অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মহিলাই কৰিব পৰা ব্যৱসায় :

মহিলাই কৰিব পৰা ব্যৱসায় :

 

সময় বাগৰাৰ লগে লগে মহিলাসকলো বিভিন্ন ক্ষেত্ৰত কাম কৰিবলৈ খোজত খোজ মিলাই আগ বাঢ়ি অহা পৰিলক্ষিত হৈছে। শিক্ষিত মহিলাসকলে নিজৰ ঘৰখন সুচাৰুৰূপে পৰিচালনা কৰাৰ সমানে সমানে চাকৰি বা ব্যৱসায় আদিত নিয়োজিত হৈ থাকিব পাৰিলে ভাল হয়।

কিন্তু উপযুক্ত শিক্ষাগত অৰ্হতা থকা সত্বেও চাকৰিৰ অভাৱত বহুতো যুৱক-যুৱতীয়ে চৰকাৰী বা ব্যক্তিগত খণ্ডত নিযুক্তি লাভ নকৰে বা নিযুক্তি পালেও বহুতেই মন পছন্দৰ চাকৰি নোপোৱাৰ বাবে নিবনুৱা হৈ থকা দেখা যায়, যাৰ ফলত নিৱনুৱা সমস্যাই আমাৰ দেশত এটা জটিল সমস্যাৰূপে দেখা দিছে। গতিকে শিক্ষিত মহিলাসকলে চাকৰিমুখী নহৈ নিজকে ব্যৱসায়-বাণিজ্যত মনোনিৱেশ কৰি স্বাৱলম্বী কৰি গঢ়ি তোলাৰ উপৰি ঘৰখনৰ আৰ্থিক অৱস্থা টনকিয়াল কৰিব পাৰে। প্ৰথম অৱস্থাত কম মুল ধনেৰে ব্যৱসায় আৰম্ভ কৰি লাহে লাহে লাভ হোৱাৰ পাছত বৃহৎ সফলতাৰ দিশে ধাবমান হ’ব পাৰে, তাৰ বাবে প্ৰয়োজয় মাত্ৰ একান্ত ধৈৰ্য আৰু একাগ্ৰতা। ব্যৱসায় এটা আৰম্ভ কৰিবলৈ প্ৰয়োজনবোধ কৰিলে মূলধনৰ বাবে বেংক বা আন বিত্তীয় প্ৰতিষ্ঠান আদিৰ পৰা ঋণ লোৱাৰ সুবিধাও গ্ৰহণ কৰিব পাৰে। তলত মহিলাই কৰিব পৰা কেইটামান ব্যৱসায়ৰ বিষয়ে উল্লেখ কৰা হ’ল।

ব্যক্তিগত টিউচন, টিউত’ৰিয়েল হোম -

শিক্ষিত মহিলাসকলে নিজৰ অৰ্হতা অনুযায়ী ছাত্ৰ-ছাত্ৰীসকলক টিউচন কৰিব পাৰে। তদুপৰি বহুতো মহিলাই নাচ, গান, আৰ্টৰ বিশেষ ডিগ্ৰী বা ডিপ্ল’মা থাকিলে সপ্তাহৰ দুটা বা তিনিটা দিন এই বিষয়সমূহৰ শিক্ষা প্ৰদান কৰিব পাৰে। তাৰ বাবে কোনো মূলধনৰ প্ৰয়োজন নাই, বৰঞ্চ মাহৰ মূৰত নিজৰ হাতলৈ ধন অহাহে পৰিলক্ষিত হয়। ইয়াৰ কাৰণে প্ৰয়োজন কেৱল এটা আহল-বহল কোঠা আৰু কিছু আচবাব। এইখিনি যোগাৰ কৰিব পাৰিলে শ্ৰেণীসমূহ নিয়াৰিকৈ চলাই নিব পৰা যাব আৰু মহিলাগৰাকীৰ লগতে ছাত্ৰ-ছাত্ৰীসকলো বিশেষভাৱে উপকৃত হ’ব।

কম্পিউটাৰ, ইংলিছ স্পীকিং ক’ৰ্চৰ প্ৰশিক্ষণ -

কম্পিউটাৰ বিষয়ত ডিগ্ৰী বা ডিপ্ল’মা থকা মহিলাই দুটামান কম্পিউটাৰ যোগাৰ কৰি ঘৰতে ছাত্ৰ-ছাত্ৰী কিছুমানক প্ৰশিক্ষণ দিব পাৰে। বৰ্তমান যুগত সকলো ক্ষেত্ৰতে কম্পিউটাৰ শিক্ষা এতা অপৰিহাৰ্য বিষয় হৈ পৰিছে। গতিকে এই ব্যৱসায় অতি লাভজনক হ’ব বুলি ক’ব পাৰি। আনহাতে ইংৰাকী জনা আৰু সলসলীয়াকৈ ক’ব পৰা মহিলাই অসমীয়া মাধ্যমত পঢ়া ইচ্ছুক ছাত্ৰ-ছাত্ৰীক ইংলিছ স্পিকিং ক’ৰ্চৰ প্ৰশিক্ষণ দি দুপইচা অৰ্জন কৰিব পাৰে।

হাতেৰে নিৰ্মিত সামগ্ৰী -

হাতেৰে জ্বোৱা সূতাৰ বা পাটৰ মেখেলা-চাদৰ, গামোচা, উৰা কাপোৰ, ঊলৰ পোছাক, ছুৱেটাৰ, কুৰ্চাৰ সামগ্ৰী, এম্বইডাৰী, মৰাপাটৰ পৰা উৎপাদিত বেগ আদি বিক্ৰী কৰি উপাৰ্জন কৰিব পাৰে। তদুপৰি ঘৰতে বিভিন্ন প্ৰকাৰৰ লাৰু-পিঠা, আচাৰ, ফলৰ চৰবত আদি তৈয়াৰ কৰিও বিক্ৰী কৰিব পাৰে। এই ব্যৱসায় প্ৰথমে নিজে আৰম্ভ কৰি পাছলৈ দুই-এগৰাকী আন মহিলাকো সহায়কাৰী হিচাপে কৰ্মসংস্থাপন দিব পাৰে। এইবিধ ব্যৱহায় অতি কম মূলধনেৰে আৰম্ভ কৰি পাছলৈ অধিক লাভ কৰা দেখা যায়। অৱশ্যে উৎপাদিত সামগ্ৰীসমূহৰ মান উন্নত হোৱাৰ প্ৰতি অধিক গুৰুত্ব দিলেহে এই সামগ্ৰীসমূহৰ প্ৰতি গ্ৰাহক আকৰ্ষিত হ’ব।

বিউটী পাৰ্লাৰ -

আজিকালি মহিলা বা যুৱতীসকলে নিজকে সজাই-পৰাই আকৰ্ষণীয় কৰি ৰাখিবলৈ বিউটী পাৰ্লাৰৰ সহায় লোৱা দেখা যায়। আনহাতে বিয়া, পাৰ্টী আদিতো ইয়াৰ প্ৰয়োজন অধিক। গতিকে উপযুক্ত প্ৰশিক্ষণ লৈ বা তেনে ধৰণৰ প্ৰশিক্ষণপ্ৰাপ্ত ছোৱালী ৰাখি বিউটী পাৰ্লাৰৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে। ইয়াৰ বাবে কমেও ৫০ হাজাৰমান টকাৰে সৰুকৈ এই ব্যৱসায়টো আৰম্ভ কৰি পাছলৈ ইয়াৰ প্ৰসাৰ কৰিব পাৰে, প্ৰয়োজন মাথোঁ এটা সু-সজ্জিত কোঠা আৰু কিছু আচবাব-পত্ৰ আৰু ব্যৱহাৰ কৰা ক্ৰীম আদি।

খোৱা সামগ্ৰী প্ৰস্তুত কৰি যোগান ধৰা -

বৰ্তমান নিজ হাতে ঘৰৰ পাকঘৰতে খাদ্য প্ৰস্তুত কৰি স্কুল, কলেজ, অফিচ, দোকান, ব্যৱসায়িক প্ৰতিষ্ঠান আদিত দুপৰীয়াৰ আহাৰ, টিফিন আদি যোগান ধৰাৰ ব্যৱসায়ে জনপ্ৰিয়তা অৰ্জন কৰা দেখা যায়। এনেধৰণে প্ৰস্তুত কৰা খাদ্য স্বাস্থ্যসন্মত হোৱাৰ উপৰি কম মছলাযুক্ত হোৱা বাবে গ্ৰাহকে সহজতে এনে খাদ্য পছন্দ কৰে। ইয়াৰ জৰিয়তে মহিলাসকলে কম মূলধনেৰে ব্যৱসায় আৰম্ভ কৰি আৰ্থিকভাৱে লাভৱান হোৱাৰ লগতে দুই-চাৰিগৰাকী মহিলাকো কৰ্মসংস্থান দিব পাৰে।

হোটেল বা ৰেস্তোৰাঁ -

বৰ্তমান এই ব্যৱসায়বিধ অতি লাভজনক ব্যৱসায় হিচাপে পৰিগণিত হৈছে। ইয়াৰ বাবে অৱশ্যে অধিক পৰিমাণৰ মূলধনৰ প্ৰয়োজন হোৱাৰ লগতে সুবিধাজনক ঠাইত হোটেলৰ স্থান আৰু আচবাব-পত্ৰৰ লগতে ৰান্ধনী আৰু কেইজনমান সহায়কাৰীৰ প্ৰয়োজন হয়। যদিহে উন্নতমানৰ সুস্বাদু খাদ্যৰ যোগানেৰে গ্ৰাহকক আকৰ্ষিত কৰিব পৰা যায়, তেন্তে এই ব্যৱসায় অতি লাভজনক হিচাপে পৰিগণিত হয়। বৰ্তমান যুৱ চামৰ মাজত ফাষ্ট ফুডৰ জনপ্ৰিয়তা অধিক হোৱা বাবে হোটেলসমূহে এনেধৰণৰ খাদ্যৰ প্ৰয়োজন পূৰণ কৰিব পাৰে।

খুচুৰা সামগ্ৰীৰ দোকান -

মহিলাসকলে কৰিব পৰা আন এবিধ ব্যৱসায় হ’ল সুবিধাজনক স্থানত দিয়া খুচুৰা দোকান। জনসাধাৰণৰ প্ৰয়োজনীয় সামগ্ৰী, যেনে- কছমেটিকছ, সৰু-সৰু গিফট আইটেম, বহী, কিতাপ, পেন, পেন্সিল, খোৱা সামগ্ৰী, যেনে- বিস্কুট, চানচুৰ আদিৰ দোকানৰ বাবে অতি বেছি মূলধনৰ প্ৰয়োজন নহয়। প্ৰথমতে কম মূলধনৰ প্ৰয়োজন নহয়। প্ৰথমে কম মূলধনেৰে অলপ সামগ্ৰী কিনি লাহে লাহে বেছি সামগ্ৰীৰে পূৰ্ণ কৰি দোকানখন চলাই নি ধন উপাৰ্জন কৰিব পাৰে।

অসমীয়া গহনাৰ ব্যৱসায় -

বৰ্তমান পৰম্পৰাগত অসমীয়া গহনাক কিছু নতুনত্বৰ পৰশ দি বহুতো উদ্যোগী মহিলা এই ব্যৱসায় কৰিবলৈ আগবাঢ়ি দেখা গৈছে। ইয়াত অসমীয়া গহণা প্ৰস্তুত কৰা কাৰিকৰৰ লগত যোগাযোগ কৰি মহিলা একোগৰাকীয়ে মধ্যস্থতাকাৰীৰূপেও কাম কৰিব পাৰে বা মূল ব্যৱসায়ীৰ পৰা গহণাবোৰ আনি খুচুৰা ব্যৱসায়ীক যোগান ধৰিব পাৰে।

অৰ্থাৎ মহিলাগৰাকীয়ে দুয়োপক্ষৰ লগত যোগাযোগ কৰি এই কামটো সমাপন কৰিব পাৰে। এই ব্যৱসায় পুঁজিবিহীনভাৱেও আৰম্ভ কৰিব পাৰে। আনহাতে নিজে কাৰিকৰ ৰাখিও বিভিন্ন আৰ্হিৰ গণনা প্ৰস্তুত কৰি কৰি ব্যৱসায় কৰিব পাৰে।

ট্ৰেভেল এজেন্সী পৰ্যটন সেৱা কেন্দ্ৰ -

গ্ৰাহকক দেশ-বিদেশৰ বিভিন্ন ঠাই ভ্ৰমণৰ বাবে ৰে’ল, বিমান, বাছৰ টিকট আদি কটাৰ সুবিধা কৰি দিয়াৰ লগতে হোটেল আদি বুকিং কৰাৰ ক্ষেত্ৰত ইয়াৰ দ্বাৰা গ্ৰাহকক উপকৃত কৰিব পাৰে আৰু ঘৰত বহিয়েই মহিলাসকলে কিছু ধনো উপাৰ্জন কৰিব পাৰে। স্থানীয় ভ্ৰমণ আদিৰ বাবে গাড়ী, বাছ আদিৰ যোগান ধৰাৰ দ্বাৰা গ্ৰাহকসকল যথেষ্ট উপকৃত হয়। উদ্যমী মহিলাই এই ব্যৱসায় অনায়াসে কৰিব পাৰে।

পশু-পক্ষী পালন -

হাঁহ, কুকুৰা, গাহৰি, ছাগলী, গৰু- আদিৰ ফাৰ্ম খুলিও গাঁৱৰ মহিলাসকলে ব্যৱসায় চলাই যাব পাৰে। ইয়াৰ পৰা মঙহ যোগান দিয়াৰ লগতে কণী আৰু গাখীৰ ধৰিব পাৰে।

টেলাৰিং -

উপযুক্ত প্ৰশিক্ষণপ্ৰাপ্ত মহিলাসকলে শাৰীৰ ফলছ, ব্লাউজ, মেখেলা, চাদৰৰ দহী গুঁঠা মহিলাৰ পোছাক আদি তৈয়াৰ কৰিব পাৰে বা নিজৰ কামত সহায় কৰিবলৈ দুই-এগৰাকী মহিলা ৰাখি উপাৰ্জন কৰিব পাৰে আৰু আন মহিলাকো প্ৰশিক্ষণ প্ৰদান কৰিব পাৰে।

গাৰডেনিং বা ফুল ব্যৱসায় -

বহুতো মহিলাই ঘৰতে ফুলৰ বাগিচা বা নাৰ্জাৰী কৰি বিভিন্ন ধৰণৰ ফুলৰ টাব, পুলি, শাক-পাচলিৰ বীজৰ লগতে পাচলি আদি খেতি কৰি বিক্ৰী কৰিও আৰ্থিকভাৱে লাভৱান হ’ব পাৰি।

লেখিকা: ৰূপলেখা দেৱী(অসম বাণী)

শেহতীয়া উন্নীতকৰণ: : 1/19/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate