অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভাৰতীয় অসামৰিক সেৱা

ভাৰতীয় অসামৰিক সেৱা

বৰ্তমান ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতা বৃদ্ধি পোৱাৰ লগে লগে তেওঁলোকে কেৰিয়াৰ সম্বন্ধীয় সকলো তথ্য সময়ে সময়ে যুগুত কৰি ৰখাটোও প্ৰয়োজনীয় হৈ পৰিছে। এইক্ষেত্ৰত ভাৰতৰ প্ৰশাসনিক সেৱাকে ধৰি আন কেইবাখনো ক্ষেত্ৰত উচ্চপদস্থ বিষয়াসমূহৰ নিযুক্তিৰ বাবে অনুষ্ঠিত ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ গুৰুত্ব সৰ্বাধিক বুলি ক’ব পাৰি। অসামৰিক সেৱাৰ পৰীক্ষাৰ জৰিয়তে নিয়োজিত হ’ব পৰা এই পদবীসমূহ অতিকৈ লোভনীয় হোৱাৰ কাৰণ হৈছে ইয়াত ধন-ঐশ্বৰ্যৰ পৰা ক্ষমতা তথা সন্মান সকলো আছে। প্ৰতিখন জিলা, ৰাজ্য আৰু কেন্দ্ৰৰ প্ৰতিজন উচ্চপদস্থ বিষয়াৰ নিয়োগ এই পৰীক্ষাৰ জৰিয়তে হয়, যাক অনুষ্ঠিত কৰে Union Public Service Commission, চমুকৈ UPSC-এ। অসামৰিক সেৱাক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে আৰু তাৰে প্ৰথমটো হৈছে সৰ্বভাৰতীয় সেৱা (IAS, IPS আৰু IFOS) আৰু আনটো কেন্দ্ৰীয় অসামৰিক সেৱা(ৰাজহ, ৰে’ল সেৱা, তথ্য ইত্যাদি)। UPSCৰ উপৰি প্ৰতিখন ৰাজ্যৰ নিজ নিজ অসামৰিক সেৱাৰ ৰাজ্যিক বিভাগ আছে আৰু তেওঁলোকেও নিজাকৈ ৰাজ্যিক ভিত্তিত পৰীক্ষা অনুষ্ঠিত কৰে।

প্ৰশ্নকাকতত সন্নিৱিষ্ট বিষয়সমূহ

প্ৰাৰম্ভিক পৰীক্ষাত দুখন কাকতেৰে মুঠ ৪০০ নম্বৰৰ অনুষ্ঠিত হয় আৰু এই প্ৰশ্নকাকত ইংৰাজী আৰু হিন্দী দুয়োটা ভাষাতেই থাকে।

প্ৰথম প্ৰশ্নকাকত হৈছে-

General Studies, য’ত থাকে সাধাৰণ জ্ঞানৰ উপৰি বিভিন্ন বিষয়, যেনে- Current afaairs- National, International, Indian History, Indian and World Geography, Indian Policy and governance, Economic and Social Development, General Science, General environment/Ecology ইত্যাদি।

দ্বিতীয় প্ৰশ্নকাকত হৈছে-

General Studies II (CSAT- Civil Service Aptitude Test)। এই প্ৰশ্নকাকতৰ বিষয়সমূহ হৈছে- Comprehension Skills, Reasoning and analytical skills, Decision making and Problem solving skills, Inter-personal skills, Maths, English ইত্যাদি। প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলে অসামৰিক সেৱাৰ মূল (Mains) পৰীক্ষাত বহিব পাৰে।

মূল পৰীক্ষাৰ প্ৰশ্নকাকতৰ আৰ্হি

Part- I

Paper-A: Languages

(যিকোনো এটা সংবিধান স্বীকৃত ভাৰতীয় ভাষা)

Paper-B: English

  • Comprehension of given passages,
  • Precis writing,
  • Usages and Vocabulary,
  • Short essays.

Part-II

Paper-I: Essay

Paper-II: General Studies (Indian Heritage and Culture, History and Geography of the world and Society)

Paper-III: General Studies II (Governance, Constitution, Polity, Social Justice and International Relation).

Paper-IV: General Studies III (Technology, Economic Development, Bio diversity, Environment, Security)

Paper-V: General Studies IV (Ethics, Integrity, Apptitude)

Paper-VI: Optional Subject Paper-1

Paper-VII: Optional Subject Paper-2

ইয়াৰে একোখন কাকতত ২৫০ নম্বৰেৰে মুঠ সাতখন কাকতত ১,৭৫০ নম্বৰ আৰু ২৭৫ নম্বৰ মৌখিক পৰীক্ষাৰ সৈতে সৰ্বমুঠ ২,০২৫ নম্বৰৰ পৰীক্ষা অনুষ্ঠিত হয়।

পৰীক্ষা পদ্ধতি

ভাৰতীয় বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসমূহৰ নিযুক্তি এই অসামৰিক সেৱাৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ জৰিয়তে কৰা হয়। এই পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবে প্ৰতিগৰাকী আবেদনকাৰী ভাৰতীয় নাগৰিক হ’ব লাগিব যদিও ভূটান আদিৰ যিসকল প্ৰধানকৈ ভাৰতীয়…. ইয়াৰ প্ৰমাণপত্ৰ দি আবেদন কৰিবও পাৰে।…. ২১ বছৰৰ পৰা ৩২ বছৰ হ’ব লাগে যদিও সংৰক্ষিত জাতি-জনজাতিৰ বাবে বয়সৰ সীমা কিছু সুকীয়া। আবেদনকাৰীৰ অৰ্হতা স্নাতক হোৱাটো প্ৰয়োজনীয়। তেনেদৰে বহুতেই এই পৰীক্ষাত কেইবাবাৰো অৱতীৰ্ণ হয় ইয়াত সফলতা লাভৰ উদ্দেশ্যে আৰু ইয়াতো জাতি-জনজাতি অনুযায়ী নিয়ম কিছু সুকীয়া। অসামৰিক সেৱাৰ পৰীক্ষাত সাধাৰণ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে সৰ্বাধিক ছবাৰলৈকে, অ’বিচিয়ে সাতবাৰ আৰু আনসকলৰ বাবে কোনো ধৰা-বন্ধা নাই। অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষাত উপযুক্ত বিবেচিত সকলোৱেই অৱতীৰ্ণ হ’ব পাৰে আৰু ইয়াত উত্তীৰ্ণসকলে মূল(Mains) পৰীক্ষাত বহিব পাৰে আৰু তাৰ পাছত অনুষ্ঠিত হয় মৌখিক পৰীক্ষা। এই পৰীক্ষাৰ বাবে অনলাইন আৰু অফ্‌লাইন দুয়োধৰণে আবেদন কৰিব পাৰে। অনলাইনৰ বাবে ৱেবছাইট হৈছে- www.upsconline.nic.in আৰু অফ্‌লাইন আবেদনৰ বাবে ঠিকনা হৈছে The Controller of Examination, Union Public Service Commission, Dholpur House, Shahjahan Road, New Delhi- 110069.

লেখক: অৰূপ কুমাৰ ডেকা,

উৎস : অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 7/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate