অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভাৰতীয় অভিযান্ত্ৰিক সেৱা

ভাৰতীয় অভিযান্ত্ৰিক সেৱা

 

IES বা Indian Engineering Service হৈছে ইঞ্জিনীয়াৰিং স্নাতক বা অভিযন্তাসকলৰ বিভিন্ন চৰকাৰী খণ্ডৰ বিভাগত নিযুক্তি লাভৰ এক পৰীক্ষা।ইঞ্জিনীয়াৰিং স্নাতকসকলে নিযুক্তি ক্ষেত্ৰত আই ই এছ হৈছে মুল পথ।কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগ,যেনে-ভাৰতীয় ৰেল’ৱে ,মিলিটেৰী ইঞ্জিনীয়াৰিং ছাৰ্ভিচ,টেলিকমিউনিকেচন ,কেন্দ্ৰীয় জল সেৱা আদি বিভাগসমুহৰ A আৰু B গ্ৰেডৰ বিভিন্ন চাকৰি এই পৰীক্ষাৰ দ্বাৰা বাছনি কৰি নিযুক্তি দিয়া হয়।এই পৰীক্ষাৰ উত্তীৰ্ণ এজন প্ৰাৰ্থীয়ে প্ৰথমে Asstt.Engineer হিচাপে যোগদান কৰে যাৰ দৰমহা অতি কমেও মাহিলি পঞ্চাশ হেজাৰ,লগতে অন্যান্য চৰকাৰী সা-সুবিধা।ভাৰতীয় অভিযান্ত্ৰিক সেৱাৰ এই পৰীক্ষা প্ৰতি বছৰে জানুৱাৰী মাহত অনুসঠিত হয় আৰু ইয়াক পৰিচালনা কৰে UPSC য়ে।ইয়াৰ বাবে আবেদনপত্ৰ ছেপ্টেম্বৰ মাহৰ পৰা দিয়া হয়।এই পৰীক্ষাৰ বাবে অৰ্হতা ইঞ্জিনীয়াৰিঙৰ যিকোনো শাখাৰ স্নাতক হোৱাৰ লগতে বয়সৰ সীমা ২১ ৰ পৰা ৩০ বছৰৰ ভিতৰত হ’ব লাগিব।

এই পৰীক্ষা তিনিটা পৰ্যায়ত অনুষ্ঠিত হয়।প্ৰথম Priliminary।তাত উত্তীৰ্ণসকলৰ বাবে Merit আৰু একেবাৰে শেষত Interview/Personality Test  অনুষ্ঠিত হয়।বাছনি কৰা সময়ত তিনিওটা পৰীক্ষাৰ নম্বৰ নিৰীক্ষণ কৰা হয়।উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ স্থান অনুসৰি তেওঁলোক বিভিন্ন কেন্দ্ৰীয় চৰকাৰৰ বিভাগত নিযুক্তি দিয়া হয়।Indian Engineering Service ৰ এই পৰীক্ষা মুল চাৰিটা বিষয়ত সামৰি অনুষ্ঠিত হয়।সেয়া হৈছে (1)Civil Engineering,(2)Electrical Engineering,(3)Electronies and Tele Communication ,(4)Mechanical Engineering. –ভাৰতীয় অভিযান্ত্ৰিক সেৱাৰ Priliminary  পৰীক্ষাত দুখন কাকত থাকে।তাৰে প্ৰথম কাকত(Paper 1)200  নম্বৰৰ General Studies and Engineering Aptitude  আৰু 300 নম্বৰৰ দ্বিতীয় কাকতখন(Paper 2) হৈছে Engineering Discipline ।মুঠ 500  নম্বৰৰ এই পৰীক্ষাত প্ৰথম কাকতৰ বাবে সময় দুঘণ্টা আৰু দ্বিতীয় কাকতত তিনি ঘণ্টা।Priliminary ত উত্তীৰ্ণসকলে Mains পৰীক্ষাত বহিব পাৰে।এই পৰীক্ষাতো তিনিশ নম্বৰকৈ দুখন কাকত থাকে অৰু প্ৰতিখন কাকতৰ বাবে সময় তিনি ঘণ্টাকৈ।এই দুয়োটা পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলৰ মাজত অনুষ্ঠিত হয়।Interview/Personality Test ।এই পৰীক্ষা মুঠ দুশ নম্বৰৰ।IES পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ সফলতা লাভ কৰিবলৈ এজন প্ৰাৰ্থীৰ বাবে ইঞ্জিনীয়াৰিঙৰ জ্ঞানৰ লগতে General Awarness আৰুCurrent Affairs  ৰ জ্ঞান থকাটো অতি প্ৰয়োজনীয়।এই পৰীক্ষাত ইঞ্জিনীয়াৰিঙৰ স্নাতক মহলা সম্পুৰ্ণ পাঠ্যক্ৰম সামৰি লোৱা হৈছে।

লেখক:অৰুপ কুমাৰ ডেকা (অসমীয়া প্ৰতিদিন)

শেহতীয়া উন্নীতকৰণ: : 2/29/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate