অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৰ্তমানৰ জনপ্ৰিয় বৃত্তিৰূপে এংকৰিং

সাম্প্ৰতিক সময়ত বৃত্তি হিচাপে ‘এংকৰ’

সাম্প্ৰতিক সময়ত আত্মনিৰ্ভৰশীলতাৰ অন্য এক বৃত্তি হিচাপে ‘এংকৰিং’- এ উঠি অহা যুৱ প্ৰজন্মৰ মাজত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰা দেখা গৈছে। ইয়াক বৃত্তি হিচাপে লৈ বহুতে আত্মনিৰ্ভৰশীল হৈ পৰিছে। বহুতৰে আকৌ ‘এংকৰিং’ এক নিচা। নিচাই হওক বা পেছাই হওক এংকৰিঙৰ অন্য এক সুকীয়া মাদকতা আছে। লগতে গ্লেমাৰো। একোটা অনুষ্ঠানৰ আঁত ধৰোতা বা এংকৰ হিচাপে অৰ্হতাসম্পন্ন ব্যক্তি হ’বৰ বাবে আজিকালি বহুত চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানত প্ৰশিক্ষণৰ সুবিধা আছে। দৰিদ্ৰ সীমাৰেখাৰ তলৰ যুৱক-যুৱতীসকলে যদি এই বৃত্তিত আত্মনিয়োগ কৰিব বিচাৰে, তেতিয়াহ’লে তেওঁলোকে গভীৰভাৱে বিখ্যাত সাহিত্যিক, বুদ্ধিজীৱীৰ কিছুমান গ্ৰন্থ বা আলোচনী, বাতৰি কাকত আদি দৈনিকভাৱে অধ্যয়ন কৰিব লাগে। কিয়নো সকলো ক্ষেত্ৰতে দৰিদ্ৰতা মানুহৰ বাবে হেঙাৰ হ’ব নোৱাৰে। গতিকে মানুহে ইচ্ছা কৰিলে সকলো কামতে সফলতা লাভ কৰিবলৈ সক্ষম হ’ব পাৰে।

এগৰাকী বৃত্তিয়াল এংকৰ হিচাপে প্ৰতিষ্ঠিত হ’বলৈ হ’লে কিছুমান গুৰুত্বপূৰ্ণ দিশত মনোনিবেশ কৰিব লাগে। সেই দিশবিলাক হৈছে-

ব্যক্তিত্ব

ব্যক্তিত্ব হৈছে এংকৰিঙৰ প্ৰথম আৰু প্ৰধান বৈশিষ্ট্য। যদি ব্যক্তিত্ব সুন্দৰ হয়, তেতিয়াহ’লে এংকৰগৰাকী সুন্দৰ মুখাবয়বৰ অধিকাৰী নহ’লেও হ’ব। সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী হ’বলৈ হ’লে পৰিয়াল আৰু সমাজৰ প্ৰতি দায়বদ্ধ হৈ নিজৰ কৰ্মৰাজি নিয়াৰিকৈ পালন কৰি যাব লাগিব। কিয়নো পৰিয়াল আৰু সমাজেই হৈছে উঠি অহা প্ৰজন্মৰ দাপোণস্বৰূপ।

সাজ-পাৰ

সাজ-পাৰ হৈছে এংকৰিঙৰ অন্য এক গুৰুত্বপূৰ্ণ দিশ। যিদৰে জকমকাই ফুলি থকা এপাহ ফুলে সকলো মানুহৰে দৃষ্টি আকৰ্ষণ কৰে, সেইদৰে মাৰ্জিত, পৰিপাটিকৈ পৰিধান কৰা পোছাকবোৰে এংকৰগৰাকীৰ গাম্ভীৰ্য প্ৰকাশ কৰে। প্ৰতিগৰাকী এংকৰে প্ৰতিটো অনুষ্ঠানৰে গাম্ভীৰ্য ৰক্ষা কৰি সাজ-পাৰ পৰিধান কৰা উচিত।

ভাষাৰ প্ৰাধান্য

ভাষা হৈছে মানৱ সমাজত মত বিনিময়ৰ এক গুৰুত্বপূৰ্ণ আহিলা। এগৰাকী পেছাদাৰী এংকৰৰ আঞ্চলিক ভাষাৰ লগতে আন্ত:ৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় ভাষা অৰ্থাৎ ইংৰাজী আৰু হিন্দী ভাষাৰ ওপৰত যথেষ্ট দখল থাকিব লাগে। এই অৰ্হতাৰ বাবে আগ্ৰহ আৰু যথেষ্ট অধ্যয়নৰ প্ৰয়োজন।

সাধাৰণ জ্ঞান আৰু উপস্থিত বুদ্ধি

প্ৰতিগৰাকী বৃত্তিধাৰী এংকৰ সাধাৰণ জ্ঞান আৰু উপস্থিত বুদ্ধিৰ অধিকাৰী হোৱাটো বাঞ্ছনীয়। তেওঁলোকে সাম্প্ৰতিক বিশ্বৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক, সাহিত্য আদি বিভিন্ন ক্ষেত্ৰত সংঘটিত হৈ থকা ক্ৰিয়া-কলাপবোৰৰ খবৰ ৰাখিব লাগে। উপস্থিত বুদ্ধি এগৰাকী এংকৰৰ আটাইতকৈ আকৰ্ষণীয় গুণ।

উল্লিখিত দিশসমূহৰ উপৰি আৰু এনে কিছুমান দিশ আছে। এংকৰগৰাকীয়ে এটা অনুষ্ঠান পৰিচালনা কৰোতে ইয়াৰ চৰিত্ৰ বা ধৰণটোত সূক্ষ্মভাৱে দৃষ্টি নিক্ষেপ কৰি যাব লাগে। সাংস্কৃতিক অনুষ্ঠানটোৰ উপস্থাপন আৰু পৰিচালনাৰ লগত সাহিত্য বিষয়ক অনুষ্ঠানৰ উপস্থাপন আৰু পৰিচালনা অলপ সুকীয়া। সেইদৰে দুয়ো অনুষ্ঠানৰ বাবে ব্যৱহাৰ্য কথনশৈলীও হ’ব বেলেগ বেলেগ। অৰ্থাৎ সাংস্কৃতিক অনুষ্ঠানটো উপস্থাপন আৰু পৰিচালনা কৰোতে এংকৰগৰাকীয়ে যি কথন-ভংগিমা প্ৰকাশ কৰিব, সাহিত্যৰ অনুষ্ঠানৰ উপস্থাপন আৰু পৰিচালনা কৰাৰ কথন ভংগিমা নিশ্চয় পৃথক হ’ব লাগিব। এই পৃথিৱীত সৎ পথেৰে উন্নত জীৱন-যাপন কৰিবৰ বাবে বহুবোৰ পথ আছে। তাৰে মাজৰ অন্য এক উচিত মাধ্যম হ’ল ‘এংকৰ’। এংকৰ বা অনুষ্ঠানৰ আঁত ধৰোতাৰ বৃত্তিত আত্মনিয়োগ কৰিবৰ বাবে প্ৰতিগৰাকী যুৱক-যুৱতীৰে লাগিব ধৈৰ্য, নিষ্ঠা, একাগ্ৰতা আৰু সততা।

লেখিকা: বৰ্ণালী লাহন বুঢ়াগোহাঁই, অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 3/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate