অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সৃষ্টিশীল কেৰিয়াৰ জুৱেলাৰী ডিজাইনিং

গহনা পৃথিৱীৰ আটাইতকৈ মূল্যৱান আৰু আকর্ষণীয় সামগ্ৰীসমূহৰ অন্যতম। গহনা বা আ-অলংকাৰে সম্পদ, শক্তি আৰু ভালপোৱাক প্ৰতিনিধিত্ব কৰে। এই আ-অলংকাৰসমূহ যিমানেই দুর্লভ, মূল্যৱান আৰু ধুনীয়া হয় সিমানেই এইসমূহৰ চাহিদাও অধিক হয়। জুৱেলাৰী ডিজাইন হৈছে এক সৃজনীমূলক কলা, য'ত বহুমূলীয়া ধাতু আৰু ৰত্নৰ অধয়ন কৰা হয় বুলি ক’ব পাৰি। এই প্ৰক্ৰিয়াত বহুমূলীয়া ধাতু আৰু ৰত্নৰ বিশুদ্ধতা পৰীক্ষা, কাটিং আৰু পলিশ্বিং আৰু নতুন নতুন ধৰণৰ আ-অলংকাৰ আদিৰ নিৰ্মাণ অন্তর্ভুক্ত হৈ থাকে। জুৱেলাৰী ডিজাইনিঙৰ পাঠ্যক্ৰম দুই ধৰণৰ হয়৷ ডিপ্ল’মা কৰ্ছ আৰু চার্টিফাইড ক’ৰ্ছ এই দুয়োটা পাঠ্যক্ৰমৰ বাবে ন্যূনতম দশম অথবা দ্বাদশ শ্ৰেণী উৰ্ত্তীণ হ’ব লাগে। এই পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে কোনো প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ’ব নালাগে।

এজন জুৱেলাৰী ডিজাইনাৰৰ কৰ্মক্ষেত্র বিভিন্ন জুৱেলাৰী হাউছ আদি হ'ব পাৰে। জুৱেলাৰী এক্সপ'ৰ্ট হাউছ আদিয়েও জুৱেলাৰী ডিজাইনাৰসকলৰ বাবে বিভিন্ন আকর্ষণীয় চাকৰিৰ ব্যৱস্থা ৰখা দেখা যায়। জুৱেলাৰী ডিজাইনাৰসকলে প্রতিষ্ঠিত জুৱেলাৰী ফার্ম, নামী। জুৱেলাৰী ডিজাইনাৰসকলৰ লগত কাম কৰাৰ উপৰি ব্যক্তিগতভাৱেও জুৱেলাৰী ডিজাইনিঙৰ কাম কৰিব পাৰে। ভাৰতবৰ্ষত বর্তমান জুৱেলাৰী ডিজাইনিং কেৱল পৰম্পৰাগত কলা নহয়, বাণিজ্যিক কাৰুকাৰ্যলৈ পৰিণত হৈছে। উল্লেখ্য যে ভাৰতবৰ্ষ হৈছে সোণৰ অন্যতম ক্ৰেতা আৰু ইয়াতে নতুন নতুন ধৰণৰ ডায়মণ্ড কাটিঙৰ প্ৰচলন দেখা যায়। গতিকে ভাৰতবৰ্ষত আ-অলংকাৰৰ বজাৰ বৃহৎ বুলি ক’ব পাৰি। গতিকে জুৱেলাৰী ডিজাইনিঙৰ পাঠ্যক্রমে ভাৰতবৰ্ষত এক আকৰ্ষণীয় সংস্থাপন প্ৰদান কৰিব পাৰে। সাধাৰণতে এজন জুৱেলাৰী ডিজাইনাৰৰ কৰ্মক্ষেত্ৰ হ’ব পাৰে-এক্সপ'ৰ্ট হাউছ, ফেশ্বন হাউছ, ফ্রীলেন্স ডিজাইনিং হাউছ আদি।

জুৱেলাৰী ডিজাইনিং পাঠ্যক্ৰমৰ প্রশিক্ষণ প্ৰতিষ্ঠানসমূহ

  • নেশ্যনেল ইনষ্টিটিউট অব্ ফেশ্বন টেক্‌ন’লজী, দিল্লী।
  • ইণ্ডিয়ান ইনষ্টিটিউট অব জেমল’জী, নতুন দিল্লী।
  • ইণ্ডিয়ান ডায়মণ্ড ইনষ্টিটিউট, চুৰাট।
  • ইণ্ডিয়ান জেম’লজিকেল ইনষ্টিটিউট, নতুন দিল্লী।
  • জুৱেলাৰী প্ৰডাক্ট ডেভেলপমেন্ট চেণ্টাৰ, নতুন দিল্লী
  • আস্থা ইনষ্টিটিউট অব জেম'লজী, পুনে।
  • অৰিহণ্ট ডায়মণ্ড ইনষ্টিটিউট, চুৰাট।
  • ক্রিয়েশ্যন-ডি স্কুল অব্ ডিজাইনিং এণ্ড টেকন’লজী, পুনে।
  • ই এন এছ আই জি এন-দ্যা জুৱেলাৰী ডিজাইনিং ইনষ্টিটিউট।
  • জেম টেষ্টিং লেব’ৰেটৰী, জয়পুৰ।

উৎস: জনসাধাৰণ।

শেহতীয়া উন্নীতকৰণ: : 2/28/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate