ্যালয়ত (শিলচৰ) কেৱল স্নাতক পৰ্য্যন্তহে ডিগ্ৰী দিয়াৰ ব্যৱস্থা আছে। উত্তৰ পূৰ্বঞ্চলৰ সকলো বিশ্ববিদ্যালয়ৰ ভিতৰত কেৱল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিজ্ঞান বিভাগতহে Industrial Quality Control বিষয়ত ডক্টৰেট পৰ্য্যন্ত ডিগ্ৰী লোৱাৰ সুবিধা আছে।

পৰিসংখ্যাবিদৰ নিয়োগৰ সুবিধা:

এজন পৰিপক্ক পৰিসংখ্যাবিদে চৰকাৰী বা বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত চাকৰি পাব পাৰে। ৰাষ্ট্ৰীয় প্ৰতিদৰ্শ সমীক্ষাত (National Sample Survey) নানা ধৰণৰ চাকৰি থাকে। প্ৰতি ৰাজ্যত Directorate of Economics and Statistics ৰ অধিনত পৰিসংখ্যাবিদৰ বাবে বহুধৰণৰ চাকৰি আছে। সেইদৰে বেঙ্ক, বীমা বিজ্ঞান (Acturial Science) আদিত প্ৰয়োজন মতে অনেক চাকৰিৰ সুবিধা আছে। বৰ্তমান সময়ত বীমা বিজ্ঞানীৰ নিয়োগ প্ৰাইভেট বা বেচৰকাৰী খণ্ডত অতিকৈ প্ৰয়োজন। বিশেষকৈ HDFC, Max New York, Tata AIG, Aviva Life, SBI Life, Birla Sunlife, IFFCO, Reliance, Mohendra আদি অনেক বেচৰকাৰী প্ৰতিষ্ঠানত বীমা বিজ্ঞানী নিয়োগ অপৰিহাৰ্য হৈ পৰিছে।

বৈজ্ঞানিক গৱেষণাত (Scientific Research) পৰিসংখ্যাবিদ নিয়োগ কৰি বন্যপ্ৰাণী সংৰক্ষণ, বিশ্ব পৰিবেশ সংৰক্ষণ আদিত অনেক সুফল লাভ হৈছে। ব্যৱসায়-বাণিজ্য, শিল্পোদ্যোগ, খেল-ধেমালি, স্বাস্থ্য উন্নয়ণ, উৎপাদন (Manufacturing), ইঞ্জিনিয়েৰিং, ষ্টেটিচটিকেল কম্পিউটিং, সংক্ৰামক ৰোগ বিজ্ঞান (Epidemiology), ভেষজ বিজ্ঞান (Pharmacology), জিনীয় বিজ্ঞান (Generitics), কলেজ বা বিশ্ববিদ্যালয়ৰ শিক্ষক বা গৱেষক হিচাপে, প্ৰচাৰ মাধ্যম তথা বিজ্ঞান শিক্ষক হিচাপে, ভৰত চৰকাৰৰ দ্বাৰা পৰিচালিত Indian Statistical Survey বা Indian Economics Service ত উত্তীৰ্ণ হ’লে বিভিন্ন বিভাগত পৰিসংখ্যাবিদৰ চাকৰি আছে। পৰিসংখ্যা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলে Internet যোগে অনেক খালী হৈ থকা চাকৰি নিজৰ অভিজ্ঞতা অনুযায়ী চাই ল’ব পাৰিব। সেইদৰে দা-দৰমহা, বিভিন্ন বৃত্তি আদিৰ কথাও ৱেবছাইটযোগে আয়ত্ব কৰিব পাৰিব। মুঠৰ ওপৰত পৰিসংখ্যা পদ্ধতিৰ ব্যৱহাৰিক বাহুল্যতাই পৰিসংখ্যাবিদৰ চাকৰিৰ দুৱাৰখনো বহলভাৱে উদঙাই দিছে। লাগে মাথোঁ উৎসাহ আৰু কৰ্ম কৰাৰ হেঁপাহ আৰু উপযুক্ত শিক্ষা গ্ৰহণৰ ধাউটি।

লিখক: ড° হৰেন্দ্ৰ নাৰায়ণ দত্ত, অধ্যাপক, পৰিসংখ্যা-বিজ্ঞান বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসম।

শেহতীয়া উন্নীতকৰণ: : 5/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate